বিষ্ময়কৰ এক গণিতিক যৌৱন : গণিতজ্ঞ এবেল

বিশ্বৰ গণিতজ্ঞসকলৰ জীৱন আৰু কৃতি যদি আমি পৰ্যালোচনা কৰোঁ, তেতিয়া আমি দেখা পাওঁ যে তেওঁলোকৰ প্ৰতিভাৰ উন্মিলন একেবাৰে শৈশৱতে হয়। শৈশৱকালতে গাণিতিক প্ৰতিভাৰ উন্মিলন হোৱা এজন গণিতজ্ঞৰ বিষয়ে এই প্ৰৱন্ধটোত আলোচনা কৰিব খুজিছোঁ। যাৰ জীৱনগাথা জীৱনৰ কণ্টকময় পথেৰে খোজকঢ়াসকলৰ বাবে পৰম পাথেয়স্বৰূপ।

ইউৰোপ মাহাদেশৰ উত্তৰ-পশ্চিম প্ৰান্তত অৱস্থিত নৰৱে নামৰ এখন সৰু দেশ। এই দেশখনৰে ফিন্দো নামৰ এখন সৰু চহৰত 1802 চনৰ 5 আগষ্টত জন্মগ্ৰহণ কৰিছিল গণিত ইতিহাসৰ এজন কিংবদন্তি পুৰুষে। যিজনে মাত্ৰ সাচাইছ বছৰ বয়সতে এই পৃছিৱীৰ পৰা চিৰবিদায় লৈছিল। কিন্তু এই চমু জীৱনকালতে সেই বিষ্ময়কৰ গণিতজ্ঞজনে বিশ্বৰ গণিত জগতলৈ যি অসামান্য বৰঙণি আগবঢ়াই থৈ গৈছে, তাৰ বাবে আজিও তেখেতৰ ওচৰত বিশ্বৰ গণিত সমাজ চিৰকৃতজ্ঞ। যৌৱনকালতে পৃথিৱীৰ পৰা বিদায় লোৱা এই অমৃততেজা গণিতজ্ঞজনেই হৈছে নীলছ হেনৰিক এবেল। কিন্তু অতি দুখৰ কথা যে গোটেই জীৱন এবেলে বহন কৰিবলগা হৈছিল দুৰ্ভাগ্য আৰু দৰিদ্ৰতাৰ বোজা। এবেলৰ দেউতাক ছ’ৰেন জৰ্জ এবেল আছিল এজন অতি সুৰাসক্ত লোক। মাক এনি ম’ৰী ছাইমনছেন আছিল এগৰাকী জনপ্ৰিয় গায়িকা। সৰুৰে পৰাই এবেল আছিল অত্যন্ত মেধাৱী ছাত্ৰ। 1815 চনত ককায়েক হান্সৰ সৈতে ক্ৰিষ্টিয়ানাৰ কেথেড্ৰেল স্কুলৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰে। সেই সময়তে এবেলে বাৰ্নট মাইকেল হম্বো নামৰ এজন শিক্ষকক লগ পায়। এই শিক্ষকজনেই এবেলৰ জীৱনৰ গুৰুত্বপূৰ্ণ অৰিহনা যোগায়। তেওঁৰ পৰা পোৱা আৰ্থিক, প্ৰেৰণা আৰু উৎসাহৰ ফলতেই এবেল জাকত-জিলিকা হৈ পৰিছিল। স্কুলৰ ৰেজিষ্টাৰ বহীত হম্বোৱে এবেলক উচ্চ প্ৰশংসা কৰিছিল। তেওঁ লিখিছিল- ‘... সবাতোকৈ প্ৰতিভাশালী, গণিতৰ প্ৰতি আছে প্ৰবল অনুৰাগ আৰু অপৰিসীম আগ্ৰহ। জীয়াই থাকিলে এজন প্ৰসিদ্ধ গণিতজ্ঞ হ’ব।’ এই স্কুলীয়া কালতেই এবেলে অয়লাৰ, নিউটন, লাগাঞ্জ আদি মহান গণিতজ্ঞসকলৰ যুগজয়ী ৰচনাৰাজি অধ্যয়ন কৰে। এইখিনিতে আমি অতি দুখেৰে লক্ষ্য কৰোঁ যে আমাৰ দেশৰ কোনো এখন স্কুলতে ছাত্ৰ-ছাত্ৰীসকলে মহান গণিতজ্ঞ আৰু স্বনামধন্য বিজ্ঞানীসকলৰ জীৱনীসমুহ পঢ়াতো দূৰৰে কথা, সেইবোৰ চুই চোৱাৰো কোনো সুযোগ নাপায়। গণিতৰ প্ৰতি আগ্ৰহী কৰি তোলাৰো কোনো ব্যৱস্থা নাই।

