হেনৰি পইনকেয়াৰ

 

গাউচ (Gauss) আছিল গণিতৰ সকলো শাখাতে অৰিহণা যোগোৱা গণিতজ্ঞ। গাউচৰ পিছত প্ৰায়োগিক আৰু বিশুদ্ধ গণিতৰ (Applied আৰু pure mathematics) প্ৰায় সকলো শাখাতে দখল আৰু অৰিহণা থকা গণিতজ্ঞ হ’ল ১৮৫৪ চনৰ ২৯ এপ্ৰিলত ফ্ৰান্সত জন্ম গ্ৰহণ কৰা ‘হেনৰি পইনকেয়াৰ’। হেনৰি পইনকেয়াৰেই বোধকৰো এনেধৰণৰ শেষ গণিতজ্ঞ। গণিতজ্ঞ দাৰ্শনিক বাৰ্ট্ৰাণ্ড ৰাছেলে- পইনকেয়াৰক আধুনিক ফ্ৰান্সত জন্ম গ্ৰহণ কৰা সৰ্বশ্ৰেষ্ঠ ব্যক্তি বুলি মন্তব্য কৰিছিল।

পইনকেয়াৰ আছিল এক সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান। পইনকেয়াৰৰ দেউতাক লিওন পইনকেয়াৰ (Leon Poincare) আছিল এজন আগশাৰীৰ চিকিৎসক। তেওঁৰ খুৰাক আছিল পথ আৰু গৃহ নিৰ্মাণ বিভাগৰ উচ্চতম পৰ্য্যায়ৰ বিষয়া। খুৰাকৰ পুতেক ৰেইমণ্ড পইনকেয়াৰ (Raymond Poincare) অধিস্থিত হৈছিল ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰূপে।

ল’ৰালি কালত হেনৰি পইনকেয়াৰৰ পঢ়া-শুনাৰ সম্পূৰ্ণ তদাৰক কৰিছিল মাকে। পইনকেয়াৰৰ মাক আছিল অতিকৈ বুদ্ধিমতী, ব্যক্তিত্ব সম্পন্না আৰু কৰ্মদক্ষ মহিলা। মাকৰ বিশেষ যত্নৰ কাৰণেই হয়তো শিশুকালত পইনকেয়াৰৰ মানসিক বিকাশ আছিল অতি দ্ৰুত। তেওঁ নিচেই কম বয়সতে কথা ক’বলৈ শিকিছিল যদিও, ভাবৰ গতিৰ বেগ খৰ হোৱাৰ হেতুকে তাক প্ৰকাশ কৰিবলৈ শব্দ বিচাৰি নোপোৱাত কথাবোৰ স্পষ্ট নাছিল। তেওঁ যেতিয়া লিখিবলৈ শিকিছিল তেতিয়া দেখা গৈছিল যে তেওঁ দুয়োখন হাতেৰেই আঁকিব আৰু লিখিব পাৰিছিল, অৱশ্যে সমানেই বেয়াকৈ।

৫ বছৰ বয়সতেই পইনকেয়াৰ ডিপথেৰিয়া ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ বহুদিনলৈ লেহুকা আৰু ভয়াতুৰ হৈ পৰিছিল। এইবাবে তেওঁ সমনীয়া ল’ৰা-ছোৱালীৰ লগত খেল-ধেমালীত অংশ ল’ব নোৱাৰি নিজেই নিজৰ আনন্দৰ উৎস বিচাৰি লৈছিল।

