ৰামানুজন – গণিতজ্ঞ আৰু মানুহজন : অধ্যায় D : অৰ্থনৈতিক পৰ্যাপ্ততা

 

D-0 ঐহিক কাৰকসমূহৰ দাবী বা চাহিদা :

কিন্তু এনে আত্মমগনকাৰী অৱস্থা বেছিভাগৰ ক্ষেত্ৰতেই দীৰ্ঘদিনীয়া নহয়। অৰ্থনৈতিক হেঁচাটো আছিল অলংঘণীয়। পৰিয়ালৰ প্ৰতি থকা দায়িত্বয়ো ইয়াৰ নিজা হেঁচা দি আছিল। এটা ক্ষণ আহিল, য’ত এটা বিশেষ বিষয়ৰ অন্তটানৰ কেৰেপহীন অধ্যৱসায় আৰু ঐহিক জীৱনৰ দাবীৰ টনা-টনিত ভাঙি পৰা মুহূৰ্ত্ত এটা আহি পৰিছিল। ৰামানুজনৰ জীৱনত এনে এটা মুহূৰ্ত্ত আহি পৰিছিল ১৯১০ চনত। তেতিয়া তেওঁৰ বয়স ২৩ বছৰ। তেওঁ চাকৰি বিচাৰিব লগা হৈছিল।

 

D-1 চাকৰিৰ সন্ধানত :

তেওঁ চাকৰিৰ সুৰুঙাৰ সন্ধানত লাগিল। ১৯০৭ চনত প্ৰফেচৰ ৰামস্বামী আয়াৰে স্থাপন কৰা ‘ইণ্ডিয়ান মেথেমেটিকেল চ’ছাইটি’ৰ কথা তেওঁ শুনিছিল। তেওঁ গম পাইছিল যে, যদিও তেওঁক প্ৰফেচৰ কোৱা হৈছিল, পিছে তেওঁ প্ৰকৃততে ‘মাদ্ৰাজ চিভিল-চাৰ্ভিচ’ৰ এজন ‘ডেপুটি কলেক্টৰ’হে আছিল। ডেপুটি কলেক্টৰ হিচাবে তেওঁ তেওঁৰ ডিভিজনৰ স্থানীয় ব’ডিৰ এজন এক্স-অফিচিঅ’ প্ৰেচিডেণ্ট আছিল। তেওঁৰ গণিতৰ প্ৰতি থকা একাত্মতা আৰু ডেপুটি কলেক্টৰ হিচাবে থাকিব পৰা প্ৰভাৱটোৰ বাবে ৰামানুজনে তেওঁকে এজন সম্ভৱপৰ পৃষ্ঠপোষক হ’ব বুলি ভাবিছিল। তেতিয়া ৰামস্বামী আয়াৰৰ প্ৰধান কাৰ্যালয় আছিল টিৰুক্কোভিলুৰত। সেয়ে ১৯১০ চনত ৰামানুজন সেই ঠাই আহি উঠিল।

তলৰ ৰামস্বামী আয়াৰৰ স’তে হোৱা সাক্ষাতৰ আমোদ কাহিনীটোত ৰামানুজনৰ চৰিত্ৰত সোমাই থকা অন্য এক মহৎ গুণৰ প্ৰকাশ দেখিবলৈ পাওঁ। সেয়া হ’ল আত্মব্যংগ। আত্ম-ব্যংগ কৰিব পৰে মাত্ৰ আতি গুণীজনেহে। ইয়াত ৰংগনাথনৰ ভাৱ প্ৰকাশৰ বাহাদুৰি প্ৰশংসনীয়। ‘ডায়েলগে’ মাত্ৰা চেৰাইছে ৰামানুজনৰ মহানতাৰ, তেওঁৰ বিনয়ৰ তথা অদমনীয় অতুলনীয় হেঁপাহটোৰ।

 

D-2 আমোদ কাহিনী ২ – ৰামস্বামী আয়াৰৰ স’তে হোৱা সাক্ষাৎ :

ৰামানুজন : মই গণিতত আগ্ৰহী।

ৰামস্বামী আয়াৰ : হয় নে? আহাচোন, বহা। এতিয়ালৈকে তুমি কি কৰিছানো?

