‘জৈৱ তথ্য প্ৰযুক্তি’ – বিজ্ঞানৰ এক নতুন দিগন্ত

 

আপুনি বাৰু পৃথিৱীৰ কিমান বিধ প্ৰাণী অথবা উদ্ভিদৰ নাম ক’ব পাৰিব? বোধকৰোঁ জানি আচৰিত হ’ব যে পৃথিৱীত এতিয়ালৈকে এক নিযুততকৈও অধিক ভিন্ন প্ৰজাতিৰ প্ৰাণী তথা উদ্ভিদ আৱিষ্কৃত হৈছে | আধুনিক বিজ্ঞানৰ ন ন পদ্ধতিৰ প্ৰয়োগেৰে বিজ্ঞানী সকলে এই বিচিত্ৰ জীৱ জগতৰ বিষয়ে নিতৌ নতুন তথ্যৰ সন্ধান কৰিব লাগিছে | বৈজ্ঞানিক অনুসন্ধান আৰু সুপৰিকল্পিত গৱেষণাৰ পৰা আহৰণ কৰা এনে বিশাল পৰিসৰৰ বৈচিত্ৰপূৰ্ণ তথ্যৰাজিৰ প্ৰণালীৱদ্ধ সংগ্ৰহ, শৃংখলাৱদ্ধ অধ্যয়ন আৰু বিশ্লেষণ তথা সঠিক মূল্যায়নৰ ওপৰতে নিৰ্ভৰ কৰিছে তেনে অনুসন্ধানৰ সফলতা | আনহাতে ইয়াৰ ওপৰতে নিৰ্ভৰ কৰিছে মানৱ জাতিৰ সামগ্ৰিক ভৱিষ্যত |

কুৰি শতিকাৰ শেষৰ ফালে জীৱ বিজ্ঞানৰ নানান দিশত হোৱা ক্ষিপ্ৰ বিকাশৰ ফলস্বৰূপে গৱেষণালব্ধ তথ্যৰ বিশালতাও আকাশলঙ্ঘী হৈ পৰিল | ফলত এনে বিচিত্ৰ আৰু বিশাল তথ্যৰাজিৰ অধ্যয়ন, বিশ্লেষণ আৰু মূল্যায়নো কেৱল মানুহৰ মগজুৰে কৰা প্ৰায় অসম্ভৱ হৈ উঠিল | সেয়েহে বিজ্ঞানীসকলে জীৱবিজ্ঞানত কম্পিউটাৰ প্ৰয়োগৰ বিষয়ে চিন্তা-চৰ্চা কৰিবলৈ আৰম্ভ কৰিলে | তাৰ ফলশ্ৰুতিতে বিজ্ঞানৰ এক নতুন শাখাৰ আবিৰ্ভাৱ হ’ল – ‘জৈৱ তথ্য প্ৰযুক্তি’ অথবা বায়’ইন্‌ফৰ্মেটিক্স |

বায়’ইন্‌ফৰ্মেটিক্স হ’ল বিজ্ঞান আৰু প্ৰযুক্তিৰ বিভিন্ন শাখাৰ সংমিশ্ৰণ আৰু সহযোগিতাৰ মাজেৰে গঢ় লৈ উঠা এনে এক মাধ্যম, য’ত জীৱ বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ উপৰিও ভৌতিক বিজ্ঞানৰ বিভিন্ন শাখা, যেনে – পদাৰ্থবিজ্ঞান, ৰসায়ন, গণিত শাস্ত্ৰ, পৰিসংখ্যা বিজ্ঞান আদিৰো গুৰুত্বপূৰ্ণ অৱদান অপৰিহাৰ্য্য | ‘জৈৱ তথ্য প্ৰযুক্তি’ৰ বিকাশৰ ফলত জীৱদেহৰ জটিল প্ৰক্ৰিয়াসমূহ সঠিকভাৱে অনুধাৱন কৰাটো সহজ হৈ উঠিছে আৰু এনে জ্ঞানৰ প্ৰয়োগে বিশেষকৈ কৃষি, স্বাস্থ্যখণ্ড আৰু ভেষজ বিজ্ঞানৰ দিশত অভুতপূৰ্ব্ব পৰিৱৰ্ত্তনৰ সূচনা কৰিবলৈ সক্ষম হৈছে |

