আইজাক নিউটন

আজিৰ পৰা চাৰে তিনিশ বছৰৰো আগত এইখন পৃথিৱীৰে এখন গাঁওত এটা শিশুৰ জন্ম হৈছিল— এটা অপূৰঠ শিশু। সকলোৱে অলপ পিছতেই মৃত্যুৰ মুখত পৰিব বুলিয়ে ভাবিছিল। পিছে সকলোকে আচৰিত কৰি সেই শিশুটি প্ৰায় চাৰিকুৰি বছৰ ধৰি বাছি আছিল, —এই পৃথিৱীত বিয়পাইছিল এক অনাবিল সুগন্ধ। বিয়াৰ ছমাহ পিছতে মৃত্যু হোৱা দেউতাকে এৰি গৈছিল এখন ‘ইষ্টেট্’ আৰু গৰ্ভৱতী ঘৈণীয়েকক (তাৰ মাকক)। পিছত মাকে তিনিবছৰ বয়সত দ্বিতীয়বাৰ বিবাহ বন্ধনত সোমাল। দ্বিতীয় বাপেকজনে তিনিবছৰীয়া শিশুটিক লগত লৈ যাবলৈ ইচ্ছুক নাছিল। সেয়ে শিশুটিক তাৰ ককাক-আইতাকৰ লগত এৰি গ’ল। পিছত শিশুটিয়ে নিজৰ মাককো হেৰুৱালে, সেই তিনিবছৰ বয়সতে। এই প্ৰতিভাধৰে শৈশৱত এটা অসহনীয় অৱস্থা এনেদৰেই আঁকোৱালি লৈছিল। এনেতে সতীয়া বাপেকৰ মৃত্যু হোৱাত সতীয়া মাকো গাঁওলৈ ফিৰি আহিল। যি হওক, অলপ সময়ৰ বাবে হ’লেও সি এগৰাকী মাতৃ পালে। পিছে দুবছৰ ভিতৰতে, তাক গাঁওৰ পৰা আঁতৰৰ স্কুললৈ পঠিওৱা হ’ল।

ফটো উৎস : Scienceblogs.com

ফটো উৎস : Scienceblogs.com

শিশুটিৰ আছিল যান্ত্ৰিক ‘মডেল’ বা ‘সজ্জা’ৰ প্ৰতি এক দূৰন্ত আকৰ্ষণ। নিচেই কম বয়সৰ পৰাই এনে ‘যান্ত্ৰিক-সজ্জা’ৰ স’তে খেলা-ধূলা কৰিছিল আৰু ওচৰ-চুবুৰীয়াৰ চকুত চমক লগাইছিল। বিশেষকৈ, আকাশত চিলা-উৰুৱাৰ লগতে চিলাৰ স’তে দীপচাকি জ্বলাই এৰি দিছিল, গাড়ী চলাবলৈ নিগণি ব্যৱহাৰ কৰিছিল, ইত্যাদি। সমনীয়াৰ স’তে ঘটা সংঘৰ্ষই তাৰ জীৱনত এক পাহৰিব নোৱাৰা ছাপ পেলাই গৈছিল। সি কোনোপধ্যেই পিছ হোঁহকি যোৱা বিধৰ নাছিল, যদিও নিজৰ ফালৰ পৰা সি সেই মানসিকতাৰ মুঠেই নাছিল। খেলি থাকোঁতেও সি ‘মনৰ-অনুশীলনী’বোৰৰ প্ৰতি মুঠেই আওকণীয়া হোৱা নাছিল। এঙাৰেৰে বেৰত আঁকিছিল— চৰাই, জন্তু, ভেঁড়া, গছ-গছনি, সিহঁতৰ ৰজাৰ ছবি, স্কুল-শিক্ষকজনৰ ছবি। কেতিয়াবা আঁকিছিল বৃত্ত আৰু ত্ৰিভুজো। লগতে নাপাহৰিছিল চিত্ৰকৰ হিচাপে নিজৰ নামটিও তলত লিখি থৈ যাবলৈ। এনেদৰে শিশুটি কৈশোৰ অৱস্থা পাই সোতৰবছৰীয়া হ’লহি। জীৱনৰ বাস্তৱতা বুজি উঠাৰ সময় হৈ আহিল, নিজৰ ‘ইষ্টেট্’ চম্ভালি লোৱাৰ সময়ো হৈ আহিল। এই উদ্দেশ্যেৰেই দায়িত্বত থকা ‘মাকে’ মাত পঠিয়ালে গাঁৱলৈ বুলি। পিছে হ’লে কি হ’ব, আৰম্ভণিৰ পৰাই এক সি ‘ডাইজেষ্টাৰ’ যেন হ’ল। তাক এইবোৰ কথা শিকাবলৈ বুলি মাকে মানুহ ঠিক কৰিলে। পিছে সি দেখোন ভেঁড়া ৰাখিবলৈ এৰি নিজৰাৰ ‘পানী-চকা’ সাজিবলৈহে লাগে। সিফালে নিজৰ ভাগৰ ভেঁড়া গৈ বেলেগৰ শস্য খায়গৈ। মাকে জৰিমনা ভৰিব লগা হয়। বজাৰৰ দিনত, যেতিয়া  বিক্ৰীৰ বাবে সি ঘৰৰ আন কৰ্মচাৰীৰ স’তে চহৰলৈ যায়গৈ, লগত থকাজনক ফুচুলাই ৰাস্তাত নামি যায়। ব্যস্ত হয় কিবা-কিবি সজা কামত অথবা কিতাপ পঢ়াত। ফিৰি আহোঁতে লগত যোৱাজনৰ স’তে অৱশ্যে ঠিকেই ফিৰি আহে। চহৰলৈ গ’লেও, সোনকালেই ফিৰি আহে নিজৰ কোঠালৈ আৰু কিতাপ লৈ ব্যস্ত হৈ পৰে। আনে চাবলগা হয় কাম-কাজখিনি। স্কুলৰ পৰা গাঁৱলৈ বুলি যোৱাৰ পথত এখন পাহাৰ বগাব লগা হয়। আৰু সেয়ে ঘোঁৰাৰ পৰা নামি ঘোঁৰাক এনেই লৈ যাব লগা হয়। এবাৰ, সি নিজৰ চিন্তাত ইমান বিভোৰ হৈ গৈ আছিল যে, ঘোঁৰাৰ পিঠিত উঠিবলৈ পাহৰি, ঘোঁৰা আৰু সি দুয়ো তেনেকৈয়ে আহি ঘৰ পালেহি। ক্ৰমে-ক্ৰমে এই কিশোৰৰ প্ৰতিভাৰ প্ৰতি স্কুলশিক্ষকো সচেতন হৈ পৰিছিল আৰু সেয়ে তাক আৰ্থিক সকাহ দিবৰ বাবে, তেওঁ নিজৰ ঘৰতেই তাৰ থকাৰ বন্দোৱস্ত কৰি দিছিল। সি পুনৰ স্কুললৈ ঘূৰি গৈছিল। এইবাৰ উদ্দেশ্য আছিল— বিশ্ববিদ্যালয়। কিশোৰৰ ন-মহীয়া ঘৰৰ-অভিজ্ঞতা এক ভয়ংকৰ যেন আছিল, বিপৰীতে সি স্কুল এৰাৰ মুহূৰ্তটি আছিল বৰ কৰুণ। স্কুল-শিক্ষকে তেওঁৰ প্ৰিয় ছাত্ৰকেইজনক স্কুলৰ সন্মুখলৈ মাতি আনি এটা বক্তৃতাৰে তাৰ পথ অনুসৰণ কৰিবলৈ বুলি উপদেশ দি চকুলোৰে বিদায় দিছিল। অইন ছাত্ৰইয়ো চকুপানী টুকিছিল। অকল স্কুলৰ ছাত্ৰৰ বাবেই সি ‘আশ্চৰ্য’ বা এক ‘ৰহস্য’ নাছিল, তাৰ গাঁওৰ ঘৰৰ লগুৱাবোৰৰ বাবেও এই ল’ৰাজন এক ‘সমস্যা’ যেনেই আছিল। অকামিলা, কোনো কামৰ লায়ক নোহোৱা যেন, এজন এলেহুৱা ল’ৰা। বিশ্ববিদ্যালয়ত বাদে কোনো কামৰেই যেনিবা লায়ক নহয়। সেয়ে সি গুচি যোৱাত তেওঁলোকেও উশাহ লৈছিল।

কুৰি বা ঐকৈশ শতিকাৰ পাঠকৰ বাবে এই কথা কল্পনাতীত,— স্কুলত গণিতৰ বিশেষ একো নিশিকাকৈয়ে, চাৰি বছৰ পিছত এই প্ৰতিভাধৰে বিশ্ববাসীক উপহাৰ দিবলৈ সক্ষম হৈছিল কলন-গণিতৰ দৰে অতি ‘চ’ফিষ্টিকেটেড্’ এক গাণিতিক হাতিয়াৰ।