এবেলে সদায় উচ্চ মানবিশিষ্ট ধ্ৰুপদী পুথিবোৰহে অধ্যয়ন কৰিছিল। অতি স্বল্প জীৱনকালৰ ভিতৰত নিজৰ গাণিতিক প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হোৱা এবেলে 1821 চনৰ জুলাইত প্ৰাৰম্ভিক আনুষ্ঠানিক শিক্ষাৰ পিছত অজলোৰ খ্ৰিষ্টিয়ান বিশ্ববিদ্যালয়ত অধ্যয়নৰ বাবে নামভৰ্তি কৰে। কিন্তু সেই সময়তে এবেলৰ পিতৃৰ বিয়োগ হয়।ফলত এবেলৰ জীৱনলৈ দুখৰ বন্যা নামি আহে। গোটেই ঘৰৰ দায়িত্ব এবেলৰ ওপৰত পৰিল। তথাপি এবেলে পঢ়া-শুনা এৰি নিদিলে। এনে প্ৰতিকূল অৱস্থাতো তেওঁ গণিতক বিসৰ্জন দিয়া নাই। শিক্ষকসকলেও এবেলক সদায় উৎসাহ-উদ্দীপনা দি পঢ়া-শুনাৰ ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰে সহায় কৰিছিল। সেই সময়তে অসাধাৰণ গাণিতিক মেধাসম্পন্ন এবেলে পঞ্চম ঘাতৰ সমীকৰণ বিষয়ে চিন্তা-চৰ্চা আৰম্ভ কৰিছিল। পঞ্চম ঘাতৰ সমীকৰণ সমাধানৰ বাবে এটা সধাৰণ সূত্ৰ নিৰ্ণয় কৰাৰ প্ৰশ্নটোৱে কেইবা শতক ধৰি বিশ্বৰ তীক্ষ্ণধী মেধাসম্পন্ন গণিতজ্ঞসকলক বিপাঙত পেলাই ৰাখিছিল। প্ৰশ্নটো দেখাত একেবাৰে সাধাৰণ যেন লাগিলেও এবেলৰ সময়লৈকে ইয়াৰ সমাধান সম্ভৱ হৈ উঠা নাছিল। অৱশেষত এটা নতুন অভিনৱ গাণিতিক ধাৰণাৰ অৱতাৰণাৰে এবেলে প্ৰমাণ কৰি দেখুৱালে যে এনে সূত্ৰ নিৰ্ণয় কৰাটোৱেই অসম্ভৱ। এই অসম্ভৱক প্ৰমাম কৰিবলৈ যাওঁতে ‘সংঘ তত্ত্ব’ৰ দৰে মৌলিক গণিতৰ এটা সৰ্বাধুনিক শাখাৰ অৱতাৰণা হ’ল। বিংশ শতিকাত এই সংঘ তত্ত্বৰ অদ্ভুত প্ৰসাৰ হয় আৰু বিজ্ঞানৰ বিভিন্ন শাখাত ইয়াৰ বহুল প্ৰয়োগ হ’বলৈ ধৰে। পঞ্চম ঘাতৰ সমীকৰণৰ সাধাৰম সমাধান নিৰ্ণয়ৰ অসম্ভৱতা ‘প্ৰমাণ’ৰ বাবেই এবেলৰ নাম গণিত ইতিহাসত চিৰস্মৰণীয় হৈ ৰ’ব।

READ:   গাণিতিক জীৱবিজ্ঞান বা জৈৱ-গণিত (Mathematical Biology or Bio-mathematics)