বিজ্ঞানীসকলে এই কথা বিশ্বাস কৰে যে সমগ্ৰ জীৱজগতৰ সৃষ্টি আদিতে কোনো এক এককোষী জীৱৰ পৰাই হৈছিল আৰু কালক্ৰমত বিৱৰ্ত্তনৰ মাজেদি বৈচিত্ৰময় জীৱজগতৰ বিচিত্ৰ শাৰীৰিক তথা আভ্যন্তৰিক গুণ-বিশিষ্ট বিভিন্ন জাতি-প্ৰজাতিৰ উদ্ভৱ হৈছে | সকলো জীৱৰে শাৰীৰিক গঠন আৰু কাৰ্য্যৰ একক হ’ল কোষ | মানুহৰ শৰীৰত এনে প্ৰায় ৩০ নিযুত নিযুত নিযুত (30 x 1018) টা কোষ থাকে | কোষ এটাৰ সমস্ত কৰ্মকাণ্ড নিয়ন্ত্ৰিত হয় কোষকেন্দ্ৰত থকা ডি, এন্‌, এ অৰ্থাত্ deoxyribonucleic acid এৰে গঠিত বংশগতিসূত্ৰৰ দ্বাৰা | কিন্তু ডি, এন্‌, এৰে গঠিত দুডাল পকোৱা সূতাৰ আকৃতিৰ এই সূত্ৰ‍ই কেনেকৈ কোষ এটাৰ কৰ্মকাণ্ড আৰু বিভিন্ন অংশৰ গঠন অতি কুশলতাৰে নিয়ন্ত্ৰিত কৰে অথবা এটা জীৱৰ শৰীৰৰ সকলো কোষত থকা ডি, এন্‌, এ হুবহু একে হোৱা স্বত্তেও শৰীৰৰ বিভিন্ন কলাৰ নাইবা একেবিধ কলাৰ ভিন ভিন কোষৰ কাৰ্য্যকলাপ কিয় বা কেনেকৈ বেলেগ বেলেগ হয়, এইবিলাক একোটা জটিল প্ৰশ্ন |

এটা কোষত থকা আটাইখিনি ডি, এন্‌, এক একেলগে ‘জিনম্‌’ (Genome) বোলা হয় আৰু ডি, এন্‌, এৰ একোটা অংশ, যি কোষৰ ৰাইব’জ’মত একোবিধ প্ৰ’টিনৰ সংশ্লেষণ নিয়ন্ত্ৰণ কৰে, তাক ‘জিন্‌’ বোলা হয় | ডি, এন্‌, এ গঠিত হয় চাৰিবিধ নিউক্লিয়’টাইদৰ দ্বাৰা | আনহাতে, এই চাৰিবিধ নিউক্লিয়’টাইদৰ মূল পাৰ্থক্য হ’ল ইহঁতক গঠন কৰা চাৰিবিধ নাইট্ৰ’জেনযুক্ত আধাৰ, যাৰ নাম হ’ল- এডিনিন্‌, গুৱানিন্‌, চাইট’চিন্‌ আৰু থাইমিন্‍ |