ৰামানুজন : এই টোকা বহীটোত মই কৰি পোৱা কেতবোৰ ৰিজাল্ট আছে, ইয়াৰ প্ৰমাণসহ।

ৰামস্বামী আয়াৰ : চাওঁ দিয়াচোন, সেইখন মোলৈ ঠেলি দিয়া। (চায়) প্ৰায় বেছিভাগেই নতুন যেন লাগিছে। হে, ভগবান! যিটো পৃষ্ঠাই চাওঁ, প্ৰতিটোৱেই দেখোন নতুন উপপাদ্য আৰু সূত্ৰৰ আকৰ। কিযে মনোৰম! তুমি ক’ত কাম কৰানো?

(তেতিয়াও নোটবুকৰ পাত লুটিয়াই আছে) মই ভাবো তোমাৰ বেছ পৰিমাণৰ পৈত্ৰিক সম্পত্তি আছে যেন পাইছোঁ।

ৰামানুজন : নাই মহাশয়, মই এটা দুখীয়া পৰিয়ালৰ ল’ৰা। মোৰ দেউতা, কুম্বাকোনমৰ এজন ব্যৱসায়ীৰ দোকানৰ এজন সাধাৰণ কেৰাণীহে। তদুপৰি মহাশয়, যোৱা বছৰ মোৰ পিতা-মাতাই মোক গৃহস্থী জীৱনতো সুমাই দিলে।

ৰামস্বামী আয়াৰ : (তেতিয়াও মন দি আছে নোটবুকত) হয় নে?

ৰামানুজন : মহাশয়, মোক যদি আপোনাৰ অফিচত অথবা তালুক-বোৰ্ডৰ অফিচত কেৰাণীৰ কাম এটা দি অনুগ্ৰহ কৰিলেহেঁতেন, তেতিয়া মই মোৰ জীৱিকাৰ পথ পালোহেঁতেন।

ৰামস্বামী আয়াৰ : এইটো দেখোন বৰ বেয়া কথা। তুমি যদি এই যিকোনো এটা অফিচত সোমোৱা, তেনেহ’লে তোমাৰ গাণিতিক প্ৰতিভাখিনি নোহোৱা নহ’বনে। তেনে কৰি মই এটা পাপ কৰিব নোৱাৰোঁ।

ৰামানুজন : মহাশয়, আপুনি তেনেকৈ নক’ব। মোক তেনেহ’লে কোনে সহায় কৰিব?

ৰামস্বামী আয়াৰ : মই তোমাক অবাধিত কৰিবলৈ যোৱা বুলি নাভাবিবা। তুমি মোৰ পৰা কিছু সঁচা সহায়েই পাবা দিয়াচোন। অলপ সময় অপেক্ষা কৰা হা।

ৰামস্বামী আয়াৰ কাৰ্যালয়ৰ কোঠাৰ ভিতৰলৈ সোমাই গ’ল আৰু পি. ভি. শেশু আয়াৰলৈ বুলি এখন অনুমোদন পত্ৰ লিখি আনিলে।

ৰামস্বামী আয়াৰ : এই চিঠিখন লোৱা ৰামানুজন। প্ৰেছিডেন্সি কলেজৰ প্ৰফেচৰ পি. ভি. শেশু আয়াৰক লগ ধৰাগৈ আৰু এই চিঠিখন তেওঁক দিয়াগৈ। অলপ হ’লেও তুমি তেওঁক জানা নহয়?

