“আচলতে প্ৰেৰণা মানুহৰ ভিতৰৰ পৰা আহিব লাগে। তেতিয়া মানুহক কোনো পৰিস্থিতিয়ে টলাব নোৱাৰে।” - উদ্ধৱ ভৰালী

কথোপকথনত যশস্বী উদ্ভাৱক উদ্ধৱ ভৰালী

 

সাক্ষাৎগ্ৰহণ : দীক্ষিতা শৰ্মা, ভাস্কৰজ্যোতি ভট্টাচাৰ্য্য

সংকলন : ভাস্কৰজ্যোতি ভট্টাচাৰ্য্য

 

inventor - Uddhab Bharaliশতাধিক যন্ত্ৰৰ উদ্ভাৱক অসম গৌৰৱ উদ্ধৱ ভৰালী বৰ্তমান এটি পৰিচিত নাম। নিজৰ উদ্ভাৱনসমূহৰ জড়িয়তে তেখেতে দেশ-বিদেশৰ বহুতো সন্মান বুটলিবলৈ সক্ষম হৈছে। লক্ষ লক্ষ টকাৰ চাকৰি হেলাৰঙে প্ৰত্যাখ্যান কৰি কেৱল অসম আৰু অসমৰ মানুহৰ বাবে কাম কৰি যোৱাৰ সপোন দেখা এইজনা মহান উদ্ভাৱকৰ সৈতে আমাৰ এটি আছুতীয়া সাক্ষাৎকাৰ।

সাক্ষাৎকাৰটি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস (২৮ ফেব্ৰুৱাৰী) ৰ লগত সংগতি ৰাখি তেজপুৰ বিশ্ববিদ্যালয়ত আয়োজিত বাৰ্ষিক বিজ্ঞান সমাৰোহ ‘InSCignis’ ৰ ২০১৪ বৰ্ষৰ স্মৰণিকাত ইতিপূৰ্বে প্ৰকাশ হৈছে।

 

ছাৰ, পোনপ্ৰথমে আপোনাক আমাৰ এই কথোপকথনৰ মজিয়ালৈ স্বাগতম জনাইছো।

► ধন্যবাদ।

 

কথাতেই আছে যে অভাৱেই আবিষ্কাৰৰ মূল। আপোনাৰ জীৱনত এই বাক্যশাৰী সত্য বুলি প্ৰতিপন্ন হয়নে? যদি হয়, তেন্তে মই আপোনাক সুধিব বিচাৰো, কেনেকুৱা ধৰণৰ অভাৱে আপোনাক বিজ্ঞানৰ নতুন যন্ত্ৰপাতি আবিষ্কাৰৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল?

► দৰাচলতেই অভাৱেই আবিষ্কাৰৰ মূল। এই বাক্যশাৰী মোৰ জীৱনত ১০০ শতাংশই শুদ্ধ। বিজ্ঞানৰ যন্ত্ৰপাতিবোৰ চুই চাবলৈ হেপাহ, যন্ত্ৰপাতিবোৰৰ কাম কৰাৰ প্ৰণালী জনাৰ হেঁপাহ মোৰ সৰুৰে পৰাই আছিল, কিন্তু কোনোদিনে বিজ্ঞানৰ কিবা নতুন যন্ত্ৰপাতি উদ্ভাৱন কৰিম বুলি ভবা নাছিলো। কিন্তু অভাৱেই যেন মোৰ বিজ্ঞানৰ যন্ত্ৰপাতিৰ প্ৰতি থকা মোহক উদ্ভাৱন শক্তিলৈ ৰূপান্তৰিত কৰিছিল।

মই যেতিয়া সৰু আছিলো, তেতিয়া আমাৰ ঘৰত ধানকল এটি আছিল। এনেদৰেই মেচিনৰ লগত মোৰ অতি সৰুৰে পৰাই পৰিচয় ঘটে। ধানকলটোৰ কাম কৰা প্ৰণালীয়ে (এফালৰ পৰা ধান সোমালে কিদৰে আনফালৰে চাউল হৈ ওলাই আহে সেইটোৱে) মোক বাৰুকৈয়ে আকৰ্ষিত কৰিছিল।

