লিঅ'নাৰ্ড অইলাৰ

Leonhard Eulerলিঅ'নাৰ্ড অইলাৰ (Leonhard Euler) — গণিত-বিজ্ঞানৰ বৰ্ণিল ইতিহাসৰ এক স্বৰ্ণময় অধ্যায়, সৰ্বকালৰ এগৰাকী বিখ্যাত গণিতজ্ঞ আৰু মহান দাৰ্শনিক। গণিতৰ আকাশৰ ভোটাতৰা সদৃশ এই ব্যক্তিগৰাকীয়ে তেওঁৰ সময়ৰ গণিত-বিজ্ঞানৰ প্ৰায় দুয়োটা ভাগতে [বিশুদ্ধ গণিত (Pure Mathematics) আৰু প্ৰায়োগিক গণিত (Applied Mathematics)] কাম কৰিছিল। জীৱনৰ শেষ কালছোৱালৈকে এই গণিতজ্ঞগৰাকী গণিত আৰু পদাৰ্থ-বিজ্ঞানৰ সাধনাত ব্ৰতী আছিল। অইলাৰে গণিত-বিজ্ঞানত Combinational Topology, Graph Theory আৰু বিচৰণ কলন (Calculus of Variations) আদি নতুন শাখাৰ সৃষ্টি কৰিছিল। তেওঁ আছিল আধুনিক অনুকলন গণিত (Integral Calculus) আৰু অৱকলন গণিত (Differential Calculus)ৰ প্ৰতিষ্ঠাতা। অইলাৰে সংখ্যাতত্ত্বক (Number Theory) গণিত-বিজ্ঞানৰ মুখ্য শাখা হিচাপে প্ৰতিষ্ঠা কৰাৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, কাৰ্ল ফ্ৰেডৰিখ গাউচ (Carl Friedrich Gauss) নামৰ গণিতজ্ঞগৰাকীয়ে সেই প্ৰক্ৰিয়াৰ সমাপ্তি ঘটাইছিল আৰু ‘Disquisitions Arithmaticae’ নামৰ গ্ৰন্থখনৰদ্বাৰা তাৰ প্ৰকাশ কৰিছিল। তেতিয়াৰ পৰাই সংখ্যাতত্ত্বই সকলো গণিতজ্ঞৰ মনোযোগ আকৰ্ষণ কৰা পৰিলক্ষিত হয়।

১৭০৭ চনৰ ১৫ এপ্ৰিল তাৰিখে ছুইজাৰলেণ্ডৰ বাছেল (Basel) নামৰ এখন নগৰত এটা পুৰোহিত পৰিয়ালত লিওনাৰ্ড অইলাৰৰ জন্ম হয়। সেইসময়ত বাছেল নগৰখন আছিল ইউৰোপৰ গণিতশাস্ত্ৰৰ প্ৰধান কেন্দ্ৰ। ৭ বছৰ বয়সত অইলাৰে তেওঁৰ আনুষ্ঠানিক শিক্ষাৰ শুভাৰম্ভণি কৰে আৰু দেউতাকে তেওঁৰ বাবে এগৰাকী ঘৰুৱা গণিত শিক্ষক নিযুক্তি দিয়ে। ১৬ বছৰ বয়সত অইলাৰে স্থানীয় বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। অইলাৰৰ দেউতাকে তেওঁৰ সন্তানো উত্তৰাধিকাৰীসূত্ৰে এগৰাকী পুৰোহিত হোৱাটোৱে বিচাৰিছিল। কিন্তু বাছেল বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়তে অইলাৰৰ মনত জ্যামিতিৰ প্ৰতি এক প্ৰবল অনুৰাগ জন্মে আৰু শিক্ষক জোহান বাৰ্ণলিৰ সহযোগত তেওঁ দেউতাকক তেওঁৰ ইচ্ছা অনুযায়ী সন্মত কৰাবলৈ সক্ষম হয়। তাৰপিছত তেওঁ পিতৃৰ মত অনুসাৰে বৈদিক গণিত (Vedic Mathematics)ত নামভৰ্ত্তি কৰে আৰু আজৰি সময়ত গণিতৰ বাকীবোৰ বিষয় অধ্যয়ন কৰিবলৈ লয়। তেওঁ Reverse Trajectory ৰ ওপৰত দুটা প্ৰবন্ধ লিখি উলিয়াইছিল, যিকেইটা তেওঁৰ শিক্ষক বাৰ্ণলিয়ে বহুলভাৱে প্ৰশংসা কৰিছিল।

