ৰামানুজন - গণিতজ্ঞ আৰু মানুহজন : অধ্যায় L : ৰামানুজনৰ নোটবুককেইটা

 

L-1 মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ দ্বাৰা অধিগ্ৰহণ :

আৰ. লিটল্-হেইলছচৰ উদ্যোগত ১৯১৯ চনত মাদ্ৰাজ বিশ্ববিদ্যালয়ে ৰামানুজনে ল’ব পৰাকৈ এখন গণিত আসন স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছিল (অধ্যায় H-5)। কিন্তু ১৯২০ চনত তেওঁৰ মৃত্যুৱে এই সিদ্ধান্ত কাৰ্যকৰী কৰিব নোৱাৰিলে। পিছে, বিশ্ববিদ্যালয়ে তেওঁৰ নোটবুক কেইটাকে ধৰি সকলো গৱেষণা প্ৰবন্ধ তেওঁৰ পৰিয়ালৰ পৰা অধিগ্ৰহণ কৰিছিল আৰি মিচেছ ৰামানুজনক বিনিময়ত এটা ২০ টকীয়া মাহিলী ভাট্টা দিছিল। বিশ্ববিদ্যালয়ে দ্বিতীয় মহাযুদ্ধৰ পিছৰ ফালে ধনৰ মূল্যৰ মান বৃদ্ধিৰ বাবে সন্মত হৈছিল আৰু ভাট্টাটো প্ৰায় ১২৫ টকা বা ততোধিক বৃদ্ধি কৰিছিল। ৰামানুজনৰ প্ৰাপ্ত সংগ্ৰহবোৰৰ মাজত আছিল দুখন নোটবুক, দুয়োটাই বেছ ভালদৰে বন্ধা— এখন পুৰণি আৰু প্ৰায় পূৰ্ণ, আনহাতে বাকীখন আছিল নতুন আৰু মাথোন কেইপৃষ্ঠামানহে ব্যৱহাৰ হোৱা। অধ্যায় B-5 ত পিছৰখনৰ উল্লেখ ইতিমধ্যেই কৰা হৈছে। জীৱনী লিখিবৰ বাবে সঞ্চিত সংগ্ৰহখিনি পৰীক্ষা কৰোঁতে (অধ্যায় A-2) ৰামানুজনে কেম্ব্ৰিজত এৰি অহা অন্য এখন নোটবুক ৰংগনাথনে আৱিস্কাৰ কৰিছিল।

 

L-2 ‘হেৰোৱা-নোটবুক’খনৰ অনুসন্ধান :

উপৰিউক্ত খবৰখিনি ৰংগনাথনে পাইছিল ১৯২৩ চনৰ আগষ্ট মাহত। তেতিয়াও তেওঁ প্ৰেচিডেন্সি কলেজত গণিত শিকাই আছিল। তেওঁ মাথোন আন্দাজহে কৰিব পাৰিছিল যে, এইখন অধ্যায় D-3 ত ৰামচন্দ্ৰ ৰাওৱে তেওঁক উল্লেখ কৰা ‘ফিচিকা-নোটবুক’খনহে। সেই সময়ত সেয়া তেওঁৰ মনলৈ অহা নাছিল যে, এইখনৰ অনুসন্ধান কৰিব লাগে। কিন্তু ঘটনাৰ এক অস্বাভাৱিক কাকতালীয় সংযোগ হিচাবে ১৯২৪ চনৰ ৪ জানুৱাৰীত তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ প্ৰথমজন লাইব্ৰেৰীয়ান হৈছিল। তেওঁৰ নিযুক্তিৰ পূৰাবলগীয়া সৰ্ত্বসমূহৰ এটাৰ সাপেক্ষে সেইবছৰৰ ছেপ্তেম্বৰত তেওঁ ইংলণ্ডলৈ গৈছিল আৰু এবছৰ ধৰি লাইব্ৰেৰী চায়েন্স পঢ়িছিল আৰু লাইব্ৰেৰীৰ কাম পৰ্যবেক্ষণ কৰিছিল। তেওঁ তেতিয়া সিদ্ধান্ত লৈছিল যে, কেম্ব্ৰিজত থকা ‘ফিচিকা-নোটবুক’খনৰ আঁত উলিয়াব লাগিব। কিন্তু হাৰ্ডি তেতিয়া অক্সফ’ৰ্ডলৈ গৈছিল। গতিকে হাৰ্ডিৰ পৰা কিছু ইংগিত পাবলৈ বুলি ৰংগনাথনে প্ৰথমতে অক্সফ’ৰ্ডলৈ গৈছিল (অধ্যায় G-5)।