যন্ত্ৰপাতিবোৰৰ প্ৰতি থকা এনেকুৱা ধৰণৰ আকৰ্ষণে মোক ইঞ্জিনীয়াৰিং পঢ়িবৰ বাবে অনুপ্ৰেৰণা যোগাইছিল আৰু সেয়েহে মই যোৰহাট ইঞ্জিনীয়াৰিং কলেজত ভৰ্তি হওঁ। কিন্তু সেই সময়ত অসমত ‘অসম আন্দোলন’ চলি থকা বাবে মই সেই পঢ়া আধাতে সামৰিবলৈ বাধ্য হ’লো। মাত্ৰ ৩ মাহৰ পাছতে যোৰহাট ইঞ্জিনীয়াৰিং কলেজ এৰি মই চেন্নাইলৈ ইঞ্জিনীয়াৰিং পঢ়িবলৈ যাওঁ। কিন্তু চেন্নাইতো মোৰ ডিগ্ৰী সম্পূৰ্ণ নহ’ল। দেউতা ঢুকুৱা বাবে মই ঘৰলৈ ঘূৰি আহিবলৈ বাধ্য হ’লো। সেই সময়ত মোৰ বাবে যথেষ্ট পইচাৰ দৰকাৰ। ইফালে আমাৰ পৰিয়ালটো যথেষ্ট ধাৰত পোত গৈ আছে। সেয়েহে মই কিবা এটা কৰাৰ চিন্তা কৰো। কিন্তু কি কৰিম? ইফালে ডিগ্ৰীটোৱো সম্পূৰ্ণ নহ’ল। এনেদৰে ভাবি থাকোতেই মোৰ মনলৈ পলিথিন বনোৱাৰ বাবে মেচিন এটি নিৰ্মাণ কৰাৰ কথা আহে, কাৰণ মই জানিছিলো যে চাহ-বাগানবোৰত পলিথিন যথেষ্ট দৰকাৰ হয় আৰু লগতে সেই সময়ত পলিথিন বনোৱা মেচিনটোৰ খৰচ প্ৰায় ৪ লাখ মান হ’ব। গতিকে মই যদি সস্তীয়া পলিথিন মেকিং মেচিন এটি বনাব পাৰো, মানুহ নিশ্চয় মোৰ মেচিনটোৰ প্ৰতি আকৃষ্ট হ’ব। এনেদৰে পৰিকল্পনা কৰি অৱশেষত ১৯৮৮ চনত মই পলিথিন মেকিং মেচিন এটি বনাওঁ, যিটোৰ মাৰ্কেট ৰেট হ’ল মাত্ৰ ৬৭০০০ টকা। গতিকে মই পূৰ্বতে ভবাৰ দৰেই কোম্পানীৰ মালিকবোৰক মোৰ মেচিনটোৱে আকৰ্ষণ কৰিলে। এই সফলতাই মোক যথেষ্ট উৎসাহ যোগালে আৰু লগতে ধাৰৰ পৰাওঁ সামান্য পৰিমাণে হ’লেও সকাহ দিলে। আচলতে মই ১৮ লাখ টকাৰ ধাৰৰ বোজা মূৰত লৈ মেচিনটো বনাইছিলো। যথেষ্ট ৰিক্স আছিল, যিহেতু এই মেচিনটোৱে মোৰ ভৱিষ্যত নিৰূপণ কৰিছিল।

 

Uddhab-BharaliPomegranate De-seeder, অসমীয়াত ডালিমৰ গুটি গুচোৱা মেচিন, যিটো মেচিনে আপোনাক NASA exceptional technology achievement medalqualifying round লৈ যোৱাৰ পথ প্ৰশস্ত কৰাৰ লগতে বিশ্বৰ শীৰ্ষ ১০ জন উদ্ভাৱকৰ মাজতো স্থান দিছিল। এই সৃষ্টিৰ আঁৰৰ কিছু কথা কওকচোন; মানে কিদৰে এনেকুৱা ধৰণৰ মেচিন এটি নিৰ্মাণ কৰাৰ চিন্তা মনলৈ আহিল?

