ৰামানুজন – গণিতজ্ঞ আৰু মানুহজন : অধ্যায় H : সন্মানৰ অধঃক্ষেপ


Download this post as PDF (will not include images and mathematical symbols).


 

H-1 প্ৰথম প্ৰস্তাৱতেই ৰয়েল ছ’চাইটিৰ ফেল’ :

১৯১৮ চনৰ ১৮ ফেব্ৰুৱাৰীত ত্ৰিশ বছৰ বয়সতে ৰামানুজনৰ নাম ৰয়েল ছ’চাইটিৰ ফেল’শ্বিপৰ বাবে প্ৰস্তাৱ কৰা হয়। এয়া গৃহীতও হয়। এই ভাষ্য শুনা যায় যে আধুনিক কালত প্ৰথম প্ৰস্তাৱতেই ৰয়েল ছ’চাইটিলৈ বুলি নিৰ্বাচিত হোৱা এইটোৱে প্ৰথম ঘটনা আছিল। নিল্-বোৰ আছিল তেনে অন্য এজন।

 

H-2 ট্ৰিনিটি কলেজৰ ফেল’ :

১৯১৮ চনৰ ১৩ অক্টোবৰত ৰামানুজন কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজৰ এজন ফেল’ নিৰ্বাচিত হয়। তেনেদৰে নিৰ্বাচিত হোৱা তেৱেঁই প্ৰথম ভাৰতীয় আছিল। এই ফেল’শ্বিপটোত বছৰি ২৫০ পাউণ্ডৰ মাননি দিয়া হৈছিল। এই মাননি কোনো কাম বা সৰ্ত্বৰ বিপৰীতে নাছিল।

 

H-3 মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ যোগে সন্মান :

হাৰ্ডিয়ে এক উপদেশ আগবঢ়াইছিল যে মাদ্ৰাজ বিশ্ববিদ্যালয়ত ৰামানুজনৰ বাবে এটা সুযোগ থাকিব লাগে, যিয়ে তেওঁক গৱেষণাৰ বাবে মুক্ত বা স্বাধীন কৰি থ’ব। বিশ্ববিদ্যালয়খন এই পৰ্যায়লৈ উঠি আহিছিল। ইয়াত তেওঁলৈ বুলি ১৯১৯ চনৰ ১ এপ্ৰিলৰ পৰা পাঁচ বছৰৰ বাবে বছৰি ২৫০ পাউণ্ডৰ এটা ভাট্টা অনুমোদন কৰিছিল। এয়া আৰম্ভ হৈছিল সেই সময়ত তেওঁ পাই থকা তেওঁৰ ‘সাগৰ-সিপাৰ’ বৃত্তিটোৰ শেষ হোৱা তাৰিখটোৰ পৰা। এই বৃত্তিটোও আছিল সৰ্ত্ববিহীন। তদুপৰি বিশ্ববিদ্যালয়খনে এই সময়ছোৱাত তেওঁৰ ভাৰত আৰু ইউৰোপৰ মাজত ভ্ৰমণৰ সকলো খৰছ বহন কৰিবলৈ বুলি সন্মত হৈছিল।

 

H-4 ইণ্ডিয়ান মেথেমেটিকেল ছ’চাইটিৰ দ্বাৰা অভিনন্দন জ্ঞাপন :

এই বাতৰিটো ১৯১৯ চনৰ জানুৱাৰী মাহত বোম্বাইত হৈ থকা দ্বিতীয় ইণ্ডিয়ান মেথেমেটিকেল কনফাৰেন্স পালেগৈ। ৰংগনাথন এই সন্মিলনখনত উপস্থিত আছিল বাবে ঘটনাটি তেওঁৰ মনত আছিল। প্ৰকৃততে তেওঁ তেওঁৰ গৱেষণা-পত্ৰখন পঢ়ি থকা কালত এই ঘোষণাটি কৰা হৈছিল। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ এজন জ্যেষ্ঠ ৰেংলাৰ পুনাৰ ফাৰ্গুচন কলেজৰ অধ্যক্ষ আৰু পিছলৈ নাইট উপাধিৰে বিভূষিত আৰ. পি. পৰাঞ্জেপে সেই সময়খিনিত সভাপতি আছিল। ইংলণ্ডত থকাৰ সময়খিনিত এটা সম্বৰ্ধনাসূচক বাতৰি তেওঁলৈ পঠিওৱা হৈছিল। ভি. ৰামস্বামী আয়াৰ অতি উৎফুল্লিত হৈছিল। তেওঁ আছিল প্ৰথমজন গণিতজ্ঞ যিয়ে ৰামানুজনৰ অসাধাৰণ প্ৰতিভাৰ মূল্যায়ন কৰিছিল। আনহাতে তেওঁ ইণ্ডিয়ান মেথেমেটিকেল ছ’চাইটিৰ প্ৰতিষ্ঠাপকো আছিল।

 

H-5 গণিতৰ অধ্যাপক পদ :

লিটল্-হেইলে সেই বোম্বে সন্মিলনত যোগদান কৰিছিল। তেওঁ পুৰা উদ্যমতে আছিল। মাদ্ৰাজলৈ ঘূৰি আহাৰ সময়ত তেওঁ মাদ্ৰাজৰ পাব্লিক ইন্সষ্ট্ৰাকশ্বনৰ ডিৰেক্টৰ হৈছিল। সেই ক্ষমতাৰ আওতাৰ ভিতৰত অহা তেওঁৰ প্ৰথম কামটো কৰিছিল মাদ্ৰাজ বিশ্ববিদ্যালয়ত গণিতৰ এটা অধ্যাপকৰ পদ সৃষ্টি কৰি ৰামানুজনক যচাটো। পিছে, হায়! তেওঁৰ ভবা কথাটো বাস্তৱায়িত হোৱাৰ আগেয়েই ৰামানুজনে এই পৃথিৱী এৰিছিল।

এইখিনিতে আমাৰ মনলৈ আহে গণিতৰ জগতখনৰ অন্য এক সদৃশ ঘটনা। অনেক প্ৰতিকূলতাৰে আহি থাকি গণিতজ্ঞ আবেলে অধ্যাপকৰ চাকৰিটো পাইছিল মৃত্যুৰ পিছতহে। আবেলৰ মৃত্যু হৈছিল ১৮২৯ চনৰ ৬ এপ্ৰিলত ইঞ্জিনিয়াৰ আৰু এজন নেশাদাৰ গণিতজ্ঞ ‘অগউষ্ট-ক্ৰেলে’ৰ পৰা বাৰ্লিনত তেওঁৰ অধ্যাপকৰ চাকৰি হোৱা খবৰটো কঢ়িয়াই অনা চিঠিখন তেওঁৰ হাতত পৰাৰ ঠিক দুদিনৰ আগত। স্মৰ্ত্তব্য যে অগউষ্ট-ক্ৰেলেই প্ৰথম জাৰ্মান-মেথেমেটিকেল্-জাৰ্ণাল এখন উলিয়াইছিল আৰু পোনপ্ৰথমে গণিতজ্ঞৰ সমাজখনলৈ আবেলৰ মনোযোগ আকৰ্ষণকাৰী ৰিজাল্টসমূহৰ এক আন্তৰ্জাতিক বতৰা বিলাইছিল।

 

মূল : এছ. ৰংগনাথন

মুকলি অনুবাদ : খনীন চৌধুৰী

ৰামানুজন – গণিতজ্ঞ আৰু মানুহজন
[ad#ad-2]

Managing Editor of the English Section, Gonit Sora and Research Fellow, Faculty of Mathematics, University of Vienna.

No Comments

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.