প্ৰফেচৰ জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ সৈতে এটি আছুতীয়া সাক্ষাৎকাৰ

jayant-vishnu-narlikar-giving-talk-at-tezpur-universityপ্ৰফেৰ জয়ন্ত বিষ্ণু নাৰ্লিকাৰ এজন প্ৰখ্যাত ভাৰতীয় ব্ৰহ্মাণ্ডবিজ্ঞানী (cosmologist)। গতানুগতিকতাৰ পৰা ফালৰি কাটি যিসকল ব্যক্তিয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে, নাৰ্লিকাৰ সেইসকলৰ অন্যতম। পুণেৰ আন্তঃবিশ্ববিদ্যালয় জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিঃপদাৰ্থবিজ্ঞান প্ৰতিষ্ঠান, IUCAA (Inter University Center for Astronomy and Astrophysics)ৰ প্ৰতিস্থাপক সঞ্চালক প্ৰফেচৰ নাৰ্লিকাৰ বৰ্তমান সেই প্ৰতিষ্ঠানৰেঅৱসৰ-প্ৰাপ্ত অধ্যাপক হিচাপে কৰ্মৰত।ব্ৰহ্মাণ্ডবিজ্ঞানত অগ্ৰগণ্য গৱেষণাৰ উপৰি প্ৰফেচৰ নাৰ্লিকাৰ বিজ্ঞান আৰু গণিতক জনপ্ৰিয় কৰিবলৈ গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ লগত জড়িত হৈ আছে। তেখেতক বহুতো বঁটা-বাহন, বিশেষকৈ ভাৰত চৰকাৰে প্ৰদান কৰা দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মানপদ্মবিভূ্ষণেৰে সন্মানিত কৰা হৈছে।

২০১৩ চনৰ চেপ্তেম্বৰত, প্ৰফেচৰ নাৰ্লিকাৰ তেখেতৰ পত্নী ড° মঙ্গলা নাৰ্লিকাৰৰ সৈতে, তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ বিজ্ঞান মণ্ডলী (Students’ Science Council)ৰ আমন্ত্ৰণক্ৰমে এটি বিশেষ বক্তৃতা প্ৰদান কৰিবলৈ বিশ্ববিদ্যলয়খনত উপস্থিত হৈছিলহি। গণিত চ’ৰাৰ তৰফৰ পৰা জনোৱা অনুৰোধ ৰক্ষা কৰি তেখেতে বক্তৃতাৰ শেষত একআছুতীয়া সাক্ষাৎকাৰত মিলিত হয়। তেখেতৰ সৈতে সাক্ষাৎকাৰত মিলিত হৈছিল মঞ্জিল পি. শইকীয়া, ছালীক মিছকট বৰবৰা, শশীকান্ত ডুবে, প্ৰিয়ংকা শৰ্মা, মাধুৰ্য্য পি. তালুকদাৰ, পৰমা দত্ত আৰু সুনীত মঞ্জিল হাজৰিকা। সাক্ষাৎকাৰটি গ্ৰহণ কৰাত বিভিন্ন প্ৰকাৰে সহায় কৰিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত-বিজ্ঞান বিভাগৰ অধ্যাপক ড° ভীমপ্ৰসাদ শৰ্মাই। বাণীৱদ্ধৰ পৰা ছিৰট শণ্ডিলে যুগুতাই উলিওৱা মূল ইংৰাজী সাক্ষাৎকাৰটিৰ অসমীয়া অনুবাদ আগবঢ়াইছে ৰূপালীম হাজৰিকাই

মূল সাক্ষাৎকাৰটি পঢ়িবলৈ ইয়াত ক্লিক কৰক।

 

জ্যোতিৰ্বিজ্ঞান, জ্যোতিপদাৰ্থবিজ্ঞান ৰু ব্ৰহ্মাণ্ডবিজ্ঞান বিষয়ক গৱেষণা কৰিবলৈ আপোনাক কিহে অনুপ্ৰাণিত কৰিছিল?

► গণিতত উচ্চশিক্ষাৰ বাবে মই কেম্ব্ৰিজলৈ গৈছিলো। সেইটো আৰু লগতে তাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো মোৰ প্ৰথম লক্ষ্য আছিল। তাত আমাক ব্যৱহাৰিক আৰু বিশুদ্ধ গণিতৰ কেতবোৰ বিষয় বাচনি কৰিবলৈ দিয়া হৈছিল। তাৰ ভিতৰত ব্যৱহাৰিক বিজ্ঞানৰ জ্যোতিৰ্বিজ্ঞান বিষয়টোৱে মোক বৰকৈ আকৰ্ষিত কৰিছিল। দুয়োটা বিষয়ৰে অধ্যাপকসকলো বহু গুণী-জ্ঞানী আছিল। সেই সময়ত মই ফ্ৰেড হয়লৰ "জ্যোতিৰ্বিজ্ঞানৰ সীমান্ত" ('Frontiers of Astronomy') বুলি এখন অতি সুখপাঠ্য কিতাপ পঢ়ি আছিলো। তাৰপৰা জ্যোতিৰ্বিজ্ঞানৰ গৱেষণাবিলাকৰ বিষয়ে সম্যক ধাৰণা পাইছিলো। কেম্ব্ৰিজত সেই সময়ত জ্যোতিৰ্বিজ্ঞান বিষয়টো গণিতৰ ভিতৰতে পৰিছিল। গতিকে আমাক যেতিয়া গৱেষণাৰ বিষয়বোৰ ঠিক কৰিবলৈ দিয়া হ'ল স্বাভাৱিকতে মই জ্যোতিৰ্বিজ্ঞান বাচি ল'লো।

 

ছাৰ আপুনি কেম্ব্ৰিজলৈ অতি কম বয়সতে ৰাওনা হৈছিল। সেই সময়ত ভাৰতবৰ্ষৰ শিক্ষাৰ পৰিবেশ কেনেকুৱা আছিল?

