চাৰ্লছ বেবেজ

চাৰ্লছ বেবেজ

ন্ম: ২৬ ডিচেম্বৰ, ১৭৯১; সম্ভৱত: লণ্ডন, ইংলেণ্ড

মৃত্যু: ১৮ অক্টোবৰ, ১৮৭১, লণ্ডন, ইংলেণ্ড

পিতৃ: বেঞ্জামিন বেবেজ (বেংক ব্যৱসায়ী)

মাতৃ: বেট্‌ছী প্লামলি টিপী (গৃহিণী)

প্ৰাথমিক শিক্ষা: ঘৰতে, বিভিন্ন গৃহ-শিক্ষকৰ তত্বাৱধানত

উচ্চ শিক্ষা: গণিত বিষয়, কেমব্ৰিজ বিশ্ববিদ্যালয়

 

শিশুকালত চাৰ্লছ বেবেজৰ সঘনাই গা অসুখ হৈ থকা কাৰণে স্কুলৰ শিক্ষা নিয়মীয়া হোৱা নাছিল। মাক-দেউতাকে গৃহ শিক্ষকৰ দ্বাৰা শিক্ষাৰ ব্যৱস্থা কৰি দিছিল। ১৮১০ চনত বেবেজে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ত্ৰিনিটি কলেজত গণিত বিষয়ত স্নাতক ডিগ্ৰীৰ বাবে পঢ়িবলৈ লয়। ১৮১২ চনত তেখেতে অইন এখন কলেজ পিটাৰহাউছলৈ বদলি লয়, আৰু পৰীক্ষা অবিহনেই স্নাতক ডিগ্ৰী লাভ কৰে।

বিশ্ববিদ্যালয়ৰ পাছত বেবেজে ৰয়েল ইনষ্টিটিউটত কলন গণিতৰ প্ৰবক্তা হিচাপে নিযুক্ত হয়। দুবছৰ পাছতে তেওঁ ৰয়েল ছ’চাইটীৰ সভ্য নিৰ্বাচিত হয়। ১৮২০ চনত তেখেতে নিজৰ প্ৰচেষ্টাত এষ্ট্ৰ’ন’মিকেল ছ’চাইটী গঠন কৰে। ১৮২৮ চনৰপৰা ১৮৩৯ চনলৈ চাৰ্লছ বেবেজ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ লুকাচিয়ান অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে।

১৮২০ চনৰ আশে-পাশে চাৰ্লছ বেবেজে ‘কলন যন্ত্ৰ’ (Differential Machine) নিৰ্মাণৰ কামত ব্ৰতী হয়। ইয়াৰ বাবে বেবেজৰ মূল প্ৰেৰণা আছিল ‘ঘাতাংক তালিকা’ত থকা সৰু-সুৰা ভুল-ভ্ৰান্তি দূৰ কৰি এখন শুদ্ধ তালিকা প্ৰস্তুত কৰাৰ বাবে যন্ত্ৰৰ ব্যৱহাৰ কৰা। অৱশ্যে আন এক সূত্ৰ অনুসৰি ‘নৌ-পঞ্জিকা’ৰ শুদ্ধতৰ গণনাৰ বাবেহে ‘কলন যন্ত্ৰ’ৰ পৰিকল্পনা কৰা হৈছিল।

প্ৰথমে নিৰ্মাণ কৰা হৈছিল ছয়টা চকাযুক্ত এক সৰল গণক যন্ত্ৰ। এই যন্ত্ৰটোৱে ছয়টা দশমিক স্থানলৈ গণনা কৰিব পাৰিছিল। ইয়াৰ পাছত এই সৰল যন্ত্ৰটোক আৰু কাৰ্যক্ষম কৰিবলৈ বেবেজে এক অত্যন্ত জটিল ‘২য় কলন যন্ত্ৰ’ (Differential Engine 2) ৰ পৰিকল্পনা কৰে। কিন্তু তাতো ক্ষান্ত নহৈ চাৰ্লছ বেবেজে পূৰ্ণাংগ গণক যন্ত্ৰ এবিধ নিৰ্মাণ কৰাৰ বাবে প্ৰয়াস কৰে। ‘বিশ্লেষক ইঞ্জিন’ নাম দিয়া বেবেজৰ এই মানস-পুত্ৰ দৰাচলতে আজিৰ কম্পিউটাৰৰ প্ৰথম ৰূপ আছিল। এই যন্ত্ৰটোত আজিৰ কম্পিউটাৰৰ দৰে ইনপুট, প্ৰচেছিং, আউটপুট আৰু মেম’ৰী আটাইবোৰ ব্যৱস্থাই আছিল। অৱশ্যে বেবেজৰ বিশ্লেষক যন্ত্ৰৰ পৰিচালনা আছিল সম্পূৰ্ণৰূপে যান্ত্ৰিক; আজিৰ কম্পিউটাৰৰ দৰে ইলেকট্ৰনিক নাছিল। বেবেজৰ এই যন্ত্ৰটোক কাম কৰিবলৈ নিৰ্দেশ দিবৰ বাবে ‘প্ৰ’গ্ৰামিং’ কৰাৰো ব্যৱস্থা আছিল। ইংলেণ্ডৰ মহিলা গণিতজ্ঞ আডা লাভলে’চে (আডা বাইৰন) বেবেজৰ কম্পিউটাৰৰ বাবে প্ৰথম প্ৰ’গ্ৰাম লিখি উলিয়াইছিল। অৱশ্যে ‘২য় কলন যন্ত্ৰ’ আৰু ‘বিশ্লেষক যন্ত্ৰ’, এই দুয়িবিধেই বেবেজৰ জীৱনকালত সম্পূৰ্ণ নহ’ল। ‘বিশ্লেষক যন্ত্ৰ’ৰ পৰিকল্পনাৰে আধুনিক কম্পিউটাৰৰ সন্ধান দিয়াৰ বাবে চাৰ্লছ বেবেজক ‘কম্পিউটাৰৰ পিতৃ’ আখ্যা দিয়া হয়।