এয়েই হ’ল ‘ছাৰ-আইজাক-নিউটন’ৰ শৈশৱ তথা কৈশোৰৰ সংক্ষিপ্ত জীৱন।

১৬৪২ খৃঃৰ খৃষ্টমাছৰ আদিভাগত লিংকন-শায়াৰত, গ্ৰান্থামৰ সাতমাইল দক্ষিণে থকা ক’লচ্-টাৰ-ৱাৰ্থ-অৰ ওচৰৰ ৱুল্-চ-থ্ৰ-অৰ’ মেনৰ’ হাউচত জন্ম লয় এই ক্ষণজন্মা মহা-প্ৰতিভাই। সেই বছৰতেই অন্য এক বিপ্লৱী-বৈজ্ঞানিক গেলিলিও ঢুকাইছিল। এয়া আছিল প্ৰতিভাৰ এক যেন ‘মণিকাঞ্চনীয়-বিস্তৃতি’।

গ্ৰান্থামত, নিউটন থকা আবাসত মালিকৰ তিনিটা সতীয়া ল’ৰা-ছোৱালী আছিল। একমাত্ৰ ছোৱালীজনী আছিল ষ্টোৰাৰ। এই ষ্টোৰাৰৰ স’তেই নিউটনৰ এক প্ৰণয় ভাৱ গঢ় লৈ উঠিছিল। নিউটনৰ জীৱনীকাৰ এই ৱেষ্টফলৰ ভাষাতেই— “It was the first and last romantic connection with a woman in his life.”

আমি বহু দিন ধৰি ৰিচাৰ্ড এচ্ ৱেষ্টফল নামৰ লেখকজনে লিখা তেওঁৰ ‘দ্য লাইফ অফ আইজাক নিউটন’ নামৰ গ্ৰন্থখনৰ (কেম্ব্ৰিজ য়ুনিভাৰ্চিটি প্ৰেছ, প্ৰথম প্ৰকাশ ১৯৯৩) স’তে এক আত্মীয়তা গঢ়াৰ চেষ্টাত আছিলোঁ। কিতাপখন কৌতূহল বশতঃ পঢ়িবলৈ হাতত লোৱাৰ পিছৰ পৰা নিউটনৰ সন্দৰ্ভত বহুতো নজনা কথা অতি স্বাভাৱিকভাৱেই গ্ৰহণ কৰিব পৰা হ’লো। প্ৰথমতে বহুতো কথা বৰ অচিনাকি যেন ভাৱ হৈছিল। এনে লাগিছিল যেনিবা সহজে গ্ৰহণ কৰিব নোৱৰা এক ব্যক্তিত্ব। লাহে লাহে গ্ৰহণ কৰিব পৰা হ’লো— ভাব হ’ল তেওঁ কোমলো নহয়, টানো নহয়; তেওঁ যেনে— ঠিক তেনে। গতিকে পৃথিৱীখন যেন বাধ্য, তেওঁক তেওঁৰ প্ৰাপ্য আসন দিবলৈ। এনেকুৱাই আছিল, মহামতি ছাৰ আইজাক নিউটনৰ ব্যক্তিত্ব।

‘দ্য লাইফ অফ আইজাক নিউটন’ নামৰ গ্ৰন্থখন ৱেষ্টফেলৰেই গৱেষণামূলক গ্ৰন্থ ‘নেভাৰ এট্ ৰেষ্ট’-ৰ সংক্ষিপ্ত ভাষ্য। প্ৰথম প্ৰকাশ— ১৯৮০। ‘নেভাৰ এট্ ৰেষ্ট্’-ত লেখকে মন্তব্য কৰিছে— তেওঁ যেতিয়া নিউটনৰ জীৱনীৰ কাম আৰম্ভ কৰে, তেতিয়া তেওঁৰ ল’ৰা-ছোৱালীকেইটা ঠিক বুজিব পৰা হৈছে মাথোন। আৰু শেষ কৰাৰ সময়ত সিহঁতে শিক্ষা-দীক্ষা সাং কৰি নিজৰ-নিজৰ পথত অগ্ৰসৰ হৈছে। এই সুদীৰ্ঘ সময়ছোৱাত সন্তানকেইটিয়ে নিজৰ পিতৃৰ লগতে আৰু এক অনন্য প্ৰতিভাধৰৰ সংস্পৰ্শৰ স্বাদ লোৱাৰ সৌভাগ্য হৈছিল। সেইজন আছিল— নিউটন। সিহঁতে এই সময়ছোৱাত এই মহাপ্ৰতিভাৰ উপস্থিতি সততে অনুভৱ কৰিছিল দেউতাকৰ এই দায়বদ্ধ ‘কৰ্ম-কল্প’ (project-work) হেতু। আমাৰ মত— ৱেষ্টফলৰ এয়া এক কৃতিত্ব। আমি আলোকপাত কৰিব খোজা কথাখিনিলৈ বুলি আগৱঢ়াৰ আগতে পাঠতৰ জ্ঞাতাৰ্থে প্ৰথমতে আমি নিউটন সম্পৰ্কীয় গ্ৰন্থকেইখনমানৰ অলপ আলোচনা আগবঢ়াইছোঁ। এয়া ৱেষ্টফলৰ লেখীয়া নিউটনৰ জীৱনৰ ওপৰত গৱেষণা চলাই গ্ৰন্থ প্ৰণয়ন কৰাজনৰ বিচাৰত উঠা গ্ৰন্থসমূহৰ এক ‘চাৰ্ভে-খাটিয়ান’ যেনিবা।

