ৰামানুজন - গণিতজ্ঞ আৰু মানুহজন : অধ্যায় E : বিশ্ববিদ্যালয় পটভূমি

 

E-1 ৰামানুজনৰ বাবে ইণ্ডিয়ান মেথেমেটিকেল ছ’চাইটিৰ গৱেষণা-বৃত্তি পোৱাৰ প্ৰচেষ্টা হাতত লৈছিল :

অধ্যায় D-ত উল্লেখ কৰা ইণ্ডিয়ান মেথেমেটিকেল ছ’চাইটিয়ে ৰামানুজনৰ কাৰণে এটা গৱেষণা বৃত্তি বিচাৰিছিল। সেই অনুসৰি আৰ. ৰামচন্দ্ৰ ৰাওৱে মাদ্ৰাজ ইঞ্জিনিয়াৰিং কলেজৰ চি. এল. টি. গ্ৰিফিথক কৈছিল, ৰামানুজন সম্পৰ্কত তেওঁ যিখিনি কৰিব পাৰে যাতে কৰে। ১৯১২ চনৰ ১২ নবেম্বৰত গ্ৰিফিথে লণ্ডনৰ ইউনিভাৰ্চিটি কলেজৰ প্ৰফেচৰ এম. জি. এম. হিললৈ ৰামানুজনে বাহিৰ কৰা ৰিজাল্ট কেতবোৰৰ ওপৰত তেওঁৰ মতামতৰ বাবে লিখিছিলে। তেওঁ উত্তৰ লিখিছিল যে, ‘বোধ-ভিত্তিক’ ফলসমূহ গুৰুত্বপূৰ্ণ বিবেচিত হ’ব পাৰে।

 

E-2 গিলবাৰ্ট ৱাকাৰৰ কৰ্ম-আচৰণ :

হিলৰ এই মতামত পোৱাৰ পিছত ফ্ৰান্সিচ্ স্প্ৰীঙে কি কাৰ্যব্যৱস্থা লৈছিল তেখেতৰ নিজৰ ভাষাতেই তলত দিয়া হ’ল—

১৯১৩ চনৰ ২৫ ফেব্ৰুৱাৰীত নিজেই এজন দৃঢ় গণিতজ্ঞ আৰু এজন ‘চিনিয়ৰ-ৰেংলাৰ’, বৰ্তমানৰ ভাৰতীয় বতৰ-বিজ্ঞান বিভাগৰ মূৰব্বী ডঃ গিলবাৰ্ট ৱাকাৰ আমাৰ ‘টাইডেল’ মানমন্দিৰৰ (Tidal Observatory) সম্পৰ্কত এক পৰিদৰ্শনৰ বাবে বন্দৰলৈ আহিছিল। তেতিয়া এজন গণিতজ্ঞ আৰু ইণ্ডিয়ান মেথেমেটিকেল ছ’চাইটিৰ অবৈতনিক ছেক্ৰেটাৰী মি. এচ. নাৰায়ণ আয়াৰ এচ. ৰামানুজনৰ কামখিনিক তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বুলি ৰংগনাথনে সুযোগটো লৈছিল।

‘ডঃ গিলবাৰ্ট ৱাকাৰে মি. ৰামানুজনৰ কেতবোৰ কামৰ বিচাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল বা অক্ষমতা প্ৰকাশ কৰিছিল। তেওঁ এইক্ষেত্ৰত কৈছিল যে তেওঁৰ মতে কেম্ব্ৰিজৰ ত্ৰিনিটি কলেজৰ মি. হাৰ্ডি ৰামানুজনৰ কৃতিৰ সত্যমানৰ বাবে এক বিচাৰত উপনীত হ’বলৈ বুলি অতি উপযুক্তজন। ইয়াত থকা ফাইলৰ মতে ‘মি. ৰামানুজন ইতিমধ্যেই ডঃ ৱাকাৰে ইয়ালৈ পৰিদৰ্শন কৰাৰ ঠিক ১৭ দিন আগতে, ১৯১৩ চনৰ ৮ ফেব্ৰুৱাৰীত দিয়া এখন চিঠিৰ যোগে, মি. হাৰ্ডিৰ স’তে আদান-প্ৰদানত আছিলেই।’

 

E-3 বৰ্ড-অব্-ষ্টাডিজৰ একাডেমিক সাহায্য :