 

L-3 বিনোদন-৭ : ‘হেৰোৱা-নোটবুক’খনৰ পুনৰুদ্ধাৰ :

সেয়া আছিল ১৯৩৫ চনৰ মাৰ্চ মাহৰ কথা। ৰংগনাথনে অক্সফ’ৰ্ডৰ নিউ কলেজত হাৰ্ডিক লগ ধৰিছিল। হাৰ্ডিয়ে তেওঁক সাদৰেৰে সঁহাৰি দিছিল। তলত এই সাক্ষাৎকাৰটিৰ ৰংগনাথনে আগবঢ়োৱা এক নাটকীয় অৱলোকন উল্লেখ কৰা হ’ল।

হাৰ্ডি : সোমাই আহা ৰংগনাথন। এডৱাৰ্ড বি. ৰছে ঘটনাক্ৰমে মোক তোমাৰ বিষয়ে কৈছিল। শেহতীয়াকৈ মই তোমাৰ বিষয়ে শুনাখিনি হ’ল তুমি গণিত শিকোৱা এৰি বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীয়ান হৈছাহি।

ৰংগনাথন : হয়। গণিতৰ শিক্ষক হিচাবে থকা কালছোৱা আৰু মোৰ বৰ্তমান লাইব্ৰেৰীয়ানৰ কালছোৱাৰ মাজত এটা স্বকীয় বৈশিষ্ট বিচাৰি পাইছোঁ।

হাৰ্ডি : সেয়া কি?

ৰংগনাথন : ৰামানুজনৰ জীৱনী লিখিবলৈ বুলি ৰামানুজনৰ সঞ্চিত সংগ্ৰহৰ মাজত সোমাওঁতে মই এনেকুৱা এটা নোটবুকৰ প্ৰসংগ পালোঁ, যিটো তেওঁ কেম্ব্ৰিজত এৰি গৈছিল। এয়া ঘটিছিল মোৰ গণিত শিক্ষকতাৰ পৰা লাইব্ৰেৰীলৈ বুলি সলনিৰ সংযোগ বিন্দুত। এই দুই প্ৰফেশ্যনৰ সংযুক্ত বলটোৱে মোক ৰামানুজনৰ নোটবুক বিচাৰি ইংলণ্ড পোৱালে যেনিবা।

হাৰ্ডি : তুমি এয়া বিচাৰি বেছি দূৰ যাব নেলাগে। (ইয়াৰ পিছত হাৰ্ডি বেলেগ এটা কোঠালৈ গ’ল আৰু ‘ফিচিকা-নোটবুক’খন হাতত লৈ সোমাই আহিছিল) এয়া এইখন, লোৱা।

ৰংগনাথন : মোক ক্ষমা কৰিব। যদি মই জানিলোহেঁতেন যে এইখন আপোনাৰ ওচৰত আছে, মই এইখন সম্পৰ্কত আপোনাক নুসুধিলোহেঁতেন। এইখন আপোনাৰ ওচৰত অতি নিৰাপদেয়ে আছে।

হাৰ্ডি : নহয়। এয়া শুদ্ধ নহয়। ৰামানুজন আপোনাৰ দেশৰ। এই নোটবুকখনৰ সঠিক ঠাই আপোনাৰ নিজৰ বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীয়েই। (বিদেশী বন্ধুৰ মহানতা লক্ষণীয়!)