READ:   The Genesis of Topology

১৯৯০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰৰ পৃষ্ঠপোষকতাত বিশ্বৰ মুঠ ২০ টা বিজ্ঞানীৰ দলে একে সময়তে এক অভিলাসী আঁচনি ৰূপায়নৰ কাম হাতত লয় | আঁচনিখনৰ নাম আছিল - “Human Genome Project”| এই আঁচনিৰ মূল উদ্দেশ্য আছিল মানৱ কোষৰ ডি, এন্‌, এ গঠিত কৰা আটাইবিলাক নিউক্লিয়’টাইদৰ সম্পূৰ্ণ শৃংখল আৱিষ্কাৰ কৰা আৰু আটাইবোৰ জিন চিনাক্ত কৰা | উল্লেখনীয় যে পোনতে যদিও আঁচনিখন সম্পূৰ্ণ কৰাৰ বাবে ১৫ বছৰৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছিল, বিজ্ঞানী সকলৰ অতুলনীয় কৰ্ম্যোদমৰ পৰিপ্ৰেক্ষিতত সময়তকৈ ২ বছৰ আগেয়ে অৰ্থাত্‌ ২০০৩ চনৰ অক্টোবৰ মাহতে আঁচনিখনৰ কাম শেষ হয় | অৱশ্যে এই ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘চেলেৰী’ নামৰ এক ব্যক্তিগত উদ্যোগ প্ৰতিষ্ঠানৰ বিজ্ঞানী সকলৰ অৱদানো প্ৰণিধানযোগ্য |

“Human Genome Project”ৰ সফল পৰিসমাপ্তিৰ ফলত মানৱ দেহৰ ডি, এন্‌, এ সম্পৰ্কে বহুতো নতুন তথ্য পোহৰলৈ আহে | মানৱ কোষৰ ডি, এন্‌, এৰ দৈৰ্ঘ্য ৩৩০০ মেগাবেচ্‌ অৰ্থাত্‌ একোডাল সূত্ৰ প্ৰায় 3.3 x 109 টা নিউক্লিয়’টাইদৰ সমষ্টি | কিন্তু যেতিয়া এই সমস্ত দৈৰ্ঘ্যত অৱস্থিত জিন্‌সমূহ চিনাক্ত কৰা হ’ল, তেতিয়া দেখা গ’ল যে সমগ্ৰ ডি, এন্‌, এৰ মাত্ৰ শতকৰা ২-৩ অংশহে জিন্‌সমূহে অধিকাৰ কৰি আছে | অৰ্থাত্‌ বাকী প্ৰায় ৯৭-৯৮ শতাংশ আপাততঃ কামত নহা অলাগতীয়াল অংশ | কিন্তু পৰৱৰ্ত্তী কালৰ গৱেষণাত এনে তথাকথিত অলাগতীয়াল অংশসমূহ আঁতৰ কৰিবলৈ কৰা প্ৰচেষ্টাৰ ফলত দেখা গ’ল যে কোষবোৰৰ জীৱিত অৱস্থা অটুত ৰখাৰ কাৰণে এনে অংশসমূহ অপৰিহাৰ্য্য | কোষীয় জিনমৰ গাঁঠনিৰ বাবে, আৰু ততোধিক ডি, এন্‍, এৰ পৰিৱৰ্দ্ধন আৰু জিনৰ প্ৰকাশ নিয়ন্ত্ৰণৰ বাবে এনে তথাকথিত অলাগতীয়াল অংশসমূহৰ নিতান্ত প্ৰয়োজন।