► বেনাৰস বিশ্ববিদ্যালয়ৰ পৰা স্নাতক (BSc) ডিগ্ৰী লৈ ১৯ বছৰ বয়সত মই কেম্ব্ৰিজলৈ যাওঁ। সেই সময়ত এনেকুৱা এটা ধাৰণা প্ৰচলন আছিল যে উচ্চ শিক্ষাৰ বাবে ইংলেণ্ড নাইবা আমেৰিকালৈ যাবই লাগিব, কাৰণ ইউৰোপ যদিও শিক্ষাত আগবঢ়া, তাত ভাষাৰ ব্যৱধান আহি পৰে। ইংলেণ্ড বা আমেৰিকাত সেই অসুবিধা নহয়। মোৰ দেউতাও কেম্ব্ৰিজৰ ছাত্ৰ আছিল। দেউতাক অনুসৰণ কৰি ময়ো কেম্ব্ৰিজলৈ যাবলৈ থিৰাং কৰিলো আৰু মই এটা ছাত্ৰবৃত্তি পাবলৈ সক্ষম হ’লো।

কেম্ব্ৰিজলৈ গণিতৰ ত্ৰাইপজ (tripos) ডিগ্ৰীৰ বাবে নগ'লে মই আমেৰিকালৈ গৈ প্ৰথমে স্নাতক-শ্ৰেণী পঢ়ি উঠি তাৰপিছত তাতে স্নাতকোত্তৰ আৰু ডক্টৰেটৰ কাৰণে পঢ়িবলগীয়া হ'লহেতেন। সেইসময়ত আমেৰিকাৰ কোনো বিশ্ববিদ্যালয়ত পঢ়িবলৈ যাবলৈ মই আগ্ৰহী নাছিলো।

কেম্ব্ৰিজেই মোৰ লক্ষ্য আছিল, গতিকে যেতিয়া মই তাত নামভৰ্ত্তি কৰিব পাৰিলো আৰু বৃত্তি লাভ কৰিলো, তেতিয়া তালৈ যোৱাটো ঠিৰাং কৰিলো। তাত স্নাতকৰ ২-৩ বছৰ আৰু গৱেষণাৰ এবছৰ, মুঠ চাৰিবছৰৰ পিছত মই পি.এইচ.ডি. কৰিব পাৰিম; পিছে মোৰ সমস্যা হ'ল যে মই ৩ বছৰৰ বাবেহে বৃত্তি লাভ কৰিছিলো। তেতিয়া দেউতাই মোক তৃতীয়টো বছৰৰ অন্তত দুটা পৰীক্ষা দিবলৈ পৰামৰ্শ দিলে। অৰ্থাৎ ত্ৰাইপজৰ প্ৰথম ভাগৰ পৰীক্ষা প্ৰথম বছৰত, দ্বিতীয় ভাগৰ পৰীক্ষা দ্বিতীয় বছৰত, আৰু দ্বিতীয় আৰু তৃতীয় ভাগৰ পৰীক্ষা তৃতীয় বছৰত। সেইটো এটা বহু ডাঙৰ চাপৰ কথা আছিল। তেতিয়া কেম্ব্ৰিজৰ মোৰ পৰ্যবেক্ষকে পৰামৰ্শ দিলে যে যিহেতু মই স্নাতক ডিগ্ৰী লৈ আহিছোৱেই, গতিকে কেম্ব্ৰিজৰ প্ৰথম বৰ্ষৰখিনি মোৰ মোটামুটি পঢ়া হৈছেই। গতিকে প্ৰথম বছৰতেই মই প্ৰথম ভাগ আৰু দ্বিতীয় ভাগ অৰ্ধাংশ ল’ব পাৰিম।

উপদেশটোত মোৰো মন খালে আৰু সেইমতে প্ৰথম বছৰত দুটা ভাগৰ কাম আৰু বাকীখিনি পিছৰ কেইবছৰত কৰি গ'লো। তিনি বছৰত মোৰ ক'ৰ্ছটো পঢ়া হ'ল আৰু মই পুনৰ বৃত্তি পাব পৰাকৈ ভাল ফলাফল দেখুৱাব পাৰিলো। তাৰপাছত মই ফ্ৰেড হয়লৰ অধীনত গৱেষণা আৰম্ভ কৰিব পাৰিলো। মই তিনিটা বছৰৰ ভিতৰত স্নাতকোত্তৰ পঢ়ি ২২ বছৰ বয়সত স্নাতকোত্তৰ ডিগ্ৰী আৰু পাছৰ তিনি বছৰ গৱেষণা কৰি ২৫ বছৰ বয়সত ডক্টৰেট ডিগ্ৰী লাভ কৰিলোঁ।

 

কেম্ব্ৰিজত আপুনি বহুকেইজন ভাল শিক্ষক পাইছিল বুলি উল্লেখ কৰিছে। তেওঁলোকে কেনেভাৱে আপোনাক উৎসাহ আৰু প্ৰেৰণা দিছিল?

► কেম্ব্ৰিজত কম সময়তে বহুখিনি কথা পঢ়ুওৱা হৈছিল। ইয়াত এবছৰত যিমান পঢ়া হয় তাত ২৪টা লেকচাৰতে সিমানখিনি পঢ়াই দিয়ে। ইয়াত ধীৰে যোৱাৰ প্ৰৱণতা এটা আছে। গতিকে সেই সুৰুঙা দূৰ কৰিবলৈ নিজৰ ফালৰপৰা কষ্ট কৰিবলগা হয় আৰু কেতিয়াবা অগ্ৰজৰ পৰা সহায় ল'বলগীয়া হয়।

কেম্ব্ৰিজত আকৌ টিউট'ৰিয়েল ব্যৱস্থাৰ প্ৰচলন আছে। স্নাতকৰ ছাত্ৰবিলাকে সপ্তাহত এটা বা দুটা টিউট'ৰিয়েলৰ ক্লাছ পাওঁ। তেনেকুৱা ক্লাছবিলাকত মই বহুতো ভাল ভাল টিউট'ৰৰ সংস্পৰ্শলৈ আহিছিলো। আকৌ, যিহেতু মই প্ৰথম বছৰত দুটাকৈ পৰীক্ষা দিছিলো, মোৰ টিউট'ৰিয়েলৰ ক্লাছো বেছি আছিল, মই সপ্তাহত চাৰিটা টিউট’ৰিয়েল ল’ব লগা হৈছিল।