ৰামানুজন : হয় মহাশয়, কুম্বাকোনমৰ চৰকাৰী কলেজত মই তেওঁৰ ছাত্ৰ আছিলোঁ।

ৰামস্বামী আয়াৰ : তেনেহ’লে তেওঁক লগ ধৰাত তোমাৰ সুবিধাই হ’ব দিয়া।

 

D-3 আমোদ কাহিনী-৩ : আৰ. ৰামচন্দ্ৰ ৰাওৰ স’তে সাক্ষাৎ :

ৰামানুজনে সেইখন লৈ পি.ভি. শেশু আয়াৰক লগ ধৰাত তেওঁ নেলৰ জিলাৰ কলেক্টৰ দেৱান বাহাদুৰ আৰ. ৰামাচন্দ্ৰ ৰাও আৰু ইণ্ডিয়ান মেথেমেটিকেল চছাইটিৰ প্ৰেছিডেণ্ট’লৈ এখন পৰিচয়জ্ঞাপক টোকা দিলে। সেই টোকা-পত্ৰৰে ৰামানুজন নেলৰলৈ গৈছিল ১৯১০ চনৰ ডিচেম্বৰত। এতিয়া আমাৰ দ্বিতীয় আমোদ কাহিনীটোলৈ আহিছোঁ, যিটো ঘটিছিল আৰ. ৰামাচন্দ্ৰ ৰাওৰ স’তে সাক্ষাতৰ সময়ত।

ৰামাচন্দ্ৰ ৰাওৱে বুজি পাইছিল ৰামানুজনৰ তুলনাত তেওঁৰ জ্ঞানৰ সীমাবদ্ধতা। সেয়ে তেওঁৰেই ভাষাত কৈছোঁ “মোৰ গাণিতিক জ্ঞানৰ ভঁৰালটোত মই ৰামানুজনক মোৰ উপস্থিতিলৈ নামি আহিবলৈ অনুমতি দিছিলোঁ।” তেওঁ ৰামানুজনক প্ৰত্যক্ষ কৰিছিল এটা চুটি, কৰ্কশ দেহৰ মজবুত, ডাড়ি নকমোৱা মুখৰ, অতি পৰিচ্ছন্ন নোহোৱাকৈ থকা, এক দৃষ্টি আকৰ্ষণকাৰী অবয়বৰ এজন ব্যক্তি হিচাবে। তেওঁ আছিল উজ্জল দুটি চকুৰে, হাতৰ চেপাত এখন খহটা ফটা নোটবুকেৰে খোজ কাঢ়ি ফুৰা এজন সাধাৰণ লোক যেন। তেওঁ দুখ লগাকৈ দুখীয়া আছিল। তেওঁ কুম্বাকোনমৰ পৰা আঁতৰি আহিছিল মাদ্ৰাজলৈ জিৰণিৰ সময় বিচাৰি তেওঁৰ অধ্যয়ন চলাই নিবলৈ বুলি। কোনো খ্যাতিৰ পিছত তেওঁ দৌৰা নিছিল। তেওঁ মাথোন আহৰি সময় বিচাৰি আছিল। অন্য ভাষাত এইখিনিয়েই বিচাৰিছিল যে তেওঁ অকণ সাধাৰণ খাদ্য বিচাৰিছে তেওঁৰ ক্ষেত্ৰত কোনো চাপ নপৰাকৈ আৰু লগতে বিচাৰিছিল আশ-পাশৰ সমাজখনে যাতে তেওঁক তেওঁৰ সপোনটো দেখি থাকিবলৈ এৰি দিয়ে। (টোকা— ৰংগনাথনৰ ভাষাৰ মধুৰতা তথা ভাব প্ৰকাশৰ অভিব্যক্তি নিশ্চয়েই প্ৰশংসনীয়।)

ৰামাচন্দ্ৰ ৰাও : প্ৰফেচৰ শেশু আয়াৰে কৈছে, তোমাৰ হেনো এটা ‘নোট-বুক’ আছে।

ৰামানুজন : হয় চাৰ, এয়া, এইটো। ইয়াৰ পৰা মোৰ উপপাদ্যসমূহৰ কেইটামান পঢ়ি শুনাম নেকি?