১৭২৭ চনত লিঅ'নাৰ্ড অইলাৰ St. Petersberg Academy of Scienceৰ এগৰাকী সক্ৰিয় সদস্য হিচাপে নিযুক্ত হয়। ১৭৩০ চনত তেখেতে একাডেমীখনৰ পদাৰ্থবিজ্ঞান বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে আৰু তাৰ ঠিক তিনি বছৰ পিছতে তেওঁ গণিত বিভাগৰ প্ৰবক্তা হিচাপে নিযুক্ত হয়। ১৭২৭ চনৰপৰা ১৭৩০ চনলৈ তেওঁ ৰুছদেশীয় ৰণুৱা জাহাজত চিকিৎসা বিষয়ক দুৱলীয়া প্ৰতিনিধি (Medical Lieutenant) হিচাপেও কাম কৰিছিল। এই সময়ছোৱাত অইলাৰে তেওঁৰ কেইবাটাও প্ৰবন্ধ প্ৰকাশ কৰি উলিয়ায়। ১৭৩৬-৩৭ চনত তেওঁৰ ‘Mechanica’ নামৰ গ্ৰন্থখনে প্ৰকাশ লাভ কৰে; যিখন আছিল নিউটনৰ গতি-সূত্ৰক গাণিতিক ভাঙনিত প্ৰকাশ কৰা প্ৰথমখন গ্ৰন্থ আৰু এই গ্ৰন্থখনেই তেওঁক বিশ্ববিখ্যাত গণিতজ্ঞসকলৰ ভিতৰত নিগাজীকৈ স্থান লাভ কৰাত যথেষ্ট পৰিমাণে সহায় কৰে। ১৭৪১ চনত ‘Friedrich the Great’ ৰ আমন্ত্ৰণ অনুসৰি তেওঁ Berlin academy of science ত যোগদান কৰে। বাৰ্লিনত থকা এই সময়ছোৱাতে অইলাৰে ২০০টাতকৈও অধিক প্ৰবন্ধ, গাণিতিক বিশ্লেষণৰ ওপৰত আধাৰিত তিনিখন কিতাপৰ উপৰি ‘Letters to a Princess of Germany’ নামৰ এখন বিখ্যাত বৈজ্ঞানিক-পত্ৰ প্ৰকাশ কৰি উলিয়ায়।

READ:   অতিমানৱ

অইলাৰ আছিল শিশুসকলৰ দুৰন্ত প্ৰেমিক। তেওঁ সৰু ল’ৰা-ছোৱালী ইমানেই ভাল পাইছিল যে কেতিয়াবা জটিল অংক এটাৰ সমাধান উলিয়াবলৈ চেষ্টা কৰাৰ সময়তো সৰু শিশু এটিক কোলাত বহুৱাই লৈছিল। অইলাৰ দুবাৰকৈ বিবাহপাশত আবদ্ধ হৈছিল। তেওঁৰ প্ৰথম পত্নী কেথেৰিণাৰ ১৭৭৬ চনত মৃত্যু হয়। তেওঁলোকৰ ১৩টা সন্তানৰ ভিতৰত মাত্ৰ তিনিটা ল’ৰা আৰু দুজনী ছোৱালীহে জীৱিত অৱস্থাত আছিল; বাকীসকলৰ নিচেই কম বয়সতে মৃত্যু হৈছিল। প্ৰথমা পত্নীৰ মৃত্যুৰ পিছত ১৭৭৭ চনত তেওঁৰে সম্পৰ্কীয় ভনীয়েক Salome Abigail Gsellৰ সৈতে অইলাৰ পুনৰ বিবাহপাশত আবদ্ধ হয়। ১৭৮৩ চনৰ ১৮ চেপ্তেম্বৰত ৭৬ বছৰ বয়সত ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ লিওনাৰ্ড অইলাৰ মৃত্যুমুখত পৰে।