আদিতে ধাৰণা কৰা হৈছিল যে জীৱৰ বিকাশৰ স্তৰ অথবা জীৱৰ ক্ৰমবিকাশৰ ধাৰাত একোবিধ জীৱৰ আপেক্ষিক অৱস্থান নিৰ্ভৰ কৰে জিনমৰ দৈৰ্ঘ্যৰ ওপৰত | কাৰণ পোনতে যেতিয়া মানৱ কোষৰ জিনমৰ দৈৰ্ঘ্য নিৰূপণ কৰা হৈছিল, তেতিয়ালৈকে জ্ঞাত আন সকলোবোৰ জীৱৰ জিনমৰ মুঠ দৈৰ্ঘ্যতকৈ মানৱ জিনমৰ দৈৰ্ঘ্য প্ৰায় ২৫ গুণ অধিক আছিল | কিন্তু পৰৱৰ্ত্তী কালত দেখা গ’ল নিগনিৰ জিনম দৈৰ্ঘ্য  ৩০০০ মেগাবেচ, অৰ্থাত্‌ প্ৰায় মানুহৰ সমতুল্য | আনহাতে, তৃণজাতীয় উদ্ভিদ ঘেঁহুৰ জিনম দৈৰ্ঘ্য ১৩,৫০০ মেগাবেচ, অৰ্থাত্‍ মানুহতকৈ প্ৰায় ৪.৫ গুণ অধিক | তদুপৰি, ‘এমিবা দুবিয়া’ নামৰ এবিধ এককোষী জীৱৰ জিনম দৈৰ্ঘ্য মানুহতকৈ প্ৰায় ২০০ গুণ অধিক | গতিকে জীৱৰ বিকাশৰ স্তৰ প্ৰকৃততে এক অতিশয় জটিল প্ৰক্ৰিয়াৰ ওপৰতহে নিৰ্ভৰশীল, কেৱল জিনম দৈৰ্ঘ্যৰ ওপৰত নহয়।

“Human Genome Project” ৰ পৰিণতিত আৱিষ্কৃত অন্য এক তথ্য হ’ল – মানৱ কোষত মুঠ প্ৰায় ৩০,০০০ৰ পৰা ৪০,০০০ জিন থাকে | এতিয়া আমি জানো যে এনে প্ৰতিটো জিনে কোষৰ ভিতৰত একো একোবিধ প্ৰ‘টিনৰ সংশ্লেষণ নিয়ন্ত্ৰণ কৰে | সেয়েহ’লে, মানৱ কোষত এনে বৃহত্‌ সংখ্যক বিভিন্ন প্ৰকাৰৰ প্ৰ’টিন সংশ্লেষিত হয় আৰু এনে প্ৰতিবিধ প্ৰ’টিনে জীৱকোষত একোটা বিশেষ কাৰ্য্য সম্পাদন কৰে | পৰম্পৰাগত গৱেষণা পদ্ধতি প্ৰয়োগ কৰি কেৱল মানৱ কোষৰ জিনসমূহৰ প্ৰকৃতি আৰু প্ৰকাশ সম্বন্ধে সম্যক জ্ঞান আহৰণ কৰিবলৈকে হয়তো বহু বছৰৰ প্ৰয়োজন হ’লহেঁতেন | কিন্তু জৈৱ তথ্য প্ৰযুক্তিৰ বিকাশে বিজ্ঞানীসকলৰ এই কাম ক্ষিপ্ৰ আৰু তুলনামূলকভাৱে সহজ কৰি তুলিছে।

READ:   A Theoretical study on Negative Refractive Index Metamaterials (Review)

আগেয়ে কোৱা হৈছে যে কোষত সংশ্লেষিত প্ৰ’টিনৰ গঠন অৰ্থাত্‍ এমাইন’ এচিদৰ শৃংখল প্ৰ’টিন্বিধৰ সংশ্লেষণ নিয়ন্ত্ৰণ কৰা জিনৰ নিউক্লিয়’টাইদ শৃংখলৰ ওপৰত নিৰ্ভৰ কৰে | গতিকে, কোষকেন্দ্ৰৰ নিউক্লিয়’টাইদ শৃংখল জানিলে প্ৰতিটো জিনে নিয়ন্ত্ৰণ কৰা প্ৰ’টিনৰ এমাইন’ এচিদৰ শৃংখল সঠিককৈ নিৰূপণ কৰিব পৰা যায় | কম্পিউটাৰ চফট্‌ৱেৰৰ প্ৰয়োগে জীৱকোষৰ জিনমৰ জিন্‌ চিনাক্ত কৰা অতি সহজ কৰি তুলিছে | প্ৰ’টিনৰ এমাইন’ এচিদৰ শৃংখলৰ সৈতে ইয়াৰ আকাৰ-আকৃতি আৰু ইয়াৰ ভৌতিক গঠন ওতঃপ্ৰোত ভাৱে জড়িত | অন্যহাতে, প্ৰ’টিনৰ ভৌতিক গঠনৰ ওপৰতে নিৰ্ভৰ কৰিছে ইয়াৰ গুণাগুণ আৰু কাৰ্য্য বা ক্ৰিয়াকলাপ | সেয়েহে, এতিয়া জীৱকোষৰ ক্ৰিয়া-বিক্ৰিয়াৰ অনুসন্ধান আৰু গৱেষণাৰ ক্ষেত্ৰত জৈৱ তথ্য প্ৰযুক্তিৰ আধুনিক কৌশল সমূহ বহুলভাৱে ব্যৱহৃত হ’বলৈ ধৰিছে।