ৰামাচন্দ্ৰ ৰাও : নাই নালাগে। মোলৈ নোট-বুকটো ঠেলি দিয়াচোন। (কিছু সময় নোট-বুকটো মন দি) এই সকলোখিনি বুজি উঠিবলৈ মই তেনে এজন গণিতজ্ঞ নহওঁ।

ৰামানুজন : ইয়াত কেতবোৰ অতি সহল ৰিজাল্টহে আছে ছাৰ।

ৰামাচন্দ্ৰ ৰাও : এৰা, সেয়া— সেয়া সৰল হ’ব পাৰে। পিছে এইবোৰ আমি জনা কোনো কিতাপতে নাই। এতিয়া কোৱাচোন, তুমি কি বিচাৰা?

ৰামানুজন : মই মোৰ জীৱিকাৰ কিবা এটা উপায় বিচাৰিছোঁ ছাৰ!

ৰামাচন্দ্ৰ ৰাও : তুমি এই বিষয়ত একো মূৰ নঘমাবা। তুমি ক’ত থাকানো?

ৰামানুজন : চামাৰ হাউচ্-চামি পিল্লাই ষ্ট্ৰীট্, ত্ৰিপ্লিকেইন্-মাদ্ৰাজ, (এয়া সৰু আৰু অতি কম ভেণ্টিলেশ্যনৰ সুবিধা থকা এটা ফোপজহী ঘৰ)।

ৰামাচন্দ্ৰ ৰাও : ঠিক আছে। তুমি তোমাৰ ঠাইলৈ ঘূৰি যোৱা। তোমাৰ আৱশ্যক পূৰাবলৈ বুলি প্ৰয়োজন হোৱা ধন তুমি পাবা।

এতিয়া আমি ইয়াৰ পিছৰ আমোদ কাহিনীটো পাঠকক দিবলৈ বুলি আগবাঢ়িছোঁ। এই আমোদ কাহিনীও এটা আলাপেই ‘ছেন্দো’ৰ স’তে।

ৰামাচন্দ্ৰ ৰাওৰ পৰা ৰামানুজনে প্ৰতি মাহেই তেওঁৰ খৰছৰ বাবে মণি-অৰ্দাৰ পাবলৈ ধৰিছিল। যেনিবা ৰামানুজনৰ এয়া এক দাবীহে আছিল। আমি ভাবিব পাৰোঁনে এই দাবীটো কিহৰ? পাঠকলৈ বুলি এই চিন্তাটো এৰি আমি আমাৰ আলোচনা আগবঢ়াই নিছো। ৰামানুজনে তেওঁ তেওঁৰ সপোন দেখা কামটো চলাই গৈ থাকিল। তেওঁ গোটেই দিনটোৱেই আৰু ৰাতিটোৰো প্ৰায় গোটেইখিনি সময় তেওঁৰ স্বপ্নক সকাৰ কৰিবলৈ বুলি সাধনাত ৰত হ’ল। তেওঁৰ অৱসৰ বিনোদন হ’ল মাথোন সন্ধিয়াৰ শীতল সময়খিনিত ‘ত্ৰিপ্লিকেইন্-বীচ্চ’ত এক সান্ধ্য-ভ্ৰমণ আৰু তেওঁৰ অতি অন্তৰংগ বন্ধুকেইজন স’তে হোৱা আলাপখিনি। এনে ঘটিছিল আংশিকভাবে তেওঁৰ লাজুক স্বভাৱ আৰু আংশিকভাবে গণিতত তেওঁৰ নিজা চিন্তাৰে হৈ থকা প্ৰাক-ব্যস্ততাৰ বাবে। কিন্তু তেওঁ অসাধাৰণ গাণিতিক ক্ষমতা লাহে লাহে এক বৃহৎ অংশৰ লোকৰ মাজত বিয়পি পৰিছিল। এয়া ১৯১২ চনৰ ফেব্ৰুৱাৰী মাহৰ কথা। মাদ্ৰাজ খৃষ্টিয়ান কলেজৰ ৰংগনাথনৰ এজন বন্ধু আৰু বন্ধুমহলে সাধাৰণতে ‘ছেন্দো’ বুলি মতা কে. এচ. শ্ৰীনিবাসে কুম্বাকোনমত থাকোঁতে ৰামানুজনক ঘনিষ্টভাবে জানিছিল। তেওঁ এক সন্ধিয়া ৰামানুজনক চামাৰ হাউচত দেখা কৰিছিলগৈ।