কিতাপ পঢ়াৰ ক্ষেত্ৰত পইনকেয়াৰৰ অদ্ভুত প্ৰতিভা আছিল। তেওঁ কিতাপ এখন খৰকৈ পঢ়ি তাৰ কথাবোৰ হুবহু মনত ৰাখিব পাৰিছিল। কিতাপখন পঢ়াৰ পিছত কোনটো পৃষ্ঠাৰ কোনটো শাৰীত কি কথা আছে তেওঁ অবিকল কৈ দিব পাৰিছিল। কিতাপ পঢ়াৰ এই দক্ষতা তেওঁৰ ওৰে জীৱনেই অক্ষত আছিল যদিও তেওঁ নিজৰ স্মৃতিশক্তি দুৰ্বল বুলিয়েই কৈছিল। দৃষ্টিশক্তি দুৰ্বল আছিল বাবেই হয়তো তেওঁ শিক্ষকে বৰ্ডত লিখি দিয়া কোনো কথাৰেই টোকা লিখি লোৱা নাছিল; শিক্ষকে কোৱা কথাবোৰ কিন্তু শুনাৰ পিছত তেওঁৰ মনত ৰৈ গৈছিল। ব্যৱহাৰিক পৰীক্ষাবোৰত কৌশল ভালদৰে আয়ত্ব কৰিব পাৰিলে হয়তো গাণিতিক পদাৰ্থ বিজ্ঞানত তেওঁ কৰা কিছুমান তাত্বিক কাম বাস্তৱৰ অধিক ওচৰ চাপিলহেঁতেন।

গণিতৰ ইতিহাস প্ৰণেতা আৰু গণিতজ্ঞ ই. টি. বেলে মন্তব্য কৰিছে যে- ব্যৱহাৰিক বিজ্ঞানত তাত্বিক বিজ্ঞানৰ সমানেই পটু হোৱাহেঁতেন পইনকেয়াৰে বিজ্ঞানৰ ইতিহাসত অতুলনীয় ত্ৰয়- আৰ্কিমিডিছ, নিউটন আৰু গাউছৰ লগতে চতুৰ্থজন হৈ একে শাৰীতে স্থান পালেহেঁতেন।

প্ৰাথমিক স্কুল পৰ্য্যায়ৰ পৰাই পইনকেয়াৰে চোকা ছাত্ৰ বুলিয়েই পৰিচয় দিছিল। প্ৰাৰম্ভিক অৱস্থাত অৱশ্যে গণিতৰ প্ৰতি কোনো বিশেষ ৰাপ তেওঁ দেখুওৱা নাছিল। তেওঁৰ বিশেষ ৰাপ আছিল প্ৰাকৃতিক ইতিহাসত। ওৰে জীৱন তেওঁ প্ৰকৃতিপ্ৰেমী আছিল। প্ৰথমবাৰ যেতিয়া তেওঁ বন্দুক চলাবলৈ শিকিছিল, ভুলক্ৰমে এটা চৰাই তেওঁৰ বন্দুকৰ গুলীত নিহত হৈছিল। এই কথাই তেওঁক ইমানেই বেজাৰ দিছিল যে তাৰ পাছত বাধ্যতামূলক সৈনিক কচৰতৰ বাহিৰে কোনো ক্ষেত্ৰতে তেওঁ বন্দুক-বাৰুদত হাত থোৱা নাছিল। ছাত্ৰ অৱস্থাত হেনৰিয়ে পাঠসমূহ কম আয়াস আৰু কম সময়তে আয়ত্ব কৰিবলৈ সমৰ্থ হোৱাত ৰং-ধেমালী আৰু মাকক ঘৰুৱা কামত সহায় কৰিবলৈ যথেষ্ট আহৰি পাইছিল। কিন্তু আন সমনীয়াই খেলা খেলবোৰ খেলিবলৈ তেওঁৰ শাৰিৰীক গঠনে সহায় কৰা নাছিল বাবে তেওঁ নিজেই নিজৰ খেল উলিয়াই লৈছিল।