১৯১৩ চনৰ ১৩ মাৰ্চত ইঞ্জিনিয়াৰিং কলেজখনৰ গণিতৰ প্ৰফেচৰ বি. হনুমন্ত ৰাওৱে এচ. নাৰায়ণ আয়াৰলৈ লিখিছিল এনেদৰে ‘আমি এছ. ৰমানুজনৰ বাবে কি কৰিব পাৰো, সেই বিষয়ে ১৯ তাৰিখ বুধবাৰে পিছবেলা ৫-৩০ বজাত, মই চিনেট হাউচত গণিতৰ বৰ্ড-অব্-ষ্টাডিজৰ এখন সভা আহ্বান কৰিছো। আপুনি অনুগ্ৰহ কৰি আহি আমাক সহায় কৰিবনে? আপুনি তেওঁৰ ৰিজাল্টবোৰৰ কিছু দেখা পাইছে আৰু লিখকতকৈ বেছি ভালদৰে এইবোৰ আমাক বুজিবলৈ বুলি সহায় কৰিব পাৰে।’ বৰ্ড-অব্-ষ্টাডিজে গিলবাৰ্ট ৱাকাৰৰ অনুমোদনক সমৰ্থন কৰিবলৈ বুলি প্ৰস্তাৱ লয়।

প্ৰতিভাহে আগত নিয়ম পিছত, সমাজ বা মানুহে নিয়ম গঢ়ে, মানুহ বা সমাজৰ মংগলৰ বাবে। এয়া প্ৰতিপন্ন হৈছিল ৰামানুজনৰ ক্ষেত্ৰত।

 

E-4 আইনী বাধা :

গণিতৰ ‘বৰ্ড-অব্-ষ্টাডিজ’ৰ সমৰ্থনেৰে উপাচাৰ্যই বিবেচনাৰ বাবে বিষয়টো ‘চিণ্ডিকেইট’ৰ আগত উপস্থাপন কৰে। ই এটা অসাধাৰণ বিষয় বুলি তেওঁ নিজেই ইয়াৰ তদ্বিৰ লৈছিল, যাক অসাধাৰণ পদ্ধতিৰেই সমাধা কৰিব লাগিব, এই বুলি। ৰামানুজনক এটা গৱেষণা বৃত্তি দিব লাগে বুলি তেওঁ পৰামৰ্শ দিছিল। পিছে ‘চিণ্ডিকেইট’ৰ কিছু সভ্যই সমস্যাৰ (ৰংগনাথনৰ ভাষাত put a spoke in the wheel) সৃষ্টি কৰিছিল। তেওঁলোকে বৃত্তিৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ নিয়মৰ (university regulations) কথা উলিয়ালে, য’ত আৱশ্যকীয় অৰ্হতা সংশ্লিষ্ট বিষয়ত ‘মাষ্টাৰ’ ডিগ্ৰীধাৰী হ’ব লাগে বুলি উল্লেখ আছে। কিছু সময়ৰ বাবে এনে দেখা গৈছিল যেনিবা উপাচাৰ্যৰ প্ৰস্তাৱটো নাকচ কৰা হ’ব। এই জটিল পৰিস্থিতিত ন্যায়াধীশ পি. আৰ. সুন্দৰম আয়াৰে এটা উপায় দেখুৱালে। তেওঁ আঙুলিয়ালে যে বিশ্ববিদ্যালয়ৰ এক্টৰ প্ৰস্তাৱনাত বৰ্ণোৱা অনুসৰি বিশ্ববিদ্যালয়ৰ এটা কাৰ্য হৈছে গৱেষণা আগবঢ়াই নিয়াটো। ইয়াত প্ৰমাণিত প্ৰাপঞ্চিক সক্ষমতাৰে (proven phenomenal capacity) এনে এজন ব্যক্তিয়েই যে ৰৈ আছে। বিশ্ববিদ্যালয়ে নিজৰ কৰ্তব্যৰ বাটত অনুত্তীৰ্ণ যেন হ’ব, যদি ই তেওঁক গৱেষণাৰ অগ্ৰসৰৰ বাবে কামত নলগায়। নিয়মসমূহ বিশ্ববিদ্যালয় কৃত। বিধায়িনী মণ্ডলৰ অইনৰ দলিল-খোদিত কাৰ্যকৰীকৰণত বাধা দিয়া যিকোনো আইন নিয়ম-বিৰুদ্ধ বুলি বিবেচনা কৰা উচিত। ইয়ে অচলাৱস্থাটো মুকলি কৰি দিছিল। আইনী হেঙাৰ আঁতৰিছিল। অতি সতৰ্কতাৰে ৰামানুজনলৈ বিশেষ গৱেষণা বৃত্তি দিবলৈ বুলি বিশ্ববিদ্যালয়ে আচাৰ্যৰ অনুমোদন পাইছিল। এই সমস্ত ঘটনাটোৰ এক ঐতিহাসিক মূল্য থকা বাবে ৰংগনাথনে এই বিষয়ৰ সবিশেষ তলত দিয়া ধৰণে উল্লেখ কৰিছে। ইয়াক নাম দিছে ঐতিহাসিক টোকা বুলি।

 

E-4.1 ঐতিহাসিক সবিশেষ :

ওপৰত কৈ থোৱা বিষয়টোৰ ওপৰত মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ ‘চিণ্ডিকেইট’ৰ ঐতিহাসিক টোকাটো এনে ধৰণৰ—