আমাৰ অধ্যাপকসকল বৰ ভাল আছিল। তিনিজন জ্যোতিৰ্বিজ্ঞানৰ আছিল, কিন্তু মাজে মাজে আমাক কিছু সংখ্যক বেলেগ অধ্যাপকৰ বক্তৃতাও শুনোৱা হৈছিল। যেনে, কোৱাণ্টাম বলবিজ্ঞানৰ বিখ্যাত পণ্ডিত ডিৰাকৰ বক্তৃতাবোৰ। তেওঁ নিজে লিখা কিতাপৰ পৰা ফাৰ্মি-ডিৰাক পৰিসংখ্যা বুজাইছিল। বসু-আইনষ্টাইন পৰিসংখ্যা পঢ়াওতে তেওঁ আইনষ্টাইনৰ নামটো বাদ দিয়ে, সেইদৰে ফাৰ্মি-ডিৰাক পৰিসংখ্যা পঢ়াওতে তেওঁ নিজৰ নামটো বাদ দিয়ে। আমাক সংখ্যা-তত্ত্ব (number theory) পঢ়াইছিল গণিতজ্ঞ হেৰ'ল্ড ডেভেনপৰ্টে। সেইদৰে জটিল চলক (complex variables) পঢ়াইছিল কেছলচে।

READ:   A Brief History of Ancient Indian Mathematics (part I)

নিজৰ নিজৰ বিষয়ত খ্যাতি অৰ্জন কৰা ব্যক্তিসকলে কেম্ব্ৰিজত পঢ়াইছিল। মোৰ সকলোতকৈ ভাল লাগিছিল এইটো কথাই যে এই বৰেণ্যলোকসকলে কেতিয়াও পাঠদান কৰিবলগীয়া কাৰণে গৱেষণাত ব্যাঘাত জন্মা বুলি কোৱা নাছিল। বৰ যত্ন কৰি পঢ়াইছিল তেওঁলোকে। আমাৰ ভাৰতত মই বহু প্ৰতিষ্ঠানত দেখিছো বিজ্ঞানীসকলে গৱেষণাত ব্যাঘাত জন্মে বুলি পাঠদান কৰাৰ পৰা বিৰত থাকে। কিন্তু সেইটো মিছা, আনক বুজাওতে বৰং নিজৰ লাভহে হয়।

 

j-v-narlikar-interview-gonitsoraকেম্ব্ৰিজত আপুনি ষ্টিফেন হকিঙৰ সমসাময়িক আছিল। তেতিয়া তেওঁৰ লগত আপোনাৰ যোগাযোগ কেনেকুৱা আছিল আৰু বৰ্তমান কেনেকুৱা?

► তেওঁৰ লগত মোৰ এতিয়া বিশেষ যোগাযোগ নাই। তেওঁ স্বাভাৱিক সুস্থ-সবল হৈ থকাৰ সময়ৰ পৰাই মই তেওঁক চিনি পাওঁ। মোৰ মনত পৰে, গ্ৰীণউইচ পৰ্যবেক্ষণ কেন্দ্ৰত জহকালিৰ বন্ধৰ দিনবোৰত আমি সিমান এটা কাম কৰা নাছিলো, সেইয়া গৱেষণাৰ আৰম্ভণি আছিল। তেওঁ তেতিয়া আণ্ডাৰ-গ্ৰজুৱেট, মোতকৈ এটা শ্ৰেণী তলৰ, কিন্তু তেওঁ অক্সফ'ৰ্ডৰ আছিল। অক্সফ’ৰ্ডৰ পৰাস্নাতক লৈ তেওঁ কেম্ব্ৰিজলৈ আহিছিল। ৫-৬ সপ্তাহৰ সেই জহকালিৰ শিবিৰৰ অন্তত ছাত্ৰবিলাকে এখন টেবুল-টেনিছ প্ৰতিযোগিতা আয়োজন কৰিছিল। তাৰ ফাইনেলত মই হকিঙৰ মুখামুখি হৈছিলো। মই তেওঁক হৰুৱাইছিলো; তেওঁৰ শৰীৰ তেতিয়া সম্পূৰ্ণৰূপে সুস্থ, সেইটোৱেই মই ক'ব বিচাৰিছো।

তেওঁ টেবুল-টেনিছ খেলিব পাৰিছিল আৰু ফাইনেল পাইছিলগৈ। খেলাত সিমান ভাল নাছিল, কিন্তু সেইখিনি পাৰিছিল। টেবুল-টেনিছ খেলাৰ উপৰি বন্ধৰ দিনবোৰত তেওঁ দিঘলীয়া সময়ৰ কাৰণে খোজ কাঢ়িছিল। তেওঁ কেম্ব্ৰিজলৈ অহাৰ পাছত, আমি কিছু সংখ্যকে মন কৰিছিলো, তেওঁ কথাবিলাক অলপ খোকোজা লগাৰ নিচিনাকৈ কয়, আৰু কিছুমান উচ্চাৰণ সঠিককৈ কৰিব নোৱাৰে। প্ৰথমে অমি প্ৰায়সকলে ভাবিছিলো, তেওঁ অক্সফ'ৰ্ডৰ পৰা অহা বুলি দেখুৱাবলৈ চাগৈ তেনেকৈ কথা কয়! কিন্তু পিছত গম পালোঁ, তেওঁৰ বেমাৰৰ বাবে তেনেকুৱা হৈছিল। লাহে লাহে তেওঁক লাখুটি লৈ খোজ কঢ়া আৰু পাছলৈ হুইল চেয়াৰত চলা ফুৰা কৰা দেখা পাইছিলো।