READ:   প্ৰাচীন ভাৰতত গণিত চৰ্চাৰ চমু আভাস

► আচলতে ক’বলৈ গ’লে মোৰ ভবা-চিন্তা কৰা প্ৰক্ৰিয়াটো অতি সাধাৰণ। কিছুমান সৰু সৰু ক্ষেত্ৰত অভাৱ লক্ষ্য কৰিলেই মোৰ মনত মেচিন এটি নিৰ্মাণ কৰাৰ কথা জাগ্ৰত হয়। মই যেতিয়া অলিয়ে-গলিয়ে, ৰাস্তাই-ঘাটে ঘূৰি ফুৰো, তেতিয়া অনবৰতেই মোৰ উদ্ভাৱনী সত্বা জাগ্ৰত হৈ থাকে। ৰাস্তাৰ কাষত টেকেলি পিঠা বিক্ৰী কৰা তিৰোতাজনীৰ পিঠা বনোৱা কষ্টকৰ প্ৰক্ৰিয়াটো দেখি মই আনকি তেওঁৰ বাবেও মেচিন নিৰ্মাণ কৰিছো, যিটো মেচিনে অকল তেনেকুৱা বৃত্তিত জড়িত ব্যবসায়ীসকলৰ মাজতেই নহয়, গৃহিণীসকলৰ মাজতো যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু তুমি কোৱা Pomegranate De-seeder বনোৱাৰ চিন্তা মনলৈ অহাটো অতি সাধাৰণ কথা— প্ৰায়বোৰ ৰোগীৰ মুখতেই মই শুনো যে ডাক্টৰে হেনো তেওঁলোকক ডালিমৰ ৰস খাবলৈ উপদেশ দিছে। কিন্তু ডালিমৰ গুটি গুচাই ৰস খোৱা প্ৰক্ৰিয়াটো যথেষ্ট কষ্টকৰ হোৱা বাবেই বহু বেমাৰীয়ে ডাক্টৰৰ এই উপদেশক আওঁকাণ কৰে। কিন্তু ডাক্টৰেতো উপদেশ এনেই নিদিয়ে, তেন্তে তাকে আওঁকাণ কৰিলে ৰোগ ভাল হ’ব কেনেকৈ? সেয়েহে মই তেনেকুৱা মেচিন এটি বনোৱাৰ কথা ভাবিবলৈ ল’লো, যিটোৱে অতি কম সময়তে গুটিও গুচাব পাৰিব, লগতে সাধাৰণ মানুহৰ বাবে দামটোৱো গ্ৰহণ কৰিব পৰা বিধৰ হ’ব। অৱশেষত তেনেকুৱাই মেচিন এটি বনালো। কিন্তু মেচিনটো নিৰ্মাণ কৰা সময়ত ইমান ডাঙৰ সফলতা পাম বুলি ভবা নাছিলো; হয়তোবা সেই কষ্টকৰ কামটো মেচিনটোৱে সমাধা কৰি দিয়া বাবে মানুহে মেচিনটো আদৰি লৈছিল।

 

ছাৰ, উদ্ভাৱক হিচাপে আপোনাৰ চিনাকী হোৱাৰ আগতে আপুনি এইখন জগতত কাম কৰাৰ বাবে কাৰোবাৰ পৰা প্ৰেৰণা পাইছিলনে? আপুনি কোনো ব্যক্তিবিশেষৰ নাম লব নেকি?