বহুতো জীৱনীকাৰৰ বিষয়— নিউটন। লেখকৰ মতে, আটাইতকৈ বেচি মূল্যৱানখন, ডেভিড ব্ৰুষ্টাৰে লিখা, ‘মেমইৰচ্ অফ দ্য লাইফ্ ৰাইটিংচ্ এণ্ড ডিচ কোভাৰিজ্ অফ চাৰ আইজাক নিউটন’, ২ খণ্ড (এডিনবাৰ্গ; থমাচ কষ্টেনবল্ ১৯৮৫)। ইয়াৰ পিচতে এই কিতাপখনৰ ওপৰত এখন সমালোচনামূলক কিতাপ হ’ল, আগষ্টাচ্ দ্য মৰ্গেনে লিখা— ‘এচেইজ্ অন্ লাইফ এণ্ড ৱৰ্ক অফ্ নিউটন’ (চিকাগো অপেন কোৰ্ট ১৯১৪)। বৃহৎ সংখ্যাক জনপ্ৰিয় জীৱনীৰ ভিতৰত প্ৰশ্নাতীতভাৱে শ্ৰেষ্ঠতম কেইখনৰ ভিতৰত বিশেষভাৱে উল্লেখনীয় হ’ল— ই-এন-দ্য-এন্ড্ৰাজেৰ ‘আইজাক নিউটন’ (লণ্ডনঃ পেৰিছ, ১৯৫৪), গেইল ই খৃষ্টিয়ানচৰ— ‘ইন দ্য প্ৰেজেন্স অফ্ দি ক্ৰিয়েটৰ, আইজাক নিউটন এণ্ড হিজ্ টাইমচ্’ (নিউয়ৰ্ক ফ্ৰি প্ৰেছ, ১৯৮৪)। নিউটনৰ জীৱনীৰ আলোচনা অসম্পূৰ্ণ হৈ থাকে যদিহে ফ্ৰ্যাংক ই ম্যানুৱেলৰ ‘পোট্ৰেইট্ অফ্ আইজাক নিউটন’ (কেম্ব্ৰিজ, মাছঃ হাৰ্ভাৰ্ড য়ুনিভাৰ্চিটি প্ৰেছ, ১৯৬৮) আলোচনাৰ ভিতৰলৈ অনা নহয়। এইখন নিউটনৰ বৈজ্ঞানিক জীৱনটোৰ স’তে জড়িত নহয় বাবে ইয়াক প্ৰকৃতাৰ্থত এখন জীৱনী বুলি কোৱা নহয়। আমি কিতাপখন পঢ়ি থাকোঁতে বহুতো ‘সংঘটন’ যেনিবা ল’ব পৰা নাছিলোঁ। বহু সময়ত খোকোজা লগা একোটা অনুভৱে মনটোক দেখোন কিবা দোদুল্যমান অৱস্থা এটালৈ লৈ গৈছিল। আমাৰ নিজৰ ওপৰতেই সন্দেহ জন্মিছিল এইভাবি যে, আমি বুজা নাই নেকি কিতাপখনে কঢ়িওৱা মৰ্মাৰ্থখিনি। পিচে দেৰীকৈ হ’লেও আশ্বস্ত হৈছিলোঁ। শেষৰ ফালে সংযোগ কৰি থোৱা ওপৰত উল্লেখ কৰা গ্ৰন্থপঞ্জীৰ তালিকাখনত কৰা আলোচনাখিনিয়ে আমাক সকাহ দিছিল। এই আলোচনাত আমি সন্মুখীন হোৱা বা আমাৰ মনত খোকোজা লাগি সন্দিহান কৰি তোলা বহুতো কথাৰ আলোচনা বহুজনে একোটা ‘ইছ্যু’ কৰি লৈয়ে আলোচনা কৰি গৈছে। সেই অৰ্থতেই ওপৰৰ কিতাপখনত নিউটনৰ চৰিত্ৰৰ এক ‘ফ্ৰয়েদীয় বিশ্লষণ’ আগবঢ়াইছে। ই সঁচা হ’বও পাৰে আৰু নহ’বও পাৰে। ‘নিউটনীয়-ছাত্ৰ’ৰ বাবে এইখন উলাই কৰা নাযায়। নিউটনৰ কৰ্ম আৰু চিন্তাৰ ওপৰত অনেক অধ্যয়ন হৈছে। ই এ বাটচ্ছ্ৰৰ ‘দি মেটাফিজিকেল্ ফাউণ্ডেশ্যনচ অফ্ মডাৰ্ণ ফিজিকেল চায়েঞ্চ’ (নিউয়ৰ্ক, হাৰ্-ত’ট ব্ৰেইচ্ঃ ১৯২৫) কিতাপখন এক সুদীৰ্ঘ আলোচনাৰে নিউটনৰ প্ৰসংগত বাদ দিব নোৱৰা, আজিৰ প্ৰভাৱ পেলাই থকা এক উল্লেখনীয় কিতাপ। আই বাৰ্ণাৰ্ড্ কোহেন্ কৃত ‘ফ্লেংকলিন এণ্ড নিউটনঃ এন ইন্-কুয়েৰী ইন্-টু স্পেকুলেটিভ্’ (১৯৫৬) খন অন্য কিতাপ। এই কিতাপখনেৰে কোহেন্-এ তেওঁৰ কেৰিয়াৰৰ নিউটনীয় ফালটো আৰম্ভ কৰে। আলোকজেণ্ডাৰ ক’য়েৰ্-এ লিখা ‘দি বাৰ্থ অফ এ নিউ ফিজিক্স’ (গাৰ্ডেন চিটি, নিউয়ৰ্ক, এংকৰ্ ১৯৬০) এখন উল্লেখনীয় কিতাপ। ক’য়েৰ্-এ এইখনৰ মাধ্যমত নিউটনৰ ফালে আঙুলিয়াই বিজ্ঞানৰ বুৰঞ্জীৰ আধুনিক শাখাটোক সাকাৰ কৰিবলৈ বুলি অহোপুৰুষাৰ্থ কৰে। শেষৰ ফালে তেওঁ নিউটনলৈ বুলি আহে। এই প্ৰসঙ্গত তেওঁৰ ‘নিউটনীয়ান ষ্টাদিজ্’ (কেম্ব্ৰিজ, মাচ্ঃ হাৰ্ভাৰ্ড য়ুনিভাৰ্চিটি প্ৰেছ, ১৯৬৫) অন্য এখন উল্লেখনীয় কিতাপ। নিউটনীয় অধ্যয়নৰ অন্য এখন নাম থকা গ্ৰন্থ হ’ল— ‘দি ছিগনিফিকেন্স অফ দি নিউটনিয়ান ছিন্থেছিছ্’ আৰু ক’য়েৰ কৃত— ‘ফ্ৰম্ দি ক্লোজড্ ৱাৰ্ল্ড টু দি ইন্-ফাইনাইট্ য়ুনিভাৰ্ছ’ (বাল্টিমোৰ, জনছ্ হপকিন্স প্ৰেছ্, ১৯৬৫) ত নিউটন-খণ্ড। হেনৰী গুৱেৰ্লাকৰ অৱদানো এইক্ষেত্ৰত উল্লেখযোগ্য। বিশেষকৈ তেওঁৰ ‘নিউটন এট্ এপিকিয়োৰ্’ (পেৰিছ কনফাৰেঞ্চেছ্ ডু পেলেইছ্ দি লা দিক’ভাৰ্টে, ১৯৬৩) আৰু ‘নিউটন’চ্ অপিটিকেল্ ইথাৰ’, নোটচ্ এণ্ড ৰেকৰ্ড অফ্ দি ৰয়েল ছ’চাইটি (২২, ১৯৬৭, ৪৫-৫৭)। এ. আৰ্ আৰু মেৰী-বোআচ্-হল্ কৃত ‘নিউটন’চ থিওৰি অফ মেটাৰ্’ (Isis, ৫১, ১৯৬০, ১৩১-৪৪), ‘আন-পাব্লিচড্ চাইণ্টিফিক্ পেপাৰ্চ্ অফ্ আইজাক নিউটন’ত (কেম্ব্ৰিজ য়ুনিভাৰ্চিটি প্ৰেছ, ১৯৬২) থকা তেওঁলোকৰ পাতনিখিনি। জে. চি. ডবচ্ কৃত— ‘দি ফেমাচ্ ফেচেছ্ অফ্ জিনিয়াছ্’ (নিউয়ৰ্কঃ কেম্ব্ৰিজ, য়ুনিভাৰ্চিটি প্ৰেছ, ১৯৯২) নিউটন সম্পৰ্কীয় প্ৰয়
োজনীয় বিশ্লেষণসমূহৰ অন্যতম।

Image Source : Shutterstock

Image Source : Shutterstock

১৯৪৫ ৰ আগলৈ নিউটন সম্পৰ্কৰ অধ্যয়ন হৈছিল প্ৰধানতঃ তেওঁৰ প্ৰকাশিত কামখিনিৰ ওপৰত। পিচৰ কালত এই কাম হয় প্ৰধানতঃ নিউটনৰ পাণ্ডুলিপিক লৈ। এনে এখন উল্লেখনীয় কিতাপ হ’ল, নিউটনৰ গৱেষণা কাকতৰ সংগ্ৰহৰ ওপৰত ভেটি কৰি লিখা, ‘নিউটন, দি মেন্’— ৰয়েল চ’চাইটিৰ নিউটনৰ তিনি-শতবৰ্ষ উৎযাপনৰ স’তে জড়িত। জে. ই. মেক্ গুইৰে পাণ্ডুলিপিক উৎস কৰি লৈ লিখা ‘নিউটন এণ্ড দি পাইপচ্ অফ প্যান্’ এখন এনে দিশৰ গ্ৰন্থ। নিউটনৰ দাৰ্শনিক ফালটোক আলোকপাত কৰিবলৈ, তেওঁৰ পাণ্ডুলিপি ব্যৱহাৰ কৰি লিখা অইন এখন গ্ৰন্থ হ’ল— আৰ্ণান্ ম্যাক্ মুলিনৰ ‘মেটাৰ্ এণ্ড এক্টিভিটি ইন্ নিউটন’। অন্য এক বিশেষ প্ৰৱন্ধ হ’ল— ডেভিড কুব্ৰিনৰ—  ‘নিউটন এণ্ড দি চাইক্লিকেল কচ্ মচ্ : প্ৰভিডেন্স্ এণ্ড দ্য মেকানিকেল ফিল’চফি’, জাৰ্ণাল অফ্ দ্য হিষ্টৰী অফ্ আইডিয়াজ্, ২৮(১৯৬৭)৩২৫-৪৬। নিউটনৰ গণিত সম্পৰ্কীয় কামখিনিৰ বাবে অৱশ্যে পঠনীয় হৈছে— ডি. টি. হোৱাইট্ চাইডৰ ‘মেথেমেটিকেল পেপাৰ্চ’; ‘দি মেথেমেটিকেল ৱৰ্কচ অফ আইজাক নিউটন’, ২ খণ্ড (নিউয়ৰ্কঃ জনচন ৰিপ্ৰিণ্ট কৰ্প, ১৯৬৪)। ‘আইজাক নিউটন, বাৰ্থ অফ এ মেথেমেটিচিয়ান’, নোটচ এণ্ড ৰেকৰ্ড অফ ৰয়েল চছাইটি, ১৯(১৯৬৪), ৫৩-৬২। লাইবনিজৰ স’তে হোৱা বৌদ্ধিক সংঘৰ্ষৰ দলিল হ’ল— ও. আৰ হল-অপৰ ‘ফিল’চ’ফাৰ এট ৱাৰ : দ্য কোৱাৰেল বিটুইন নিউটন এণ্ড লাইবনিজ’ (কেম্ব্ৰিজ য়ুনিভাৰ্চিটি প্ৰেছ, ১৯৮০)। ‘দি ৰিলিজিয়ন অফ আইজাক নিউটন’ (অক্সফৰ্ড য়ুনিভাৰ্চিটি প্ৰেছ, ১৯৭৪) নিউটনৰ ধৰ্ম সম্পৰ্কীয় একমাত্ৰ কিতাপ। ইয়াত লিখক প্ৰেংক ই মেনুৱেলে তেওঁৰ ‘পোট্ৰেইট’ৰ এক ফ্ৰয়েডীয় বৰ্ণনা আগবঢ়াইছে। মাৰ্গৰেট জেকবৰ ‘দ্য নিউটনীয়ান এণ্ড দ্য ইংলিছ ৰিভলুশ্যান’ ১৬৮৯-১৭২০, ইয়াত আছে নিউটনীয় প্ৰাকৃতিক দৰ্শন, ব্যৱহাৰিক থিওল’জি, আৰু ইংলেণ্ডৰ গৌৰৱময় বিপ্লৱৰ সময়ৰ এক দলিল।

READ:   H.C.F. and L.C.M.