১। চিঠিখন এনেধৰণৰ— নং ১১২, তাৰিখ- ২৬ ফেব্ৰুৱাৰী ১৯১৩, ডিৰেক্টৰ অব্ জেনেৰেল অব্ জাৰ্ভেশ্যন্ মাদ্ৰাজৰ পৰা প’ৰ্ট-ট্ৰাষ্ট-অফিচৰ কেৰাণী এচ. ৰামানুজনৰ দ্বাৰা হোৱা গণিতৰ মৌলিক চৰিত্ৰৰ কথাখিনি বিশ্ববিদ্যালয়ৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে।

READ:   Apery's constant

২। অন্য এখন চিঠি এনেধৰণৰ— তাৰিখ- ২৫ মাৰ্চ ১৯১৩, বৰ্ড অব্ ষ্টাডিজৰ চেয়াৰমেনৰ পৰা, জনাই দুবছৰৰ বাবে প্ৰতি মাহে ৭৫ টকাকৈ ৰামানুজনলৈ বৃত্তি বৰ্ডে অনুমোদন জনায়।

৩। বোৰ্ডৰ অনুমোদন গ্ৰহণ হৈছে বুলি প্ৰস্তাৱ লয় আৰু বিশ্ববিদ্যালয় ফী-ফাণ্ডৰ পৰা প্ৰস্তাৱিত বৃত্তি দিবলৈ বুলি সন্নিৱিষ্টকৰণৰ আইনৰ XV ধাৰা আৰু ইণ্ডিয়ান ইউনিভাৰ্চিটি আইনৰ ধাৰা ৩, ১৯০৪ৰ সুবিধাৰ মৰ্মে চৰকাৰৰ অনুমোদনৰ বাবে অনুৰোধ কৰা হয়। পিছে ৰামানুজনৰো প্ৰতিদানত কিবা কৰিব লগা থাকিব।

 

E-4.2 ত্ৰৈমাত্ৰিক ৰিপ’ৰ্ট :

সেয়ে চৰ্ত আৰোপ কৰা হৈছিল যে ৰামানুজনে একোখন ত্ৰৈমাত্ৰিক ৰিপ’ৰ্ট দাখিল কৰিব তেওঁৰ কামৰ ওপৰত। (চেকশ্যন্ বি-২ প্ৰথম ত্ৰৈমাত্ৰিক ৰিপ’ৰ্টৰ সবিশেষ দ্ৰষ্টব্য) ১৯১৪ চনত কেম্ব্ৰিজলৈ বুলি ভাৰত এৰাৰ আগতে ৰামানুজনে মুঠতে তিনিখন ত্ৰৈমাত্ৰিক ৰিপ’ৰ্ট দাখিল কৰিছিল।

 

E-4.3 মাদ্ৰাজ বিশ্ববিদ্যালয় – প্ৰথমটো শিক্ষিক পঠভূমি :

ৰামানুজনে এনেদৰে মাদ্ৰাজ পৰ্টট্ৰাষ্টৰ কেৰাণীৰ গেবাৰি খটা নীৰস কামটো এৰি দি মাদ্ৰাজ বিশ্ববিদ্যালয়ে প্ৰথমটো শৈক্ষিক পটভূমিত সোমাই পৰিছিল। ১৯১৩ চনৰ ১ মে’ত তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ত ‘ৰিচাৰ্চ-স্কলাৰ’ হিচাবে যোগ দিয়ে মাহে ৭৫ টকা বৃত্তিত। ই তেওঁৰ দৰে সামৰ্থ্যৰ আৰু মানসিকতাৰ এজন মানুহক ঠিক লগা সুবিধাখিনিকে দিছিল। ই তেওঁক তেওঁ বিচৰাতকৈ ওপৰতহে ৰাখিছিল। এনেদৰেই তেওঁ সপোনটো দেখি থাকিব পাৰিছিল আৰু পাৰিছিল তেওঁৰ উচ্চগণিতৰ দিব্যাঞ্চলত তেওঁৰ ‘আকাশী-বিহাৰ’ চলাই লৈ থাকিবলৈ। তেতিয়া মাদ্ৰাজ বিশ্ববিদ্যালয় লাইব্ৰেৰীটো কাৰ্যক্ষম হৈছে মাথোন। ত্ৰিভিক্ৰামা ৰাও আছিল ইয়াৰ দায়িত্বত। ইয়াক চলাই থকা হৈছিল কন্নেমাৰ-পাব্লিক-লাইব্ৰেৰী-বিল্ডিঙৰ এটা উইঙত। ইয়াৰ অংশত কেইটামান খাঁজ আছিল। ৰামানুজনে ইয়াৰেই এটাত সাধাৰণতে বেছিভাগ সময় কটাইছিল। ইয়েই আছিল ৰামানুজনৰ বাবে প্ৰাপ্ত প্ৰথম শৈক্ষিক পটভূমি। এই সময়চোৱাৰ ভিতৰত ৰামানুজনে সাধাৰণতে ৰাতিপুৱাৰ সময়খিনি আৰু ৰাতিৰ প্ৰথম সময়খিনি কটাইছিল এচ. নাৰায়ণ আয়াৰৰ ঘৰত। শেষ ৰাতি পৰ্যন্ত ‘ইলিপ্তিক-ইণ্টিগ্ৰেল’ বা গণিতৰ অইন সমস্যাৰ ওপৰত তেওঁলোকে একেলগে কাম কৰিছিল। তেওঁলোকে প্ৰতিজনে নিজৰ নিজৰ ভাৱ বিনিময়ৰ বাবে ‘শ্লেইট’ত লিখিছিল।

