শিৱেন্দ্ৰ-স্মৰণ

 

‘It is the man not the method that solves the problem.’ – H. Haschke.

গণিতৰ ইতিহাস অনুধাৱন কৰিলে দেখা যায় যে বহু তীক্ষ্ণধী গণিতজ্ঞৰ জীৱন-কাল স্বল্প। নিলছ হেনৰিক আবেলৰ কথাই চোৱা যাওক। তেওঁ আয়ুস পাইছিল মাত্ৰ সাতাইছ বছৰ(১৮০২-১৮২৯ খ্ৰীষ্টাব্দ)। এই ক্ষন্তেকীয়া জীৱন-কালৰ ভিতৰতে তেওঁ গণিতৰ এনে বৈপ্লৱিক কাম কৰিছিল, যাৰ বাবে তেওঁক আজিও গণিতৰ ছাত্ৰই শ্ৰদ্ধাৰে স্মৰণ কৰে। মূলজৰ (radicals) সহায়ত সাধাৰণ পঞ্চমঘাত সমীকৰণ সমাধান কৰাৰ প্ৰচেষ্টাৰ নিষ্ফলতা তেওঁ প্ৰমাণ কৰে। দ্বিতীয়তে ৰিমান। জৰ্জ ফ্ৰেডৰিখ বাৰ্ণহাৰ্ড ৰিমানৰ জন্ম হৈছিল ১৮২৬ চনত আৰু মৃত্যু ১৮৬৬ চনত। মৃত্যুৰ সময়ত তেওঁৰ বয়স দুকুৰি বছৰ। পিছে ৰিমানিয়ান জ্যামিতিয়ে ‘ধুমুহাৰ গতি’ৰে গণিতৰ জগতখন কঁপাই তুলিলে। আমাৰ ৰামানুজনে ডেৰকুৰিৰ দেওনাখন কোনোৰকমেহে পাৰ হৈছিল। শ্ৰীনিবাস ৰামানুজনৰ জন্ম ১৮৮৭ চনত আৰু মৃত্যু ১৯২০ চনত। পিছে, সংখ্যাতত্ত্বত ৰামানুজনে এক নতুন মাত্ৰা দিলে। আৰু আধুনিকতাৰ বাৰ্তাবাহক ইভাৰিষ্ট গেলো’ৱা। মাত্ৰ একৈশ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। অৱশ্যে গেল’ৱাই মৃত্যুক নিজে আহ্বান কৰিছিল- এক দ্বন্দযুদ্ধত শোকাবহভাবে প্ৰাণ আহুতি দিছিল। কিন্তু আবেল, ৰিমান আৰু ৰামানুজন- প্ৰত্যেকেই দুৰাৰোগ্য ব্যাধিৰ বলি হৈছিল। গণিতৰ ইতিহাসত অকাল মৃত্যুৰ এনে বিস্তৰ উদাহৰণ আছে।

গণিতৰ প্ৰথমজনা অসমীয়া ডক্টৰেট শিৱেন্দ্ৰনাৰায়ণ বৰুৱায়ো দুকুৰি বছৰ আয়ুস নাপালে। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গণিতৰ পি এইচ ডি শিৱেন্দ্ৰনাৰায়ণ বৰুৱাৰ কথা ভাবিলেই সেয়ে ঘপৰাই আবেল, ৰিমান বা ৰামানুজন আদি কৃতবিদ্য গণিতজ্ঞৰ নাম মনলৈ আহে। এইসকল তীখৰ গণিতজ্ঞৰ সমকক্ষ নহ’লেও বৰুৱাই তৰল গতিবিজ্ঞানত (Fluid Dynamics) এনে কিছু মৌলিক কাম কৰিছিল, যাৰ বাবে ছাৰ জিৱ’ফ্ৰে টেইলৰৰ (Sir Geoffrey Taylor) সত্তৰ বছৰীয়া জন্মবৰ্ষৰ উপহাৰ হিচাপে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ প্ৰেছৰ দ্বাৰা প্ৰকাশিত আৰু Batchelor আৰু Davis-অৰ দ্বাৰা সম্পাদিত ‘Surveys in Mechanics’ শীৰ্ষক পুথিত তেওঁৰ নিবন্ধই স্থান পাইছিল।