এয়া অনস্বীকাৰ্য যে পৃথিৱীত অতি কমসংখ্যক মানুহৰ ক্ষেত্ৰতহে এখন জীৱনীগ্ৰন্থৰ যথাৰ্থতা সাৱ্যস্তকৰণ নিস্প্ৰয়োজন বিবেচিত হয়। তেনে এজন মানুহ হৈছে মহামতি নিউটন। নিউটন আছিল সৰ্বকালৰ মহত্বম বিজ্ঞানীসকলৰ এজন। লেখকৰ চিন্তাত পিছে মহত্বমজন হিচাপেই ঠাই পাইছে। ‘ভাল-বেয়া’ দুয়োটাফালকে লৈ তেওঁৰ কৃতি-কৰ্মই ষোল শতিকাৰ বৈজ্ঞানিক বিপ্লৱৰ শীৰ্ষতম অৱস্থানক সূচিত কৰে।

উপৰিউক্ত বৃহৎ কিতাপখনৰ সবিশেষ আলোচনা অতি স্বাভাৱিক কাৰণতেই ইয়াৰ সম্ভৱ নহয়। আমি এই প্ৰৱন্ধত প্ৰধানকৈ নিউটনৰ শেষ সময়ৰ দিন কেইটাৰ (years of decline) কথাৰ লগতে এই খ্যাতজনাৰ ক্ৰান্তিকাৰী-কৃতি ‘প্ৰিন্সিপিয়া’ৰ স’তে জড়িত আৰু কেইজনমানৰ কথা আলোচনা প্ৰসংগত আনিব খুজিছোঁ বা সুঁৱৰিব খুজিছোঁ।

পৰিয়ালত কোনোধৰণৰ শিক্ষাৰ ৰেঙনি নথকা নিউটন ১৬৬১ চনত পঢ়িবলৈ আহে কেম্ব্ৰিজৰ ত্ৰিনিটি কলেজত। এটা তলা, এটা কোৱাৰ্ট-বটল, চিয়াঁহী, এটা নোট বুক, এক পাউণ্ড মম-বাতি, আৰু এটা চেম্বাৰ-পট্, লগতে এটা সাজু কৰি থোৱা মন— কেম্ব্ৰিজে যি দিয়ে, তাকে ল’বলৈ বুলি। নিউটনে ট্ৰিনিটিত এজন ‘খাওনি ৰেহাই পোৱা’ ছাত্ৰ (subsizer) হিচাপে সোমাল। তেওঁ নিজৰ চলিবলগীয়াখিনি সতীৰ্থৰ কাম-কাজখিনি কৰি দি যোগাৰ কৰিছিল। এনে ‘খাওনি ৰেহাই পোৱা’সকল একধৰণৰ ‘চাকৰৰ’ লেখীয়াই আছিল। আৰু এয়া ঘটিছিল ওপৰৰ উল্লেখ কৰি অহা ‘মাতৃ’গৰাকীৰ বাবে, যিয়ে তেওঁৰ আৰু বেচি শিক্ষা হোৱাটো হিংসাৰ চকুৰে চাইছিল। ভাগ্যৰ পৰিহাস আছিল এয়ে যে তেওঁ আছিল এক জমিদাৰীৰ উত্তৰাধিকাৰী।

নিউটনৰ জীৱনত তেওঁৰ ভাগিন-জোঁৱাই জন্ কণ্ডুইৎ নামৰ লোকজন অতি ওতঃপ্ৰোতঃভাৱে জড়িত হৈ আছিল। এওঁ ব্ৰিটিছ সামৰিক বাহিনীৰ ‘বাহক’ (কমিছেৰী) হিচাপে কাম কৰিছিল। তেওঁৰ খ্যাতিৰ অন্য এক পৰিচয়ো আছিল। সেয়া হ’ল তেওঁৰ দ্বাৰা ৰোমান নগৰী ‘কাৰ্টেইআ’-ৰ চিহ্নিতকৰণ। ‘কাৰ্টেইআ’ আছিল ‘টাইৰিচান্’সকলৰ দ্বাৰা নিৰ্মিত এখন নগৰী। এয়া আছিল খৃঃপূঃ প্ৰথম ‘মিলিনিয়াম’ত ভূমধ্যসাগৰীয় বেচিনেৰে প্ৰসাৰণ লভা মানৱ-বিস্তৃতিৰ কাহিনী। কাণ্ডুইতে ভালদৰেই অনুভৱ কৰিছিল যে তেওঁ সৰ্বতিকালৰ প্ৰতিভাৱানসকলৰ এজনৰ কাষত থিয় হৈ আছে। তেওঁৰ দূৰদৰ্শী মনে ভৱিষ্যতৰ মানৱৰ কথা মনত ৰাখিয়েই এই মহাপ্ৰতিভাৰ জীৱনৰ খুঁটি-নাটিৰ লগতে তেওঁলোকৰ মাজত হোৱা কথোপকথনসমূহ লিপিবদ্ধ কৰি গৈছিল। মজাৰ কথা এয়ে যে কুণ্ডুইতে তেওঁৰ নিজৰ ‘স্মৃতি-ফলকখন’ত নিজক বা তেওঁৰ ঘৈণীয়েক বা তেওঁৰ পিতৃ-মাতৃক জড়িত কৰাৰ বিপৰীতে ছাৰ আইজাক নিউটন জড়িত হৈ থকা বাক্য এষাৰহে লিখি থৈছিল। মৃত্যুৰ পাছত নিজৰ স্থান নিৰ্দিষ্ট কৰি থৈছিল নিউটনৰ কাষত। কণ্ডুইতে কৰা নিউটন-প্ৰশস্তিত এই বিশাল ব্যক্তিত্বৰ আধিকাৰীজনৰ জীৱনটোক লক্ষ্য কৰিছিল— শ্ৰম, ধৈৰ্য, বিনয়-নম্ৰতা, সংযম, দয়া-মায়া, মৃদুভাৱ, দয়ালু-প্ৰকৃতি তথা সাধুতাৰ এক অবিৰাম-অনবিচ্ছিন্ন সমাহাৰ হিচাপে। কণ্ডুইৎ আৰু ষ্টুকলি— এই দুজনৰ পৰাই প্ৰধানতঃ তেখেতৰ শেষ সময়ৰ বাতৰি পাওঁ। এয়া আছিল বীৰপূজাৰ ফল। এওঁলোক আছিল যেনিবা নিউটনৰ চৰিতকাৰ। আৰু স্বাভাৱিকতেই প্ৰশংসাত শতমুখ হৈ আছিল এওঁলোক। আমাৰ গুৰু-বন্দনা, ‘দৰশিত সুন্দৰ গৌৰ কলেৱৰৰ’ দৰেই যেনিবা এওঁলোকেও লিখিছিল—