১৯৬৪ চনত হকিঙৰ পৰিয়ালৰ লগত ভাল চিনাকি থকা মোৰ সহকৰ্মী এজনে মোক কৈছিল, চিকিৎসকে গণনা কৰি তেওঁক হেনো দুবছৰ বাচি থাকিব বুলি সময় দিছে। মই বাৰুকৈয়ে আচৰিত হৈ পৰিছিলো। কাৰণ, যদিও তেওঁৰ স্বাস্থ্য পৰি আহিছিল, তেওঁক কিন্তু মৃত্যুমুখী যেন লগা নাছিল। তোমালোকে জানাই, এতিয়াও তেওঁ বেছ কুশলে আছে। চিকিৎসকৰ হিচাপ ভুল হৈছিল। পিছে তেওঁ বহুত দুৰ্বল আছিল আৰু শাৰীৰিকভাবে ভাগি পৰিছিল। তেনেকুৱাতে তেওঁ বিয়া কৰায়। তেওঁৰ পত্নীয়ে তেওঁৰ অশেষ যত্ন লৈছিল আৰু তেওঁৰ বেমাৰৰ সকলো কথাৰ লগতে তেওঁ যে বেছিদিন জীয়াই নাথাকিবও পাৰে সেইকথা জানিও তেওঁৰ লগত বিয়াত বহিছিল। আমি কেম্ব্ৰিজত থকা দিনতেই এই সকলোখিনি ঘটনা ঘটে। আমি মাজে-সময়ে পঢ়া-শুনা বিষয়বোৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ, অৱশ্যে আমাৰ গৱেষণাৰ ক্ষেত্ৰ বেলেগ বেলেগ আছিল।

 

আপুনি স্থিৰাৱস্থা তত্ব (steady state theory) সমৰ্থক। কিহৰ ভিত্তিত ইয়াৰ সত্যতাৰ ওপৰত আপোনাৰ বিশ্বাস জাগিছিল? এই সূত্ৰৰ বৰ্তমানৰ ৰূপ কেনে?

► মই ১৯৬৩ চনত যেতিয়া পি.এইচ.ডি. সম্পূৰ্ণ কৰোঁ, মোৰ গৱেষণা মূলতঃ কিদৰে গাণিতিক সূত্ৰ ব্যৱহাৰ কৰি স্থিৰাৱস্থা বা নিয়মিতাৱস্থা সূত্ৰই পদাৰ্থ সৃষ্টিৰ ব্যাখ্যা কৰিব পাৰে তাৰ ওপৰত আছিল। মানুহে সদায় ক'ব বিচাৰে যে শূণ্য অৰ্থাৎ একো নথকা অৱস্থাৰ পৰা পদাৰ্থৰ সৃষ্টি হ'ব নোৱাৰে; ই সংৰক্ষণ-সূত্ৰৰ বিপৰীতে যাব। স্থিতাৱস্থা তত্ত্বক বহুতে এইটো কাৰণতে সমালোচনা কৰে। কিন্তু ইয়াৰ উত্তৰত আমি মহানিনাদ (big-bang theory)ৰ উদাহৰণ দিব পাৰো, য'ত বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি শূণ্যৰ পৰাই হৈছে বুলি ধৰা হয়। সেয়াওতো শক্তিৰ সংৰক্ষণ সূত্ৰৰ বিপৰীতে যায়। কিন্তু তেনেকৈ ক'বলৈ গ'লে আমি বেলেগৰ গৱেষণাৰ ভুল উলিওৱাহে হ'ব, নিজৰ গৱেষণাৰ উত্তৰ দিয়া নহয়।

গতিকে পদাৰ্থৰ উৎপত্তিৰ বিষয়ে আমি এনেভাৱে বিচাৰ কৰিব লাগিব যাতে ই শক্তিৰ সংৰক্ষণ সূত্ৰক নুই নকৰে। সেয়াই মোৰ পি.এইছ.ডি. আৰু পোষ্ট-পি.এইছ.ডি. পৰ্যায়ৰ গৱেষণা আছিল। ইয়াৰ কাৰণে আমি বিয়োগাত্মক শক্তিৰ সহায় লৈছিলো। সেই সময়ত ইয়াৰ অস্ত্বিত্বৰ কোনো সম্ভাৱনা নাই বুলি সকলোৱে ধৰি লৈছিল। কিন্তু নিউটনিয়ান মাধ্যাকৰ্ষণ বলতে এই বিয়োগাত্মক শক্তিৰ উদাহৰণ দিব পাৰি। নিউটনিয়ান মাধ্যাকৰ্ষণ বল এটা বিয়োগাত্মক শক্তিৰ প্ৰণালী; কিয়নো মাধ্যাকৰ্ষণ বিভৱবল বিয়োগাত্মক, আৰু ফ্ৰেড হয়ল আৰু মই এই গোটেই ঘটনাটো ব্যাখ্যা কৰিব পৰা এটা সাধাৰণ উপায় বিচাৰি উলিয়াইছিলো। আজিকালি মানুহে যাক ছায়া বলক্ষেত্ৰ (phantom fields ) বুলি কয়; যিটো এটা ধাৰণা যাৰ সহায়ত মহানিনাদৰ কিছু সমস্যাৰ সমাধান উলিয়াব পৰা যায়। ‌‍এতিয়া বেলেগ নামেৰে বুজালেও এই বিষয়ত কাম কৰি থকা সকলে গম পাব যে এয়া আমি সেই ৬০ৰ দশকতে প্ৰস্তাৱ দিয়া একেটা কথাই আছিল।

jayant-vishnu-narlikar-with-students

বিভিন্ন পৰ্যায় আৰু বিভিন্ন ভাষাত বিজ্ঞান জনপ্ৰিয়কৰণৰ বহুতো কামত আপুনি অতি সক্ৰিয়ভাবে জড়িত। এই ক্ষেত্ৰত প্ৰধান প্ৰত্যাহ্বান কি কি আছে বুলি আপুনি ভাবে আৰু এনে কৰ্মত জড়িত হ’ব বিচৰা ভৱিষ্যত প্ৰজন্মলৈ আপোনাৰ পৰামৰ্শ কি?