গৌৰীপুৰ- গদাধৰ নৈৰ পাৰৰ গৌৰীপুৰ- ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাৰ জমিদাৰীৰ সাক্ষ্য বহন কৰা গৌৰীপুৰ- ‘দেৱদাস’ প্ৰমথেশ বৰুৱাৰ গৌৰীপুৰ- ‘হস্তীৰ কন্যা’ প্ৰতিমা বৰুৱাৰ গৌৰীপুৰ- শীলভদ্ৰৰ মধুপুৰ। গৌৰীপুৰত জন্ম হৈছিল স্ব স্ব ক্ষেত্ৰত মহীয়ান বহু ব্যক্তিৰ। সাহিত্য, সংস্কৃতি, বিজ্ঞান, সংস্কৃত চৰ্চাত গৌৰীপুৰ অঞ্চলৰ সুনাম আছে। ১৯০১ চনৰ ২৭ মে’ত কটন কলেজ প্ৰতিষ্ঠাৰ দিনা হোৱা সভাত গৌৰীপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাই যোগ দিছিলহি। অকলে নহয়, লগত লৈ আহিছিল ৰাজকীয় সংগীতজ্ঞৰ দল। নলবাৰী অঞ্চলৰ বহু অভাৱগ্ৰস্ত, যোত্ৰহীন ছাত্ৰই জমিদাৰ তথা অন্যান্য অৱস্থাপন্ন মানুহৰ ছত্ৰছাঁয়াত পঢ়া-শুনা কৰিছিল। এই গৌৰীপুৰৰে কৃতী সন্তান শিৱেন্দ্ৰনাৰায়ণ বৰুৱা।

শিৱেন্দ্ৰনাৰায়ণ বৰুৱাৰ জন্ম ১৯২৬ চনত। তেখেতৰ পিতৃ নৰেন্দ্ৰনাৰায়ণ বৰুৱা আৰু মাক হেমলতা বৰুৱা। কম বয়সতে তেওঁ পিতাকক হেৰুৱায়। মাকে কষ্টেৰে তেওঁক ডাঙৰ-দীঘল কৰে। ১৯৪২ চনত গৌৰীপুৰৰ প্ৰতাপ চন্দ্ৰ ইন্সটিটিউশ্যনৰ পৰা কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথম বিভাগত মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হয়। (স্মৰ্তব্য যে ১৯৪২ চনত নলবাৰী গৰ্ডন হাইস্কুলৰ পৰা দীনেশ চন্দ্ৰ মিশ্ৰয়ো কলিকতা বিশ্ববিদ্যালয়ৰ মেট্ৰিকুলেশ্যন পৰীক্ষাত কৃতিত্বসহ (প্ৰথম দহোটা স্থানৰ ভিতৰত তেওঁৰ স্থান আছিল) উত্তীৰ্ণ হৈছিল। তেখেতও অতি কম বয়সতে মৃত্যুবৰণ কৰে। ১৯৪৯ নে ’৫০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত পৰিসংখ্যাবিজ্ঞানৰ লেকচাৰাৰ হিচাপে যোগ দিবলৈ আহোঁতে জেঠমহীয়া ভৰ লুইতৰ এক শোকাৱহ নাও দু্ৰ্ঘটনাত তেখেতৰ অকাল মৃত্যু হয়। কবি অজিৎ বৰুৱাই তেখেতৰ এটি ‘পদ্য’ত এই হৃদয়বিদাৰক ঘটনাৰ উল্লেখ কৰিছে।) ৰংপুৰৰ কাৰমাইকেল কলেজৰ পৰা (অধুনা বাংলাদেশৰ অন্তৰ্গত) ১৯৪৪ চনত শিৱেন্দ্ৰনাৰায়ণে প্ৰথম বিভাগত আই এছ চি পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৬ চনত কলিকতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা গণিতত প্ৰথম শ্ৰেণীৰ অনাৰ্ছসহ বি এছ চি পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৮ চনত প্ৰায়োগিক গণিতত প্ৰথম শ্ৰেণীসহ কলিকতা বিশ্ববিদ্যালয়ৰ এম এছ চি পৰীক্ষাত উত্তীৰ্ণ হয়। গণিতত অভিলেখ গুণাংক পোৱা বাবে স্বৰ্ণপদক লাভ কৰে।