 

D-4 ছেন্দোৰ স’তে আলাপ :

ছেন্দো : ৰামানুজন! তেওঁলোক সকলোৱেই তোমাক জিনিয়াছ বুলি কয় দেখোন।

ৰামানুজন : কি! (আচৰিত হৈ, অথচ এক ৰগৰৰ মানসিকতাৰে) মই এটা জিনিয়াছ। মোৰ কিলাকূটিটোলৈ চাওক, ইয়ে আপোনাক এই সম্পৰ্কত ইয়াৰ সাধুটো ক’ব।

ছেন্দো : এয়া কি ৰামানুজন? এইটো ইমান খহটা আৰু ক’লা কিয়?

ৰামানুজন : মোক ‘জিনিয়াছ’ কৰোঁতেই মোৰ কিলাকূটি ক’লা আৰু খহটা হ’ল। ৰাতি-দিনে মই ‘শ্লেট’ত কেলকুলেশ্যন কৰোঁ। এইবোৰ প্ৰতিবাৰেই মচিবলৈ বুলি কাপোৰ বিচাৰি থকাতো বৰ লেহেমীয়া। সেয়ে মই ‘শ্লেট’ মচোঁ প্ৰায় প্ৰতি মিনিটতেই মোৰ কিলাকূটিটোৰে।

ছেন্দো : অ’ তুমি তেতিয়াহ’লে উদ্যমৰ (ইণ্ডাষ্ট্ৰীৰ) এখন পৰ্বত যেন। তোমাৰ যিহেতু ইমান কেলকুলেশ্যন কৰিব লগা আছে, তুমি তেনে কিয় ‘শ্লেট’ ব্যৱহাৰ কৰা? তুমি কাগজ ব্যৱহাৰ নকৰা কেলেই?

ৰামানুজন : য’ত খাদ্যয়েই এটা সমস্যা, তাতে মই কাগজৰ বাবে পইছা ক’ত পাম? মোক প্ৰতি মাহে চাৰি ৰীমকৈ কাগজ লাগিব পাৰে।

ছেন্দো : মোক তুমি সঁচাকে কোৱাচোন, তোমাৰ খাদ্যৰ বাবে তুমি কি কৰা? তুমি ক’ৰবাত কাম কৰা নেকি?

ৰামানুজন : আমাৰ প্ৰফেচৰ শেশু আয়াৰে মোক নোলোৰৰ ‘কলেক্টৰ’, দেৱান-বাহাদুৰ আৰ. ৰামাচন্দ্ৰ ৰাওৰ লগত পৰিচয় কৰাই দিছিল। সেই মহাজনে মোক বৰ্তমান প্ৰতি মাহে ধনৰ যোগান ধৰি আছে।

ছেন্দো : তেনেহ’লে তুমি এতিয়াও ইমান চিন্তিত কিয়?

ৰামানুজন : মই কিমানদিন বেলেগৰ ওপৰত নিৰ্ভৰ কৰি থাকিম? ইয়াৰ পৰা মই লঘু হৈ থকা অৱস্থাটো মোৰ গভীৰলৈ শিপাইছে যে। সেয়ে যোৱা মাহৰ পৰা মই আৰু তেওঁ দিয়া টকাখিনি লোৱা নাই।

ছেন্দো : কি যে নভবা-নুশুনা কথা। পিছে এতিয়া তুমি কি কৰিব খুজিছানো?

