আৰম্ভণিতে আমি গণিতৰ গুৰুত্বপূৰ্ণ তথা সন্মানীয় স্থানখন বিখ্যাত দাৰ্শনিক (Philosopher) প্লেট’ৰ ধাৰণাৰে কেনে ধৰণে ব্যাখ্যাত হৈছে, মন কৰোহঁক| প্লেট’ৰ ৰিপাব্লিক (Republic) ত তেওঁৰ কল্পনাৰ সমাজখনৰ বিভিন্ন শ্ৰেণীৰ উৰ্দ্ধতম স্থানত থকা ‘এলিট্‌’ (Elite) শ্ৰেণীটোৰ সন্দৰ্ভত কৈছে, “প্ৰথমে আমাৰ ‘এলিট’সকলে ‘পৰিষ্কাৰ’ভাবে ভাবিব পাৰিব লাগিব| সেই উদ্দেশ্যে তেওঁলোকে ‘ধাৰণাৰ নীতি’ অধ্যয়ন কৰিব লাগিব|” এই সম্পৰ্কত উইল ডুৰাণ্টে তেওঁৰ ষ্ট’ৰি অফ্‌ ফিলচ’ফি (Story of Philosophy) ত লিখিছে “এটা বস্তুৰ ধাৰণা হৈছে— সেই বস্তুটো যিটো শ্ৰেণীৰ অন্তৰ্ভুক্ত, তাৰে ‘সাধাৰণ ধাৰণা’— বা ই হ’ব পাৰে সেই নিয়ম বা নিয়মসমূহ যাৰে বস্তুটো ‘সচল’ বা ‘প্ৰক্ৰিয়াবদ্ধ’ হয়— বা ই হ’ব পাৰে সঠিক উদ্দেশ্যৰ আৰু আদৰ্শৰ যাৰ ফালে বস্তুটো বা ইয়াৰ শ্ৰেণীটো অগ্ৰসৰ হয়| এই ধাৰণা, নিয়ম আৰু আদৰ্শবোৰ অধিক স্থায়ী আৰু সেয়ে বেছি বাস্তৱ, ইন্দ্ৰিয়লব্ধ নিৰ্দিষ্ট বস্তুসমূহতকৈ যাৰে আমি ধাৰণা লওঁ আৰু সেইবোৰ পাওঁ (Deduce)|”

কেইজনমান উৎসাহী আৰু দূৰদৰ্শী গণিতৰ ছাত্ৰৰ ঐকান্তিক চেষ্টাত বৈদ্যুতিন মাধ্যমত উপলব্ধ হোৱাকৈ গণিতক অধিক সংখ্যকৰ ওচৰলৈ নিয়াৰ এক প্ৰচেষ্টা চলোৱা হৈছে। এনে এক প্ৰশংসনীয় কামত গণিতৰ ছাত্ৰ হিচাপে আমাৰো যদি অলপ কিবা বৰঙণি থকে তেনেহ’লে আমি অতিকে সুখী হ’ম বুলি ভাবিছিলোঁ। সেয়ে আমি আমাৰ দুখনমান...

২২ ডিচেম্বৰ, ১৮৮৭ : এৰোদত জন্ম তেওঁৰ মোমায়েকৰ ফালৰ ককাদেউতাকৰ ঘৰত। তেওঁ এৰোদৰ জিলা মুঞ্চিফৰ কৰ্টত আমিন আছিল। দেউতাক — শ্ৰীনিবাস আয়েংগাৰ মাক — কোমালাম্মাল আইতাক — ৰাংগাম্মাল দেহৰ গঠনৰ ফালৰ পৰা ৰামানুজন আছিল বহু পৰিমাণে তেওঁৰ মাক আৰু আইতাকৰ দৰে। ঘৈণী — জানকী, জন্ম ১৯০১ ১৮৮৮ ৰ পৰা ১৯১৪ লৈ...

R-1 লক্ষ্যবছৰ ১৯৬৭ : ইয়াত কোনো সন্দেহ নাই যে ১৯৪০ চনৰ পিছত আৰু বহুত প্ৰবন্ধ ওলালহেঁতেন। ৰংগনাথনে আশা কৰা মতে শেষৰ পাঁচ বছৰ ৰামানুজনৰ নোটবুককেইটাৰ ফটোক’পি কেইটাৰ জড়িয়তে বহুত প্ৰবন্ধই টাটা ইনষ্টিটিউট অব ফাণ্ডামেণ্টেল ৰিচাৰ্ছ উদ্দীপিত কৰিলেহেঁতেন। গ্ৰন্থতালিকাৰ উপযুক্ত কাল হৈছে ১৯৬৭ চনৰ ২২ ডিচেম্বৰ। কাৰণ...