সৰু অৱস্থাৰ পৰাই পইনকেয়াৰে খোৱাৰ ক্ষেত্ৰত অন্যমনস্ক আছিল। বেছিভাগ সময়তেই তেওঁ আহাৰ খাবলৈ পহৰি গৈছিল। প্ৰাতঃআহাৰ (Breakfast) কৰিলেনে নাই তেওঁৰ মনতেই নাথাকিছিল। তেওঁৰ অন্যমনস্কতাৰ আন এক দিশৰ এটা ৰসাল গল্প আছে। এবাৰ এক ভদ্ৰলোকে পইনকেয়াৰৰ লগত বিজ্ঞান বিষয়ৰ আলোচনা কৰিবলৈ ফিনলেণ্ডৰ পৰা পেৰিচলৈ আহিল। পইনকেয়াৰৰ লিগিৰিয়ে ভদ্ৰলোকক বহিব দি তেওঁৰ আগমনৰ কথা পইনকেয়াৰক জনালে। ভদ্ৰলোকক দেখা কৰিবলৈ পইনকেয়াৰ ওলায় নাহিল। ভদ্ৰলোকে এখন জিলমিল পৰ্দাৰ সিফালে পইনকেয়াৰ ইফালৰ পৰা সিফাললৈ অহা-যোৱা কৰি থকা দেখিলে। গণিতৰ কথা ভাবি থাকিলে তেওঁ এইদৰেই ইফালৰ পৰা সিফাললৈ অহা-যোৱা কৰি থাকে। তিনি ঘণ্টা অতিক্ৰম কৰি গ’ল। আঁকোৰগোজ ভদ্ৰলোক পইনকেয়াৰক লগ পোৱা আশাত বহিয়েই আছে। হঠাৎ এবাৰ পৰ্দা দাং খালে আৰু পইনকেয়াৰৰ ডাঙৰ মূৰটো (Buffalo head) ওলাই আহিল। আপুনি মোক বৰকৈ বিৰক্ত কৰিছে বুলি মূৰটোৱে গেজেৰণি মাৰি আকৌ নোহোৱা হ’ল। পইনকেয়াৰৰ সাক্ষাৎ নোপোৱাকৈয়ে ভদ্ৰলোকৰ প্ৰস্থান ঘটিল আৰু এইটো ঘটাকেই বিচাৰিছিল অন্যমনস্ক অধ্যাপক জনে।

READ:   How to Select The Best Coaching Institute For NEET [infographic]

কৈশোৰত ভৰি দিওঁতে- প্ৰায় ১৫ বছৰমান বয়সৰ পৰা গণিতৰ প্ৰতি অনুৰাগ জন্মিছিল পইনকেয়াৰৰ। এই সময়ৰ পৰাই তেওঁৰ ওৰে জীৱন এৰা নিদিয়া এক বিশেষত্ব লক্ষ্য কৰা যায়। তেওঁ গণিতৰ কথাবোৰ কোঠাৰ ভিতৰত ইফালৰ পৰা সিফাললৈ খৰকৈ অহা-যোৱা কৰি মূৰতে সমাধা কৰি লয়, তাৰ পিছতহে তেওঁ কথাবোৰ কাগজত লিপিবদ্ধ কৰে। তেওঁ যেতিয়া এইদৰে কাম কৰে ওচৰ-পাজৰৰ হুলস্থুলে তেওঁৰ ভাব প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব নোৱাৰিছিল।