ৰংগনাথন : মই এয়া অতি অনিচ্ছুকতাৰে আৰু অনুশোচনাৰে মানি লৈছোঁ, মহাশয়।

হাৰ্ডি : এনেধৰণৰ কোনো অনুভৱ নানিবা। যদি তুমি ইচ্ছা কৰা, তুমি নোটবুকখনৰ এটা ক’পি মাদ্ৰাজ গৈ পোৱাৰ পিছত মোলৈ পঠিয়াব পাৰা। এনে কৰিলে ইয়াত মোৰ লগতে আন বহুতকে ইয়াৰ ওপৰত কাম কৰিবলৈ সহায় কৰিব।

READ:   A Theoretical study on Negative Refractive Index Metamaterials (Review)

ৰংগনাথন : এনে ক্ষেত্ৰত আপুনিয়েই নোটবুকখন নাৰাখে কিয় আৰু আপুনি ইয়াৰ প্ৰকাশৰ বাবে সম্পাদনা কৰক।

হাৰ্ডি : এয়া এটা অতি কঠিন কাম। প্ৰকৃততে মই ইয়াৰ এটা অধ্যায় ‘হাইপাৰজিঅ’মেট্ৰিক ছিৰিজ’ৰ স’তে কাম কৰিবলৈ বুলি চেষ্টা কৰিছিলোঁ। এয়া ইয়াত এই ৰিজাল্টখিনি চাওক। (তেওঁ মোলৈ “হাৰ্ডি ছেপ্টাৰ ফ্ৰম ৰামানুজনচ্ নোটবুক”(প্ৰচিডিংচ্, কেম্ব্ৰিজ ফিলছফিকেল চ’ছাইটি ২১, ১৯২৩, ৪৯২-৫০৩) শীৰ্ষক এটা ৰিপ্ৰিণ্ট আগবঢ়াই দিছিল।) এই কামখিনিত মোৰ কেবাসপ্তাহ লাগিছে। যদি মই এইখন সম্পাদনা কৰিব লাগে তেনেহ’লে মোৰ গোটেই জীৱনটোৱেই লাগিব। মই মোৰ নিজৰ কাম কৰিব নোৱাৰিম। এয়া সঠিক নহ’ব।

ৰংগনাথন : মই আপোনাৰ কথাটো বুজি পাইছোঁ। মই নিশ্চয়কৈ নোটবুকখনৰ এটা ক’পি কৰিম আৰু আপোনালৈ পঠিয়াম।

হাৰ্ডি : এয়াও চাবচোন, যদি আপোনাৰ বিশ্ববিদ্যালয়ক কৈ চাব পাৰে যাতে, এইখন মোটামুটিভাৱে সম্পাদনা কৰি, ইয়াৰ কিছু কথা আধুনিক পদেৰে উলিয়াই বহল পৰিসৰৰ ব্যৱহাৰৰ অৰ্থে ইয়াক প্ৰকাশ কৰি উলিয়ায়।

 

L-4  নোটবুকখনৰ মূল্য :