নিউটন আছিল এক মহত্ব বহনকাৰী দুটি অতি উজ্জ্বল চকুৰে মধ্যমীয়া আকাৰৰ। শেষ বয়সত শকত। বয়স হোৱা সত্বেও তেখেতৰ উজ্জ্বলতাই, ডেকা এজনৰ বৈশিষ্ট্য বহন কৰিয়েই আছিল। নিউটনক মাথো এবাৰহে হঁহা দেখা বুলি কোৱা নিউটনৰ সম্পৰ্কত বাতৰি দিয়া এজনৰ বিপৰীতে আন এজনৰ মন্তব্য আছিল বেলেগ। তেওঁৰ মতে ছাৰ আইজাক যদিওৱা “অতি চিৰিয়াছ” আৰু সংহত ‘ফ্লেম’-ৰ ব্যক্তিত্বৰ অধিকাৰী আছিল, পিছে তেওঁ তেখেতক প্ৰায়ে হাঁহি মুখেৰেই থকা দেখিছিল, আৰু তাকো সাধাৰণ মজলীয়া কাৰণত। তেওঁ ৰগৰৰ বা বুদ্ধিদীপ্ত বিষয়ত প্ৰায়েই সৰৱ হৈ পৰিছিল। লগৰ লগত মিলা-মিচাকৈয়ে কথা কৈছিল। সহজেই তেওঁ মিচিকিয়াইছিল, যদিওবা হো-হোৱাই নাহাঁহিছিল। লগ-সঙ্গত অতি সহজেই মিলিছিল আৰু আনকি কেতিয়াবা অতি বেছিকৈয়ে কথা কৈছিল। অন্য এজনৰ মতে, নিউটন এজন অতি কম কথা কোৱা মানুহ। তেওঁ মাজে-সময়ে নীৰৱ হৈ আছিল আৰু প্ৰায় পোন্ধৰ মিনিটমান চিন্তাত মগ্ন হৈ পৰিছিল। সেই সময়ত এনেহে দেখা গৈছিল যেনিবা তেওঁ প্ৰাৰ্থনাতহে মগন হৈ আছে। কেম্ব্ৰিজৰ অতি সন্মানিত ‘লুকাচিয়ান্-অধ্যাপক’ৰ আসন শুৱনী কৰা এই গৰাকী মহান প্ৰতিভাৰ ব্যক্তিত্বৰ অন্য এক আমোদজনক ফাল— কেম্ব্ৰিজত নিউটনৰ ‘অন্যমনস্কতা’ সম্পৰ্কত কেম্ব্ৰিজৰ ছাত্ৰ আৰু পিছৰ কালত নিউটনৰ বন্ধু উইলিয়াম ষ্টুকলি আৰু হাম্-ফ্ৰে-নিউটনে অনেক কথাৰ অৱতাড়না কৰিছে। স্থানাভাৱ হেতু ইয়াত উল্লেখ কৰাৰ পৰা বিৰত থাকিবলগীয়া হ’ল।

READ:   A Brief Introduction to Tensor

শৈশৱত য’তে-ত’তে ছবি আঁকি ফুৰা নিউটনৰ চৰিত্ৰত আৰু এক বিশেষ আমোদজনক বৈশিষ্ট্য লক্ষ্য কৰা হৈছে। সেয়া হৈছে— ভৱিষ্যতলৈ বুলি তেওঁৰ প্ৰতিচ্ছবি এৰি থৈ যোৱাৰ আগ্ৰহ বা হেঁপাহ। এয়া অকল তেওঁৰ বয়স বাঢ়ি অহাৰ দিনৰ সময়তেই ঘটা নাছিল। লণ্ডনত থকা কালছোৱাতো এয়া ঘটিছিল। এইখিনি সময়ত তেওঁ প্ৰায়েই ছবি অঁকা শিল্পীৰ সন্মুখত বহিছিল। প্ৰায় ১৬ খনতকৈও অধিক ‘প’ৰ্ট্ৰেইট্’ আৰু কেবাটাও ‘বাষ্ট্’ৰ বাবে চিত্ৰকৰ আৰু খনিকৰৰ সন্মুখত বহিছিল।

অৱশ্যে অন্য এটা বৈশিষ্ট্যই, নিউটনৰ নিজৰ ‘প’ৰ্ট্ৰেইট্’ৰ প্ৰতি অত্যাধিক হাবিয়াসৰ দৰে তেওঁৰ ব্যক্তিত্বৰ স’তে খাপ নোখোৱা মানসিকতাৰ নিম্নগামিতাক প্ৰতিহত কৰিছে। এয়াও পিছে তেওঁৰ জীৱনটোৰেই এক পৰোক্ষ প্ৰতিফলন। সেয়া হ’ল, দান দিয়াটো হৈ পৰিছিল নিউটনৰ শেষ বছৰ কেইটাৰ এক সুনিশ্চিত প্ৰেক্ষাপট। নিজৰ বংশ-পৰিয়ালৰ লোকক যথোচিত আৰ্থিক সহায় কৰাটো যেনিবা তেওঁৰ এক অন্য এৰাব নোৱাৰা দায়িত্ব আছিল।

জীৱনৰ শেষ সময়খিনিত, নিউটনে তেওঁৰ সমগ্ৰ জীৱন জুৰি যিহে জীৱনৰ সাৰ অংশখিনি গঢ়িলে, তাকেই ৰোমন্থন কৰিছিল। এয়া উল্লেখ্য যে, অন্ততঃ তিনিজন মানুহে তেওঁৰ আপেল আৰু মাধ্যাকৰ্ষণ সম্পৰ্কীয় গল্পটি স্বকীয়ভাৱে শুনিছিল।

মৃত্যুৰ বেচিদিন আগেয়ে নহয়,— নিউটনে জীৱনৰ ওপৰেৰে পিচলৈ ঘূৰি চাইছিল, আৰু কোনো অনামী বন্ধুলৈ লিখিছিল সেই বিখ্যাত কথাখিনি— এই সম্পৰ্কত ৱেষ্টফলৰ টিম্পনী— “সেয়া আছিল এক মহত্বম প্ৰতিফলন, ই খুপি ধৰে সত্যৰ অন্বেষণত উৎসৰ্গ কৰা জীৱন এটাৰ সাৰতত্ব”। তেওঁ কৈছিল— “পৃথিৱীৰ বাবে মই কেনেদৰে ধৰা দিওঁ তাক মই নাজানোঁ। কিন্ত মোৰ বাবে মই মাথোন সাগৰৰ উপকূলত খেলি থকা এজন সৰু ল’ৰা, আৰু মোক ব্যস্ত ৰাখিছোঁ মাজে-মাজে এটা কোনো তুলনামূলকভাৱে বেচি ধুনীয়া বা বেচি মিহি শিলগুটি বিচৰাত। আৰু ইয়াৰ বিপৰীতে বিৰাট মহাসাগৰখন মোৰ আগত অনাৱিষ্কৃত হৈয়ে পৰি আছে।”

১৬৮৭ চনৰ আগলৈকে নিউটন দাৰ্শনিক বৃত্তটিৰ জগতখনত প্ৰায় এক অচিনাকি ব্যক্তিয়েই আছিল। পদাৰ্থবিজ্ঞান আৰু গণিতত তেওঁৰ সক্ষমতা যিটো স্তৰলৈ লৈ গৈ প্ৰখ্যাত হৈছিল, সেয়া আছিল ১৬৮০ ৰ কথা। ১৭০১ ত নিউটন পাৰ্লিয়ামেণ্টলৈয়ো নিৰ্বাচিত হৈছিল।

তেওঁৰ ভাল লগাটোক তেওঁৰ নিজৰ ভাৱেৰে চলাই নিব খোজা ভাৱটোৰ বাবে অকলশৰীয়া হৈছিল। ‘প্ৰিন্সিপিয়া’ৰ কাৰণে প্ৰাকৃতিক-দৰ্শনৰ জগতখন তেওঁৰহে কৃতি— ইয়াক আন কোনোৱেই তেওঁৰ বাবে সাজু কৰি দিয়া নাছিল। আনকি, প্ৰায় ইয়াৰ প্ৰকাশৰ পৰা আৰম্ভ কৰি যিসকলে দূৰৈৰ পৰা ইয়াৰ ধাৰণাৰ সাৰখিনি মানি ল’বলৈ সন্মত নাছিল, তেওঁলোকেও ‘প্ৰিন্সিপয়া’খনক এখন যুগান্তকাৰী সৃষ্টি হিচাপে স্বীকৃতি দিছিল। ‘প্ৰিন্সিপয়া’ৰ সম্পৰ্কত লেখকে কিতাপখনত এক ‘বিপ্লৱ’ শিৰোনামেৰে ইয়াৰ সংক্ষিপ্ত আলোচনা কৰিছে। ইয়াৰেই এক থুল-মূল আলোচনা আগবঢ়াইছোঁ।

১৬৮৭ চনৰ প্ৰথমাৰ্ধত ব্ৰিটেইনত এই ‘মাষ্টাৰ-পিচ্’খনৰ সম্পৰ্কত কত যে উৰাবাতৰি ওলোৱা নাছিল! এই বিষয়ে নজনা-নুশুনা সকলৰ বাবে প্ৰথম ‘প্ৰিন্সিপয়া’ৰ কথা ঘোষিত হৈছিল— ‘ফিল’চফিকেল্ ট্ৰ্যানজ্যাকশ্যন্’-ৰ পাতত এক ‘ৰিভিউ’ৰ যোগে। লিখিছিল এডমণ্ড্ হেলীয়ে। নিউটনত বাদে আন কোনেও ইয়াৰ বিষয়-বস্তু সন্দৰ্ভত একো বিশেষ জনা নাছিল। তেওঁ লিখিছিল ইয়াৰ যুগান্তকাৰী বৈশিষ্ট্যখিনি এনেদৰে—

