বিশ্বৰ গণিতজ্ঞসকলৰ জীৱন আৰু কৃতি যদি আমি পৰ্যালোচনা কৰোঁ, তেতিয়া আমি দেখা পাওঁ যে তেওঁলোকৰ প্ৰতিভাৰ উন্মিলন একেবাৰে শৈশৱতে হয়। শৈশৱকালতে গাণিতিক প্ৰতিভাৰ উন্মিলন হোৱা এজন গণিতজ্ঞৰ বিষয়ে এই প্ৰৱন্ধটোত আলোচনা কৰিব খুজিছোঁ। যাৰ জীৱনগাথা জীৱনৰ কণ্টকময় পথেৰে খোজকঢ়াসকলৰ বাবে পৰম পাথেয়স্বৰূপ। ইউৰোপ মাহাদেশৰ উত্তৰ-পশ্চিম প্ৰান্তত...

    2010 চনৰ 24 অক্টোৱৰ তাৰিখে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষগৃহত (তেজপুৰ বিশ্ববিদ্যালয়) সেই বৰ্ষৰ টেকক্ষেত্ৰৰ (TechXetra) উপলক্ষে প্ৰফেছৰ নয়নদীপ ডেকাবৰুৱাই এক সংখ্যা-যাদু প্ৰদৰ্শন কৰিছিল। ইয়াত সহযোগ কৰিছিল বিশ্ববিদ্যালয়খনৰ গণিত ক্লাৱৰ প্ৰায় চল্লিশজন সদস্যই। বিশ্ববিদ্যালয়ৰ বহুতো ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন প্ৰান্তৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰদৰ্শনী উপভোগ কৰিছিল। ওপৰৰ...

প্ৰতি বছৰে 14 মাৰ্চ (3.14) তাৰিখটো ‘পাই($$pi$$) দিৱস’ হিছাপে উৎযাপন কৰা হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিজ্ঞান বিভাগত 2009 চনত এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী পালন কৰা হৈছিল। সেই কাৰ্যসূচীৰ উপলক্ষে বিভাগটোৰ তেতিয়াৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী প্লাৱিতা বৰুৱা, গীতাঞ্জলী ডেকা, জয়শ্ৰী বৰপূজাৰী, অংশু মালা আৰু হিমা শৰ্মাই...

প্ৰাচীন ভাৰতত গণিত আৰু বিজ্ঞানৰ চিন্তা-চৰ্চাত নৱজাগৰণৰ সূচনা হয় খ্ৰিষ্টীয় পঞ্চম শতিকাত আৰু ইয়াৰ বাটকটীয়া হ’ল আৰ্য্যভট্ট[$$^{1}$$]। তেওঁক “Renaissance Man” আখ্যা দিব পাৰি[$$^{2}$$]। তেওঁৰ পূৰ্বসূৰীসকলে গণিত, জ্যোতিৰ্বিজ্ঞান, জ্যোতিষ, ধৰ্মীয় আচাৰ, বিজ্ঞান আৰু আধ্যাত্মিক জ্ঞান একেলগে লিপিৱদ্ধ কৰিছিল। সেই পৰম্পৰা ভংগ কৰিলে আৰ্য্যভট্টই। তেওঁ তদানীন্তন গণিত...