হেনৰিক এবেলে তেওঁৰ এই অসম্ভৱতা প্ৰমাণটো প্ৰথমতে দেখুৱাইছিল ‘গণিতৰ যুৱৰাজ’ৰূপে খ্যাত মাহান গণিতজ্ঞ কাৰ্ল ফ্ৰিডৰিখ গাউছক। কিন্তু এনে এটা কঠিন প্ৰশ্নৰ সমাধান এজন অখ্যাত গণিতজ্ঞৰ দ্বাৰা নিৰ্ণয় কৰা সম্ভৱ নহয় বুলিয়েই গাউছে তেওঁৰ প্ৰমাণটো পঢ়ি নাচালে। এবেল কিন্তু হতাশ নহ’ল। 1822 চনৰ জুনত এবেল বিশ্ববিদ্যালয়ৰ অন্তিমটো পৰীক্ষাত উত্তীৰ্ণ হয়। তেতিয়া একাগ্ৰচিত্তে গণিত অধ্যয়নেই তেওঁৰ প্ৰধান কাম হৈ পৰিল। গণিতৰ সকলো শাখাৰ খুটি-নাটি তেওঁ অধ্যয়ন কৰিবলৈ ল’লে। এবেলৰ এই গভীৰ আধ্যায়ন দেখি ক্ৰিষ্টিয়ানা বিশ্ববিদ্যালয়ৰ গণিত আৰু পদাৰ্থ বিজ্ঞানৰ অধ্যাপক ৰাছমাছেলে তেওঁৰ ইউৰোপৰ বন্ধুবৰ্গলৈ এনেদৰে লিখিছিল যে নৰৱেই এনে এজন ল’ৰাৰ জন্ম দিছে, যাৰ বিষ্ময়কৰ গাণিতিক প্ৰতিভাই সমগ্ৰ বিশ্বকে চমক লগাব।

এবেলে তেওঁৰ পঞ্চম ঘাত সমীকৰণৰ বিষয়ে কৰা কামখিনিৰ বাবে চৰকাৰ আৰু বিশ্ববিদ্যালয়ৰ অৰ্থ-সাহাৰ্য্যত 1825 চনৰ ছেপ্তেম্বৰৰ শেষৰ ফালে ইউৰোপ ভ্ৰমণ কৰে। এই ইউৰোপ ভ্ৰমণৰ প্ৰধান উদ্দেশ্য আছিল ইউৰোপৰ বিভিন্ন দেশৰ আগশাৰীৰ গণিতজ্ঞসকলক সাক্ষাৎ কৰি তেওঁলোকৰ লগত মত বিনিময় কৰা। প্ৰথমতে এবেলে বাৰ্লিনলৈ যায় আৰু তাত আগষ্ট লিঅ’প’ল্ড ক্ৰেল নামৰ অভিযন্তাজনক লগ পায়। জাৰ্মানীত তেৱেঁই প্ৰথমে ৰে’লপথ বান্ধিছিল। গণিতৰ প্ৰতি আছিল তেওঁৰ অদমনীয় হেঁপাহ। দুয়োজনে লগ লাগি প্ৰকাশ কৰিলে এখন গৱেষণামূলক আলোচনী- A journal of pure and applied Mathematics। এই আলোচনীখনত এবেলে ফলনীয় বিশ্লেষণ (Functional Analysis) আৰু ফলনীয় অনুকলনৰ (Functional Integral) সম্পৰ্কে এখন অতি উচ্চ পৰ্যায়ৰ গৱেষণা-পত্ৰ প্ৰকাশ কৰে। সেই সময়তে তেওঁ নাৰ্ডিক দেশসমূহৰ অগ্ৰণী গণিতজ্ঞ ফাৰ্ডিনাণ্ড ডেগেনক লগ পায় আৰু ডেগেনৰ পৰামৰ্শমতেই এবেলে কোপেনহেগেনলৈ যাত্ৰা কৰে। এই কোপেনহেগেনতেই এবেলে ক্ৰিষ্টিন কেম্প নামৰ এগৰাকী গাভৰুক বিবাহ কৰায়।