► মই যিটো দেখিছো, আমাৰ সমাজৰ প্ৰতিটো স্তৰত, অশিক্ষিতসকলৰ দৰেই শিক্ষিতসকলো বিভিন্ন ধৰণৰ অন্ধবিশ্বাসেৰে প্ৰভাৱিত হৈ থাকে। মাথোঁ, শিক্ষিতসকলৰ অন্ধবিশ্বাস অশিক্ষিতসকলতকৈ কিছু অধুনিক। সেইবাবে কু-সংস্কাৰপূৰ্ণ বিশ্বাসৰ ঠাইত আমি বাস্তৱ-সন্মত শিক্ষা দিব লাগিব। অন্ধবিশ্বাসী লোকসকলক বুজাই দিব লাগিব যে সেই ধাৰণাসমূহ শুদ্ধ নহয় আৰু সেইসমূহ ভুল বুলি পৰীক্ষামূলকভাৱে প্ৰমান কৰিব পাৰি। বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে আমি বাস্তৱসন্মতভাৱে আৰু পৰীক্ষণীয়ভাৱে কাৰকসমূহৰ কথা অন্ধবিস্বাসীসকলক বুজাই ক’ব লাগিব, কিন্তু আমি বিদ্যাভিমানী ভাৱেৰে যদি তেওঁলোকক মুৰ্খ বুলি কওঁ বা কেৱল তেওঁলোকে এইটো বিশ্বাস কৰা অনুচিত বুলি কওঁ, তেন্তে তেওঁলোকে পূৰ্বতকৈ বেছিকৈহে অন্ধবিশ্বাসী হৈ পৰিব। সেইবাবে তুমি তেওঁক নিজে চিন্তা কৰিবলৈ সৈমান কৰিব লাগিব, তেওঁ কি বিশ্বাস কৰিব লাগে তুমি ক’ব নালাগে; তেওঁক নিজে পৰীক্ষা কৰিবলৈ, বাস্তৱটো বিবেচনা কৰিবলৈ তুমি উদ্বুদ্ধ কৰিব লাগে। এইদৰে তুমি তেনে ব্যক্তিক প্ৰত্যয় নিয়াবলৈ সক্ষম হ’বা।

READ:   Positive Definite Matrices

গতিকে নিজৰ মতামত আনৰ ওপৰত জাপি দিয়াৰ সলনি আমি তেওঁক নিজৰ বিচাৰ-বিবেচনাৰে কথা এটাৰ সত্যাসত্য চালি-জাৰি চাবলৈ শিকাব লাগিব। বিজ্ঞানক জনপ্ৰিয় কৰি তোলাৰ মাজত বিভিন্ন পৰিঘটনাবোৰ উহাহৰণৰ সহায়ত বিস্তৃতভাবে ব্যখ্যা কৰা আৰু লগতে তেওঁলোকৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈ বিজ্ঞানৰ নতুন আৱিষ্কাৰবোৰৰ বিষয়ে সাধাৰণ ৰাইজক অৱগত কৰোৱা, ইত্যাদি পৰে।

 

আপোনাৰ মতে বিশ্ববিদ্যলয়ৰ নিচিনা উচ্চশিক্ষাৰ অনুষ্ঠান বা IUCAA ৰ এই ক্ষেত্ৰত কৰণীয় কি আছে?

► সেইটো ৰূপায়ণ কৰিবলৈ অনুষ্ঠানবোৰ ৰাইজৰ ওচৰলৈ যাব লাগিব, লাগিলে সেয়া IIT, IUCAA বা কোনো বিশ্ববিদ্যালয়েই নহওঁক কিয়। IUCAA ৰ কাৰ্যপ্ৰণালী নিৰ্ধাৰণ কৰোঁতে আমি এটা দফাত উল্লেখ কৰিছিলো যে ই ৰাইজৰ ওচৰ পাব লাগিব। সেই সময়ৰ বহুতো বিজ্ঞানীয়ে মন্তব্য কৰিছিল যে মাত্ৰ IUCAA-এই কাম কৰাত সফল হৈছে, বাকীবিলাকে ইমান পৰা নাই। যোৱা ২৫ বছৰত সেইয়া অলপ সলনি হৈছে। এতিয়া বহুতো অনুষ্ঠানে জনসম্পৰ্ক ৰক্ষা কৰাত গুৰুত্ত্ব দিছে। কিন্তু এই বিষয়ত এতিয়াও বহুখিনি কৰিবলগীয়া আছে।

 

আজিৰ ভাৰতবৰ্ষ অৰ্থ অৰু আভ্যন্তৰীণ সমস্যাৰে জৰ্জৰিত। সাধাৰণ-বিজ্ঞানৰ বিষয়বোৰ অধ্যয়ন কৰিব খোজা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা লাহে লাহে হ্ৰাস পাইছে। ই সমাজত কেনে প্ৰভাৱ পেলাইছে?

► পশ্চিমীয়া দেশবোৰতো দেখা যায়, গ‍ৱেষণাক কেৰিয়াৰ হিচাপে লোৱাজনে মেনেজমেণ্ট কৰ্মী এজনতকৈ কম উপাৰ্জন কৰে। কিন্তু পশ্চিমীয়া দেশবোৰৰ বিশ্ববিদ্যালয়বোৰ বহু উন্নত আৰু সেইবোৰে ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰাত সফল হয়। আমাৰ তাতো তেনে হ'ব পাৰে, কিন্তু কাৰ্যত সেইটো দেখা নাযায়। IISERবোৰ (Indian Institutes of Science Education and Research) হোৱা‍ৰ পিছত এইক্ষেত্ৰত কিছু শুধৰণী আহিছে। IITবোৰে ব্যৱহাৰ্যিক বিজ্ঞানত যি কাম কৰি আছে, IISERবোৰেও বিশুদ্ধ বিজ্ঞানত একে কামেই কৰি আছে। আৰু এই অনুষ্ঠানবোৰে যিহেতু মেধাৱী ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰাত সফল হৈছে, অহা দহবছৰত আমি গৱেষণাৰ ক্ষেত্ৰখনত ভালেখিনি উন্নতি আশা কৰিব পাৰো।

 

ভাৰতত শিক্ষাৰ ব্যক্তিগতকৰণ হোৱাৰ পিছৰ পৰা বিভিন্ন ডিগ্ৰী দিয়া কেতবোৰ ব্যক্তিগত প্ৰতিষ্ঠান চুকে-কোণে গজি উঠা দেখা গৈছে। ই সমাজত কেনে প্ৰভাৱ পেলাব পাৰে? দেখা গৈছে এনে প্ৰতিষ্ঠানবো্ৰৰ শিক্ষাৰ গুণগত মানদণ্ড বৰ এটা উন্নত নহয়। এই বিষয়ে আপুনি কি ভাবে?