► নাই, আৰম্ভণিতে মই কাৰোৱে পৰা প্ৰেৰণা পোৱা নাছিলো। আনকি মোৰ চিন্তা-ভাৱনাৰ ৰূপ দেখি বহুতেই মোক পাগল বুলি ঠাট্টা-মস্কৰা কৰিছিল। এনেকুৱা এটি সময়ো মোৰ জীৱনলৈ আহিছিল, যেতিয়া মোক মানুহে কোনো ক্ষেত্ৰতে পাট্টা নিদিয়া হৈছিল। প্ৰেৰণাটো দূৰৰেই কথা, আনকি বহু মানুহৰ মুখৰ ভাল মাতষাৰৰ পৰাও মই বঞ্চিত হৈছিলো। অভাৱৰ দিনৰ এটি কথা মোৰ এতিয়াও মনত পৰে। এবাৰ মই IIT, গুৱাহাটীলৈ মোৰ মেচিন এটি বিক্ৰী কৰাৰ উদ্দ্যেশ্যেৰে লখিমপুৰৰ পৰা আহিছিলো। আহি পাওঁতে ৰাতি হৈছিল। টকাৰ অভাৱৰ বাবেই সেই ৰাতিটো মই ৰেলৱে-প্লেটফৰ্মতে কটাব লগা হৈছিল। এতিয়া মাজে-সময়ে সেইবোৰ কথা ৰোমন্থন কৰিলে ভালো লাগে, বেয়াও লাগে। আৰু আচল কথাটো কি জানা, আচলতে প্ৰেৰণা মানুহৰ ভিতৰৰ পৰা আহিব লাগে। তেতিয়া মানুহক কোনো পৰিস্থিতিয়ে টলাব নোৱাৰে।

 

আপোনাৰ উদ্ভাৱনসমূহ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰাত মিডিয়াৰ পৰা কেনেকুৱা ধৰণে সহায় পাইছে?

► মিডিয়াৰ পৰা যথেষ্ট সহায় পাইছো। বিশেষকৈ ৰাষ্ট্ৰীয় চেনেলসমূহে মোক যথেষ্ট সহায় কৰিছে। আৰু যেতিয়া ১৯৮৮ চনত মই মোৰ প্ৰথম মেচিন ‘Polythene making machine’ বনাইছিলো, তেতিয়াতো অসমত মিডিয়া নাছিল বুলি ক’লেই হয়। এতিয়াহে এক-দুই কৈ চেনেলবোৰ আহি আছে।

 

Uddhab-Bharali-Assam

গৱেষণাগাৰত উদ্ধৱ ভৰালী

ছাৰ, আপুনি অসমতে ভৱিষ্যতেও থাকিব খোজাৰ কিবা বিশেষ কাৰণ? মানে মই শুনামতে বহুকেইটা বহুজাতিক কোম্পানীৰ পৰা পোৱা লক্ষ লক্ষ টকাৰ প্ৰস্তাৱো আপুনি প্ৰত্যাখ্যান কৰিছে। আনকি, মই জনাত আপুনি আজিও লখিমপুৰকেই আপোনাৰ কৰ্মস্থল হিচাপে বাচি লৈ আহিছে। অসম বা লখিমপুৰক লৈ আপোনাৰ কিবা বিশেষ সপোন আমাৰ আগত প্ৰকাশ কৰিব নেকি? লগতে আপোনাক সুধিব বিচাৰো, গ্লেমাৰ জগতখনলৈ আপুনি কিয় অকণমানো আগ্ৰহাম্বিত নহয়?

READ:   Workshop on Undergraduate Algebra, Analysis and its Applications for the North East

► আচলতে গ্লেমাৰ জগতখনলৈ মোৰ অলপ ভয় নথকাও নহয়। আজিলৈকে মই বিজ্ঞানৰ ১০০ ৰো অধিক যন্ত্ৰ উদ্ভাৱন কৰিছো, আৰু সময় আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই তালিকাখন আৰু অধিক দীঘল কৰিবলৈ মোৰ মন আছে। কিন্তু গ্লেমাৰৰ পাকচক্ৰত পৰি যদি তালিকাখনৰ গতি মন্থৰ হৈ যায়, সেইটো ভাবি মই বাহিৰলৈ নোযোৱাটোকে ঠিক কৰিছো। বাহিৰলৈ নোযোৱাকৈয়েতো ১০০ ৰো অধিক যন্ত্ৰ উদ্ভাৱন কৰিলো, তাৰ বাবে মোক বহু বেছি বছৰৰো প্ৰয়োজন হেৱা নাই। সঁচা অৰ্থত ক’বলৈ গ’লে ইয়াতে মই যথেষ্ট সৃষ্টিশীল পৰিৱেশ এটি পাওঁ। গ্লেমাৰ হৈ গাড়ীত উঠি ঘূৰি ফুৰিলে ৰাস্তাৰ কাষৰ টেকেলি বিক্ৰী কৰা তিৰোতাজনীৰ কষ্টখিনি নিশ্চয় অনুধাৱন কৰিব নোৱাৰিলোহেঁতেন, আৰু তেতিয়া মোৰ ১ টা সৃষ্টি কমি গ’লহেতেন। নহয় জানো? গতিকে মোৰ বাবে গ্লেমাৰ শব্দটোৰ কোনো দাম নাই, মাথোঁ দাম আছে সৃষ্টিৰহে।