ৰামানুজন : মই এই মাহৰ ৯ তাৰিখে মাদ্ৰাজ-প’ৰ্ট-ষ্ট্ৰাষ্ট্ কাৰ্যালয়ত এজন কেৰাণী হিচাবে যোগ দিছোঁ। বেতন মাহিলী ২৫ টকা।

 

D-5 মাদ্ৰাজ-প’ৰ্ট-ট্ৰাষ্ট্ :

শেশু আয়াৰ আৰু ৰামস্বামী আয়াৰে কিছুদিন বেলেগ কাৰোবাৰ অনুগ্ৰহেৰে জীয়াই থাকিবলৈ কৰা ৰামানুজনৰ অনিচ্ছুকতাক প্ৰশংসা কৰিছিল। তেওঁলোকে ৰামানুজনক সহায় কৰিব খুজিছিল— তেওঁৰ ইচ্ছাটোক বুজিবলৈ। অৰ্থাৎ তেওঁ তেওঁৰ কামৰ প্ৰতিদানতহে জীৱিকা বিচাৰিছে। শেষত তেওঁলোকে মাদ্ৰাজ-প’ৰ্ট-ট্ৰাষ্ট্ৰৰ মেনেজাৰ, গণিতৰ এজন সক্ৰিয় কৰ্মী আৰু ইণ্ডিয়ান মেথেমটিকেল ছ’চাইটিৰ ট্ৰেজাৰাৰ এছ. নাৰয়ণক খাটনি ধৰিছিল, যাতে তেওঁ ৰামানুজনক তেওঁৰ ষ্টাফৰ এজন কৰি লয়। তেওঁলোকৰ উপদেশ মৰ্মে, ১৯১২ চনৰ ১৯ ফেব্ৰুৱাৰীত ৰামানুজনে মাদ্ৰাজ-প’ৰ্ট-ট্ৰাষ্ট্ৰৰ একাউণ্টেণ্টলৈ দৰ্খাস্ত কৰিলে, তেওঁক এজন কেৰাণী হিচাবে নিযুক্তি দিবলৈ বুলি। তেওঁৰ দৰ্খাস্তখনত অনুমোদন জনাই লিখা অফিচ টোকাটো লিখিছিল এনেদৰে— “He is reported by MGR to be a Mathematical Genious. Sanctioned.”। এই বাক্যটোৰ যেনিবা এটা ‘লিটাৰেল ভেলু’ আছে এনেযেন নালাগেনে? আজি আমি বাক্যটিক শ্যেক্সপিয়েৰৰ সাহিত্যিক মূল্য থকা বিখ্যাত বাক্য যেনে— ‘ৱৰ্ডচ্ ৱৰ্ডচ্ এণ্ড ৱৰ্ডচ্’ বা ‘টু লিভ্ অৰ নট্ টু লিভ্’ৰ লেখীয়া উদ্ধৃতিযোগ্য বাক্যৰ শাৰীত পেলাব পৰা যেনেই হোৱা বুলি মনে ধৰে। মি. মিড্-ল্-মাষ্টে তেওঁক গণিতত অসাধাৰণভাবে বুদ্ধিমান বুলি মত প্ৰকাশ কৰে। সেই মতে ১৯১২ চনৰ ৯ ফেব্ৰুৱাৰীত তলৰ নিযুক্তি হুকুম (A5345) জাৰি কৰে ‘With reference to his application dated 9 February 1912, S. Ramanujan is informed that he has been appointed by the Chairman as a clerk in this office on Rs. 25 per mensem. He should report himself to duty on the first of March 1912’।

ইয়াৰেই ফলস্বৰূপে এনেদৰেই নিজৰ জীৱিকা নিজে আহৰণ কৰাৰ বাবে কিছুদিন ধৰি লৈ থকা এটা দীৰ্ঘদিনীয়া ইচ্ছা হিচাবে, ৰামানুজনৰ এটা কেৰাণীৰ চাকৰি পোৱাৰ হাবিয়াসটো পূৰণ হয়।

 

D-6 আমোদ কাহিনী-৫ : মাদ্ৰাজ-প’ৰ্ট-ট্ৰাষ্ট্ :

ৰংগনাথনৰ চিন্তাত আমোদ-কাহিনী হিচাবে ঠাই পোৱা অন্য এক কাহিনী হ’ল মাদ্ৰাজ-প’ৰ্ট-ট্ৰাষ্ট্ৰৰ এক কৌতুক জড়িত উৰা বাতৰি।

