পাইথাগোৰাচ


Download this post as PDF (will not include images and mathematical symbols).


 

নেচাৰ্কাচৰ পুত্ৰ পাইথাগোৰাচৰ জন্ম হৈছিল চাম’চ দ্বীপত| ৫৩৮ খৃষ্টাব্দত শাসনভাৰ লোৱা প’লিক্ৰেট্‌চৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ তেওঁ দক্ষিণ ইটালীলৈ পলায়ন কৰে| সেইসময়তে তেওঁ ইজিপ্ত আৰু বেবিলনলৈও গেছিল বুলি জনা যায়| দক্ষিণ ইটালীৰ ক্ৰটন নামৰ ঠাইত তেওঁ আৰু তেওঁৰ অনুগামীসকল অতিশয় প্ৰভাৱশালী হৈ উঠিছিল আৰু পাইথাগোৰাছে নতুনকৈ আৰম্ভ কৰা পন্থাটোৰ এখন পঢ়াশালি তাত গঢ়ি তুলিছিল| সম্ভৱতঃ পাইথাগোৰাছে স্থানীয় চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ পদবী অধিকাৰ কৰিছিল আৰু তেওঁৰ ভাৱাদৰ্শ মানুহৰ মাজত প্ৰচাৰ কৰিছিল| পিচলৈ অৱশ্যে এটা বিৰোধী শিবিৰে পাইথাগোৰাছ আৰু তেওঁৰ অনুগামীসকলৰ বিৰুদ্ধে এক আক্ৰমণ গঢ়ি তোলে আৰু তেওঁৰ পন্থাটোৰ সম্পূৰ্ণ পতন হয়| সম্ভৱতঃ পাইথাগোৰাছক ক্ৰটনৰ পৰা নিৰ্বাসন দিয়া হয় অথবা স্ব‍ইচ্ছাই তেওঁ এই আক্ৰমণৰ আগে আগে সেই ঠাই ত্যাগ কৰে| অৱশেষত পঞ্চম শতিকাৰ প্ৰথম ভাগত মেটাপন্টাম নামৰ ঠাইত তেওঁৰ মৃত্যু হয়|

পাইথাগোৰাছ আৰু তেওঁৰ অনুগামী সকলে ধৰ্ম আৰু বিজ্ঞান দুয়োটা ক্ষেত্ৰলৈ অমূল্য বৰঙণি আগবঢ়াইছিল| তেওঁৰ ধৰ্মীয় মত অনুসৰি মানুহৰ আত্মা অমৰ আৰু জীৱনৰ পৱিত্ৰতাৰ জৰিয়তে মুক্তি লাভ কৰাৰ আগলৈকে আত্মাই বাৰে-বাৰে পুণৰ্জীৱন ধাৰণ কৰি থাকে| তেওঁ মানৱ জীৱনত পালন কৰিবলগীয়া কেতবোৰ কঠোৰ নিয়ম-নীতিও প্ৰৱৰ্ত্তন কৰে| তেওঁ বিশ্বাস কৰিছিল যে মানুহ আৰু জীৱ-জন্তুৰ আত্মা একে| আনকি তেওঁ কৈছিল যে তেওঁ এটা কুকুৰৰ চিঞৰত তেওঁ এজন মৃত বন্ধুৰ মাত শুনা পাইছিল|

গণিত শাস্ত্ৰৰ অগ্ৰগতিলৈ পাইথাগোৰাছে অমূল্য অৱদান আগবঢ়াই থৈ গৈছিল| বোধকৰো পাইথাগোৰাছেই প্ৰথম কৈছেল যে বিশ্বত সংখ্যাই হ’ল মূল বস্তু আৰু ইয়ে সকলোৰে সীমা নিৰ্ধাৰণ কৰে আৰু সকলো বস্তুৰে নিৰ্দ্দিষ্ট আকাৰ দিয়ে| সঙ্গীতৰ বিৰামৰ বিষয়ে কৰা তেওঁৰ অধ্যয়নৰ ওপৰত ভিত্তি কৰি আৱিষ্কৃত হয় যে সঙ্গীতৰ এই বিৰাম বা বিৰতি মূলতঃ প্ৰথম চাৰিটা সংখ্যাৰ অনুপাতেৰে দৰ্শাব পাৰি আৰু ১০ সংখ্যাটো আৰু প্ৰথম চাৰিটা সংখ্যাৰ সমষ্টিয়ে গোটেই সংখ্যা প্ৰক্ৰিয়াটো আবৰি আছে|