মানুহ তথা জীৱ-জন্তুৰ ৰোগৰ চিকিত্‌সাৰ বাবে বৱহাৰ কৰা ঔষধসমূহৰ কাৰ্য্যকাৰিতা নিৰ্ভৰ কৰে ঔষধসমূহ জীৱদেহৰ নিৰ্দ্দিষ্ট লক্ষ্যস্থানত উপনীত হৈ কোষৰ উপৰিভাগত থকা নিৰ্দ্দিষ্ট প্ৰ’টিন কণাৰ সৈতে লগ লাগিব পৰাৰ ওপৰত | ঔষধ আৰু প্ৰ’টিন কণাৰ মাজৰ এই বিক্ৰিয়া অতি সুনিৰ্দ্দিষ্ট আৰু স্পৰ্শকাতৰ | ই দুয়োবিধ কণাৰ সূক্ষ্ম ভৌতিক আকৃতিৰ ওপৰত নিৰ্ভৰশীল | আধুনিক জৈৱ তথ্য প্ৰযুক্তিৰ প্ৰয়োগে জীৱকোষৰ উপৰিভাগত থকা এনেবিলাক গ্ৰহণকাৰী কণাৰ আণৱিক প্ৰকৃতি নিৰূপণ কৰাৰ লগতে কম্পিউটাৰ আৰ্হি বা মডেলৰ জৰিয়তে এনে কণাৰ সৈতে সুনিৰ্দ্দিষ্টকৈ খাপ খোৱা ঔষধ নিৰূপণ কৰাটো‍ও সম্ভৱ কৰি তুলিছে | ইয়ে অদূৰ ভৱিষ্যতে এক ব্যক্তিসাপেক্ষ (Personalized) অতি কাৰ্য্যকৰী চিকিত্‌সা পদ্ধতিৰ জৰিয়তে মানুহ আৰু জীৱ-জন্তুৰ ৰোগৰ নিৰাময়ৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে | ভৱিষ্যতে হয়তো আপুনি আপোনাৰ চিকিত্‌সকৰ পৰামৰ্শ ল’বলৈ যাওঁতে দেখাপাব চিকিত্‌সকে প্ৰথমে আপোনাৰ তেজৰ অথবা দেহৰ ৰোগাক্ৰান্ত অংশৰ নমুনা সংগ্ৰহ কৰি প্ৰথমে কোষৰ নিউক্লিয়’টাইদ শৃংখল নিৰ্ণয় কৰি কম্পিউটাৰৰ সহায়ত তাৰ বিশ্লেষণ কৰিছে আৰু এই বিশ্লেষণৰ ফলাফলৰ ভিত্তিত আপোনাৰ উপযোগীকৈ নিৰ্দ্দিষ্ট ঔষধ ল’বলৈ আপোনাক পৰামৰ্শ দিছে | উল্লেখ নকৰিলেও হ’ব যে এনে চিকিত্‍সা হ’ব ১০০ শতাংশই কাৰ্য্যকৰী | আহক, আমি সকলোৱে বাঞ্ছা কৰোঁ আমাৰ জীৱন কালতে যেন ই সম্ভৱ হৈ উঠে।