► আজিকালিৰ শিক্ষাখণ্ডৰ হঠাৎ হোৱা এনে বৃদ্ধিয়ে মোক কেতিয়াবা চিন্তিত কৰি পেলায়। শিক্ষাৰ মানদণ্ডৰ ওপৰত চকু ৰাখিবলগীয়াসকল সম্ভৱতঃ গভীৰ নিদ্ৰাত। কিয়নো হাজাৰে-বিজাৰে হ'ব ধৰা এনে প্ৰতিষ্ঠান কেইখনৰ শিক্ষাপদ্ধতিৰ মানদণ্ড যে ভাল সেয়া সন্দেহজনক। খুব বেছি এশখনত তিনিখন বা চাৰিখনৰ ভাল। আকৌ, চিকিৎসা আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়বোৰো কেতবোৰ বিতৰ্কৰ মাজলৈ আহি থাকে। জৰু্ৰী সা-সুবিধা নাই, শিক্ষক নাই, সামগ্ৰী নাই আৰু লগতে শিক্ষাৰ মানদণ্ডৰ ওপৰতো কোনোধৰণৰ গুৰুত্ত্ব দিয়া নহয়। এইবোৰৰ ওপৰত বাধা আৰোপ কৰিব লাগে। থকাবোৰৰ শিক্ষা উচ্চখাপৰ হ'ব লাগে।

 

দেখা গৈছে, চৰকাৰে যদিও উচ্চ শিক্ষাৰ ওপৰত গুৰুত্ত্ব দিছে, বিদ্যালয়ত নামভৰ্ত্তি কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বাঢ়িব লাগিছে। এই ক্ষেত্ৰত কিবা ভাৰসাম্য হেৰাব পাৰে বুলি আপুনি ভাবে নেকি?

► বিদ্যালয়বোৰত চৰকাৰে কৰিবলগীয়া এতিয়াও বহুখিনি আছে। মানুহে ভাল মানদণ্ডৰ শিক্ষাৰ বাবে হাজাৰ টকা খৰচ কৰা ব্যক্তিগত বিদ্যালয়বোৰৰ কথা বাদ দিলে চৰকাৰী বিদ্যালয়বোৰত তোমালোকে দেখিবা, ল'ৰা-ছোৱালী অনুপাতে শ্ৰেণীকোঠা আৰু শিক্ষকৰ নাটনি। থকা কেইজনেও ওপৰঞ্চি বোজাৰ কাৰণে বিষয়বোৰ ভালদৰে পঢ়াই যাবলৈ সময় নাপায়। শিক্ষাৰ প্ৰতি আগ্ৰহী ল'ৰা-ছোৱালীয়ে ইয়াৰ পৰা কিমানখিনি লাভ পাব? মোৰ পত্নী মহাৰাষ্ট্ৰৰ কিছুমান বিদ্যালয়ৰ লগত জড়িত হৈ আছে। তেওঁ এই আচল ছবিখন খুব ভালদৰে দেখিছে।

 

মানুহৰ মাজত এটা ধাৰণা দেখা যায় যে গণিত আৰু পদাৰ্থবিজ্ঞানৰ তাত্ত্বিক কথাসমূহ বাস্তৱ জীৱনত ব্যৱহাৰ অতি সীমিত। এই বিষয়ে আপোনাৰ মতামত কি?

► কোনে তেনেকৈ ক'লে? কোনোবাই তেনেকৈ ভাবিব পাৰে, কিন্তু মই তেওঁৰ ধাৰণা সলনি কৰিবলৈ চেষ্টা নকৰো। যদি সেই বিষয়বোৰ পঢ়ি থকা ছাত্ৰই তেনেকৈ ভাবে, সেইটোহে অতি চিন্তনীয়।

 

আপুনি বিজ্ঞান পঢ়ি নথকা সাধাৰণ মানুহ এজনৰ ধাৰণা কেনেকৈ সলনি কৰিব?

► বিজ্ঞানৰ জনপ্ৰিয়কৰণৰ ই হ’ল আন এটা দিশ। আমি মানুহক বিজ্ঞানৰ ব্যৱহাৰ আৰু ইয়াৰ কাৰ্যকাৰিতাৰ বিষয়ে ভালধৰণে অৱগত কৰাব লাগিব। তেওঁলোকক মাত্ৰ বিজ্ঞানৰ কথা কৈ থাকিলেই নহ'ব, ইয়াৰ বাবে এটা ব্যৱস্থাৰ প্ৰয়োজন।

 

সৰুতে আমাৰ বেছিভাগৰে ব্ৰহ্মাণ্ডবিজ্ঞান আৰু জ্যোতিঃপদাৰ্থবিজ্ঞানৰ প্ৰতি আকৰ্ষণৰ সীমা নাছিল, কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে সি হেৰাই যাবলৈ ধৰিলে। আমাৰ বৰ্তমানৰ অধ্যয়ন ব্যৱস্থাৰ কিবা দোষৰ কাৰণে তেনে হ'ব ধৰিছে নেকি যিয়ে আমাক পঢ়িব খোজা বিষয়টো পঢ়িব নিদিয়ে?

► তোমালোকৰ লগত মই সহমত। যেতিয়া মই ছাৰ ফ্ৰেড হয়লৰ ছাত্ৰ হিচাপে ব্ৰহ্মাণ্ডবিজ্ঞানৰ গৱেষণাত লাগিছিলোঁ তেতিয়া তেনে কাম কৰিব বিচৰা ছাত্ৰৰ সংখ্যা বহুত; কিন্তু এতিয়া এই বিষয়ত আগবাঢ়িব খুজি কোনোবাই মোৰ উপদেশ বিচাৰিলে মই হয়তো সিমান উৎসাহী নহ'ম। ইয়াৰ কাৰণ মই ভাবো যে বিষয়টো ধৰ্মান্ধতাৰ লেখীয়া হৈ গৈছে। তুমি যদি ইয়াত বিশ্বাস ৰাখা, সফল হ'বা। তুমি যদি বিশ্বাস নকৰা, তোমাৰ সফলতা পোৱাৰ আশা খুব ক্ষীণ। কিন্তু সেইটো ঠিক কথা নহয়। বাক স্বাধীনতা বা কৰ্ম স্বাধীনতা বুলি বস্তু এটা থাকিব লাগে। কোনো যদি ব্ৰহ্মাণ্ডবিজ্ঞানৰ বৰ্তমানৰ অৱস্থা লৈ সন্তুষ্ট নহয়, তেওঁ এই বিষয়ে ক'ব পাৰিব লগা মঞ্চ এখন থাকিব লাগে। ৬০ৰ দশকত সেই সুবিধা আছিল। এতিয়াও মানুহক নিজৰ ভাৱ প্ৰকাশৰ স্বাধীনতা দিলে এই ক্ষেত্ৰত শুধৰণী নিশ্চয় হ'ব।

 

পৰীক্ষামূলক আৰু তাত্ত্বিক দুয়োফালৰ পৰা পদাৰ্থবিজ্ঞানত গণিতৰ প্ৰয়োজনীয়তা কিমান?

