Archive for the ‘Book’ category

এটা অতুলনীয় অনুপাত : φ (ফাই)

  সমাপ্ত দশমিক বা (অসমাপ্ত) পৌনঃপুনিক দশমিক হিচাপে প্ৰকাশ কৰিব নোৱাৰা সংখ্যাবোৰেই হ’ল অপৰিমেয় সংখ্যা। তেনেধৰণৰ অতি চিনাকি অপৰিমেয় সংখ্যা এটা হ’ল (পাই) যাৰ মোটামুটি মান ৩.১৪১৬...। এই প্ৰবন্ধটিত আমি অন্য এটা অপৰিমেয় সংখ্যাৰ কথা আলোচনা কৰিব খুজিছোঁ। ইয়াক গ্ৰীক আখৰ (ফাই)ৰে বুজোৱা হয়। বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাতেই হ’ল আমাৰ চিনাকি অপৰিমেয় সংখ্যা । [...]

Real Analysis Textbook: Free Download

  Prof. William Trench has made available his book on Real Analysis for free download. The book can be downloaded here. This book was previously published by Pearson Education.  This free edition is made available in the hope that it will be useful as a textbook or reference.  Reproduction is permitted for any valid noncommercial [...]

গণিত- এটা বিৰক্তিকৰ বিষয়!

গণিত- সঁচাকৈয়ে এটা বিৰক্তিৰ বিষয়। কিয়নো... “(শুদ্ধ) গণিত এনে এক বিজ্ঞান যে, আমি ইয়াত কি কৈছোঁ আমি একোকে ‘নাজানো’ বা যি কৈছোঁ, সেয়া সত্য হয় নে নহয় এই বিষয়ে হয়তো আমি একো চিন্তাও কৰা নাই।” (বাৰ্ত্ৰাণ্ড ৰাছেল) গণিত- এনে এটা বিষয় যে অতি চিনাকি অংশৰপৰা আমি দুটা বিপৰীত দিশেৰে আগবাঢ়িব পাৰোঁ। তুলনামূলকভাৱে অতি চিনাকি দিশটো [...]

লীলাৰ ডিঙিৰ মণি সৰি পৰি...

  “...তেজ ঘড়ীটোৰ ৰঙা তেজবোৰ সৰি পৰি শেষ হ’ল লীলাৰ ডিঙিৰ মণি সৰি পৰি বীজগণিতৰ সৃষ্টি হয় কিন্তু সময় নৰয়।” – নৱকান্ত বৰুৱা   ‘এৰা সময় নৰয়- সময় ইতিহাস হয়। ইতিহাসে কথা কয়। একো একোটা মণিব নোৱাৰা মুহূৰ্ত একো একোটা বিৰাট সৃষ্টিৰ হেতু হৈ পৰে...। লীলাৰ ডিঙিৰ মণি সৰি পৰি বীজগণিতৰ সৃষ্টি হোৱা সৌন্দৰ্যখিনিয়ে যদি [...]

“গণিত : এটি বিৰক্তিকৰ বিষয়” - ড° খনীন চৌধুৰী

  বিজ্ঞান-প্ৰযুক্তিৰ সম্পৰ্কীয় প্ৰায় আটাইকেইটা বিষয়তে এনে বহুতো ছাত্ৰ-ছাত্ৰী থাকে যিসকলে স্নাতকোত্তৰ শ্ৰেণীত অন্তৰ্ভূক্ত নোহোৱালৈকে তেওঁলোকৰ ‘নিজৰ’ বিষয়টোৰ সম্পৰ্কত পাঠ্যপুথিৰ লেখাসমূহৰ বাহিৰে আন কোনো লেখা দেখা নোপোৱাকৈ থাকে। আগৰ সময়বোৰতেই যদি তেওঁলোকে পাঠ্যপুথিৰ বাহিৰেও আন আন মনোগ্ৰাহী লেখা কিছুমান পঢ়িবলৈ পালেহেঁতেন তেন্তে বিষয়টোৰ প্ৰতি তেওঁলোকৰ কৌতূহল আৰু বস্তুনিষ্ঠ জ্ঞান আহৰণৰ ইচ্ছা বহু প্ৰবল হ’লহেঁতেন। তাৰোপৰি [...]