জীৱৰ বংশগতি অৰ্থাত্‌ এটা প্ৰজন্মৰ পৰা তাৰ পাছৰ প্ৰজন্মলৈ আনুবংশিক ভাৱে গুণাৱলীৰ প্ৰবহন প্ৰক্ৰিয়া নিৰ্ভৰ কৰে কোষকেন্দ্ৰৰ নিউক্লিয়’টাইদ শৃংখল অথবা পূৰ্বে উল্লেখিত নাইট্ৰ’জেনযুক্ত আধাৰ চাৰিবিধৰ সাজোনৰ ওপৰত অৰ্থাত্‌ আধাৰ চাৰিবিধ কি ক্ৰমত সজোৱা আছে, তাৰ ওপৰত | আনহাতে, এই শৃংখলেই নিৰূপণ কৰে প্ৰজাতি ভেদে জীৱৰ শাৰীৰিক গঠন আৰু স্বৰূপ | সেয়েহে আধুনিক জৈৱ তথ্য প্ৰযুক্তিৰ প্ৰয়োগে নিউক্লিয়’টাইদ শৃংখলৰ ওপৰত আধাৰ কৰি জীৱ আৰু অনুজীৱৰ তুলনামূলক অধ্যয়নৰ জৰিয়তে ইহঁতৰ মাজৰ সম্পৰ্ক আৰু ক্ৰমবিৱৰ্ত্তনজনিত আনুবংশিক অৱস্থান নিৰ্ণয় কৰাটো ক্ষিপ্ৰ আৰু সহজসাধ্য কৰি তুলিছে | উদাহৰণ স্বৰূপে, ২০০৯ চনৰ এপ্ৰিল মাহত পোন প্ৰথমবাৰৰ বাবে মেক্সিকোত দেখা দিয়া H1N1 ইন্‌ফ্লুৱেঞ্জা অৰ্থাত্‍ তথাকথিত ‘ছোৱাইন ফ্লু’ ৰোগৰ কাৰক ভাইৰাছবিধৰ সম্পূৰ্ণ জিনমৰ আৱিষ্কাৰ মাত্ৰ চাৰিমাহৰ ভিতৰতে সম্ভৱ হৈ উঠিল আৰু জৈৱ তথ্য প্ৰযুক্তিৰ প্ৰয়োগৰ ফলত আৱিষ্কৃত হ’ল যে উক্ত ভাইৰাছবিধ প্ৰকৃততে দুই প্ৰকাৰৰ ছোৱাইন ফ্লু ভাইৰাছ, এবিধ মানুহৰ ফ্লু ভাইৰাছ আৰু এবিধ চৰাইৰ ফ্লু ভাইৰাছৰ সংমিশ্ৰিত ৰূপ | আনহাতে, জৈৱ তথ্য প্ৰযুক্তিৰ প্ৰয়োগৰ বাবেই এই নতুন ভাইৰাছ বিধত থকা বিভিন্ন প্ৰ’টিন কণাৰ ক্ষিপ্ৰ অধ্যয়নৰ জৰিয়তে বিজ্ঞানীসকলে ইয়াৰ প্ৰতিষেধক চিটা উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে।

READ:   Napier's Constant "e" is Transcendental

জৈৱ তথ্য প্ৰযুক্তিৰ প্ৰয়োগৰ অন্য এক প্ৰধান ক্ষেত্ৰ হ’ল ৰোগ সৃষ্টিকাৰী অনুজীৱৰ নিউক্লিয়’টাইদ শৃংখলৰ অধ্যয়নৰ জৰিয়তে কোনো এক ভৌগোলিক অঞ্চলত দেখা দিয়া সংক্ৰামক মহামাৰীৰ উত্‌স তথা বিস্তাৰণৰ প্ৰকৃতি সঠিককৈ নিৰ্ণয় কৰা, অনুজীৱ বিজ্ঞানৰ পৰিভাষাত যাক Molecular Epidemiology  বোলা হয় | ইয়াৰ ফল স্বৰূপে মহামাৰীৰ উপযুক্ত প্ৰতিকাৰ আৰু প্ৰতিষেধন ব্যৱস্থা উদ্ভাৱন কৰা সম্ভৱ হৈ উঠে।