The editor of the English section of Gonit Sora, writes a monthly column devoted to mathematics in a teen magazine called Young NE. The editor of Young NE was kind enough to grant us permission to republish the column after it appears on print. Below is the column that appeared in Vol 1, Issue 3, July 2013 of Young NE. [ad#ad-2]  

“হে মোৰ সকলো শত্ৰু তোক নমস্কাৰ তোক বন্ধু ৰুপেহে চাওঁ তোৰে স’তে মোৰ সংঘাত লাগি মোৰ জীৱনতে ধুনীয়া প্ৰকাশ পাওঁ।” (জ্যোতিপ্ৰসাদ)
  মানুহৰ জ্ঞানৰ সকলো শাখাৰ ক্ৰমবিকাশৰ আঁৰত লুকাই থকা মূলনীতিটো তথা মানুহৰ প্ৰতিভা বিকাশৰ আঁৰত লুকাই থকা সেই একে নীতিৰে এক মধুৰতম কাব্যিক প্ৰকাশ জ্যোতিপ্ৰসাদৰ এই কবিতাটো। জ্ঞানৰ বিভিন্ন শাখাত এই নীতিৰ প্ৰভাৱ অথবা ক্ৰিয়া ফল্পু হৈ থাকে, সেয়ে সহজে চকুত নপৰে। গণিতৰ ক্ষেত্ৰত পিছে ইয়াৰ স্ফটিকী-প্ৰকাশ ঘটে। সেয়ে গণিতৰ ছাত্ৰ হিচাপে বোধকৰো এনে প্ৰকাশৰ প্ৰতি আমাৰ দুৰ্বলতা। গণিতৰ ক্ৰমবিকাশৰ ইতিহাস তথা গাণিতিক সমস্যা সমাধানৰ আঁৰত মূল নীতিয়ে সোঁৱৰাই দিয়ে— কেনেকৈ শত্ৰু (বিৰোধ, কণ্ট্ৰাডিকশ্যন্) হে বিৱৰ্ত্তনৰ বাটত প্ৰধান চালিকা শক্তি। ফ্ৰেডেৰিক্ এংগেল্-চে প্ৰকৃতিৰ মাজত দ্বন্দ্ব (ডায়েলিকটিকচ) বিচাৰি যাওঁতে গাণিতিৰ ক্ষেত্ৰখনতো এই উদ্দেশ্যে কিছু বিচৰণ কৰিছে। গণিতৰ ক্ষেত্ৰখনত সোমাই থকা এই দ্বন্দ্ব বা দ্বান্দ্বিক প্ৰক্ৰিয়া এনে গুৰুত্বপূৰ্ণ বা ইয়াৰ ফল এনে সুদূৰপ্ৰসাৰী যে ইয়াৰ প্ৰভাৱ (এনে পৰ্যবেক্ষণ স্বভাৱ) এবাৰ তেজত সোমালে সংগীতকে ধৰি বুদ্ধিৰ ওপৰলৈ গুচি গৈ বিয়পি থকা অনুভৱৰ ক্ষেত্ৰখনতো ই নিতান্তই স্বাভাৱিক বিবেচিত হয়। সেয়ে ছন্দ (ৰিদম)ৰ প্ৰভাৱৰ এই অৰ্থত গাণিতিক বিচৰণ এক নোহোৱা-নোপোজা কথা বুলি গালি খাবলগীয়া নহয়। এইখিনিতে ‘সপ্তস্বৰ’ৰ অৱস্থানত সোমাই থকা (গ্ৰীক গণিতজ্ঞ কৃত) গাণিতিক শৃংখলাৰ বন্ধনখিনি উল্লেখযোগ্য। লগতে ইয়াৰ মাজত সোমাই থকা সূক্ষ্মতাৰ বিৰোধখিনিত অনুভৱৰ দ্বাৰা খাপ খুৱাই ল’ব পৰা এক গাণিতিক নিয়মৰ অন্তৰ্ভুক্তিৰ অতি সম্ভাৱনা থকা চিন্তাখিনিও মন কৰিবলগীয়া। এই আলোচনাত আমাৰ উদ্দেশ্য হৈছে গাণিতৰ প্ৰতি থকা অহৈতুক ভয় তথা অপ্ৰীতি আঁতৰাবলৈ গাণিতিক সোৱাদৰ প্ৰতি এক মানসিকতা গঢ় দিয়া।

গণিতৰ জগতখন হৈছে যুক্তি আৰু শৃংখলাৰ। সেয়ে গণিতজ্ঞসকলে স্বাভাৱিকতেই নিজৰ ব্যক্তিগত জীৱনতো এই শৃংখলা বিচাৰিবলৈকে অহোপুৰুষাৰ্থ কৰে। সাধাৰণতে তেওঁলোকে বিচাৰি পায়ো। নহ’লে যে গণিতৰ জগতখনতেই সোমাবলৈ কষ্ট হ’ব তেওঁলোকৰ, যদিওবা মানৱ-জগতখন ইমান শৃংখলাদ্ধ নহয়। পিছে কেতিয়াবা এয়া হৈ নুঠে। আৰু ইয়েই মানৱীয় আৰু গাণিতীয় কাৰুণ্যলৈ...