তেওঁলোকে এই ১ + ২ + ৩ + ৪ সমষ্টিটোৰ ইমান শ্ৰদ্ধাশীল আছিল যে পাইথাগোৰাছৰ অনুগামী সকলে প্ৰচলিত ধাৰণাত ভগৱানৰ নামত শপত লোৱাৰ সলনি এই সংখ্যা সমষ্টিটোৰ নামত শপত লৈছিল| পাইথাগোৰাছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলি যিটো ভবা হয় বা জনা যায় সেইটো হ’ল – “সমকোণী ত্ৰিভূজৰ অতিভূজৰ বৰ্গ বাকী দুটা বাহুৰ বৰ্গৰ সমষ্টিৰ সমান|” ইয়াক আমি পাইথাগোৰাছৰ উপপাদ্য বুলি জানো|

ইয়াৰ উপৰিও পাইথাগোৰাছে সসীম আৰু অসীমৰ ধাৰণাও ডাঙি ধৰে|

তদুপৰি তেওঁ তাৰকাসমূহৰ গতি সম্পৰ্কেও কিছু নতুন চিন্তাধাৰা আগবঢ়ায়| সেই সময়ৰ আন সকলৰ ধাৰণাৰ বিপৰীতে তেওঁৰ মতে পৃথিৱীৰ আকাৰ ঘূৰণীয়া আৰু ই বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰক প্ৰদক্ষিণ কৰি থাকে| ইয়াৰ কেন্দ্ৰত আছে অগ্নি যাক মানুহে দেখা নাপায়, কাৰণ মানুহে আন এটা দিশতহে অৱস্থান কৰি থাকে| তেওঁৰ মতে সূৰ্য‍ই এই অগ্নি প্ৰতিফলিত কৰে| আনহাতে কেন্দ্ৰটোৰ ওচৰত পৃথিৱীৰ দৰে আৰু এটা গ্ৰহ আছে আৰু পাঁচটা অন্য গ্ৰহ ইহঁতৰ পৰা যথেষ্ট দূৰত্বত অৱস্থিত| অৱশ্যে এইটো ঠিৰাংকৈ জনা নাযায় এই তত্ত্বৰ কিমান অংশ প্ৰকৄততে আৰ্কিমিডিছে নিজে আগবঢ়াইছিল|

গণিতৰ প্ৰতি আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে পাইথাগোৰাছ নিশ্চয় পাশ্চাত্যৰ এজন অতি অগ্ৰণী গণিতজ্ঞ হিচাবে পৰিচিত হোৱাৰ যোগ্য| কিন্তু প্ৰাচীন গ্ৰীচত তেওঁ বিশেষকৈ এজন ধৰ্মীয় শিক্ষক হিচাবেহে বেচিকৈ পৰিচিত আছিল|

 

– ড৹  প্ৰবোধ বৰা।

অধ্যাপক, অনুজীৱ বিজ্ঞান বিভাগ
পশু চিকিত্‍সা বিজ্ঞান মহাবিদ্যালয়
অসম কৃষি বিশ্ববিদ্যালয়
খানাপাৰা, গুৱাহাটী-৭৮১০২২
[তেখেতৰ ব্লগ “বিজ্ঞানৰ বিচিত্ৰ কথা“ৰ পৰা।]
[ad#ad-2]

Managing Editor of the English Section, Gonit Sora and Research Fellow, Faculty of Mathematics, University of Vienna.

Tags:
No Comments

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.