নোটবুকখনৰে লণ্ডন পোৱাৰ পিছত, ৰংগনাথনে মাদ্ৰাজ বিশ্ববিদ্যালয়ক সুধি পঠিয়াইছিল যে এইখনেৰে তেওঁ কি কৰা উচিত। উত্তৰ আছিল অতি চিধা। বিশ্ববিদ্যালয়ে কৈছিল— ‘এইখন তোমাৰ লগত ৰাখা’। স্পষ্টতঃ তাত নোটবুকখনৰ মূল্যায়ন কৰিবলৈ কোনো এজন নাছিল অথবা এইখন সম্পৰ্কে উৎসাহ দেখুওৱাও কোনো এজন নাছিল। দুসপ্তাহ পিছত লণ্ডনৰ ইউনিভাৰ্চিটি কলেজত ৰংগনাথনে শিক্ষক আৰু বৃটিছ মিউজিয়াম লাইব্ৰেৰীৰ চুপাৰিণ্টেণ্ডেণ্ট মি. এছদালে তেওঁক লাইব্ৰেৰীত থকা কিছু মূল্যবান সদৃশ বস্তু দেখুৱাইছিল। ইয়াৰ মাজত শ্যেক্সপীয়েৰৰ এটা কুৱাৰ্ট খণ্ড আছিল। এয়া অতি ভালকৈ বন্ধা আছিল আৰু এটা বৰ মূল্যবান বাকচত থোৱা আছিল। ৰংগনাথনে ৰগৰ কৰি কৈছিল যে বৃটিছসকল প্ৰতিমা পূজাৰী। এছদালে তেওঁক সুধিছিল, ‘তুমি কি বুজাইছা?’ ৰংগনাথনে উত্তৰ দিছিল, ‘আমি ভাৰতত এনে এখন পুৰণি কিতাপক সেৱিব লগাকৈ নাসাজোঁ।’ এয়া এছদালৰ বাবে আচৰিত যেন আছিল কিয়নো তেওঁ এনে ধাৰণাৰ বশৱৰ্তী আছিল যে, আমি অতি কঠোৰ প্ৰতিমা পূজাৰী। ভাৰতীয়সকল যে তেনে নহয় সেয়া প্ৰমাণ কৰিবলৈ ৰংগনাথনে তেওঁক ৰামানুজনৰ ‘ফিচিকা-নোটবুক’ৰ কথা কৈছিল আৰু এই সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ উত্তৰটো কৈছিল। এছদালে কৈছিল, ‘এয়া তেনেইনে? তেনে ক্ষেত্ৰত পাণ্ডুলিপিটো আমালৈ হস্তান্তৰ নকৰিলা কেলৈ? ৫০০০ পাউণ্ডেৰে ধনী হ’লাহেঁতেন।’ তেতিয়া ৰংগনাথনে উত্তৰ দিছিল, ‘এতিয়া মই ইয়াৰ মূল্য জানো। মই এতিয়া ইয়াক নেৰোঁ।’ তেওঁলোকে এক আন্তৰিকতাৰ হাঁহি মাৰিছিল।

 

L-5 নোটবুকেইটাৰ ক’পি :

বিশ্ববিদ্যালয়ে ৰংগনাথনক আৱশ্যকীয় পুঁজি যোগান ধৰিছিল, ৰামানুজনৰ তিনিটা নোটবুকৰ প্ৰত্যেকৰে তিনিটাকৈ ক’পি কৰিবলৈ। ক’পি কৰা কামটো সাধাৰণতে কৰা হৈছিল, গণিতৰ এজন অনাৰ্চ গ্ৰেজুৱেট আৰু ৰংগনাথনৰ এজন পুৰণি ছাত্ৰ এছ. আদিনাৰায়ণন, প্ৰফেচৰ জি. এ. শ্ৰীনিবাসন আৰু ডঃ আৰ. বৈদ্ধ্যনাথস্বামীৰ সহায়েৰে। ইয়াৰ এটা ক’পি হাৰ্ডিয়ে ইচ্ছা কৰাৰ দৰে তেওঁলৈ পঠিওৱা হৈছিল। বাকী কেইটা ক’পি মাদ্ৰাজ বিশ্ববিদ্যালয়ত সংৰক্ষণ কৰি থোৱা হৈছিল, মূল ক’পিটোৰ স’তে। হাৰ্ডিলৈ পঠিওৱা ক’পিটো বৰ ফলপ্ৰসু হৈছিল। এই নোটবুকখনৰ ওপৰত ভেঁটি কৰি কেবাখনো গৱেষণা-কাকত প্ৰকাশ হৈছিল প্ৰখ্যাত জাৰ্ণেলত। জি. এন. ৱাটছনে এই নোটবুককেইখনৰ সহায়ত আনতকৈ বেছি শৃংখলাবদ্ধভাৱে কাম কৰিছিল। ১৯২৮ আৰু ১৯৩৬ চনৰ মাজত তেওঁ প্ৰায় বাৰখনমান গৱেষণা-কাকত উলিয়াইছিল। হাৰ্ডিয়ে নিজেই প্ৰায় এক ডজন গৱেষণাকাকত উলিয়াইছিল (অধ্যায় ৭)।