এই অতুলনীয় গ্ৰন্থকাৰজনে তেওঁৰ সংগ্ৰহত এক অতি লক্ষণীয় ঘটনা ৰাজহুৱাকৈ প্ৰকাশ কৰিলে। মনৰ শক্তিৰ পৰিসৰেৰে তেওঁ দেখুৱাইছে— প্ৰাকৃতিক-দৰ্শনৰ মূল নীতিসমূহ কি? হেলীয়ে এই ‘ৰিভিউ’ৰ শেষত মোখনি মাৰিছে এনেদৰে— এয়া একেবাৰে সঁচা যে ইয়াত ইমানখিনি মূল্যৱান সত্য সোমাই আছে যে, এয়া কেতিয়াও এজন মানুহৰ চেষ্টাৰ যোগে হোৱা নাই।

‘প্ৰিন্সিপিয়াৰ গুণ-যশ অতি বেগে বিয়পি পৰিছিল। ‘জন্-লক্’-এ গ্ৰন্থখনৰ ওপৰত দখল অনাৰ চেষ্টাত লাগি গৈছিল। তেওঁ যিহেতু গণিতৰ মানুহ নাছিল, বুজিবলৈ টান পোৱাখিনিৰ বাবে ‘খ্ৰীষ্টিয়ান হাইজেন’ৰ ওচৰ চাপিছিল। তেওঁ গাণিতিক অংশখিনি বিশ্বাস কৰিব পৰা বিধৰ বুলি জনাৰ পিছত, পদাৰ্থবিজ্ঞানৰ অংশখিনি গণিত-বিনেই হজম কৰাত লাগিছিল। ল’কে বুজিছিল যে, নিউটন আছিল যুগটোৰ বৌদ্ধিক মহাপ্ৰতিভাধৰবোৰৰ এজন। ইংলেণ্ডলৈ আহিলে তেওঁ হাইজেনক লগ ধৰিবলৈ আৰম্ভ কৰিলে। তেওঁৰ ‘এছে’ অন হিউমেন্ আণ্ডাৰষ্টেণ্ডিং’ (১৬৯০)-ৰ পাতনিত নিউটনলৈ প্ৰশংসাসূচক মন্তব্যৰে প্ৰসংগ টানিছিল।

লণ্ডনত, ডেকা বয়সৰ আব্ৰাহাম ডি মইভাৰে ‘প্ৰিন্সিপয়া’ পাইছিল ঘটনাক্ৰমে, তেওঁ যেতিয়া ডেভন্-শ্বায়াৰৰ ‘ডিউক’ৰ ঘৰত আছিল। নিউটনে ‘প্ৰিন্সিপিয়া’ৰ কপি এটা উপহাৰ দিবলৈ আহিছিল। মইভাৰে ডিউকক গণিত শিকাইছিল। ডেকা গণিতজ্ঞজনে কিতাপখন পাই পাত লুটিয়াই চাওঁতে প্ৰথম দৃষ্টিত দেখা পোৱা ইয়াৰ চাক্ষুষ সৰলতাখিনিয়ে এনে এটা ভাৱ দিছিল যে তেওঁ এইখন সহজেই বুজি পাব। পিচে, পলমকৈ তেওঁ বুজি পাইছিল যে ই আছিল তেওঁৰ জ্ঞানৰ পৰিসৰ বাহিৰত। তেওঁ কিতাপখন কিনি লৈছিল। যিহেতু গণিত শিকাবলৈ বুলি যাওঁতে ঘূৰি থাকিব লগা হয়, সেয়ে কিতাপখন যাতে অৱসৰ সময়ত পঢ়িব পাৰে সেই উদ্দেশ্য পাতবোৰ ফালি লৈ পকেটত ভৰাই লৈছিল।

গ্ৰেগ’ৰীৰ দৰে তেৱোঁ এই নতুন শিক্ষকজনৰ শিষ্য হৈছিল। নিউটনৰ কিতাপখনে ব্ৰিটেইনত যেন ধুমুহা বোৱাইছিল। প্ৰায় অলক্ষিতে ই প্ৰাকৃতিক-দৰ্শনৰ পণ্ডিতসকলৰ বাবে এক প্ৰভাৱশালী অৰ্থড’ক্সি যেন হৈ পৰিছিল। মহাদেশখনত ইয়াৰ বিজয়ে যেন অধিক সময় লৈছিল। হ’লেও ইয়াক নুই কৰা হোৱা নাছিল। ইয়াৰ প্ৰভাৱ কেনে অতি ব্যাপক আছিল, তাক বুজিব পাৰি দুজন ‘মিনাৰোপম’ ব্যক্তিত্বৰ অধিকাৰী খ্ৰীষ্টিয়ান্ হাইজেন আৰু গটফ্ৰেইড্ লাইবনিজৰ সঁহাৰিৰ পৰা। অৱশ্যে এটা বিষয় মন কৰিবলগীয়া আছিল যে, এই দুইজনে ‘প্ৰিন্সিপিয়া’ৰ মূল নীতি নাকচ কৰিছিল।

নিউটনে মাধ্যাকৰ্ষণ সম্পৰ্কত আগবঢ়োৱা প্ৰখ্যাত মূলনীতিৰ সন্দৰ্ভত লাইবনিজ আশ্চৰ্যান্বিত হৈছিল যে, নিউটনে ‘নীতিটোৰ কাৰণ’ উলিয়াবলৈ যোৱা নাই। আৰু ইয়ে ‘আকৰ্ষণ’ক মাথো এটা ‘যান্ত্ৰিক-কাৰণ’লৈ পৰ্যবসিত কৰিছে। হাইজেন্ আৰু লাইবনিজৰ দৰে ‘টাইটান্’ দুজনে পিছে নিউটনৰ শিষ্য হ’বলৈ বুলি আগ নাবাঢ়িল। ১৬৯০ চনত ড° জন আৰ্বুথু নং-এ প্ৰখ্যাত ফৰাছী গণিতজ্ঞ মাৰ্কুইছ দ্য এল হস্পিতেলক লগ ধৰোঁতে হস্পিতেলে আপত্তি দৰ্শাইছিল যে কোনো ইংৰাজেই কোনো বস্তুৰ এনে আকৃতিৰ কথা ক’ব নোৱাৰে, যিয়ে ‘তৰল’ত ন্যুনতম বাধা দিব (none of the English, could demonstrate to him the shape of a body that offered the least resisance to a fluid)। যেতিয়া আৰ্বুথু নং-এ নিউটনৰ কথা উল্লেখ কৰিলে,— তেওঁ ‘প্ৰিন্সিপিয়া’ত এয়া কৰিছে, তেতিয়া হস্পিতেলে ‘প্ৰিন্সিপিয়া’ৰ প্ৰসংগত নিউটনৰ প্ৰশংসাত চিঞৰি উঠিছিল এই বুলি— ‘এই কিতাপখনত তেনেহ’লে কি যে জ্ঞানৰ ভাণ্ডাৰ ভৰি আছে!’ ‘নিউটনৰ প্ৰতিভাৰ কথা কল্পনা কৰি হস্পিতেলে তেওঁৰ সম্বন্ধে সবিশেষ সুধিছিল। সুধিছিল— আনকি তেওঁৰ চুলিৰ ৰং আদিকে ধৰি এই মহানজনাৰ সবিশেষ। এনেদৰেই এয়া আছিল বোধকৰোঁ নিউটন মহামতি হ’বলৈ বুলি আগবঢ়াৰ খাপকেইটাৰ প্ৰথম কেইটা। আলোচনা হৈছিল— তেওঁ আন সাধাৰণ মানুহৰ দৰেই চলা-ফুৰা কৰেনে —এইবুলি। তেওঁ এয়া শুনিও আচৰিত হৈছিল যে এইজন মানুহে তেওঁৰ বন্ধু-বান্ধৱৰ স’তে হাঁহি-স্ফূৰ্তিৰেই কথা-বাৰ্তা কয়, সাধাৰণ মানৱৰ দৰেই।

