লিঅ'নাৰ্ড অইলাৰ (Leonhard Euler) — গণিত-বিজ্ঞানৰ বৰ্ণিল ইতিহাসৰ এক স্বৰ্ণময় অধ্যায়, সৰ্বকালৰ এগৰাকী বিখ্যাত গণিতজ্ঞ আৰু মহান দাৰ্শনিক। গণিতৰ আকাশৰ ভোটাতৰা সদৃশ এই ব্যক্তিগৰাকীয়ে তেওঁৰ সময়ৰ গণিত-বিজ্ঞানৰ প্ৰায় দুয়োটা ভাগতে [বিশুদ্ধ গণিত (Pure Mathematics) আৰু প্ৰায়োগিক গণিত (Applied Mathematics)] কাম কৰিছিল। জীৱনৰ শেষ কালছোৱালৈকে এই...

পোনপ্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয়ৰ গণিত বিভাগত হৈ যোৱা ৰাষ্ট্ৰীয় সন্মিলনখনিক লৈ বিভাগৰ আটাইখিনি মানুহেই অতি ব্যস্ত হৈ আছিলোঁ, যদিওবা শ্ৰেণীকোঠাৰ দায়ীত্বৰ পৰা আঁতৰি আছিলোঁ। এই সুযোগতে জন ষ্টিলৱেলৰ স্প্ৰিংগাৰৰ পৰা প্ৰকাশিত ‘মেথেমেটিক্স এণ্ড হিষ্টৰী’ শীৰ্ষক কিতাপখনি হঠাতে হাতত পৰিল। কিতাপখনৰ পাতনিটো পঢ়ি ভাল লাগিল। লিখা আছিল—
‘One of the disappointments experienced by most mathematics students is that they never got a course of mathematics. They get course in calculus, algebra, topology, and so on. But the division of labor in teaching seems to prevent these different topics being combined into a whole.’
প্ৰথমতেই আকৃষ্ট হৈ পাত লুটিয়াই গ’লোঁ, এই কথা মনত ৰাখি যে, সাধাৰণ পাঠকক দিব পৰা কিবা আছে নেকি? তাৰেই এটা চেষ্টা এনেদৰে আগবঢ়াইছোঁ। আধুনিক শুদ্ধ বা বিমূৰ্ত গণিতৰ এটা শাখা ‘গ্ৰুপ-থিওৰি’ৰ ক্ষেত্ৰখনত এক অনন্য প্ৰতিভা ‘এভাৰিষ্ট গেল্-ওৱা’ৰ জীৱন কাহিনীনো কেনে উপন্যাসোপম তাকেই চাব খুজিছোঁ এই প্ৰবন্ধটিত। মাথোঁ একৈশ বছৰীয়া জীৱন এটাৰে জগতক দি থৈ গৈছে এক অভূতপূৰ্ব অৱদান। পেৰিচৰ ওচৰৰ এখন নগৰত জনম লৈছিল এইজনা ক্ষণজন্মা গণিতৰ নায়কে, ১৮১১ চনত। গেল্-ওৱা সম্পৰ্কত জন ষ্টিলৱেলৰ এক মনোমোহা টিপ্পনী— “যদিওবা গেল্-ওৱাৰ জীৱন সম্বন্ধে জনা কথাখিনিয়ে আমাৰ এক নাটকীয় পৰিবাসনা তৃপ্ত কৰে, পিছে এই ক্ষণজন্মা নাযকজনৰ ট্ৰেজেডিখিনি বেছি ‘ক্লাছিকেল’ ধৰণৰ, যাৰ বীজ নিহিত হৈ আছে ‘ভিক্টিম’ জনৰেই জীৱনৰ মাজত, অৰ্থাৎ ময়েই মোৰ ভাগ্যনিয়ন্তা।” গেল্-ওৱা আছিল গণিতৰ জগতৰ আটাইতকৈ ৰোমান্তিক ব্যক্তিত্বৰ।

গণিতৰ জগতখন হৈছে যুক্তি আৰু শৃংখলাৰ। সেয়ে গণিতজ্ঞসকলে স্বাভাৱিকতেই নিজৰ ব্যক্তিগত জীৱনতো এই শৃংখলা বিচাৰিবলৈকে অহোপুৰুষাৰ্থ কৰে। সাধাৰণতে তেওঁলোকে বিচাৰি পায়ো। নহ’লে যে গণিতৰ জগতখনতেই সোমাবলৈ কষ্ট হ’ব তেওঁলোকৰ, যদিওবা মানৱ-জগতখন ইমান শৃংখলাদ্ধ নহয়। পিছে কেতিয়াবা এয়া হৈ নুঠে। আৰু ইয়েই মানৱীয় আৰু গাণিতীয় কাৰুণ্যলৈ...