 

E-5 সমুদ্ৰ-সিপাৰৰ বৃত্তি পাবলৈ চেষ্টা :

ৰামানুজনে মাদ্ৰাজ বিশ্বিদ্যালয়ত গৱেষণা বৃত্তি পোৱাৰ পিছত, যিসকলে এই বিষয়ত আগভাগ লৈছিল, তেওঁলোকৰ চেষ্টাই মোৰ লৈছিল ৰামানুজনক কেম্ব্ৰিজলৈ পঠোৱাৰ বাবে। কাৰণ এয়া অনুভূত হৈছিল যে ৰামানুজনে নিজৰ পূৰ্ণতা লভিবলৈ তেওঁক সহায় কৰিবলৈ বুলি প্ৰয়োজন হোৱা সঠিকমানৰ শৈক্ষিক পটভূমি সেই সময়ত ভাৰতত নাছিল।

গণিতজ্ঞ জি. এইচ. হাৰ্ডি যেনিবা আছিল এজন ‘টেলেণ্ট-স্কাউটাৰ’। হাৰ্ডিৰ স্কাউটিঙত উঠি ৰামানুজনে এক পূৰ্ণ অবয়ব পাইছিল যেনিবা। আমি এতিয়া হাৰ্ডিৰ ৰামানুজন আৱিস্কাৰ পৰ্বটোত অলপ আলোকপাত কৰিছোঁ।

 

E-6 জি. এইচ. হাৰ্ডিৰ উদ্যোগ :

E-6.1 হাৰ্ডিলৈ প্ৰথম চিঠিখন :

তেওঁৰ শুভাকাংক্ষীসকলৰ উপদেশত, ১৯১৩ চনৰ জানুৱাৰী মাহত ৰামানুজনে কেম্ব্ৰিজৰ গণিতৰ ‘কেলে’ প্ৰবক্তা (Caley lecturer) জি. এইচ. হাৰ্ডিলৈ তেওঁৰ সেই যুগান্তকাৰী প্ৰথম চিঠিখন লিখে। এই চিঠিখন কেবাখনে কিতাপত প্ৰকাশ হৈছে। সেই চিঠিখনৰ মোৰ লোৱা প্ৰকাশখিনিয়ে মন্তব্য লোৱাত সাব্যস্ত কৰে যে, তেওঁৰ বাবে চিঠিখন তেওঁক সহায় কৰি থকা জ্যেষ্ঠসকলৰ দ্বাৰা ঘাইকৈ শব্দৰে ভৰাই তোলা হ’ব লাগিছিল। দ্বিতীয়তে ইয়াত আত্মগৌৰৱ কৰাটোৱে বেকাভাবে উনুকিয়ায় অৰামানুজনীয় চৰিত্ৰটো। (টোকা— ৰংগনাথনে ব্যৱহাৰ কৰা অৰামানুজন সদৃশ বা un-Ramanujan like শব্দকেইটিৰ মাজত আমি বিশেষ মানৱীয় প্ৰমূল্যৰ ইংগিত পাওঁ।) কাৰণ, ৰামানুজনৰ লাজুকতা আৰু বিনয়ীভাব আছিল উদাহৰণহীন। ৰামানুজনৰ এই গুণটো বৰ্ণাবলৈ উপযুক্ত শব্দটি হ’ল, সংস্কৃত শব্দ ‘হৃ’, যিটো বাল্মীকিয়ে ৰামৰ মূল্যায়নৰ বাবে ব্যৱহাৰ কৰিছিল। চিঠিখনত আছিল ১২০ টা উপপাদ্য আৰু সূত্ৰ। এইবোৰে হাৰ্ডিক ৰামানুজনৰ অসাধাৰণ ক্ষমতাত বিস্ময়াভিভূত কৰি তুলিছিল।