ইতিমধ্যে আন এক সম্পূৰ্ণ বেলেগ ধৰণৰ সংঘটনে ঠাই পাইছিল, যিটোৱে নিউটনৰ সক্ষমতাৰ আন এটা ফাল উদঙাই দিয়ে। আৰু ই তেওঁৰ জীৱনৰ বাকীছোৱা কালত প্ৰিন্সিপিয়াতকৈও বেচি প্ৰভাৱশীল প্ৰভাৱ পেলাইছিল। বিশ্ববিদ্যালয়খনৰ বাবে ‘বেনেডেক্টাইন্-মংক’ এজনৰ শপত বিনা ডিগ্ৰী প্ৰদানৰ বিষয়ত সমস্যাই দেখা দিলে। তেওঁলোকক এইখিনি জনাবলৈ দিয়া হৈছিল যে ‘ফাদাৰ’ক শপত বিনা ডিগ্ৰী প্ৰদান কৰাটো বে-আইনী হ’ব। নিউটনে নিজেই সিপক্ষৰ স’তে হ’ব পৰা এক বুজা-বুজি এৰাব পৰাৰ ফালে লৈ যায়। আৰু এনেদৰে বিশ্ববিদ্যালয়ে পৰাজয়ৰ হাত এৰায়।

১৬৮৯ ত নিউটন ‘কনভেনশ্যন’ৰ সদস্য নিযুক্ত হয়। নিউটনে প্ৰায় বিশ বছৰ ধৰি যাপন কৰা একাকীত্বৰ বিপৰীতে ক্ৰমে এক নতুন জীৱনৰ ফালে আগবাঢ়িছিল। অৱশ্যে এনে কথা ভাবিলে ভুল হ’ব যে নিউটনে ‘কনভেনশ্যন’ত খুব কিবা এটা কৰিছিল। এটা গল্প অনুসৰি, তেওঁ মাত্ৰ এবাৰ এখন খিড়িকী বন্ধ কৰিবলৈ কৈছিল। পাৰ্লিয়ামেণ্টৰ অভিজ্ঞতাই নিউটনৰ ওপৰত কোনো লেখত ধৰিবলগীয়া প্ৰভাৱ নেপেলালে।

READ:   A Theoretical study on Negative Refractive Index Metamaterials (Review)

ধৰ্মপুথিৰ সম্পৰ্কত তেওঁৰ অভিমতো প্ৰণিধানযোগ্য। তেওঁৰ মতে ধৰ্মপুথিৰ পাতত থকাখিনি কি বা কেনে সেয়া যদি আমাৰ ব্যক্তিগত বিচাৰেৰে নিৰ্ণয় কৰিব নালাগে তেনেহ’লে আমি বিৰোধিতা নকৰোঁ। কিন্তু বিতৰ্কমূলকৰ ক্ষেত্ৰত মই বুজিব পৰাখিনি ক’বলৈ ভাল পাওঁ। মানৱৰ অসন্তুষ্টিৰ আৰু অন্ধবিশ্বাসী অংশটোৱে, ধৰ্মৰ ক্ষেত্ৰত ৰহস্যক প্ৰিয় কৰি তোলে। আৰু সেই বাবেই তেওঁলোকে যিখিনি কমকৈ বুজে সেইখিনিকে বেচিকৈ বিচাৰে। বাইবেলৰ প্ৰথম ‘ট্ৰিনিচেৰিয়ান্’ ৰাস্তা john ৫:৭ আৰু I. Timothy ৩:১৬ ৰ সন্দৰ্ভত ‘এন হিষ্ট’ৰিকেল একাউণ্ট অব টু ন’টেবল কৰাপশ্যন অব-স্ক্ৰীপ্টচাৰ’ৰ এজন বন্ধুলৈ এখন চিঠি— এই শিতানত, দুটা দুৰ্নীতিৰ এটা আলোচনা— নিউটনে ল’কলৈ এক সংকলন কৰি পঠিয়াইছিল। বিতৰ্কৰ অৱকাশ থকা এই বিষয়ত নিউটনে এইখিনি কথা এটা ‘ধৰ্মীয়-ঠগৰ’ প্ৰকাশ হিচাপেহে কৈছিল। কোনো থিওল’জিকেল কথা হিচাপে গণ্য কৰা নাছিল। নিউটনৰ মতে, সেইখিনি,তেওঁলোকৰ ইচ্ছামতেই লওক। তাত একো আপত্তি নাই এই বিশ্বাসৰ বাবেই যে, তেওঁ এয়া ভাল অৰ্থতেই লিখিছিল। গতিকে তেওঁৰ সেই ভাৱটোকেই লোৱা হওক, কাৰণ যিহেতু মই এনে ‘মহান প্ৰভাৱশীল’ৰ দ্বাৰা ‘ৰক্ষা পাই’ আছোঁ।

‘প্ৰিঞ্চিপিয়া’ৰ প্ৰভাৱেৰে নিউটন ডেকাচামৰ অতি মৰমৰ হৈ উঠিছিল। এওঁলোকে নিউটনৰ প্ৰেৰণা আশা কৰিছিল। এডৱাৰ পেগেল, ডেভিড গ্ৰেগ’ৰী আছিল অতি নিউটন-ভক্ত। গ্ৰেগৰীৰ নিউটন তোষামোদ প্ৰখ্যাত। এইখিনিতে তোষামোদৰ নীতি সন্দৰ্ভত এটা কথা মনলৈ আহিছে— তোষামোদকাৰী এনে এজন বন্ধু যি তোমাতকৈ নিম্ন স্থানৰ অথবা তেনে ভাও দিয়া এজন। (A flatterer is a friend who is your inferior or pretends to be so)।

ক্ৰমে-ক্ৰমে নিউটনৰ অৱস্থিতিৰ মাত্ৰাটো খোল খাই আছিল। সেয়ে নিউটনে তেওঁৰ বৌদ্ধিক প্ৰচেষ্টা বাদ দিয়া নাছিল। ১৬৯০ ৰ প্ৰথমছোৱাত তেওঁৰ কেম্ব্ৰিজৰ শেষ বছৰকেইটা আছিল এক অতিচাৰ বৌদ্ধিক কৰ্ম-ব্যস্ততাৰ বছৰ। প্ৰিন্সিপিয়াৰ কৃতকাৰ্যতাকে সামৰি, নিউটন ব্যস্ত হৈ পৰিছিল সিচৰিত হৈ থকা পূৰ্বৰ প্ৰায় সকলো অসংগঠিত অনুসন্ধানসমূহক একত্ৰিত কৰি আগবঢ়োৱাৰ এক অনন্য প্ৰচেষ্টা। এয়া আছিল তেওঁৰ লেখত ল’বলগীয়া শেষ বৌদ্ধিক প্ৰচেষ্টা। ১৬৯০ ত নিউটনে ভাবিছিল, তেওঁ তেওঁৰ গাণিতিক-কৃতিখিনিক প্ৰকাশ কৰিবলগীয়া ৰূপ দিব। ১৬৮৪ ত লাইবনিজে তেওঁৰ অবকলনৰ কামখিনি প্ৰকাশ কৰিবলৈ লয়। ইয়াত তেওঁ নিউটনৰ কোনো উল্লেখ কৰা নাছিল। ইয়াত লাইবনিজৰ কোনো দোষ নাছিল কিয়নো তেতিয়ালৈ নিউটনৰ গণিত সম্পৰ্কীয় একো ছপাৰ আকাৰত নাছিল। ইয়াৰ বিপৰীতে ইংলেণ্ডতো একেই ঘটিছিল। এখন স্মৰণিকাত, গ্ৰেগৰীয়ে নিউটনৰ স’তে হোৱা আলোচনা লিখোঁতে উল্লেখ কৰিছিল লাইবনিজৰ কলন গণিত ক’ত? পিচলৈ তেওঁ লিখা এখন কিতাপত দেখুৱাইছিল যে লাইবনিজৰ কলন নিউটনলৈ পৰ্যবসিত হৈছে।

ইফালে ১৬৮০ ৰ শেষৰফালে আৰু ১৬৯০ ৰ আগৰফালে প্ৰিন্সিপিয়া আৰু গণিতৰ স’তে নিউটন ফিৰি আহিছিল ‘অপ্টিক্স’-অলৈ, —প্ৰায় দুটা দশকৰ পিছত। তেওঁ ইয়াত ‘এলকেমী’ও বাদ দিয়া নাছিল। তেওঁৰ লেখাসমূহ মন কৰিলে এয়া দৃষ্টিগোচৰ হয় যে, ১৬৯০ ৰ আদিভাগত তেওঁ বেছি সময় ‘এলকেমী’ অধ্যয়নত খটুৱাইছিল। ১৬৯০ চনৰ আদিছোৱাত নিউটনে ‘এলকেমী’ সম্পৰ্কীয় কৃতি-কৰ্ম চলাই থাকে। এই সময়খিনিতেই নিউটনে ‘প্ৰ্যাক্সিচ্’ শীৰ্ষক এক সংকলন লিখে। ইয়াত খটুওৱা হৈছিল ‘এলকেমী’য় পৰম্পৰাৰ সকলো কাল্পনিকতা। ইয়াত সকলো পদাৰ্থকেই টানি অনা হৈছিল, যেনে ‘ডায়েনাৰ-কপৌ’, মঙলৰ নক্ষত্ৰ’ৰ গুলাচ্ ইত্যাদি।

