শূন্য সম্বন্ধে ৰবীন্দ্ৰনাথৰ ৰসাল ধাৰণা


Download this post as PDF (will not include images and mathematical symbols).


ৰবীন্দ্ৰনাথ (৭ মে’, ১৮৬১ – ৭ আগষ্ট, ১৯৪১) কবি, দাৰ্শনিক। পিছে ৰবীন্দ্ৰনাথৰ গণিতৰ প্ৰতিও অনুৰাগ আছিল। ৰবীন্দ্ৰনাথৰ আগ্ৰজ দ্বিজেন্দ্ৰনাথে (১১ মাৰ্চ, ১৮৪০ – ১৯ জানুৱাৰি, ১৯২৬) গণিত-চৰ্চা কৰিছিল; আনকি অ-ইউক্লিডীয় জ্যামিতিৰ বিষয়েও অধ্যয়ন কৰিছিল। ৰবীন্দ্ৰনাথৰ আশিসধন্য প্ৰশান্তচন্দ্ৰ মহলানবিশে (২৯ জুন, ১৮৯৩ – ২৮ জুন, ১৯৭২) ১৯৩১ চনত ইণ্ডিয়ান ষ্টেটিছটিকেল ইন্সটিটিউট প্ৰতিষ্ঠা কৰে। ১৯৩৩ চনৰ পৰা এই প্ৰতিষ্ঠানৰ জৰিয়তে “সংখ্যা” নামৰ পৰিসংখ্যা-বিজ্ঞানৰ এখন উচ্চ মানবিশিষ্ট পত্ৰিকা প্ৰকাশ পাই আহিছে। “সংখ্যা”তো ৰবীন্দ্ৰনাথে এটি প্ৰবন্ধ লেখিছিল, য’ত প্ৰকাশ পাইছিল “পৰিসংখ্যা বিজ্ঞান সম্বন্ধে কবিৰ মনন আৰু ভাৱনা” (“দেশ”, ২ জানুৱাৰী, ২০০৭)। উল্লেখ কৰিব পাৰি যে Statistics শব্দটোৰ বাংলা পৰিভাষা ৰাশিবিজ্ঞান ৰবীন্দ্ৰনাথৰেই সৃষ্টি। অসমীয়াত Statistics বাবে (বিষয় হিচাপে) ব্যৱহৃত পৰিভাষা হ’ল সংখ্যাবিজ্ঞান, পৰিসংখ্যা বিজ্ঞান, ৰাশিবিজ্ঞান।

rabindranath-tagoreড° প্ৰদীপ কুমাৰ মজুমদাৰে তেখেতৰ “আমাদেৰ দৃষ্টিতে গণিত” (পশ্চিমবঙ্গ ৰাজ্য পুস্তক বৰ্ষদ, মাৰ্চ, ১৯৮২) শীৰ্ষক পুথিখনত ৰবীন্দ্ৰনাথৰ শূন্যৰ ধাৰণা সম্বন্ধে এটি ৰসাল কাহিনী লেখিছে। ড° মজুমদাৰে উল্লেখ কৰিছে যে ১২৮৮ বঙ্গাব্দৰ ভাদ মাহৰ ভাৰতী প্ৰত্ৰিকাত লেখাটো প্ৰকাশ পাইছিল। তেওঁ মনোগ্ৰাহীকৈ যি লেখিছিল, তাৰে কিয়দংশ এনেধৰণৰ।

এনে কিছুমান মানুহ আছে, তেওঁলোক যেতিয়ালৈকে অকলে থাকে,— তেতিয়ালৈকে একোৱেই নাই। তেওঁলোক জানিবা শূন্য (০)। কিন্তু একৰ লগত যেতিয়া যুক্ত হয়, তেতিয়া দহ (১০) হয়গৈ। এটা আশ্ৰয় পালে তেওঁলোক মহাপৰাক্ৰমী হৈ উঠে। সংসাৰত হাজাৰ-বিজাৰ শূণ্য আছে, সেই দুৰ্কপলীয়াসকলক সকলোৱে উপেক্ষা কৰে। ইয়াৰ একমাত্ৰ কাৰণ তেওঁলোকৰ বাবে উপযুক্ত “এক”ৰ অভাৱ। ফলস্বৰূপে তেওঁলোকৰ অস্তিত্ব থকা-নথকাৰ সমান। এই শূ্ন্যবোৰৰ এটা ডাঙৰ দোষ এয়ে যে পিছত থাকিলে এওঁলোকে একক দহ কৰে ঠিকেই, কিন্তু আগত বহিলে দশমিক নিয়ম অনুসৰি একক তাৰ শতাংশত (০.০১) পৰিণত কৰে। অৰ্থাৎ আনৰ দ্বাৰা পৰিচালিত হ’লে তেওঁলোকৰ কৰ্ম-শক্তিৰ তুলনা নাই কিন্তু আনক পৰিচালনা কৰিব লগাত পৰিলে, সকলো পণ্ড। এওঁলোক এনুৱা সৈন্য যে এলাইবাদু সেনাপতিকো জিকাব পাৰে, কিন্তু এনে অসাঠন সেনাপতি যে ভালৰো ভাল সৈন্যও হাৰিবলৈ বাধ্য হয়।

নাৰী-বিদ্বেষী চকুচৰহাসকলে কয় যে এই তিৰোতাবোৰেই শূন্য। কিন্তু একৰ সৈতে বিধিমতে যুক্ত হলে একক এনেদৰে বলীয়ান কৰে যে সি দহজনৰ কাম একেলগে কৰিব পাৰে। কিন্তু এই শূন্যবোৰ যদি একৰ আগত বহে, তেতিয়া বেচেৰা এক তাৰ শতাংশত পৰিণত হয়। সেয়ে তিৰোতা-সেৰুৱাৰ আন এটি নাম ০.০১।

নাৰীসম্বন্ধে লঘুভাৱে মন্তব্য কৰিছে যদিও ই বিতৰ্কৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে মনত ৰাখিব লাগিব যে এই মন্তব্য এশ বছৰৰো আগৰ। তে হি নো দিৱসাঃ গতাঃ।

 

° দিলীপ কুমাৰ শৰ্মা।

 

উৎস:— “গণিত বিকাশ”, একচত্বাৰিংশ সংখ্যা, জুলাই-ডিছেম্বৰ, ২০০৭ (Volume 41, July-December, 2007)

[ad#ad-2]

 

No Comments

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.