১৭ বছৰ বয়সতে ১৮৭১ চনত পইনকেয়াৰ ধ্ৰুপদী সাহিত্য আৰু বিজ্ঞানৰ স্নাতক হয়। এইটো আছিল তেওঁৰ প্ৰথম উপাধি পৰীক্ষা। ইয়াৰ পাছত তেওঁ বন বিষয়ৰ স্কুলত (forest school) ত ভৰ্ত্তি হয়। এই স্কুলত থাকোঁতে শিক্ষকে দিয়া পাঠৰ কোনো টোকা নোলোৱাকৈয়েই গণিতত প্ৰথম পুৰস্কাৰ পাই তেওঁ সকলোকে আচৰিত কৰি দিলে। স্কুলত লগৰীয়াই সোধা গণিতৰ যিকোনো প্ৰশ্নৰ উত্তৰ তেওঁৰ মুখৰ পৰা কাঁড়পাত ওলোৱাদি ওলাইছিল। এই স্কুলৰ পৰা উৰ্ত্তীৰ্ণ হৈ পইনকেয়াৰে ফ্ৰান্সৰ বিখ্যাত শিক্ষানুষ্ঠান ইক’ল পলিটেকনিকত নাম লিখে। ইক’লত গণিতত বিশেষ দক্ষতা, শাৰীৰিক কচৰৎ আৰু ছবি অঁকাত দুখ লগা অপটুতাৰ বাবে পইনকেয়াৰ পৰিচিত হৈছিল। ইক’লত তেওঁ ছবি অঁকাত অপটুতা সম্বন্ধত এটা কাহিনী আছে। ইক’লৰ প্ৰবেশ পৰীক্ষাত তেওঁ ছবিৰ বাহিৰে সকলো বিষয়ত সৰ্বোচ্ছ নম্বৰ পাইছিল। ছবিত পাইছিল শূন্য। প্ৰবেশ পৰীক্ষাত কোনো বিষয়ত শূন্য পাই নাম ভৰ্ত্তি হোৱাৰ নজিৰ আগতে স্কুলখনত নাছিল। কিন্তু তথাপিও তেওঁক নামভৰ্ত্তি কৰিবলৈ দিয়া হৈছিল,- বোধকৰো তেওঁ পোৱা শূন্যটোৰ আগত এটা দশমিক আৰু পিছত এটা এক দি।

শাৰীৰিক কচৰৎ বা খেলা-ধূলাত পাৰদৰ্শী নোহোৱা স্বত্ত্বেও পইনকেয়াৰ লগৰীয়াসকলৰ মাজত অতিকৈ প্ৰিয় আছিল। বছৰৰ শেষত লগৰীয়াসকলে তেওঁৰ উৎকৃষ্ট ছবিসমূহৰ এখন ৰাজহুৱা প্ৰদৰ্শনী পাতিছিল। অৱশ্যে ছবিবোৰৰ তলত গ্ৰীক ভাষাত লিখি দিছিল- এইটো এটা ঘোঁৰা, এইটো এটা হাতী ইত্যাদি বুলি। ছবি অঁকাৰ অদক্ষতাই তেওঁৰ জ্যামিতিৰ পৰীক্ষাত প্ৰভাৱ পেলাইছিল; ইয়াৰ বাবেই স্কুলৰ পৰা তেওঁ দ্বিতীয় স্থানহে অধিকাৰ কৰি উত্তীৰ্ণ হৈ ওলাইছিল। প্ৰথম স্থান অন্য এজনে পাইছিল। ২১ বছৰ বয়সতে ইক’ল পলিটেকনিকৰ পৰা ওলাই তেওঁ খনি বিষয়ৰ স্কুল (School of Mines) ত নামভৰ্ত্তি কৰে। নিজৰ পাঠসমূহ অধ্যয়ন কৰাৰ পাছত তেওঁৰ গণিতৰ চৰ্চ্চা কৰিবলৈও আহৰি ওলাইছিল। এই সময়তে অৱকলনীয় সমীকৰণৰ এটা সাধাৰণ ধৰ্মীয় সমস্যাৰ সমাধান কৰি গণিতত থকা তেওঁৰ বিশেষ প্ৰতিভাৰ পৰিচয় দাঙি ধৰে। তিনি বছৰ পিছত একে বিষয়ৰে এটা অধিক জটিল আৰু অধিক সাধাৰণ ধৰ্মীয় সমস্যাৰ ওপৰত তেওঁৰ গৱেষণা গ্ৰন্থ (Thesis) দাখিল কৰে। তেওঁৰ গৱেষণা গ্ৰন্থৰ পৰীক্ষক আছিল ফ্ৰান্সৰ আন এজন বিখ্যাত গণিতজ্ঞ- দাৰবাক্স। তেওঁৰ গৱেষণা গ্ৰন্থ পৰীক্ষা কৰি দাৰবাক্সে মন্তব্য কৰিছিল- ইয়াত আৰু কেবাখনো ভাল গৱেষণা গ্ৰন্থৰ বাবে সমল আছে।