READ:   Automorphisms of the Upper Half Plane

১৯৪৯ চনত শিৱেন্দ্ৰনাৰায়ণে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত আৰু পৰিসংখ্যাবিজ্ঞানৰ বিভাগত লেকচাৰাৰ হিচাপে যোগ দিয়ে। বিশ্ববিদ্যালয়ত কেইবছৰমান কাম কৰাৰ পিছত ১৯৫২ চনত তেখেত কেম্ব্ৰিজলৈ যায়। ১৯৫৫ চনত তেখেতে গণিতত পি এইচ ডি লাভ কৰে। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ প্ৰথিতযশা বিজ্ঞনী ছাৰ জিৱ’ফ্ৰে টেইলৰ আছিল তেখেতৰ তত্ত্বাৱধায়ক। কেম্ব্ৰিজৰ পৰা উভতি আহি তেওঁ পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ত যোগ দিয়েহি যদিও বেছি দিন নাথাকিল। ১৯৫৭ চনত তেখেতে বিশ্ববিদ্যালয়ৰ চাকৰিৰ পৰা ইস্তফা দিয়ে আৰু নতুন দিল্লীত ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনস্থ প্ৰতিৰক্ষাবিজ্ঞান সংস্থাত (Defence Science Organisation) জ্যেষ্ঠ বৈজ্ঞানিক বিষয়া (Senior Scientific Officer) হিচাপে যোগ দিয়ে। নতুন দিল্লীৰ পৰা বৰুৱা পুণেলৈ যায় আৰু তাত Institute of Armament Studies-অৰ Mathematics and Ballistics Department অত Principal Scientific Officer হিচাপে কাৰ্যনিৰ্বাহ কৰে।

কিন্তু বিধিৰ কি নিষ্ঠুৰ পৰিহাস! ১৯৬৪ চনৰ ৫ এপ্ৰিলৰ দিনা হঠাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পুণেত অপ্ৰত্যাশিতভাবে তেখেতৰ অকাল বিয়োগ ঘটে।

পৰম্পৰাগতভাবে গণিতক দুইভাগত ভগাব পাৰি- মৌলিক (Pure) আৰু প্ৰায়োগিক (Applied)। মৌলিক গণিতজ্ঞসকল গণিতৰ বিমূৰ্ত ধ্যান-ধাৰণাত সদামগ্ন, গণিতৰ স্বকীয় সুষমাত তেওঁলোক মুগ্ধ; প্ৰয়োগৰ পিনে তেওঁলোকৰ দৃষ্টি নাই। তেওঁলোকৰ জানিবা ‘সামাজিক দায়বদ্ধতা’ নাই। আনহাতেদি প্ৰায়োগিক গণিতজ্ঞসকলে গণিতৰ প্ৰায়োগিক দিশৰ প্ৰতি নজৰ ৰাখে। তেওঁলোকৰ কামে সমাজৰ উন্নতি সাধন কৰে। Ian Stewart-এ তেখেতৰ Concept of Modern Mathematics(১৯৭৫) গ্ৰন্থত লিখিছে- “The pure mathematician has his head in the abstract clouds and studies the subject for its own sake: he is not interested in applications, and if anything tends to denigrate them. The applied mathematician has his feet on the concrete and provides a useful service to society.” প্ৰাজ্ঞ আৰ্কিমিডিছে মৌলিক আৰু প্ৰায়োগিক- গণিতৰ এই দুই শাখাতে কাম কৰিছিল। ইফালে, তেওঁ সংখ্যাৰ জগতত অনায়াসে বিচৰণ কৰিছে, আনহাতে যুদ্ধ আৰু জলসিঞ্চনৰ বাবেও চিন্তা কৰিছে। পিছে, প্ৰায়োগিক গণিতৰ কাম-কাজৰ প্ৰতি তেওঁৰ বিশেষ আকৰ্ষণ নাছিল। ঠিক সেইদৰে গডফ্ৰে হেৰল্ড হাৰ্ডিৰ প্ৰায়োগিক গণিতৰ প্ৰতি আছিল বিৰূপ মনোভাব। তেখেতৰ মতে, প্ৰায়োগিক গণিতত (উদাহৰণস্বৰূপে ballistics বা aerodynamics) ‘repulsively ugly and intolerably dull’। মৌলিক আৰু প্ৰায়োগিক গণিতজ্ঞসকলৰ মাজত এক শীতল যুদ্ধ যেন চলি আছিল।

READ:   International Centre for Theoretical Sciences (ICTS) - A New Initiative in Indian Science