1828 চনত এবেলে ক্ৰিষ্টিয়ানা বিশ্ববিদ্যালয়ত গণিত বিভাগৰ অংশকালীন প্ৰবক্তা হিচাপে যোগদান কৰে। কিন্তু বিশ্ববিদ্যালয়ত স্থায়ী পদত এবেলৰ কেতিয়াও নিযুক্তি নহ’ল। সেই সময়ছোৱাত এবেলে অকল্পনীয় গতিত কাম কৰিছিল। কিন্তু 1828 চনৰ শেষৰ ফালে এবেল টান নৰিয়াত পৰিল। এবেলে নিজেই স্বীকাৰ কৰিলে যে গণিতৰ বিভিন্ন শাখাত কৰা কষ্টবোৰ শাৰীৰিক সক্ষমতাক পাৰ কৰি গৈছে। সেইবছৰৰ খ্ৰীষ্টমাছৰ সময়ত এবেল আৰু তেওঁৰ পত্নীয়ে জন্মস্থান ফিন্দো চহৰলৈ যাবলৈ মন মেলিলে। শ্লেজ গাড়ীৰে গৈ তেওঁলোক ফিন্দো পালেগৈ। বাটত যাওঁতে পোৱা অসম্ভৱ ঠাণ্ডাৰ বাবে কাঁহ আৰম্ভ হ’ল। কাঁৰ লগতে তেজ বমিও হ’ল। তিনি মাহ ধৰি বিভিন্ন চিকিৎসকৰ হতুৱাই চিকিৎসা কৰোৱাৰ পিছত কেইমাহমান সকাহ পাই তেনে অৱস্থাৰেই প্ৰায় 5 পৃষ্ঠাজোৰা এটা বিশেষ গাণিতিক প্ৰবন্ধ উদ্ভৱন কৰি পেৰিছৰ বিজ্ঞান অকাডেমীলৈ পঠিয়াই দিলে। কিন্তু আচৰিত কথা যে সেই বিখ্যাত প্ৰবন্ধটোৰ কোনো শংসূত্ৰ পোৱা নগ’ল। 1829 চনৰ জানুৱাৰীৰ মাজভাগৰ পৰা এবেলে গম পালে যে মৃত্যু তেওঁৰ নিচেই ওচৰত। 27 বছৰীয়া এবেলে তেওঁৰ বাগদত্তাৰ কথা চিন্তা কৰি সেই বিশ্ববিদ্যালয়ৰে ভূ-বিজ্ঞান বিভাগৰ অধ্যাপক তথা  তেওঁৰ বন্ধু ড৹ বি এম কেলহাইজাক তেওঁৰ দায়িত্ব গ্ৰহণ কৰিবৰ বাবে অনুৰোধ কৰিলে। কেলহাইজা ইউৰোপীয় যাত্ৰাত এবেলৰ সংগী আছিল। এবেলৰ কথা ৰখি কেলহাইজাই ক্ৰিষ্টিনক পত্নীৰূপে স্বীকাৰ কৰিলে। বাগদত্তাৰ ভৱিষ্যতৰ দায়ীত্ব সম্পন্ন কৰি 1829 চনৰ 6 এপ্ৰিলৰ উপজি পুৱাতে গণিত জগতৰ এই বিষ্ময়কৰ গণিতজ্ঞজনে পৃথিৱীৰ পৰা চিৰবিদায় লয়।