READ:   Conversation with Prof. Fernando R. Villegas

খনি বিষয়ত স্নাতক হৈ পইনকেয়াৰে এটা খনি কোম্পানীত নৱিছ হৈ সোমাল। সেই সময়ত খনিটোত এক বিস্ফোৰণ ঘটিল। ১৬ জনমান বনুৱাৰ প্ৰাণ গ’ল। তেওঁ ৰক্ষাকাৰী দলৰ লগতে বিপদত পৰা সকলক সহায় কৰিবলৈ খনিৰ তললৈ সোমাই গ’ল। এই কথাই তেওঁ ভৱিষ্যতত এজন সাহসী অভিযন্তা হোৱাৰ ইংগিত বহন কৰিলেও পইনকেয়াৰে খনি অভিযন্তা হোৱাৰ আশা ত্যাগ কৰি নিজকে সম্পূৰ্ণভাবে গণিত অধ্যয়নৰ লগতে জড়িত কৰিলে। সেই সময়ত পইনকেয়াৰলৈ গণিত চৰ্চা কৰাৰ কাৰণে এক ভাল সুযোগ আহিল। ১৮৭৯ চনৰ ১ ডিচেম্বৰত তেওঁ কেয়ানত (Kean) গাণিতিক বিশ্লেষণৰ অধ্যাপক হিচাবে নিযুক্তি পালে। দুবছৰ পিছত ২৭ বছৰ বয়সত পইনকেয়াৰ পেৰিচ বিশ্ববিদ্যালয়ত অধ্যাপক হ’ল। ১৮৮৬ চনত এই বিশ্ববিদ্যালয়ৰ বলবিজ্ঞান আৰু পৰীক্ষামূলক পদাৰ্থ বিজ্ঞানৰ মুৰব্বী অধ্যাপকৰ দায়ীত্ব গ্ৰহণ কৰে। ইউৰোপত বিজ্ঞান কংগ্ৰেছৰ অধিবেশনসমূহত গৱেষণা-পত্ৰ পাঠ কৰিবলৈ যোৱা আৰু এবাৰ ১৯০৪ চনত যুক্তৰাষ্ট্ৰত (চেইণ্ট লুইছত) আমন্ত্ৰিত অধ্যাপক হিচাবে যোৱাৰ বাহিৰে তেওঁ বাকী জীৱনকালত সকলোখিনি সময় পেৰিচত থাকিয়েই ফ্ৰান্স গণিত সাম্ৰাজ্যত ৰাজত্ব কৰিছিল।

পইনকেয়াৰৰ সৃষ্টিমূলক কামৰ প্ৰাৰম্ভণ হৈছিল ১৮৭৮ চনত দাখিল কৰা গৱেষণা গ্ৰন্থৰ জড়িয়তে আৰু ইয়াৰ সমপ্তি ঘটিছিল- ১৯১২ চনত তেওঁৰ মৃত্যুত। ৩৪ বছৰীয়া এই সময়ছোৱাত তেওঁ যি অৰিহণা গণিতলৈ আগবঢ়াইছিল সেই অৰিহণা পৰিমাণ গুণ আৰু কঠিনতালৈ চাই সঁচাকৈয়ে আছিল অকল্পনীয়। পইনকেয়াৰৰ ৫০০ খন গৱেষণা-পত্ৰ, গাণিতিক পদাৰ্থ বিজ্ঞান, তাত্বিক পদাৰ্থ বিজ্ঞান, তাত্বিক জ্যোৰ্তি বিজ্ঞানৰ ওপৰত ৩০ খন মূল্যবান গ্ৰন্থ আৰু বিজ্ঞানৰ দৰ্শন আৰু আন আন জনপ্ৰিয় বিজ্ঞান বিষয়ত অনেক লেখা প্ৰকাশ হৈছে। তেওঁৰ এই প্ৰচণ্ড শ্ৰমৰ শুদ্ধ ৰূপত ধাৰণা দিবলৈকে আন এজন পইনকেয়াৰ হ’ব লাগিব বুলি ই. টি. বেলে মন্তব্য কৰিছে।