এই কৌতুক জড়িত উৰা বাতৰিয়ে এক অবাস্তৱ খবৰ উলিয়াইছিল। ই বিশ্বাসযোগ্য বা সন্দেহজনক যিয়েই নহওক— উল্লেখযোগ্য পিছে হয়। বাতৰিটো মতে, ‘ইলিপ্তিক-ইন্টিগ্ৰেল’ সম্পৰ্কীয় কিছু ৰিজাল্ট অফিচৰ ফাইলৰ কাগজৰ মাজত চেয়াৰমেন চাৰ. ফ্ৰেন্সিচ্ স্প্ৰিঙৰ ওচৰ পাইছিল। লগে লগে তেওঁ তেওঁৰ মেনেজাৰ এছ. নাৰায়ণ আয়াৰলৈ বুলি দি পঠিয়ালে। অফিচৰ সময়খিনি নিজৰ ব্যক্তিগত কামত ব্যৱহাৰ কৰা বুলি মেনেজাৰক তেওঁ খং উঠা যেন দেখুৱাইছিল। মেনেজাৰ বিমোৰত পৰিছিল আৰু তেওঁ তেনে কাম কৰা নাই বুলি কৈছিল। চাৰ. ফ্ৰন্সিচ্ স্প্ৰিঙে ‘ইলিপ্তিক-ইন্টিগ্ৰেল’ সম্পৰ্কীয় কাগজখিনি দেখুৱাই ক’লে— তুমিয়েই অফিচত একমাত্ৰ লোক যি চখত এনে ধৰণৰ গণিত কৰা। মেনেজাৰে ক’লে যে এয়া তেওঁৰ হাতৰ আখৰ নহয়। চাৰ. ফ্ৰন্সিচ্ স্প্ৰিঙে সুধিলে— কোনে তেনেহ’লে চখত উচ্চগণিত কৰে। মেনেজাৰে ৰামানুজনৰ নাম উল্লেখ কৰিলে। তেতিয়া চাৰ ফ্ৰন্সিচে এক আন্তৰিক হাঁহিৰে ক’লে— মই এয়া জানো। মই এয়া তোমাক ধেমালী কৰিহে কৈছো।

 

D-7 মাদ্ৰাজ-প’ৰ্ট-ট্ৰাষ্টৰ অনিৰ্বাপিত গুৰুত্ব :

মাদ্ৰাজ-প’ৰ্ট-ট্ৰাষ্ট্ৰৰ ফালৰ পৰা ৰামানুজনৰ প্ৰতি এক অনিৰ্বাপিত গুৰুত্ব আৰোপ কৰা হৈছিল। মাদ্ৰাজ-প’ৰ্ট-ট্ৰাষ্ট্ৰত ৰামানুজনে মাত্ৰ এবছৰ কাম কৰিছিল। কিন্তু ফ্ৰেন্সিচ্ স্প্ৰিং আৰু এচ. নাৰায়ণ আয়াৰে গোটেই জীৱন ধৰি তেওঁলৈ মনোযোগ দিছিল। অধ্যায় E-ত দেখুওৱাৰ দৰে তেওঁলোকে ৰামানুজনৰ বাবে এনেদৰে উঠিপৰি লাগিছিল যাতে তেওঁ নিৰিবিলি পৰিবেশ আৰু সুবিধাৰে এখন বিশ্ববিদ্যালয়ত জীৱন অতিবাহিত কৰিব পাৰে। পিছত, তেওঁলোকে মাদ্ৰাজ আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত তেওঁৰ কেৰিয়াৰটোক অতি মনোযোগেৰে অনুসৰণ কৰিছিল। ৰামানুজনৰ গৱেষণা কাকতৰ এক বুজন সংখ্যক মাদ্ৰাজ-প’ৰ্ট-ট্ৰাষ্ট্ৰতেই গোট খাইছিল।