READ:   Quizzing Network

আশ্চৰ্যজনকভাৱে এবেলৰ মৃত্যুৰ দুদিন পিছত, অৰ্থাৎ 8 এপ্ৰিলৰ দিনা পেৰিছৰ পৰা খবৰ আহিল যে এবেলে নৰিয়াপাটীৰ পৰাই লিখি উলিওৱা সেই প্ৰবন্ধটো বিচাৰি পোৱা গৈছে। (যিটো হেৰাইছিল বুলি ধৰা হৈছিল) আৰু তেতিয়া যিজন গণিতজ্ঞই এই প্ৰৱন্ধটোত চকু ফুৰাইছিল, তেৱেঁই বিষ্ময়াবিভূত হৈ পৰিছিল। আৰু কৈছিল- ‘প্ৰবন্ধটোত সন্নিৱিষ্ট গাণিতিক উপপাদ্যসমূহে প্ৰায় 500 বছৰলৈকে গণিতজ্ঞসকলক ব্যস্ত কৰি ৰাখিব।’ সেইদিনাই, অৰ্থাৎ 8 এপ্ৰিলৰ দিনাই এবেলৰ ঘৰলৈ বাৰ্লিন বিশ্ববিদ্যালয়ৰ পৰা এখন বিশেষ পত্ৰ আহিল। পত্ৰখন কিন্তু কোনো চিঠি নাছিল। সেইখন আছিল বাৰ্লিন বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক পদবীৰ এখন স্থায়ী নিযুক্তি-পত্ৰ। ইয়াকে বোলে নিয়তিৰ নিষ্ঠুৰ পৰিহাস। এবেল মৰিল সঁচা, কিন্তু গণিতৰ বুৰঞ্জীত আজিও এবেল জীয়াই আছে। 2002 চনৰ পহিলা জানুৱাৰীত এবেলৰ সোঁৱৰণত প্ৰতিষ্ঠা কৰা হয় ‘নীলছ হেনৰিক এবেল পুঁজি’। এই পুঁজিৰ পৰাই প্ৰতিবছৰে গণিতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে ‘নৰৱেজিয়ান অকাদেমি আৱ ছায়েঞ্চ এণ্ড লেটাছ’এ প্ৰদান কৰে ‘এবেল পুৰস্কাৰ’। যিটো পুৰস্কাৰক গণিতৰ নোবেল বুলি কোৱা হয়। বৰ্তমান সময়ত এই পুৰস্কাৰৰ মূল্য 6 নিযুত নৰৱেইজিয়ান ক্ৰনাৰ, প্ৰায় 7,50,000 ইউৰো।

2010 বৰ্ষৰ ‘এবেল পুৰস্কাৰ’ লাভ কৰিছিল আমেৰিকান গণিতজ্ঞ জন টৰেঞ্চ টেট’ৱে। 85 বছৰীয়া এই গণিতজ্ঞজনে সম্প্ৰতি টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ লৈছে। গণিতৰ জগতত যাক জনা যায় সংখ্যাতত্ত্বৰ গেলিলিঅ’ হিছাপে। সংখ্যাতত্ত্বৰ জগতখনলৈ এই স্বনামধন্য গণিতজ্ঞজনে আগবঢ়োৱা অভূতপূৰ্ব বৰঙণিৰ বাবে এই বঁটাৰে বিভূষিত হৈছে। 2010 চনৰ 25 মে’ৰ দিনা অ’ছলো চহৰত অনুষ্ঠিত বিশাল গাণিতিক সমাৰোহত টেট’ক ‘এবেল পুৰস্কাৰ’ প্ৰদান কৰা হয়। আনহাতে 2011 বৰ্ষৰ এই পুৰস্কাৰ লাভ কৰিছে জন মিল্‌নৰে৷ সংস্থিতি বিজ্ঞান (Topology), জ্যামিতি আৰু বীজগণিতলৈ আগবঢ়োৱা অনবদ্য অবদানৰ বাবে তেখেতলৈ এই পুৰস্কাৰ আগবঢ়োৱা হৈছে৷ 1962 চনত মাত্ৰ 31 বছৰ বয়সতে মিল্‌নৰে ফিল্ড্‌ছ মেডেলো লাভ কৰিছিল৷ ইয়াৰোপৰি তেখেতে আন বহুতো সন্মানীয় পুৰস্কাৰ লাভ কৰাৰ লগতে তেখেতৰ নামেৰেই বিভিন্ন ধাৰণা, উপপাদ্য আদি অভিহিত কৰা হৈছে৷

গণিতৰ ছাত্ৰ হিছাপে নীলছ হেনৰিক এবেল নামৰ এই অমৃততেজা গণিতজ্ঞজনলৈ জনাইছোঁ সহস্ৰ প্ৰণাম। যিজনে নিজৰ তেজোময় যৌৱনক উছৰ্গা কৰি থৈ গৈছে গণিতৰ জগতখনলৈ।

---------------------------------

লেখক:- ধ্ৰুৱজ্যোতি শইকীয়া,

শিৱসাগৰ মহাবিদ্যালয়।

---------------------------------

[ad#ad-2]

The following two tabs change content below.
READ:   Anti-Dühring: 1+2+3+4+…

Latest posts by Gonit Sora (see all)

Tags:
No Comments

Sorry, the comment form is closed at this time.