► মই ভাবো ই অতি প্ৰয়োজনীয়। মই প্ৰায়ে কিছুমান অহৌবলিয়া মানুহৰ পৰা চিঠি পাওঁ। তেওঁলোকে বুজাবলৈ খুব চেষ্টা কৰে, তেওঁলোকৰ সূত্ৰটো আইনষ্টাইন বা নিউটনতকৈ কিয় ভাল। কেতিয়াবা তেওঁলোকে ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰীলৈ লিখে, তেওঁলোকে আকৌ বিজ্ঞান আৰু কাৰিকৰী দপ্তৰলৈয়ো পঠিয়াই দিয়ে। এই অনুষ্ঠানবোৰে তেতিয়া আমাৰ পৰা মতামত বিচাৰে। মোৰ উত্তৰত সাধাৰণতে মই কওঁ যে যেতিয়ালৈ তেওঁলোকে ইয়াক গণিতিকভাৱে প্ৰমাণ কৰি নেদেখুৱায়, অৰ্থাৎ পদাৰ্থ বিজ্ঞানৰ ভাষাত প্ৰকাশ নকৰে, মই বুজিবলৈ টান পাওঁ। বুজি নাপাও বুলি ক'লেতো আৰু কোনেও তৰ্ক কৰিব নোৱাৰে, সেই ব্যক্তিজনক ভুল বুলি ক'লেহে তেওঁ জ্বলি-পকি উঠিব।

READ:   দুই মাৰ্কিন বিজ্ঞানীলৈ ২০১২ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা

 

আপোনাৰ ওপৰত আপোনাৰ পৰিয়ালৰ প্ৰভাৱ কিমান গুৰুত্ত্বপূৰ্ণ? আপোনাৰ পিতৃ এজন শিক্ষাবিদ আছিল, আৰু এতিয়া আপোনাৰ পত্নীও এগৰাকী শিক্ষাবিদ।

► মই এটা অধ্যয়নমুখৰ পৰিবেশত ডাঙৰ হৈছিলো। মোৰ মা-দেউতা দুয়োৱে বিভিন্ন প্ৰকাৰে মোক শিক্ষাৰ মূল্যবোধ বুজাত সহায় কৰিছিল। মোৰ জীয়াৰীকেইগৰাকীয়েও বেলেগ বেলেগ বিষয়ত পি.এইচ.ডি কৰিছে, ব্ৰহ্মাণ্ডবিজ্ঞানত নহয়। মই কেতিয়াও সিহঁতক পঢ়াৰ বিষয় বাচি লোৱাৰ ওপৰত কোনো ধৰণে চাপ দিয়া নাই। কোনো গুৰুত্ত্বপূৰ্ণ সিদ্ধান্ত লওঁতে অথবা কোনো বিষয়ত বাচ-বিচাৰ কৰোঁতে, আমাৰ ঘৰত সদায়েই শিক্ষামুখৰ পৰিবেশে বিৰাজ কৰে। পঢ়া-শুনাৰ বেকগ্ৰাউণ্ড এটা থাকিলে এইটো নিজে নিজে আহি যায়। নহ'লে তোমাৰ কথাবিলাক যুক্তিপুৰ্ণ নহ'ব আৰু অন্ধবিশ্বাসেৰে সাঙোৰ খাই পৰিব। আমাৰ পৰিয়ালৰ দৈনন্দিন জীৱনত অন্ধবিশ্বাসৰ একেবাৰেই স্থান নাই।

 

আপোনাৰ শিক্ষা জীৱনত কোনো আদৰ্শ ব্যক্তি আছিল নেকি?

► গণিতৰ শিক্ষক তথা গৱেষক হিচাপে মোৰ দেউতা, গাইড আৰু বিজ্ঞানৰ জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত ফ্ৰেড হয়ল। তেওঁ বৰ স্বাধীনচিতীয়া মনৰ মানুহ আছিল, মানুহে কি কয়, কি নকয় কোনো গুৰুত্ব নিদিয়ে; কিন্তু নিজৰ কিবা ভুল হ'ল ততালিকে মানি লয়। তেনেকুৱা মনোভাৱ মোৰ বৰ ভাল লাগে।

 

Prof J V Narlikar and Dr Mangala Narlikar's message to Gonit Soraআপোনাৰ ছাত্ৰ-জীৱনৰ কেইটিমান আমোদজনক স্মৃতি আমাৰ আগত ক'ব বিচাৰিব নেকি?

► মই মাৰাঠী ভাষাত মোৰ আত্মজীৱনী লিখি উলিয়াইছিলো আৰু এইখন যোৱা বছৰ ছপা হৈ ওলাইছে। পিছে এতিয়ালৈ তাৰ ইংৰাজী সংস্কৰণ ওলোৱা নাই। তাতে তেনেধৰণৰ বহুকেইটা কাহিনী আছে। এবাৰ দ্বাদশ শ্ৰেণীত থাকোতে মই গণিতৰ পৰীক্ষা দি আছো। তিনি ঘণ্টাৰ পৰীক্ষাটোত এঘণ্টা নহওঁতেই, কৰি উলিয়াবলগীয়া ৬টা প্ৰশ্নৰ উত্তৰ মোৰ কৰি হৈ গ'ল। ইফালে তেতিয়াও বহী জমা দিব পৰা হোৱা নাই। গতিকে মই পৰীক্ষাকোঠাতে বহি আছো। তেতিয়াই পৰিদৰ্শক এজনে আহি মোক ক'লে, “অলপ সময় ভাবাচোন, প্ৰশ্নোত্তৰখিনি কৰিব পাৰিবাতো।”