ৰামানুজনৰ কৃতিকৰ্মৰ সংগ্ৰহৰ সম্পৰ্কত হ’ব ধৰা প্ৰচেষ্টা কামখিনি ক্ৰমে আৰম্ভ হ’ব ধৰিছিল।

 

D-8 ৰামানুজন মহাভেজখানা :

১৯৫০ চনত এছ. নাৰায়ণ আয়াৰৰ জোঁৱাই আৰু পূৰ্বৰ মাদ্ৰাজ-প’ৰ্ট-ট্ৰাষ্ট্ৰৰ মেনেজাৰ মি. এম. এছ. ভেংকটাৰমণ আছিল প’ৰ্ট-ট্ৰাষ্ট্ৰৰ চেয়াৰমেন। ১৯৫০ চনৰ জুন মাহত তেওঁ সেই সময়ৰ ভাৰত চৰকাৰৰ পৰিবহন আৰু ৰেলৱেৰ ৰাজ্যিক মন্ত্ৰী মি. কে. চান্থানমক ৰামানুজনৰ গৱেষণা কাকতসমূহ ভাৰতীয়া জাতীয় সংগ্ৰহত সংৰক্ষণৰ বাবে অনুৰোধ কৰিছিল। ১৯৫০ চনৰ ১৪ জুলাইত ৰামানুজনৰ গৱেষণাকাকতসমূহ ল’বলৈ সন্মত হৈছিল। ১৯৫০ ৰ ২২ জুলাইত কাকতসমূহ ভাৰতীয় জাতীয় সংগ্ৰহলৈ স্থানান্তৰ কৰা হৈছিল। ১৯৫০ ৰ ১৭ অক্টোবৰৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি ফাইলটো ১০৩ টা বিভিন্ন আকাৰৰ ফলিঅৰে ভৰা আছিল। এয়া আৰম্ভ হৈছিল মাদ্ৰাজ-প’ৰ্ট-ট্ৰাষ্ট্ৰত এমাহত ২৫ টকাৰ চাকৰিটোৰ বাবে ১৯১২ চনৰ ১২ ফেব্ৰুৱাৰীত তেওঁ কৰা দৰ্খাস্তখনেৰে আৰু শেষ হৈছিল ৩৩ বছৰ বয়সত হোৱা তেওঁৰ অসাময়িক মৃত্যুৰ বাতৰিটোৰে। ফাইলটোত আছিল তেওঁৰ দুৰ্বোধ্য গাণিতিক পৰ্যবেক্ষণসমূহ। এইখিনিয়ে দেখুৱায় তেওঁৰ শুদ্ধ জটিল বিমূৰ্ত সমস্যাসমূহৰ সমাধানত উপনীত হোৱা আমোদজনক স্বাভাৱিক প্ৰবৃত্তি। এইবোৰ জাতীয় সংগ্ৰহত সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা লোৱা হৈছিল আৰু ইয়াৰ এক মাইক্ৰ’ফিল্মৰ পজিটিভ ক’পি দিয়া হৈছিল মাদ্ৰাজ-প’ৰ্ট-ট্ৰাষ্ট্ৰলৈ, ইয়াৰ ৰেকৰ্ডৰ বাবে। ৰামানুজনৰ সংগ্ৰহৰ অন্যবোৰ আছে মাদ্ৰাজ বিশ্ববিদ্যালয়, কেম্ব্ৰিজ বিশ্ববিদ্যালয় আৰু লণ্ডন ৰয়েল ছ’চাইটিত। (টোকা— এয়া ৰংগনাথনে কিতাপখন লিখাৰ সময়ৰ কথা, এই সম্পৰ্কত অৱশ্যে আমাৰ হাতত শেহতীয়া খবৰ নাই)।

 

মূল : এছ. ৰংগনাথন

মুকলি অনুবাদ : খনীন চৌধুৰী

ৰামানুজন – গণিতজ্ঞ আৰু মানুহজন

 

[ad#ad-2]

Tags:
No Comments

Leave a Reply