শেষৰ ৫ বছৰ নিউটনৰ স্বাস্থ্য চকুত পৰাকৈ বেয়াৰ ফালে আহিছিল। তেওঁৰ স্মৃতি শক্তি বেচ কমি আহিছিল। তেওঁৰ প্ৰধান সমস্যা হৈছিল “স্ফিন্সাৰ”ৰ দুৰ্বলতা। তেতিয়াৰ পৰা তেওঁৰ মূত্ৰৰ উগ্ৰতাত ভুগিছিল। লৰচৰ কৰিলে সমস্যা বাঢ়ে বাবে তেওঁ অহা-যোৱা বন্ধ কৰি চকীৰেই আশ্ৰয় লৈছিল। ১৭২৫ ত নিউটনে সাংঘাটিক ধৰণে কাহ আৰু লাং-অৰ অসুখত ভোগে। ক্ৰমে-ক্ৰমে অইন অসুখেও গা কৰিব ধৰে। ৭ জানুৱাৰীৰ পিছৰ পৰা তেওঁ ৰয়েল ছ’চাইটিৰ ‘চেয়াৰ্’ আৰু কৰা নাই। যিমানেই অসুখ নহওক, উৎসাহৰ অভাৱ নিউটনৰ কেতিয়াও হোৱা নাছিল। তেওঁৰ মৃত্যুৰ কেইদিনমান আগত জেচ্চাৰী পিয়াৰ্চে তেওঁক দেখা কৰিছিল। তেওঁ তেতিয়া ‘ক্ৰ’ন’ল’জি অফ এনিচয়েন্ট কিংদম’ লিখি আছিল চকুত চশমা নোহোৱাকৈ, কোঠাৰ ভিতৰতেই খিড়ীকীৰ পৰা ভালেখিনি দূৰত। সন্মুখত কিতাপৰ এটা পাৰ্চেল। ৰুমত সোমায়ে তেওঁ কৈ উঠিছিল, ‘ছাৰ! আপুনি এনে এটা অৱস্থানত বহি পঢ়ি আছে যে, তাত পোহৰেই ভালদৰে নপৰে।’ উত্তৰত তেওঁ কৈছিল,— ‘অলপ পোহৰেই মোৰ বাবে যথেষ্ট’। তেওঁ আৰু কৈছিল তেওঁ প্ৰেছৰ বাবে ‘ক্ৰ’ন’ল’জি’ সাজু কৰি আছে। তেওঁ তাৰ পিছত সেয়া পঢ়ি গৈছিল, প্ৰায় এঘন্টা সময় ধৰি, ৰাতিৰ আহাৰ নহালৈকে!

১৭২৬ ৰ গৰম বন্ধলৈকে নিউটনে ৰয়েল চ’ছাইটিৰ মাত্ৰ চাৰিখন মিটিং কৰিছিল। শেষৰখন আছিল ১৭২৭ চনৰ ২ মাৰ্চত। মিটিঙৰ চাপৰ বাবে তেওঁ সেইদিনা ৰাতি লণ্ডনত আছিল। সেইদিনাখন, কণ্ডুইতে ভাবিছিল যে তেওঁ, তেওঁক বহুবছৰ ভালে থকা দেখা নাই। তাৰ পিছত আগতে হোৱা তেওঁৰ প্ৰচণ্ড কাহ পুনৰ ফিৰি আহিল। কণ্ডুইতে ‘সিড্’ আৰু ‘চ্চেছেলডেন্’ নামে দুজন ডাক্তৰ মাতিলে। ‘ব্লেডাৰ্’ত পাথৰ চিনাক্ত হ’ল। সেই সময়ত চিকিৎসা বিজ্ঞানে ৰায় দিলে— বেমাৰ ভাল হোৱাৰ আশা নাই। নিউটন তেতিয়া প্ৰচণ্ড বিষত ভুগি আছে। ঘৰ্মাক্ত দেহ। মুখ ঘামেৰে ধুৱাই পেলাইছে। খ্ৰীষ্টীয় মৃত্যুৰ দৃশ্যটো ষ্টুকলিৰ কাব্যিক প্ৰকাশতকৈও বেচি যেন আছিল। সেই বিষয় প্ৰকাশ ইমানেই বাঢ়িছিল যে, তেওঁৰ তলৰ বিছনা আনকি কোঠাটোও যেনিবা সেই কষ্টত কঁপি উঠিছিল। তাত থকা সকলোকে আচৰিত কৰি দি, তেওঁৰ সেই মহান আত্মাই এনে সংগ্ৰাম কৰিবলগীয়া হৈছিল। এই পাৰ্থিৱ-আবাসটো এৰিবলৈ বুলি এইসকলোখিনি তেওঁ সহিছিল, অতিশয় উদাহৰণকাৰী আৰু লক্ষণীয় ধৈৰ্যৰে,— সি সঁচা দাৰ্শনিকসুলভ আৰু সঁচা খ্ৰীষ্টিয়ান এজনৰ দৰে। মৃত্যুৰ সময়তো এই সত্যান্বেষীজনৰ আপোচহীন মানসিকতা লক্ষণীয়। শেষ সময়ত নিউটনে চাৰ্চৰ ‘চেক্ৰামেণ্ট’ বা ‘ধৰ্মভোজ’ ল’বলৈ অস্বীকাৰ কৰিছিল। তেওঁৰ বিশ্বাসৰ ব্যক্তিগত ঘোষণা এনেদৰেই ৫০ বছৰতকৈও অধিক কাল ৰাজহুৱা নকৰাকৈ ৰাখি, এই ভাৱনাটো কিছুদিন ধৰি নিশ্চিতভাৱে পৰিকল্পনা কৰি থৈছিল। ১৫ মাৰ্চত নিউটনক অলপ ভাল যেন দেখা গৈছিল, সেয়ে ৰখীয়াসকলে অলপ আশাৰ ভাৱেৰে চাইছিল। ইয়াৰ পিছত অতি সোনকালেই অৱনমিত হ’বলৈ ধৰে। ১৯ মাৰ্চ দেওবাৰে সাৰ-শব্দ নোহোৱা হয়। পঞ্চমদিনাখন পুৱা এক বজাত পুনৰায় আৰু কোনো বিষ নোহোৱাকৈ দেহ এৰে।

শেহৰ ফালে ৰয়েল চ’ছাইটিয়ে হয়তো নিউটনৰ কোনো নেতৃত্ব নাপালে। পিচে তেওঁলোকে এই বিষয়ে বেছ সচেতন আছিল যে তেওঁলোকে কি হেৰুৱালে। সেয়ে ১৭২৬ চনৰ ২৩ মাৰ্চৰ ‘প্ৰচিডিংচ্’ত লিপিবদ্ধ হৈছিল এনেদৰে, সভাপতিৰ আসনখন ছাৰ আইজাক নিউটনৰ মৃত্যুৰে খালী হোৱা বাবে আজি কোনো সভা নহ’ল।

নিউটনৰ দৰে এজন প্ৰতিভাৱানৰ জীৱনে আমাক এয়ে শিকায় যে, প্ৰতিভাৱানসকলে পৃথিৱীখনক তেওঁৰ লগৰবোৰতকৈ বেলেগ ধৰণে চায় আৰু ইয়াতেই তেওঁলোকৰ জীৱনৰ ‘ট্ৰেজেদী’টো সোমাই থাকে। এনে এজন প্ৰতিভাৱানে ভুল নকৰে। তেওঁৰ ভুলখিনি পূৰ্বনিৰ্ধাৰিত আৰু আৱিষ্কাৰৰ একোটা সুৰংগ বা পথ। ‘প্ৰতিভা’ নামৰ দানটো হ’ল সীমাহীন কষ্ট বহন কৰিব পৰা এক ক্ষমতা। তাৰোপৰি, এনেকুৱা কোনো প্ৰতিভাৱান দেখা পোৱা নাযায় যিজনে হয়তোবা শাৰীৰিক অথবা আধ্যাত্মিক ক্ৰটিৰে অলপ হ’লেও কোনো প্ৰতিদান দিব লগা হোৱা নাই।

 

লেখক:— ড° খনীন চৌধুৰী।

 

[প্ৰবন্ধটি ২০০৯ চনৰ ২৬ এপ্ৰিলৰ ‘আমাৰ অসম’ত প্ৰকাশিতপ্ৰবন্ধটি লেখকৰ প্ৰবন্ধ-সংকলন ‘মহাগান অবিৰাম’ৰ পৰা ‘গণিত চ’ৰা’ত প্ৰকাশ কৰা হ’ল।]

 

[ad#ad-2]

The following two tabs change content below.
Tags:
No Comments

Sorry, the comment form is closed at this time.