ভৌতিক জগতৰ ব্যাখ্যাৰ কাৰণে অত্যন্ত গুৰুত্ব থকাৰ কাৰণেই নিউটনৰ সময়ৰ পৰা সকলো গণিতজ্ঞকে আকৰ্ষণ কৰা অৱকলনীয় সমীকৰণ সম্পৰ্কীয় গৱেষণাৰ কামতেই পইনকেয়াৰে প্ৰথম কৃতিত্ব দেখুৱাইছিল। এই গৱেষণাত তেওঁ বৈশ্লেষিক গণিতৰ সকলো সমল প্ৰয়োগ কৰিছিল। অৱকলনীয় সমীকৰণৰ অধ্যয়নে পইনকেয়াৰৰ গণিতৰ প্ৰায়োগিক দিশটোৰ প্ৰতি আদিৰে পৰা থকা ৰাপৰ কথাকে সূচায়। বিশুদ্ধ গণিতজ্ঞসকলে হয়তো তেওঁলোকৰ কৰ্মৰাজিক স্বৰুচিয়ে নিৰ্দ্ধাৰিত কৰে আৰু বিজ্ঞানৰ প্ৰয়োগে তেওঁলোকক একো নিৰ্দেশ কৰিব নোৱাৰে বুলি কল্পনা কৰি ভাল পাব পাৰে কিন্তু এইটো কথা ঠিক যে অতি বিশুদ্ধ গণিতজ্ঞসকলৰ কিছুমানেও পোনতে ভৌতিক জগতৰ গাণিতিক ব্যাখ্যা কৰিবলৈ প্ৰয়োগ হোৱা অৱকলনীয় সমীকৰণৰ চৰ্চাতে জীৱন অতিবাহিত কৰে।

প্ৰায়োগিক গণিতজ্ঞ ফৰিয়াঁৰ (Fourier) ৰ মতে প্ৰকৃতিৰ বিষদ অধ্যয়নেই গণিতৰ আৱিস্কাৰসমূহৰ প্ৰধান উৎস। পইনকেয়াৰে ফৰিয়াঁৰ নিৰ্দ্দেশ পথকেই অনুসৰণ কৰিছিল। ১৮৮৭ চনত চুইডেনৰ ৰজা তাস্কাৰ ২য় ই বিখ্যাত n বস্তুৰ সমস্যা (n bodies problem) সমাধান কৰিব পৰা জনক পুৰস্কাৰ দিব বুলি ঘোষণা কৰিলে। পইনকেয়াৰে সমস্যাটো সমাধান কৰিব পৰা নাছিল যদিও গণিতজ্ঞ ওৱাইচট্ৰাচ (Weierstrass), হাৰমিট (Harmite) আৰু মিঠাগলেফাৰ (Mithag leffer) ৰ দ্বাৰা গঠিত বিচাৰক মণ্ডলীয়ে পইনকেয়াৰক এই পুৰস্কাৰ দিব লাগে বুলি মত পোষণ কৰিছিল, পইনকেয়াৰে গতিবিজ্ঞানৰ অৱকলনীয় সমীকৰণৰ সাধাৰণ আলোচনা আৰু তিনিবস্তুৰ সমস্যা (Three bodies problem) সম্পৰ্কত কৰা কামৰ কাৰণে। তিনিবস্তুৰ সমস্যাটোৰ গুৰুত্ব n বস্তুৰ সমস্যাটোৰ বিশেষ উদাহৰণ স্বৰূপে অপৰিসীম কাৰণ চন্দ্ৰ-সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ গতিৰ সমস্যাটো তিনিবস্তুৰেই এক সমস্যা। বিচাৰকসকলৰ মত আছিল যদিও পইনকেয়াৰৰ কামখিনি n body সমস্যাৰ সম্পূৰ্ণ সামাধান নহয়। তথাপিও এই কামৰ প্ৰকাশে মহাকাশীয় বলবিজ্ঞানৰ ইতিহাসত এক নতুন যুগৰ সূচনা কৰিব।