জীৱ বিজ্ঞানৰ ন ন অনুসন্ধান আৰু গৱেষণাৰ পৰা উদ্ভূত বিশাল আৰু বিচিত্ৰ বৈজ্ঞানিক তথ্যৰাজিৰ শৃংখলাৱদ্ধ সংগ্ৰহ আৰু প্ৰণালীৱ্দ্ধ সংৰক্ষণৰ বাবে জৈৱ তথ্য প্ৰযুক্তিৰ এক অন্যতম উপাদান হ’ল তথ্য ভাণ্ডাৰ অৰ্থাত্‌ ‘ডাটাবেছ’ গঠন কৰা, যাতে এনে তথ্য ভাণ্ডাৰৰ পৰা বিজ্ঞানীসকলে প্ৰয়োজন অনুসৰি আৱশ্যকীয় তথ্য সহজে আহৰণ কৰিব পাৰে | ইণ্টাৰ্‌নেট প্ৰযুক্তিৰ বিকাশে জৈৱ তথ্য প্ৰযুক্তিৰ এই উপাদানৰ সামগ্ৰিক বিকাশত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে | বৰ্ত্তমান এনে ধৰণৰ এক বৃহত্‌ সংখ্যক তথ্য ভাণ্ডাৰ ইণ্টাৰ্‌নেটত বিনামূল্যে উপলদ্ধ, যাৰ জৰিয়তে বিশ্বৰ সকলো অঞ্চলৰ বিজ্ঞানীসকলৰ গৱেষণা কাৰ্য্যত ইয়াৰ প্ৰয়োগ সম্ভৱ হৈ উঠিছে | ইয়াৰ ফলস্বৰূপে জীৱবিজ্ঞানৰ ক্ষিপ্ৰ বিকাশ সম্ভৱপৰ হৈছে।

মুঠৰ ওপৰত ক’বলৈ হ’লে আধুনিক জৈৱ তথ্য প্ৰযুক্তিৰ প্ৰয়োগে জীৱজগতৰ ক্ৰিয়া-বিক্ৰিয়াৰ গোপন তথা জটিল তথ্যসমূহৰ যথাযোগ্য অনুধাৱন আৰু বিশ্লেষণ ক্ৰমান্বয়ে সহজসাধ্য কৰি তুলিছে | আশা কৰিব পাৰি যে জৈৱ তথ্য প্ৰযুক্তিৰ অধিক বিকাশ আৰু বহুল প্ৰয়োগে অদূৰ ভৱিষ্যতে জীৱজগত সম্পৰ্কে মানৱ জাতিৰ জ্ঞান বৃদ্ধি কৰাৰ লগতে মানুহৰ বহুতো জটিল সমস্যাৰ সমাধানৰ পথ প্ৰশস্ত কৰি তুলিব | কৃষি, স্বাস্থ্য, ভেষজবিজ্ঞান তথা আন আন ক্ষেত্ৰত ইপ্সিত বিকাশ সম্ভৱ হৈ উঠিব আৰু মানৱ জীৱন অধিক সূচল আৰু সুখকৰ হ’ব।

 

- ড৹  প্ৰবোধ বৰা।

অধ্যাপক, অনুজীৱ বিজ্ঞান বিভাগ
পশু চিকিত্‍সা বিজ্ঞান মহাবিদ্যালয়
অসম কৃষি বিশ্ববিদ্যালয়
খানাপাৰা, গুৱাহাটী-৭৮১০২২
[তেখেতৰ ব্লগ "বিজ্ঞানৰ বিচিত্ৰ কথা"ৰ পৰা।]

[ad#ad-2]

Print Friendly, PDF & Email
No Comments

Post A Comment