আৰু তুমি সোধা প্ৰথম প্ৰশ্নটো, অসম বা লখিমপুৰক লৈ মোৰ বহু সপোন আছে। অসমৰ সমস্যা অনেক। সেই সমস্যাবোৰৰ যদি ১ শতাংশও মই মোৰ উদ্ভাৱনেৰে সমাধান কৰিব পাৰো, তেতিয়াহে মই ক’ব পাৰিম যে মই প্ৰকৃত অসমীয়া। অন্যথা, টেলিভিচনত মোক দেখি অসমৰ মানুহে মোৰ বাবে কাৰোবাৰ আগত গৰ্ব কৰিলে মই লাজহে পাব লাগিব। সেইকাৰণে মই জীৱনৰ বাকীকেইটা দিনো অসমতে সুকলমে পাৰ কৰাৰ কথা ভাবিছো। কালি মোৰ ওচৰলৈ Transformer related Problem লৈ Assam Electricity Board আহিছে, কেনেকৈ সেই সমস্যাটো সমাধান কৰিব পাৰি মই তাকে চিন্তা কৰি আছো। গতিকে মই যদি বাহিৰলৈ গুচি যাওঁ, তেন্তে এনেকুৱা বহু সমস্যা লৈ অসমৰ কোম্পানীবোৰে বাহিৰৰ কোনোবা উদ্ভাৱকৰ কাষ চাপিব লাগিব, তেন্তে মোৰ পৰা অসমৰ কি লাভ হ’ব। আজি কিছুদিন আগতে মোৰ ওচৰলৈ অসমৰ অভিজাত প্ৰকাশন প্ৰতিষ্ঠান ‘চন্দ্ৰ প্ৰকাশন’ আহিছিল। বিশিষ্ট লেখক অৰুণ গোস্বামীয়ে কিতাপ এখন লিখিছে, বহু ডাঙৰ কলেৱৰৰ কিতাপ, বহু হাজাৰ পৃষ্ঠাৰ হ’ব, বিশ্বৰেকৰ্ডৰ বাবে কিতাপখন লিখিছে, যিখন কিতাপ চন্দ্ৰ প্ৰকাশনে প্ৰকাশ কৰিছে। এতিয়া কথা হ’ল, কিতাপখন খোলা যোৱাৰ বাবে কিবা এটা উপায় চিন্তা কৰিব লাগে, ইমান ডাঙৰ কলেৱৰৰ কিতাপ, গতিকে সাধাৰণ কিতাপৰ দৰে ঠাঁচ দিলে কিতাপখন খোলা নোযোৱাটো স্বাভাৱিক। তাৰ বাবেও মই এটি উপায় ভাবি উলিয়াইছিলো।

 

ছাৰ, অসমত কোম্পানীৰ অভাৱআচলতে কবলৈ গলে অসমৰ বজাৰখন বাহিৰৰ বণিকগোষ্ঠীয়ে দখল কৰি লৈছে। এনেস্থলত আপুনি কেতিয়াও কোম্পানী খোলাৰ কথা ভবা নাইনে?