আজিৰ পৰা চাৰে তিনিশ বছৰৰো আগত এইখন পৃথিৱীৰে এখন গাঁওত এটা শিশুৰ জন্ম হৈছিল— এটা অপূৰঠ শিশু। সকলোৱে অলপ পিছতেই মৃত্যুৰ মুখত পৰিব বুলিয়ে ভাবিছিল। পিছে সকলোকে আচৰিত কৰি সেই শিশুটি প্ৰায় চাৰিকুৰি বছৰ ধৰি বাছি আছিল, —এই পৃথিৱীত বিয়পাইছিল এক অনাবিল সুগন্ধ। বিয়াৰ ছমাহ পিছতে মৃত্যু হোৱা দেউতাকে এৰি গৈছিল এখন ‘ইষ্টেট্’ আৰু গৰ্ভৱতী ঘৈণীয়েকক (তাৰ মাকক)। পিছত মাকে তিনিবছৰ বয়সত দ্বিতীয়বাৰ বিবাহ বন্ধনত সোমাল। দ্বিতীয় বাপেকজনে তিনিবছৰীয়া শিশুটিক লগত লৈ যাবলৈ ইচ্ছুক নাছিল। সেয়ে শিশুটিক তাৰ ককাক-আইতাকৰ লগত এৰি গ’ল। পিছত শিশুটিয়ে নিজৰ মাককো হেৰুৱালে, সেই তিনিবছৰ বয়সতে। এই প্ৰতিভাধৰে শৈশৱত এটা অসহনীয় অৱস্থা এনেদৰেই আঁকোৱালি লৈছিল। এনেতে সতীয়া বাপেকৰ মৃত্যু হোৱাত সতীয়া মাকো গাঁওলৈ ফিৰি আহিল। যি হওক, অলপ সময়ৰ বাবে হ’লেও সি এগৰাকী মাতৃ পালে। পিছে দুবছৰ ভিতৰতে, তাক গাঁওৰ পৰা আঁতৰৰ স্কুললৈ পঠিওৱা হ’ল।

  ইউক্লিড আছিল জ্যামিতিৰ পিতৃপুৰুষ। প্ৰাচীন গ্ৰীচৰ এই প্ৰখ্যাত গণিতজ্ঞগৰাকীয়ে জন্ম গ্ৰহণ কৰিছিল খ্ৰী.পূ. ৩৩০ ত (আনুমানিক)। আলেকজেণ্ড্ৰিয়াত ৰজা ট’লেমি-১ ছ’টাৰৰ ৰাজত্বকালত (খ্ৰী.পূ. ৩২৩-২৮৫/২৮৩) ইউক্লিডে এখন বিশ্ববিদ্যালয় স্থাপন কৰি তাত শিক্ষকতা কৰিছিল। ইয়াৰ বাহিৰে তেওঁৰ জীৱন সম্পৰ্কে বিশেষ তথ্য পোৱা নাযায়। ইউক্লিডৰ কৰ্মৰাজীয়ে অংকশাস্ত্ৰত এক নতুন ধাৰাৰ...

  গণিতৰ বিশাল জগতখনত এনে বিদগ্ধ পাণ্ডিত্যৰ গৰাকীৰ বহুতো উদাহৰণ আছে, যাৰ অৱদান অসীম যদিও তেওঁলোক যেন বৰ্তমান সময়ৰ অগ্ৰগতিৰ লগে লগে পাহৰণিৰ গৰ্ভত হেৰাই গৈছে। কিছু সংখ্যক ব্যক্তিৰ মাজত তেওঁলোক এতিয়াও সমাদৃত বা প্ৰেৰণাৰ উৎস যদিও তেনে গুণগ্ৰাহীৰ সংখ্যা অতি বিৰল। তেনে এজন গণিতজ্ঞই হ’ল...

  B-1 মনস্তত্বত এটা প্ৰপঞ্চ : ১৯১৩ চনৰ আগষ্ট মাহৰ কথা। এখন কলেজত এটা আড্ডা বহিছে কেইজনমান অধ্যাপকৰ।লগত আছে কেইজনমান ছাত্ৰও। বিষয়বস্তু হৈছে এজন প্ৰতিভাধৰ। প্ৰতিভাধৰৰ প্ৰতিভা ৰৈ-বৈ গৈছে সেইসময়ৰ শিক্ষিতচামৰ মাজত। এয়া এজন গণিতৰ ছাত্ৰ কথা। ছাত্ৰজনৰ গণিতৰ চিন্তা-চৰ্চা বা তেওঁৰ চিন্তা-চৰ্চাৰ ধৰণ-প্ৰক্ৰিয়াই জনমানসত এক আমোদ...