সেই দিন আজি আৰু নাই। মৌলিক আৰু প্ৰায়োগিক- দুটা পানী নসৰকা কোঠাত গণিতক আজি আৰু বিভাজন কৰিব নোৱাৰি। মৌলিকৰো, মৌলিক গণিতৰো প্ৰয়োগ আছে; আনহাতেদি এনেকুৱা উদাহৰণো নোহোৱা নহয়, য’ত তথাকঠিত প্ৰায়োগিক গণিতৰো বস্তৱ ক্ষেত্ৰত কোনো প্ৰয়োগেই নহয়। আয়ান ষ্টুৱাৰ্টে এই প্ৰসংগত তেখেতৰ উপৰিউক্ত গ্ৰন্থত এটা বঢ়িয়া উদাহৰণ দিছে। এজন গৱেষকে পেইণ্টব্ৰাছৰ এটা গাণিতিক তত্ত্ব উলিয়াব বিচাৰিলে। সমীকৰণসমূহ গঠন কৰি তেওঁ এটা চৰ্ত প্ৰয়োগ কৰিলে। কি চৰ্ত? পেইণ্টব্ৰাছৰ bristle বোৰ Semi-infinite planes বুলি ধৰি ল’লে। এই চৰ্ত আৰোপ কৰি অৱকল সমীকৰণসমূহ তেওঁ সমাধান কৰিলে। তেওঁৰ এই তত্ত্বৰ দ্বাৰা গণিত তথা সমাজৰ কথা বাদেই, পেইণ্টব্ৰাছৰ বিষয়েও একো জনা নগ’ল। (‘I am reminded of a man who developed a mathematical theory of the paintbrush. To set up equations he could solve he had to assume that the bristles of the brush were semi-finite planes. So the theory gave no insight whatever into paintbrushes and precious little into mathematics because he deliberately set up equations that could be solved by known methods.’ – Ian Stewart) ঠিক একে ধৰণৰ এটা মজাৰ উদাহৰণ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক কে এছ চৌধুৰীয়ে এটা প্ৰবন্ধত উল্লেখ কৰিছে। অধ্যাপক চৌধুৰীৰ অন্যতম প্ৰিয় গণিতৰ শিক্ষক আছিল অধ্যাপক বিভূতিভূষণ সেন। অধ্যাপক সেন যাদৱপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল। বিশ্বভাৰতীৰ গণিত বিভাগৰ এখেত প্ৰতিষ্ঠাপক মুৰব্বী অধ্যাপক। প্ৰায়োগিক গণিতত অধ্যাপক সেনে বিস্তৰ কাম কৰিছে। অধ্যাপক সেনে খেদ প্ৰকাশ কৰি কৈছিল বোলে গৱেষণাৰ নামত কেতিয়াবা কিছুমান আচহুৱা চৰ্ত আৰোপ কৰা হয়। ছাত্ৰসকলক তেখেতে এটা নমুনা দিছিল- ‘A kite is sitting on the back of a moving elephant… Assuming that the mass of the elephant is negligible, discuss the motion of the kite.’

প্ৰথিতযশা গণিতজ্ঞ পি আৰ হেলমছে (P R Halmos) কৈছে বোলে গণিত গণিতেই, মৌলিক, প্ৰায়োগিক বুলি কোনো কথা নাই। তীক্ষ্ণধী পণ্ডিত হেলমছৰ মতে দুবিধ গণিত বৰ্তমান- ‘Good’ আৰু ‘bad’। শিৱেন্দ্ৰনাৰায়ণ বৰুৱাই প্ৰায়োগিক গণিতত কাম কৰিছিল। তেখেতে হেলমছে উনুকিওৱা ‘Good Mathematics’ কৰিছিল। তেখেতে যে ‘Good Mathematics’ কৰিছিল তাৰ দহদহীয়া প্ৰমাণ হ’ল ‘Surveys in mechanics’ ৰ লেখীয়া পুথিত তেখেতৰ নিবন্ধৰ অন্তৰ্ভূক্তি।

READ:   কাল্পনিক সংখ্যা

তেখেতৰ কোষগ্ৰন্থ ‘On some problems of Rotating Fluids’ সমানে সমাদৃত। এই কোষগ্ৰন্থৰ গইনা লৈ উত্তৰকালৰ বহু গৱেষকে কাম কৰিছে। Proceedings of the royal Society কে আদি কৰি বহু ওখ খাপৰ পত্ৰিকাত তেখেতৰ নিবন্ধ প্ৰকাশ পাইছিল। আমি জনাত তেখেতৰ প্ৰকাশিত গৱেষণা-নিবন্ধৰ সংখ্যা সাতোটা। ইয়াৰ উপৰি প্ৰতিৰক্ষা মন্ত্ৰণালয়ত তেখেতৰ বহু নিবন্ধ অপ্ৰকাশিত অৱস্থাত আছে। দেশৰ প্ৰতিৰক্ষাৰ খাতিৰত সেইবোৰ প্ৰকাশ কৰা নহয়।