এইখিনিতে আমি মনত পেলাইছোঁ অসমীয়া সংস্কৃতিৰ পথাৰখনলৈ। ঢোলৰ যাদুকৰ মঘাই ওজা আৰু তেখেতৰ ভোৰতাল-নৃত্যৰ যাদুকৰ নৰহৰি বুঢ়াভকতে গণ-শিল্পী হেমাংগ বিশ্বাসৰ টেলেন্ট-স্কাউটিঙত উঠি আহি গণ-শৰীৰ পাইছিল। অসমীয়াই পাইছিল সাংস্কৃতিক জগতৰ সোণৰ টুকুৰা দুটা। ঠিক তেনেদৰেই হাৰ্ডিৰ বাবে হয়তোবা ৰামানুজনৰ প্ৰতিভাই শৰীৰ পালে। আমি এতিয়া হাৰ্ডিৰ প্ৰসংগলৈ আহি সুঁৱৰিব খুজিছোঁ ৰামানুজনলৈ বুলি কেম্ব্ৰিজৰ আহ্বান আছিল কেনেধৰণৰ।

READ:   ৰামানুজন সংখ্যাৰ আঁৰত

 

E-6.2 কেম্ৰিজৰ আহ্বান :

ৰামানুজনৰ চিঠিখনৰ সঁহাৰিত ফল আছিল এইটোৱেই যে, হাৰ্ডিয়ে ততাতৈয়াকৈ সিদ্ধান্ত লৈছিল যে ৰামানুজনক ভাৰতত গাণিতিক নিসংগতাত এৰি দিয়াটো উচিত নহয়, তেওঁক তেওঁৰ নিজৰ দলটোৰ মাজলৈ কাম কৰাৰ অৰ্থে কেম্ব্ৰিজলৈ আনিব লাগে। তেওঁৰ এই সিদ্ধান্তৰ বাবে যেনেদৰে তেওঁ কাম কৰা উচিত তাত, ৰংগনাথনে অতি ভালকৈয়ে তেওঁৰ স্বতঃস্ফুৰ্ত্ততা আৰু পূৰ্ণ আস্থা অনুধাৱন কৰিব পাৰিছিল। কিয়নো, ১৯২৫ চনৰ মাৰ্চ মাহত স্বতঃস্ফুৰ্ত্ততা আৰু পূৰ্ণ আস্থাৰে এক সদৃশ সিদ্ধান্ত লোৱা তেওঁ ব্যক্তিগতভাবে দেখিছিল। সেই সময়ত, তেওঁ অক্সফ’ৰ্ডৰ ‘নিউ-কলেজ’ত জ্যামিতিৰ ‘ছেভিলিয়ান্-প্ৰফেচৰ’ আছিল। ৰংগনাথনে সেই সময়তে তেওঁক লগ ধৰিছিল। ৰংগনাথন তেওঁৰ বক্তৃতাসমূহৰ এটাত উপস্থিত আছিল। তেওঁৰ স’তে ৰংগনাথনে দুপৰীয়াৰ আহাৰো খাইছিল। তেওঁৰ প্ৰধান উদ্দেশ্য আছিল, যেতিয়া ৰংগনাথনে প্ৰেছিডেন্সি কলেজত শিকাই আছিল, সেই সময়ত প্ৰেছিডেন্সিৰ গণিতৰ এজন প্ৰতিভাবান ছাত্ৰ টি. বিজয়াৰাঘৱনৰ ‘টেউবিৰিয়ান-উপপাদ্য’ৰ ওপৰত লিখা এখন গৱেষণা কাকত, তেওঁৰ সমুখত উপস্থাপন কৰা। এই পেপাৰখন চোৱা হোৱাৰ পিছত  হাৰ্ডিয়ে এক শিহৰণেৰে ঠিয় হৈছিল আৰু কৈছিল— ‘এইজন ৰামানুজনৰ ঠিক পিছতেই তোমালোকৰ দেশৰ এজন লেখত ল’বলগীয়া গণিতজ্ঞ। তেওঁক মোৰ ওচৰলৈ লৈ আহিব লাগে।’ বিজয়ৰাঘৱন সম্পৰ্কত কোনো সবিশেষ জানিবলৈ বুলি অপেক্ষা নকৰাকৈয়ে তেওঁ এইখিনি কৈছিল। ৰংগনাথনে তেওঁক কৈছিল যে, তেওঁ ঠিক আগৰ বছৰ ‘অনাৰ্চ’ত ফেইল্ কৰিছিল। কেনেকৈ এয়া হ’ব পাৰিলে বুলি হাৰ্ডিয়ে তেওঁক সুধিছিল। তেওঁ কৈছিল যে, তেওঁৰ নিজৰ অধ্যাপক এডৱাৰ্ড বি. ৰছ আৰু লগতেই তেওঁৰেই অন্য এজন পুৰণি ছাত্ৰই পৰীক্ষক আছিল আৰু তেওঁৰ সেই অসাধাৰণ ব্যুৎপত্তিৰ কথা তেওঁলোকৰ জ্ঞাত হোৱাৰ সত্বেও তেওঁক আনকি উত্তীৰ্ণ হ’ব পৰা নম্বৰো দিব পৰা নাছিল। কিয়নো তেওঁ এখন পেপাৰ কমপ্লেক্স ভেৰিয়েবলত বাদে কোনোখনৰেই বেছিভাগ প্ৰশ্নৰেই উত্তৰ কৰা নাছিল। এয়া শুনাৰ পাছত হাৰ্ডিয়ে মন্তব্য কৰিছিল এনেদৰে ‘যিয়েই নহওক ই কোনো বেলেগ কথা নুসূচায়।’ তেওঁ ততাতৈয়াকৈ দুখন স্মাৰক টোকা লিখিলে আৰু ৰংগনাথনে যাকে বিচাৰে তেওঁলোকলৈ পঠিয়াবলৈ ক’লে। স্মাৰক টোকাটোত লিখা আছিল যে, বিজয়ৰাঘৱনক অলপো পলম নকৰাকৈ অক্সফ’ৰ্ডলৈ পঠিয়াব লাগে। ৰংগনাথনে এটা ক’পি পঠিয়াইছিল মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মেক্-ফেইললৈ আৰু বাকী ক’পিটো পঠিয়াইছিল মাদ্ৰাজ চৰকাৰৰ শিক্ষামন্ত্ৰী চাৰ এ.পি. পেত্ৰ’লৈ। ঘটনাক্ৰমে বিজয়ৰাঘৱন পিছলৈ আলাগাপ্পা চেট্টিয়াৰে ১৯৪৯ চনত স্থাপন কৰা ৰামানুজন ইনষ্টিটিউতৰ প্ৰথমজন অধ্যাপক হয়। (অনুচ্ছেদ N-31 দ্ৰষ্টব্য)