পইনকেয়াৰৰ গাণিতিক জ্যোৰ্তিবিজ্ঞানৰ মৌলিক কামসমূহ তেওঁৰ নিউ মেথডচ্ অৱ চেলেষ্টিয়েল মেকানিক্স (ইংৰাজী নাম) নামৰ গ্ৰন্থত সন্নিবিষ্ট হৈছে। এই গ্ৰন্থৰ তিনিটা খণ্ড ক্ৰমে ১৮৯১, ১৮৯৩ আৰু ১৮৯৯ চনত প্ৰকাশ হৈছিল। দাৰবাক্সে এই গ্ৰন্থৰ উচ্চ প্ৰশংসা কৰিছে।

মেৰী কুৰী আৰু হেনৰি পইনকেয়াৰ। (উৎস : ৱিকিপিডিয়া)

জীৱনৰ শেষৰ চাৰিটা বছৰ অসুখ হৈ থকাৰ কালচোৱাৰ বাহিৰে বাকী সময়চোৱাত পইনকেয়াৰৰ জীৱন সুখ আৰু শান্তিৰ আছিল। পৃথিৱীৰ বিভিন্ন বিখ্যাত বিজ্ঞান অনুষ্ঠানসমূহৰ পৰা তেওঁক অনেক সন্মান যচা হৈছিল। ১৯০৬ চনত ৫২ বছৰ বয়সত তেওঁ ফ্ৰান্স বিজ্ঞান একাডেমীৰ সভাপতি নিৰ্বাচিত হৈছিল।  এই পদ আছিল ফ্ৰান্সত বিজ্ঞানীয়ে পাব পৰা সৰ্ব্বোচ্চ সন্মান। ইমানখিনি সন্মান পায়ো পইনকেয়াৰ সদায়েই বিনয়ী আৰু সৰল হৈয়ে আছিল। সেই সময়ত ফ্ৰান্সৰ গণিত জগতত তেওঁৰ সমকক্ষ নাছিল বুলি তেওঁ জ্ঞাত আছিল, কিন্তু তেওঁ এইটোও ক’ব পাৰিছিল যে- “যিমানখিনি জানিব লাগে তাৰ তুলনাত মই একোৱেই নাজানো।” পইনকেয়াৰৰ বৈবাহিক জীৱনো সুখৰ আছিল। তেওঁ এটা পুত্ৰ সন্তান আৰু তিনিগৰাকী জীয়ৰীৰ পিতৃ আছিল।