► নাই, কোম্পানীৰ মালিক হোৱাৰ কথা মই কেতিয়াও ভবা নাই। মোৰ একমাত্ৰ উদ্দেশ্যটোৱে হৈছে মেচিনেৰে মানুহৰ জীৱনযাত্ৰা সুচল কৰি তোলাৰ লগতে ভাত-কাপোৰৰ সমস্যাটোৱো কিছুপৰিমাণে সমাধান কৰা।

 

Uddhab Kumar Bharali

২০০৯ চনৰ ১৮ নৱেম্বৰত বিশেষ উদ্ভাৱনৰ বাবে ৰাষ্ট্ৰপতিৰ বঁটা গ্ৰহণৰ মুহূৰ্তত

আপুনি কিছুদিন পূৰ্ৱে তেজপুৰ বিশ্ববিদ্যালয়ৰ Centre for Innovation, Business Incubation and Entrepreneurship (CIIE) বিভাগত Visiting Director হিচাপে যোগদান কৰিছে। ইয়াতে আপোনাৰ অনুভৱ কেনেকুৱা?

► খুবেই ভাল। ল’ৰা-ছোৱালীবোৰৰ শিকাৰ প্ৰতি ৰাপ আছে। তেওঁলোকে মোক বিভিন্ন প্ৰশ্ন কৰে, যিয়ে মোৰো যথেষ্ট উপকাৰ কৰিছে।

অ’, এইখিনিতে তোমালোকক মই কথা এটি কওঁ— Engineering ৰ পাঠ্যক্ৰমত কিন্তু বহু সংশোধনীৰ প্ৰয়োজন আছে। মোৰ বোধেৰে এজন ভাল অভিযন্তাৰ বাবে তাত্বিক জ্ঞানতকৈ  প্ৰায়োগিক জ্ঞানৰহে বেছি প্ৰয়োজন। কেতিয়াবা Theory মতে Practical য়ে কামো নিদিয়ে। গতিকে পাঠ্যক্ৰমত যদি প্ৰথমতে Practical ক গুৰুত্ব দিয়া হয়, তেন্তে Theory টো automatically আয়ত্ত্বলৈ আহি যাব।

READ:   The unreasonable ubiquity of mathematics: Sujatha Ramdorai

 

তেজপুৰ বিশ্ববিদ্যালয় আৰু IIT বোৰৰ অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ মাজত কিবা পাৰ্থক্য আপুনি দেখিছেনে?

► নাই দেখা। পাঠ্যক্ৰমবোৰ সমান Standard-অৰেই। কেৱল IIT বোৰত Placement ভাল কাৰণেই সততে আমাৰ মনত এনেকুৱা এটি প্ৰশ্নৰ উদয় হয়। কিন্তু পাঠ্যক্ৰমত কোনো পাৰ্থক্য নাই।

 

এজন সচেতন নাগৰিক হিচাপে আপোনাক মই সুধিব বিচাৰো, অসমত সততে আন্দোলন, বন্ধ, ধৰ্ণা-বিক্ষোভ আদি হয়। এইবোৰে সৃষ্টিশীলতাত বিৰূপ প্ৰভাৱ নেপেলাইনে?

► নিশ্চয় পেলায়। এটা কথা ভাবিলে মোৰ যথেষ্ট আচৰিত লাগে। ৰাস্তাত বহি ঘণ্টাৰ পাছত ঘণ্টা, দিনৰ পাছত দিন সময় পাৰ কৰিবলৈ মানুহবোৰে সময়বোৰ পায় ক’ত! আচলতে ক’বলৈ গ’লে এই আন্দোলন-অনশনবোৰৰ বাবে চৰকাৰেই জগৰীয়া। আজিকালি আন্দোলন-অনশন নকৰিলে কোনো ইচ্ছ্যুৱেই পাত্তা নাপায়। চৰকাৰে জনসাধাৰণৰ মাজত এনেকুৱা এটি ভাৱৰ সঞ্চাৰ কৰা বাবেহে দিনক দিনে আন্দোলন-অনশন ইত্যাদি বাঢ়ি গৈ আছে, আৰু যাৰ বাবে অসমৰ উন্নয়নৰ গতি দিনক-দিনে যথেষ্ট মন্থৰ হৈ গৈ আছে।

 

আপোনাৰ বৰ্তমান পৰিকল্পনা?