 

টেলেন্ট-স্কাউটাৰ হাৰ্ডিৰ কেবালানিও চেষ্টা চলি থাকিল।

E-6.3 হাৰ্ডিৰ প্ৰথম চেষ্টা :

প্ৰথম চেষ্টা হিচাবে ৰামানুজনৰ ক্ষেত্ৰত হাৰ্ডিয়ে উপদেশৰ সৈতে, লণ্ডনৰ ইণ্ডিয়া অফিছত থকা ভাৰতীয় ছাত্ৰৰ ছেক্ৰেটাৰীলৈ লিখিছিল যে তেওঁক কেম্ব্ৰিজলৈ আনিবলৈ বুলি কোনো উপায় বাহিৰ কৰিব লাগে। এই উপদেশটো অফিচাৰজনৰ দ্বাৰা, মাদ্ৰাজৰ ষ্টুডেণ্টচ্ এডভাইছৰী কমিটিৰ ছেক্ৰেটাৰীলৈ দি দিয়া হৈছিল।

 

E-6.4 হাৰ্ডিৰ দ্বিতীয় চেষ্টা :

ৰামানুজনক কেম্ব্ৰিজত পাবলৈ বুলি হাৰ্ডিৰ উৎসুকতা ব্যাহত নোহোৱাকৈ অপ্ৰশমিত হৈ আছিল। ১৯১৩-১৪ চনৰ জাৰকালি এজন ডেকা কেম্ব্ৰিজ গণিতজ্ঞ মি. ই. এইচ্. নেভিল মাদ্ৰাজ বিশ্ববিদ্যালয়লৈ অৱকলন জ্যামিতিৰ ‘ভিজিটিং লেকচাৰাৰ’ হৈ আহিবলগীয়া আছিল। হাৰ্ডিয়ে ইয়াৰ সুবিধাটো লৈছিল। কেম্ব্ৰিজত ৰামানুজনৰ থকা-মেলাৰ সুবিধাৰ বাবে সম্ভৱপৰ সকলোখিনি কৰিবলৈ তেওঁ নেভিলক কৰ্তৃত্ব প্ৰদান কৰিছিল।

 

E-7 ৰামানুজনৰ বাবে তৈয়াৰ হৈছিল কেম্ৰিজ-বিশ্ববিদ্যালয়ত শৈক্ষিকতাৰ দ্বিতীয় পটভূমি :

মাদ্ৰাজত নেভিলৰ উপস্থিতিয়ে এক অনুকুল পৰিৱেশৰ সৃষ্টি কৰিছিল। ৰংগনাথনে সুঁৱৰিছে যে সেই সময়খিনিত মাদ্ৰাজত ৰামানুজন আছিল দিনৰ আলোচনাৰ বিষয়। (অনুচ্ছেদ B-1 দ্ৰষ্টব্য)। লণ্ডনৰ ইণ্ডিয়া অফিছত থকা ভাৰতীয় ছাত্ৰৰ ছেক্ৰেটাৰীলৈ দিয়া হাৰ্ডিৰ চিঠিখন মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ চিণ্ডিকেইটৰ দ্বাৰা বিবেচনাৰ বাবে লোৱা হৈছিল। বিশ্ববিদ্যালয় এই উদ্দেশ্যত জাগৰিত হৈ উঠিছিল। কাৰো পৰায়েই কোনো ধৰণৰ বিৰোধৰ সন্মুখীন নোহোৱাকৈ দুবছৰৰ বাবে ই সাগৰ-সিপাৰৰ মাহিলী ২৫০ পাউণ্ডৰ বৃত্তিত অনুমোদন জনাইছিল, লগতে আছিল ভ্ৰমণ আৰু বাহিৰা খৰছৰ বাবে লগা আৱশ্যকীয়খিনিও। বৃত্তিৰ কাল পিছত পাঁচ বছৰলৈ বঢ়োৱা হৈছিল।