 

L-6 নোটবুকৰ কালক্ৰমনিকা :

ৰংগনাথন মাদ্ৰাজলৈ ঘূৰি অহাৰ পিছত তেওঁ ‘ফিচিকা-নোটবুক’টো ইতিমধ্যে বিশ্ববিদ্যালয়ত থকা বাকী দুটা নোটবুকৰ কাষত জমা দিছিল। এই সিদ্ধান্ত লোৱাত তেওঁৰ একো দিগদাৰী হোৱা নাছিল যে অতি নতুন যেন লগা নোটবুকটো আছিল শেহতীয়া। ইয়াৰ বিষয়বস্তু আছিল এক ভিন্ন ধৰণৰ। তেওঁ অন্য দুখন তুলনা কৰিব ধৰিছিল। আচৰিত ধৰণে এইবোৰৰ প্ৰথমভাগৰ অধ্যায়কেইটা প্ৰায় সদৃশ যেন আছিল। তেওঁ যিমানে আগবাঢ়ি গৈছিল, সিমানে যথাক্ৰমিক অধ্যায়কেইটাৰ প্ৰতিটো পৰস্পৰ ভিন্ন সংস্কৰণ যেন লাগিছিল। শেষৰ ফালৰ কেইটামান সম্পূৰ্ণ বেলেগ আছিল।

READ:   গণিত আৰু মানৱতাৰ এক তেঁজাল ঘোঁৰা এভাৰিষ্ট্ গেল্-ওৱা

এই সাথৰটো ভঙা জটিল আছিল। সেই সময়ত এয়া ঘটিছিল যে, ৰামচন্দ্ৰ ৰাও মাদ্ৰাজৰ কলেক্টৰ আছিল। ৰংগনাথনে তেওঁক কাৰ্যালয়ত দেখা কৰিছিলগৈ, গল্পটো কৈছিল আৰু তেওঁক সুধিছিল, তেওঁ সমস্যাটো সমাধা কৰিব পাৰিব নেকি। তেওঁ কৈছিল যে, ‘ফিচিকা-নোটবুক’টোহে প্ৰথমটো। তেওঁ আকৌ কৈছিল, “মই ৰামানুজনক নিৰাপদৰ বাবে নোটবুকটোৰ ক’পি কৰি ৰাখিবলৈ কৈছিলোঁ। কিন্তু চাব ৰেজিষ্ট্ৰাৰ অফিচৰ কেৰাণী এজনে কৰাৰ দৰে ৰামানুজনৰ লেখীয়া এজন সৃষ্টিশীল চিন্তাবিদৰ বাবে এটা নিখুঁত ক’পি কৰিবলৈ এয়া এটা অতি টান কাম আছিল। স্পষ্টতঃ তেওঁ এটা নিখুঁত ক’পি কৰাৰ ধাৰণাৰেই আৰম্ভ কৰিছিল, পিছলৈ, তেওঁ ক’পি কৰাৰ ঠাইত অধ্যায়সমূহ উন্নত কৰাতহে লাগিছিল। শেষত তেওঁ নতুন অধ্যায়বোৰত নতুন ৰিজাল্ট ভৰাবলৈ ধৰিছিল।”

 

L-7 নোটবুকৰ প্ৰকাশত বিলম্ব :

বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ৰংগনাথনে হাৰ্ডিৰ দ্বিতীয় ইচ্ছাটোৰ কথা জনাইছিল যে, নোটবুকটো এক সাধাৰণ সম্পানাৰ পাছত ছপা কৰিব লাগে। কিন্তু কিবা কাৰণত এয়া কৰা হোৱা নাছিল। এই বিষয়ত ব’ৰ্ড অফ-ষ্টাডিজৰ ইচ্ছা মন দিয়া হোৱা নাছিল। ১৯৪৭ চনত ৰংগনাথনে দিল্লী বিশ্ববিদ্যালয়ত যোগ দিয়াৰ পিছত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়ধীশ ছাৰ ম’ৰিছ্ গ্যয়াৰক তেওঁ এই নোটবুকখনৰ বিষয়ে উল্লেখ কৰাৰ অজুহাত লৈছিল। তেওঁ কৈছিল যে, এয়া এক লজ্জাৰ বিষয় যে নোটবুকখন ২০ বছৰ ধৰি প্ৰকাশ নোহোৱাকৈ আছে। তুমি যদি নোটবুকখন পোৱা, মই এইখন প্ৰকাশ কৰিম।

 

L-7.1 প্ৰকাশৰ আশা :

১৯৪৮ চনত অক্সফ’ৰ্ডত কমনৱেলথ বিশ্ববিদ্যালয়ৰ সন্মিলন বহিছিল। কাৰ্যতঃ ভাৰতৰ প্ৰায়কেইখন বিশ্ববিদ্যালয়ৰে উপাচাৰ্যকেইজন উপস্থিত আছিল। দিল্লী বিশ্ববিদ্যালয়ক ৰংগনাথনে প্ৰতিনিধিত্ব কৰিছিল। এটা আবেলি এটা হলত ডঃ চাৰ এছ. ৰাধাকৃষ্ণন, প্ৰায় তিনিখন বিশ্ববিদ্যলয়ৰ উপাচাৰ্য ডঃ ৱালি মুহম্মদ আৰু ৰংগনাথন একেলগে বহি আছিল। উপলক্ষ্যৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ আগেয়ে তেওঁলোকৰ আলোচনা কিবা উপায়ে ৰামানুজনৰ নোটবুককেইখন পাইছিলগৈ। ডঃ ৰাধাকৃষ্ণনৰ এক প্ৰশ্নৰ উত্তৰত ৰংগনাথনে দিল্লী বিশ্ববিদ্যালয়ে নোটবুককেইখন প্ৰকাশ কৰিবলৈ বুলি ছাৰ ম’ৰিচৰ যাচন (offer) টোৰ কথা উল্লেখ কৰিছিল। ডঃ ৰাধাকৃষ্ণনে তেওঁক সুধিছিল, তেওঁ কেনেকৈ ইয়াৰ বাবে ধন বাহিৰ কৰিব পাৰিব। ৰংগনাথনে উত্তৰ দিছিল— ছাৰ ম’ৰিচে কৈছিল যে, ‘he would send his hat round if need be’। ডঃ ৱালি মুহম্মদে সুধিছিল প্ৰকাশনৰ ধন কিমান হ’ব এই বুলি। তেওঁ কৈছিল এয়া ১০,০০০ টকাতকৈ বেছি হ’ব নালাগে। এই পৰিমাণটো শুনি ডঃ ছাৰ এ. লক্ষণস্বামী মুদালিয়াৰে কৈছিল যে এনে সাধাৰণ পৰিমাণ এটাৰ বাবে ‘হেটৰাউণ্ড’ কৰি পঠিওৱাৰ প্ৰচেষ্টা যোগ্য নহয়। মাদ্ৰাজ বিশ্ববিদ্যালয়ে নিজেই এই ধন মিলাব পাৰিব। যিহেতু পাণ্ডুলিপিখিনি সেই বিশ্ববিদ্যায়ৰ সম্পত্তি, সেয়ে প্ৰতিজনেই এইটোৱেই অনুভৱ কৰে যে নোটবুককেইটা বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশ কৰাই উপযুক্ত হ’ব।