► হাতত অজস্ৰ Assignment আছে। কেতিয়াবা সময়ৰ কথা ভাবিলেই মোৰ মূৰটো গৰম হৈ যায়, ইমানবোৰ Assignment যে সময়েই মিলাব নোৱাৰো। তাৰোপৰি অহা ফেব্ৰুৱাৰী মাহত অনাথ শিশু আশ্ৰম এখন খুলিম। তাৰে কামতো বৰ্তমান অলপ সময় দিব লগা হৈছে।

 

ছাৰ, আমাৰ এই সাক্ষাকাৰটোৰ পৰা পঢ়ুৱৈয়ে নিশ্চয়কৈ আপোনাৰ ব্যক্তিগত জীৱনৰ কথাও কিছু জানিব বিচাৰিব

আপোনাৰ ঘৰত কোন কোন আছে?

► এতিয়া ঘৰত মোৰ মা, পত্নী, ভাইটি আৰু মোৰ ল’ৰা এটি আছে। অভাৱৰ দিনত বহুতোকে হেৰুৱাইছো।

নাটক, চিনেমা, গান ইত্যাদিত আপোনাৰ ৰাপ কেনেকুৱা?

► দুই-একোখন ভাল চিনেমা চাওঁ। বেছি চাবৰ সময়েই নহয়। আৰু Instrumental Music মোৰ ভাল লাগে।

 

অসমীয়া মানুহে সৰহসংখ্যক সময় উসৱ-পাৰ্ৱণতেই খৰচ কৰে বুলি বহুতো বুদ্ধিজীৱীয়ে ইতিমধ্যে সমালোচনা কৰিছে। আপুনি এইক্ষেত্ৰত কি কয়?

► নিশ্চয়। ময়ো তেওঁলোকৰ লগত একমত। বিশেষকৈ মই বিহুৰ কথাকেই কওঁ— তিনি-চাৰি মাহ ধৰিচোন অসমত বিহু চলিয়েই থাকে। গতিকে সেইখিনি সময় যদি অসমৰ মানুহে কিবা বেলেগ কামত ব্যয় কৰে, তেন্তে প্ৰগতিৰ গতিয়ো ত্বৰান্বিত হ’ব।

 

আজিৰ প্ৰজন্মলৈ আপোনাৰ কিবা উপদেশ?

► দুৰ্নীতিয়ে আজি গোটেই ভাৰতবৰ্ষকে কোঙা কৰি পেলাইছে। গতিকে মোৰ নৱ-প্ৰজন্মলৈ এটাই আহ্বান : যাতে তেওঁলোকে দুৰ্নীতি-কেলেংকাৰীৰ বিপক্ষে মাৰবান্ধি থিয় হয়। নিজৰ দেউতাকে কৰা দুৰ্নীতিক যদি সন্তানটোৱে আঙুলিয়াই দিয়ে, তেন্তে মোৰ দৃঢ় বিশ্বাস এদিন হ’লেও দুৰ্নীতিৰ গতি কিছু পৰিমাণে স্তিমিত হ’ব। দেউতাকে বাইকখন দিলে সন্তানটিয়ে প্ৰশ্ন কৰা প্ৰয়োজন, বোলে তুমি পইচা পালা ক’ত? লগতে মই এই ছেগতে এই কথাটোও উনুকিয়াও যে আজিৰ পৃথিৱীত মূল্যবোধ শিক্ষাৰ (Moral education) যথেষ্ট প্ৰয়োজন আছে। গতিকে স্কুল-কলেজৰ পাঠ্যক্ৰমত এনেকুৱা এটি বিষয়ো সন্নিৱিষ্ট কৰাৰ দৰকাৰ।

 

ধন্যবাদ, ছাৰ। আমাৰ কথোপকথন ইমানতে সামৰো। ব্যস্ততাৰ মাজতো ইমানখিনি সময় আমাক দিয়া বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো। আপোনাৰ সৃষ্টিৰাজিৰ তালিকাখন আৰু অধিক দীঘল হওক, তাৰেই কামনা কৰিলো।

► ধন্যবাদ। তোমালোকৰ প্ৰতিওঁ মোৰ শুভকামনা থাকিল।

The following two tabs change content below.
No Comments

Sorry, the comment form is closed at this time.