 

E-8 ফ্ৰাণ্সিচ স্প্ৰীঙৰ আগভাগ :

এই পৰ্যায়ত চাৰ ফ্ৰান্সিচ স্প্ৰীঙে মাদ্ৰাজৰ ৰাজ্যপালৰ স’তে কথা হৈছিল আৰু ইয়াৰ ফলস্বৰূপে প্ৰাইভেট চেক্ৰেটাৰীলৈ বুলি এখন চিঠি গৈছিল। চিঠিখনৰ পৰা নিম্ন উল্লিখিত কথাখিনি উদ্ধৃত কৰা হৈছে তিনিটা টুকুৰাত (চিঠিখনৰ এক ঐতিহাসিক মূল্য আছে বাবে ইয়াৰ আক্ষৰিক অনুবাদ আগবঢ়োৱা হৈছে।)

READ:   An Interview with Professor Po-Shen Loh

 

E-8.1 প্ৰতিভাৰ অতীন্দ্ৰিয় শৃংখলা :

যদি মই সঠিকভাবে বুজিছিলোঁ, মহামান্য মহাশয়ৰ অধীনত শিক্ষাৰ বিভাগটো আছিল। সেয়ে মই তেওঁক এনে এটা বিষয়ত মনযোগ আকৰ্ষণ কৰিবলৈ উদ্বিগ্ন হৈ পৰিছিলোঁ, যিটো মই ভাবো পিছৰ কেইদিনমানৰ ভিতৰতে সন্মুখলৈ আহিব, যিটো সেই পৰিস্থিতিত অতি দৰ্কাৰী বিবেচিত হৈছিল। এয়া মোৰ অফিচৰ এছ. ৰামানুজন নামৰ এজন কেৰাণীৰ বিষয়ৰ স’তে জড়িত। মই ভাবো যে অতি উচ্চ-গাণিতিক কৰ্তৃত্বৰ বিষয়ে স্বীকৃত হৈ থকা তেওঁৰ কথা মহামান্য মহাশয়ে মোৰ পৰায়েই শুনিছিল। অতিন্দ্ৰীয়ৰ নহ’লেও এক নতুন আৰু অতি উচ্চস্তৰৰ প্ৰতিভাৰ।

 

E-8.2 এনেদৰে আহিছিল কেম্ৰিজৰ পৰা আজ্ঞা :

যোৱা ৮ বা ৯ মাহৰ ভিতৰত কেম্ব্ৰিজ, চিমলা আৰু মাদ্ৰাজৰ তেওঁৰ কৃতিৰ বাছনি প্ৰথম খাপৰ বিভিন্ন গণিতজ্ঞৰ সন্মুখত ৰাখিছিল আৰু অতি উচ্চ প্ৰশংসাৰে ঘোষণা কৰিছিল। ঠিক এই সময়তেই কেম্ব্ৰিজৰ এজন জেষ্ঠ্য ৰেংলাৰ আৰু ত্ৰিনিটিক এজন ফলে’ মি. নেভিলৰ সম্পৰ্কত মহামান্য মহোদয় সম্ভৱতঃ সচেতন আছিল। উচ্চ গণিতৰ কিছু বিশেষ পৰ্যায়ৰ আৰু সন্মান বিষয়ৰ লগতে অন্য ইচ্ছুক শ্ৰোতাৰ বাবে তেওঁ সেই সময়ত এলানি বক্তৃতা প্ৰদান কৰি মাদ্ৰাজত আছিল। কেম্ব্ৰিজৰ পৰা পোৱা আজ্ঞাৰে ৰামানুজনৰ বিষয়ত তেওঁ নিজকে উৎসুক কৰি লৈছিল। ইয়াত আশা কৰিবলৈ যথেষ্ট কাৰণো আছিল এই বাবেই যে, এবছৰ বা দুবছৰৰ বাবে কেম্ব্ৰিজলৈ যোৱাৰ বাবে তেওঁক হয়তো সন্মত কৰাব, যাতে বিশেষজ্ঞৰ অধীনত তেওঁৰ প্ৰতিভাৰ সুফলখিনি পৃথিৱীলৈ বুলি আগবঢ়াব পাৰে। তাৰোপৰি তেওঁৰ নিজা খ্যাতি, ভৱিষ্যতৰ উপযোগিতা আৰু ব্যক্তিগত উন্নতি নিৰাপদ হৈ ৰয়। এইখিনি হয়তো সম্পূৰ্ণ অসম্ভৱ হৈ ৰ’লহেঁতেন, যদি জীৱনৰ বাকীকেইটা দিন মাদ্ৰাজৰ দৰে ভটীয়নী পানীত থাকিলহেঁতেন।