গণিতৰ বাহিৰেও বেবেজে দৰ্শনৰ ওপৰতো আলোচনা ৰাখিছিল। বতৰৰ আগজাননী দিবলৈ তেওঁ কি কি কাৰকৰ ওপৰত বতৰ নিৰ্ভৰ কৰে তাৰ পূৰ্ণাংগ তালিকা এখন তৈয়াৰ কৰাৰ চেষ্টাও কৰিছিল। সেই সময়ত প্ৰচলিত ডাক ব্যৱস্থাৰ কিছু সালসলনি কৰি বেবেজে ডাক-সংযোগ ব্যৱস্থাক অধিক উন্নত কৰি তুলিছিল।

মানুহ হিচাপে বেবেজ অলপ একা-চেকা বিধৰ আছিল। তেওঁ ছাত্ৰৰ মাজত বিশেষ জনপ্ৰিয় নাছিল। শ্ৰেণীকোঠাত শিক্ষা দানৰ কামতকৈ তেওঁ গণিত আৰু বিজ্ঞানৰ নিজাববীয়া চৰ্চাত বেছি সময় ব্যয় কৰিছিল। ৰাস্তাত গান গাই ফুৰা দলসমূহৰ প্ৰতি তেখেতৰ তীব্ৰ বিদ্বেষ আছিল, আৰু ৰাস্তাত গীত গোৱাটো বে-আইনী ঘোষণা কৰিব লাগে বুলি তেওঁ লিখা-মেলাও কৰিছিল। অৱশ্যে তেনে দলবোৰেও বেবেজৰ ওপৰত পোতক তুলিবলৈ তেখেতৰ ঘৰৰ কেউকাষে প্ৰায়ে জুম বান্ধি গীতৰ মেলা পাতিছিল।

গণিত আছিল বেবেজৰ নিচা। তেখেতে আনকি কবিতাকো গণিতৰ যুক্তিৰে বিচাৰ কৰি চাইছিল। বিখ্যাত কবি লৰ্ড টেনিছনে লিখা এটা কবিতাৰ ‘প্ৰতি পলে এজনৰ মৃত্য হয় / প্ৰতি পলে জন্ম হয় এজনৰ’ এই শাৰীটোৰ ওপৰত আপত্তি তুলি বেবেজে টেনিছনলৈ এখন চিঠি লিখি জনাইছিল যে প্ৰতিপলে এজনৰ জন্ম হৈ এজনৰ মৃত্যু হ’লে জনসংখ্যা বৃদ্ধি হ’ব নোৱাৰে। গতিকে পিছৰ সংস্কৰণত তেখেতৰ কবিতাটো এই ধৰণে সলনি কৰিবলৈ পৰামৰ্শ দিছিল: ‘প্ৰতি পলে এজনৰ মৃত্যু হয় / আৰু জন্ম এক সমস্ত ছয় ভাগৰ এজনৰ।’

বেবেজৰ আৰ্হি অনুসৰি উনৈছ শতিকাত উপলব্ধ প্ৰযুক্তিৰে ১৯৯১ চনত বেবেজৰ ‘২য় কলন যন্ত্ৰ’ সাজি উলিওৱা হয়। বিজ্ঞানীসকলক আচৰিত কৰি এই যন্ত্ৰটোৱে কোনো ইলেকট্ৰনিক অংশ নোহোৱাকৈ আৰু বেবেজৰ মূল আৰ্হিৰ কোনো সালসলনি নকৰাকৈ কাম কৰিবলৈ সক্ষম হয়। একেদৰে ২০১১ চনত বেবেজৰ আৰ্হিৰেই ‘বিশ্লেষক যন্ত্ৰ’ সাজি উলিওৱাৰ প্ৰয়াস আৰম্ভ হৈছে। ২০২১ চনত বেবেজৰ মৃত্যুৰ ১৫০তম জয়ন্তীত এই যন্ত্ৰটোৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব।

 

লেখক: ডা° উদ্দীপ তালুকদাৰ।