আন এটা পৰীক্ষাৰ কথা। প্ৰশ্নকাকতত লিখা আছে "যিকোনো ৬টা প্ৰশ্নৰ উত্তৰ কৰা, প্ৰত্যেকটো প্ৰশ্নতে সমান নম্বৰ আছে"। কিন্তু মই ৬টাতকৈ বেছি প্ৰশ্নৰ উত্তৰ কৰি আহিলো আৰু পৰীক্ষকলৈ নোট হিচাপে লিখিলো "৬টা উত্তৰ পৰীক্ষা কৰক, প্ৰত্যেকটো প্ৰশ্নত সমান নম্বৰ আছে"।

কেম্ব্ৰিজৰ ত্ৰাইপজত কোৱা হৈছিল “যিকোনো ৬টা প্ৰশ্নৰ উত্তৰ কৰা, প্ৰশ্ন আধৰুৱা কৰি এৰাতকৈ সম্পূৰ্ণ কৰিলে বেছি নম্বৰ দিয়া হ'ব। গোটেই প্ৰশ্নকাকতৰ আধা কৰিলেহে সম্পূৰ্ণ নম্বৰ দিয়া হ'ব।” পৰীক্ষাৰ ফলাফল ঘোষণা কৰোতে মই দেখিলো, মই এখন কাকতত ১০০ৰ ভিতৰত ১১০, এখনত ১৪০ আৰু বাকীবোৰতো তেনেকৈয়ে নম্বৰ পাইছো। মই কি হৈছে একো ধৰিব পৰা নাই। মোৰ টিউটৰজনেহে মোক বুজাই দিলে। যদিও লিখা আছে ৬টা প্ৰশ্নৰ উত্তৰ কৰা বুলি, তুমি কিন্তু যিমানটাই ইচ্ছা কৰা চেষ্টা কৰি চাব পাৰা। শুদ্ধ কৰা উত্তৰত তেওঁলোকে সেই হিচাপে নম্বৰ দিয়ে। আৰু নম্বৰ অনুসৰি ৰেংকিং হয়।

 

বিজ্ঞানৰ বাহিৰে আপোনাৰ কি কি হবি আছে?

► মই খুহুতীয়া কিতাপবোৰ পঢ়ি ভাল পাওঁ। P.G Wodehouse মোৰ প্ৰিয় ইংৰাজী সাহিত্যিক আৰু পুলা দেশপাণ্ডে আৰু চিমি যোশী মোৰ প্ৰিয় মাৰাঠী সাহিত্যিক। মই ৰাতিপুৱা টেনিছ খেলিছিলো। কিন্তু অৱসৰ লোৱাৰ পিছৰ পৰা খেলিবলৈ লগ নোহোৱা হ'লো বাবে বাদ দিলো।

(এইখিনি সময়তে মঙ্গলা নাৰ্লিকাৰ বাইদেৱে উল্লেখ কৰিছিল যে ডেকা বয়সত নাৰ্লিকাৰে খুব ভাল বেডমণ্টন খেলিছিল।)

 

আপুনি এটা সাক্ষাৎকাত কৈছিল যে বিগত ৩০ বছৰে আপুনি একো উদ্বোধনী অনুষ্ঠানত ভাগ লোৱা নাই। ইয়াৰ কাৰণ কি?

► এটা সময় আছিল, তেতিয়া মই এই উদ্বোধনী অনুষ্ঠানবোৰত ভাগ লৈছিলো। কেম্ব্ৰিজৰ পৰা ঘুৰি আহি ১৯৬৮ চনত পুণে বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞানৰ মুৰব্বীয়ে মোক অনুৰোধ কৰিলে নতুন টেলিস্কোপ এটা মই হেনো মুকলি কৰিব লাগে। মই গ'লো। অনুষ্ঠানটোৰ বাতৰি বিতংকৈ খবৰ-কাকতত ওলাল। এখনে সম্পাদকীয়ত লিখিলে "টেলিস্কোপ মুকলি কৰিবলৈ নাৰ্লিকাৰক মতাতো তেওঁৰ সময়ৰ অপচয়"। কথাখিনিয়ে মোক ভবাই তুলিলে। তেতিয়াৰ পৰা মই একো উদ্বোধনী অনুষ্ঠানত ভাগ লোৱা নাই। ইয়াৰ পৰা কিমান সময় বাচিছে মই গণনা কৰিও উলিয়াইছো। সাধাৰণতে এনেকুৱা অনুষ্ঠানত একোটাত ৫-৬ জন লোকে মঞ্চত উঠি ঘুৰাই-পকাই একেখিনি কথাকে কৈ থাকে। আৰু তাৰপিছত একেই ফিটাকটা। কোনোৱে জানিব নিবিচাৰে ইয়াৰ পিছৰ পৰ্যায়তনো কি হ'ব। গতিকে এনে এখন অনুষ্ঠানত নাই বুলিও মোৰ দুই-তিনি ঘণ্টামানকৈ সময় বাচি গৈছে।

 

গৱেষণাক কেৰিয়াৰ হিচাপে নিৰ্বাচন কৰা আমাৰ দৰে ছাত্ৰ-ছাত্ৰীক আপুনি কি উপদেশ দিব বিচাৰিব?

► তোমালোকে যি কৰিব বিচাৰা, যি কৰিম বুলি থিৰ কৰা, নিজৰ সম্পূৰ্ণ প্ৰচেষ্টা আগবঢ়াই কৰিবা। অনিচ্ছুক হৈ অমনোযোগেৰে নকৰিবা।

 

অসমলৈ এইটো ভ্ৰমণৰ আপোনাৰ অভিজ্ঞতা কেনে ধৰণৰ?

► অসমলৈ এইটো মোৰ চতুৰ্থ নে পঞ্চমটো ভ্ৰমণ আৰু তেজপুৰলৈ প্ৰথম। মোৰ পত্নী পিছে এয়াই প্ৰথম অসমলৈ আহিছে। অসমলৈ আহি মোৰ সদায়েই ভাল লাগে।

2 Comments
  • আবিদ আজাদ
    Posted at 22:37h, 06 August

    খুবেই মনোগ্ৰাহী আৰু জ্ঞানদায়ী সাক্ষাতকাৰ। পঢ়ি ভাল পালোঁ। আপোনালোকৰ চেষ্টাক অশেষ ধন্যবাদ।

    • Gonit Sora
      Posted at 12:21h, 08 August

      ধন্যবাদ।