 

E-8.3 সাগৰ-সিপাৰ বৃত্তিৰ নিশ্চিতকৰণ :

মই এতিয়া সেই বিষয়টোলৈ আহিছো, য’ত মহামান্য মহাশয়ে সুবিধাৰে বোধকৰোঁ হস্তক্ষেপ কৰিব পৰে। যোৱা নিশা মই মি. লিটল্-হেইলচ্ আৰু অইনৰ পৰা গম পাইছিলোঁ যে, কিছু বছৰৰ বাবে ৰামানুজনৰ নিৰাপদ ইংলণ্ড পৰিদৰ্শনৰ বাবে চৰকাৰৰ অনুমোদন সাপেক্ষে ইউনিভাৰ্চিটি চিণ্ডিকেইটৰ এই প্ৰক্ৰিয়াৰ, দ্ৰূত নিশ্চিতকৰণৰ বাবে মি. চাৰ্চ-লিটল্ হেইলচ্ আৰু নেভিলে মহামান্য মহাশয় স’তে মধ্যস্থতা কৰিবলৈ বুলি অনুৰোধ কৰিছিল। কিন্তু মই এইটো পূৰা স্পষ্ট কৰিব খুজিছিলোঁ যে, চিণ্ডিকেইটৰ কোনো আজ্ঞা নোহোৱাকৈয়ে মই লিখিছিলোঁ। ইয়াৰ প্ৰধান কাৰণটো আছিল এয়ে যে, তেওঁ আছিল মোৰ নিজৰ কৰ্মচাৰী আৰু লগতে আছিল তেওঁৰ গণিতৰ প্ৰতি তীব্ৰ আকৰ্ষণ। আশা কৰিছিলো, মি. আৰ্থাৰ-ডেভিচে নিঃসন্দেহে ইংলণ্ডলৈ বুলি যাত্ৰাটোৰ ব্যৱস্থা কৰিব, লগত ৰামানুজনৰ ৰক্ষণশীলতাৰ অলপো হানি নোহোৱাকৈ। ৰামানুজনৰ অনুসন্ধান সোমাই থকা নিহিত মূল্যৰ নতুন চিন্তাৰ পন্থাটোৰ বিজ্ঞানৰ ক্ষেত্ৰত মতামত দিবলৈ বুলি মই উপযুক্ত গণিতজ্ঞজন নহয়। এই বিষয়ত পৰ্যাপ্তভাৱে প্ৰকাশ কৰিবলৈ বুলি যথেষ্ট হোৱা মোৰ তেনে জ্ঞান নাই, যদিওবা মোৰ বিষয়ে এই বিষয়ক সঁচাকৈ উপযুক্তসকলে বহু কথাকেই কৈছে।

গ্ৰহণযোগ্যভাৱেই যুগান্তকাৰী বুলি কোৱাখিনি মই যিসকলক জনা উচিত বুলি কৈছিলোঁ, তেওঁলোকে অৱশ্যে মোক আশ্বাস দিছিল আৰু সেয়ে মাদ্ৰাজ বিশ্ববিদ্যালয় অধীনৰ আৰ্থিক সাহায্যখিনি সুমূল্য বিবেচিত আছিল। ইয়েই ১৯১৪ চনৰ ৫ ফেব্ৰুৱাৰীত ৰাজ্যপালৰ প্ৰাইভেট চেক্ৰেটাৰীৰ পৰা তলৰ উত্তৰটো অনাইছিল।

“আপোনাৰ ৫ ফেব্ৰুৱাৰীৰ চিঠিখনৰ সন্দৰ্ভত মহামান্য মহাশয়ে আপোনাৰ ইচ্ছাৰ স’তে আন্তৰিক সহানুভূতি প্ৰকাশিছে, যে কেম্ব্ৰিজত ৰামানুজনে গৱেষণা চলাই নিয়াৰ বাবে বিশ্ববিদ্যালয়ে উপায় যোগোৱা উচিত। তেওঁ এই বিষয়ত যি সহায় আগবঢ়াব পাৰে তাৰ বাবে আনন্দিত হ’ব।”

 

মূল : এছ. ৰংগনাথন

মুকলি অনুবাদ : খনীন চৌধুৰী

ৰামানুজন – গণিতজ্ঞ আৰু মানুহজন

[ad#ad-2]

Print Friendly, PDF & Email
Tags:
No Comments

Post A Comment