 

L-7.2 আশা পূৰণৰ বাবে অহোপুৰুষাৰ্থ:

কিছুদিন পিছত, লণ্ডনত অন্য এটা ঘটনা ঘটিছিল। ৰংগনাথনে পেলেচ্ গেচৰোডৰ কেনছিংটন হোটেলত থকা কৰিছিল। এদিনাখন ৰাতিপুৱা এজন চীনা ভদ্ৰলোকে তেওঁক ৰূমত দেখা কৰিছিলহি। নামটো তেওঁৰ লিখাৰ সময়ত মনত নাছিল। তেওঁ ৰংগনাথনক কৈছিল যে, তেওঁৰ নামটো হোটেলৰ নাম ফলকত দেখি তেওঁক দেখা কৰিবলৈ ইচ্ছা কৰিলে। তেওঁ আৰু কৈছিল যে তেওঁ এজন গণিতজ্ঞ যিয়ে কিছু বছৰ কেম্ব্ৰিজত কাম কৰিছিল আৰু এতিয়া ইউনাইটেড ষ্টেটচ্ অফ্ এমেৰিকালৈ যাব কোনো এখন বিশ্ববিদ্যালয়ত প্ৰফেচৰ হিচাবে কাম কৰিবলৈ বুলি। তেওঁ আৰু কৈছিল যে, তেওঁ তেওঁৰ নামটো কোনোবাই ৰামানুজনৰ সম্পৰ্কত কওঁতে কেম্ব্ৰিজত শুনিছে। যিহেতু তেওঁ নিজেই ৰামানুজনৰ কেতবোৰ ৰিজাল্টৰ ওপৰত কাম কৰি আছে, সেয়ে তেওঁ ৰংগনাথনক লগ ধৰিবলৈ আগ্ৰহী। তেওঁ কেম্ব্ৰিজত প্ৰচাৰ কৰা ৰামানুজনৰ নোটবুক এখনৰ খবৰ জনাটো দেখুৱাইছিল। তেওঁ সুধিছিল মাদ্ৰাজ বিশ্ববিদ্যালয়ে কিয় প্ৰকাশ নকৰিলে। ৰংগনাথনে অক্সফ’ৰ্ডত হোৱা আলোচনাখিনি উল্লেখ কৰিছিল। তেওঁলোকে অৱশ্যে এয়া কৰাৰ পথত আগবাঢ়ি আছে। ৰংগনাথনে তেওঁক সুধিছিল, নোটবুককেইখন সম্পাদনা কৰিবলৈ এজন গণিতজ্ঞ বিচৰাত সহায় কৰিব পাৰে নেকি, প্ৰয়োজন হ’লে সম্ভৱপৰ স্থানত প্ৰমাণৰ যোগান ধৰি। তেওঁ কৈছিল যে, এজনেই আটাইকেইটা অধ্যায় সম্পাদনা কৰাটো কঠিন হ’ব। তেওঁ প্ৰায় একডজন নামৰ এখন তালিকা দিছিল নোটবুকৰ প্ৰতিটো অধ্যায়ৰ বিপৰীতে নাম উল্লেখ কৰি তেওঁক দায়িত্ব দিব পৰাকৈ। ৰংগনাথনৰ মনত খুণ্ডিয়াইছিল ডঃ কে. চন্দ্ৰশেখৰণৰ নাম। তেওঁ সেই সময়ত প্ৰিন্সটনৰ ফাণ্ডামেণ্টেল ৰিচাৰ্ছ ইন্সটিটিউটত কাম কৰি আছিল। আৰু এতিয়া তেওঁ এক ধৰিবলগীয়া চালিকাশক্তিৰে জুৰিখৰ eido Technischie Hoschaule ৰ এক প্ৰফেচৰ— এজন ডেকা গণিতজ্ঞ। তেওঁ পাৰিব বিভিন্ন সম্পাদকৰ মাজত সংগতি ৰাখিবলৈ আৰু এনেদৰেই প্ৰেছৰ মাধ্যমত প্ৰকাশ হোৱাটো দেখিবলৈ পাব। কিছুদিন পাছত ৰংগনাথন লণ্ডনৰ কোনো ৰাস্তাত খোজ কাঢ়ি থাকোঁতে ডঃ এ. লক্ষ্মণস্বামী মূদালিয়াক লগ পাইছিল। তেওঁক তেওঁ এই প্ৰস্তাৱটোৰ কথা কৈছিল। তেওঁ ধাৰণাটো মানি লৈছিল আৰু তেওঁলোক দুয়োজন ভাৰত পোৱাৰ পিছত ৰংগনাথনক তেওঁলৈ লিখিবলৈ কৈছিল। সেই অনুসাৰে তেওঁ লিখিছিল। তেওঁ কৈছিল পৃষ্ঠাবোৰৰ ফ’ট’ক’পি কৰা যাব পাৰে আৰু তেনেদৰে প্ৰাসংগিক অধ্যায়টো যথাযুক্তভাৱে পঠিয়াব পাৰি। ১৯৪৯ চনত মাদ্ৰাজ বিশ্ববিদ্যালয়ে তিনিওটা নোটবুকৰে ক’পি কৰিছিল। তাৰে এটা এছ. এছ. পিল্লাইক দিয়া হৈছিল আৰু এইটো কাইৰোৰ বিমান দুৰ্ঘটনাত হেৰাইছিল আৰু লগতে তেওঁ নিজেও হেৰাইছিল এই পৃথিৱীৰ পৰা। বাকী দুটা মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীত সংৰক্ষণ কৰি ৰখা হৈছিল।