মানুহ হিচাপে শিৱেন্দ্ৰনাৰায়ণ বৰুৱা অতি ভদ্ৰ আৰু বিনয়ী আছিল। অৱশ্যে তেখেতৰ বিষয়ে বিশেষ আমি পঢ়া নাই। কেইবছৰমান আগেয়ে ‘আছাম ট্ৰিবিউন’ত প্ৰকাশিত ড° কল্যাণ দত্ত চৌধুৰীৰ এটা লেখা পঢ়িছো। মাতৃৰ প্ৰতি থকা তেখেতৰ অচলা ভক্তি, সহপাঠীসকলৰ প্ৰতি থকা মমত্ববোধ সেই লেখাত সুন্দৰকৈ ফুটি উঠিছে। ঘৰলৈ আহিলে বিধবা মাকৰ দুপৰীয়াৰ সাঁজ ৰান্ধি দিয়ে। সহপাঠীৰ লগত হিয়া উবুৰিয়াই কথা পাতে। সহপাঠীৰ লগত তেওঁৰ এতিয়া বিস্তৰ ব্যৱধান। বন্ধুৱে পঢ়া-শুনাত বিশেষ উধাব নোৱাৰিলে, তেওঁ দোপত-দোপে আগবাঢ়ি গ’ল। কিন্তু সেয়া বন্ধুত্বৰ মাজত কদাপিও হেঙাৰ নহ’ল। অধ্যাপক শিৱেন্দ্ৰনাৰায়ণ বৰুৱাৰ কথা ওলালেই তেখেতৰ অন্যতম প্ৰিয় সতীৰ্থ ড° ভূপতি চন্দ্ৰ ডেকা গদগদ হৈ পৰে। তেখেতে আমাৰ লগত হোৱা এক অন্তৰংগ আলাপত কৈছিল- ‘...ককাইদেউৰ নিচিনা ড° শিৱেন্দ্ৰনাৰায়ণ বৰুৱাৰ মৰম-স্নেহৰ মাজেদি মই বিশ্ববিদ্যালয়ত পৰম সুখেৰে চাকৰি কৰিছিলো।... ১৯৫৮ চনৰ মে’ মাহত মই দিল্লীত workshop এটাত যোগ দিবলৈ গৈছিলো।... সেই workshop ত ড° শিৱেন্দ্ৰনাৰায়ণ বৰুৱায়ো ভাগ লৈছিল। ড° বৰুৱাই মোক ঘৰলৈ মাতি নিলে আৰু তাতেই মই ভাত-পানী খাই বহুতো কথা পাতিলো।...’

ড° ভূপতি চন্দ্ৰ ডেকাদেৱে দুখ কৰি কৈছিল- ‘আমাৰ কাৰণে এইটো বৰ দুৰ্ভাগ্যৰ কথা যে এনেকুৱা মহান ব্যক্তি এজনক আমি অকালতে হেৰুৱাইছো।’

সঁচা, আমাৰ বাবে ই পৰম দুৰ্ভাগ্য। কিন্তু ‘যে নদী মৰুপথে হাৰালো ধাৰা/ জানি হে, জানি তাও হয়নি হাৰা’ (অসমাপ্ত/ৰবীন্দ্ৰনাথ ঠাকুৰ)।

পুনশ্চ : শিৱেন্দ্ৰনাৰায়ণ বৰুৱাক ব্যক্তিগতভাবে বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ অসমীয়া বুলি মই ভাবোঁ।

 

লেখক ড° দিলীপ শৰ্মা কটন মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক আৰু গণিত চ’ৰাৰ এগৰাকী উপদেষ্টা। তেখেতৰ এই প্ৰবন্ধটো ঊনবিংশ সংখ্যাৰ (জুলাই-ডিচেম্বৰ, ২০০১) গণিত বিকাশত প্ৰকাশ হৈছিল।

[ad#ad-2]

The following two tabs change content below.
No Comments

Sorry, the comment form is closed at this time.