READ:   Mathematics Booklet 2012-2013

১৯০৮ চনত ৰোমত হোৱা আন্তজাৰ্তিক গাণিতিক সন্মিলনত তেওঁ গাণিতিক পদাৰ্থৰ ভৱিষ্যৎ শীৰ্ষক পত্ৰ পাঠ কৰাৰ কথা আছিল, কিন্তু বেমাৰে তেওঁক এই কামত বাধা দিলে। ইটালীতে তেওঁৰ বেমাৰৰ চিকিৎসা হ’ল। তেওঁ সম্পূৰ্ণ আৰোগ্য হোৱা বুলি ভাবিলে। পেৰিচলৈ ঘূৰি আহি আকৌ আগৰ নিচিনা কঠোৰ পৰিশ্ৰম কৰিবলৈ ল’লে। কিন্তু ১৯১২ চনত বসন্ত কালৰ শেষৰ ফালে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিল। ১৯১২ চনৰ ৯ জুলাইত তেওঁৰ এক অস্ত্ৰোপ্ৰচাৰ হ’ল। অস্ত্ৰোপ্ৰচাৰ সফল আছিল, কিন্তু তেওঁ ১৭ জুলাইত দেহ ত্যাগ কৰিলে। সেই সময়ত তেওঁৰ বয়স আছিল ৫৯ বছৰ আৰু তেওঁ আৰোহণ কৰিছিল খ্যাতিৰ শীৰ্ষত।

পইনকেয়াৰ সম্পৰ্কত আৰু এটা কথাৰে আমি এই লেখা সমাৰিব খুজিছো। ১৯০৪ চনত প্ৰকাশিত ‘পদাৰ্থ বিজ্ঞানৰ ভৱিষ্যৎ’ শীৰ্ষক গৱেষণা গ্ৰন্থত কৰা আলোচনাৰে পইনকেয়াৰে বিশেষ আপেক্ষিকতাবাদৰ পিতৃ হোৱাৰ প্ৰায় ওচৰ চাপিছিলেই। কিন্তু বোধকৰো মূলতঃ এজন গণিতজ্ঞ হোৱা বাবেই আৰু প্ৰচলিত ধাৰণাৰ প্ৰতি থকা দুৰ্বলতাৰ বাবেই এই সন্মানৰ অধিকাৰী হোৱাত তেওঁ সফল নহ’ল।

কোনো আলোকীয় পৰ্যবেক্ষণ (Optical observation) ৰ দ্বাৰা যে পৰমগতি চিনাক্ত কৰিব নোৱাৰি এই কথা দৃঢ় ভবে বিশ্বাস কৰিও ইয়াৰ ধাৰণা ত্যাগ কৰিব নোৱাৰা বাবেই পইনকেয়াৰ আপেক্ষিকতাবাদৰ চূড়ান্ত ৰূপ দিয়াত ব্যৰ্থ হ’ল। ভাগ্যই লগ দিয়া হ’লে হয়তো এই তত্ত্বৰ কথা কওঁতে আইনষ্টাইনৰ নাম নলৈ আমি পইনকেয়াৰৰ নামহে ল’ব লাগিলে হয়।

 

(এই প্ৰবন্ধৰ কথাসমূহ E. T. Bell ৰ Men of Mathematics গ্ৰন্থৰ পৰা লোৱা হৈছে। আপেক্ষিকতাবাদ সম্পৰ্কীয় কথাটোৰ উৎস V. A. Ugarov ৰ special Theory of Ralativity গ্ৰন্থ আৰু A. P. French ৰ Special Relativity গ্ৰন্থ। পইনকেয়াৰ বা আন আন গণিতজ্ঞসকলৰ কৰ্মৰাশি আৰু জীৱন সম্পৰ্কে জনাৰ কাৰণে E. T. Bell ৰ Men of Mathematics একান্তই পথনীয়। আমাৰ এই প্ৰবন্ধত কোনো গাণিতিক ধাৰণাৰ বিবৰণ নাই। E. T. Bell ৰ গ্ৰন্থত গাণিতিক ধাৰণা কিছুমানৰে বিৱৰণ আছে – লিখক।)

-------------------------------

লেখক - প্ৰসূন কুমাৰ গোস্বামী।

এই প্ৰবন্ধটো দ্বাত্ৰিংশৎ সংখ্যা (জানুৱাৰী-জুন, ২০০৩) ৰ গণিত বিকাশত প্ৰকাশ হৈছিল।

[ad#ad-2]

 

The following two tabs change content below.
No Comments

Sorry, the comment form is closed at this time.