READ:   Top 3 Gadgets That Help You Study

 

L-8 আন এক চেষ্টা :

১৯৫৪ চনত ইণ্ডিয়ান মেথেমেটিকেল চ’ছাইটি বহিছিল। ৰংগনাথনে তেতিয়া এটা প্ৰস্তাৱ দিছিল যে, ৰামানুজনৰ নোটবুকৰ সম্পাদনা আৰু প্ৰকাশ হোৱা উচিত। ডঃ কে. এছ. কৃষ্ণনে হস্তক্ষেপ কৰি কৈছিল যে এনেধৰণৰ এটা প্ৰস্তাৱ কোনো কামৰ নহ’ব আৰু বেছি ফলপ্ৰসূ উপায়টো হ’ব বিষয়টোত প্ৰধান মন্ত্ৰীৰ মনোযোগ অনাটো। এই ধাৰণাটোৰ স’তে ৰংগনাথন সন্মত হৈছিল। স্পষ্টতঃ ডঃ কে. চন্দ্ৰশেখৰণ, টাটা ইনষ্টিটিউট অফ্ ফাণ্ডামেণ্টেল ৰিচাৰ্ছৰ আৰু সেই ইনষ্টিটিউটৰ ডিৰেক্টৰ ডঃ এইচ. জে. ভাবা, টাটা ট্ৰাষ্টে তিনিওটা নোটবুকৰে এটা ফটোষ্টেট সংস্কৰণ উলিয়াইছিল ১৯৫৭ চনত। এয়া দুটা খণ্ডত বন্ধোৱা হৈছিল। সম্পূৰ্ণ সম্পাদিত ছপা-সংস্কৰণৰ অনুপস্থিতি হেতু গৱেষক কৰ্মী আৰু অনুষ্ঠানৰ কামত অহাকৈ ইয়াৰ প্ৰায় হাজাৰ ক’পি কৰা হৈছিল।

 

মূল : এছ. ৰংগনাথন

মুকলি অনুবাদ : খনীন চৌধুৰী

ৰামানুজন – গণিতজ্ঞ আৰু মানুহজন

[ad#ad-2]

Print Friendly, PDF & Email
Tags:
No Comments

Post A Comment