Leonhard-Eulerনিৰৱচ্ছিন্নভাৱে ওৰেটো জীৱন গণিত-বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞানৰ সাধনাত ব্ৰতী অইলাৰ যেন কোনোদিনে ভাগৰি পৰা নাছিল! বিশুদ্ধ গণিতৰ বহল ক্ষেত্ৰখনত অইলাৰে প্ৰধানকৈ কলন গণিত (calculus), অৱকল সমীকৰণ (differential equations), analytic and differential geometry of curves and surfaces, সংখ্যাতত্ত্ব, অসীম শ্ৰেণী (infinite series), বিচৰণ কলন (calculus of variations) আদি বিভাগৰ ওপৰত কাম কৰিছল। আনহাতে, প্ৰায়োগিক গণিতত তেওঁ বৈশ্লেষিক বলবিজ্ঞান (analytical mechanics) নামৰ এক নতুন শাখাৰ সৃষ্টি কৰিছিল। অইলাৰে বলবিজ্ঞান (mechanics), বীজগণিত (algebra), গাণিতিক বিশ্লেষণ (mathematical analysis), বৈশ্লেষিক জ্যামিতি (analytic geometry), differential geometry আৰু বিচৰণ কলন (calculus of variations) ৰ ওপৰত কেইবাখনো পাঠ্যপুথি লিখি উলিয়ায়; যিকেইখন কেইবা শতিকা ধৰি প্ৰচলিত হৈ আছে। গাণিতিক পদাৰ্থবিজ্ঞান (Mathematical Physics)ত তেওঁ ডেনিয়েল বাৰ্ণলি (Daniel Bernoulli)ৰ কাম-কাজৰ ওপৰত অধ্যয়ন কৰিছিল। Hydrodynamicsত, উদাহৰণস্বৰূপে, তেওঁ আদৰ্শ তৰল (ideal fluid)ৰ গতিৰ fundamental differential equation আৱিষ্কাৰ কৰি উলিয়ায় আৰু তাক মানৱ দেহৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়াৰ ওপৰত প্ৰয়োগ কৰে। Heat theoryৰ ক্ষেত্ৰত তেওঁ ডেনিয়েল বাৰ্ণলিৰ “তাপ হৈছে অণুবোৰৰ দোলন” (heat is the oscillation of molecules) শীৰ্ষক ধাৰণাটোকে অণুসৰণ কৰিছিল। অইলাৰ আছিল অষ্টাদশ শতিকাৰ মুষ্টিমেয় বিজ্ঞানীসকলৰ ভিতৰত এজন, যিসকলে তৰংগ (wave)ক পোহৰ কণাৰ বাধা হিচাপে বিবেচনা কৰিছিল। তেওঁ শব্দশক্তিৰ বিস্তাৰণ (propagation of sound)ৰ ওপৰতো অধ্যয়ন কৰিছিল আৰু পোহৰৰ প্ৰতিসৰণ আৰু বিচ্ছুৰণ (refraction and dispersion of light)ৰ বিষয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আগবঢ়াইছিল।

৭৬ বছৰীয়া জীৱনকালছোৱাত অইলাৰে প্ৰায় ৯০০খন পত্ৰিকা, জীৱন-চৰিত্ৰ তথা কেইবাখনো মূল্যৱান গ্ৰন্থ ৰচনা কৰে। তাৰ ভিতৰত ‘Opera Omnia’ এক উল্লেখযোগ্য সম্পদ। কিন্তু দুখৰ বিষয় যে অইলাৰৰ আধাতকৈও বেছি লিখনি তেওঁৰ জীৱিত কালত অপ্ৰকাশিত অৱস্থাত আছিল।

READ:   New Quiz Section

ব্যক্তি হিচাপে অইলাৰ আছিল অতি সহজ-সৰল আৰু তেনেই সাধাৰণ। এজন জাৰ্মান গণিতজ্ঞ আৰু দাৰ্শনিক Gottfried Wilhelm von Leibnizৰ ভাষ্য অনুসৰি অইলাৰ আছিল এনে এজন লোক, যিজনে নিজে বিলোৱা ফুলৰ গুটিৰে আনৰ ফুলনিখন জাতিষ্কাৰ হোৱা দেখি পৰম তৃপ্তি লাভ কৰিছিল। যদিও অইলাৰৰ অতি কম সংখ্যকহে শিষ্য আছিল আৰু তেওঁলোকৰ কোনোজনেই প্ৰথম শ্ৰেণীৰ বিজ্ঞানী হ’ব নোৱাৰিছিল, তথাপি লাপ্লাছৰ মতামত অনুসৰি তেওঁ আছিল সেই সময়ৰ সকলো গণিতজ্ঞৰে গুৰু আৰু পথ নিৰ্দেশক। অষ্টাদশ শতিকাটো আছিল অইলাৰৰ যুগ। কিন্তু গণিত বিজ্ঞানৰ উন্নতিৰ সাগৰখনত তেওঁ যি জোৱাৰ-ভাটাৰ সৃষ্টি কৰিছিল, তাৰ প্ৰভাৱ অকল সেই সময়ছোৱাতে সীমাবদ্ধ হৈ ৰোৱা নাছিল; পিছৰ গণিতজ্ঞসকলো সেই প্ৰভাৱেৰে প্ৰভাৱান্বিত হৈ নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই যাবৰ বাবে খোজ পেলাবলৈ সক্ষম হৈছিল।

 

পৰীস্মিতা কাকতি

সংযুক্ত স্নাতকোত্তৰ, তৃতীয় ষান্মাসিক

গণিত বিজ্ঞান বিভাগ, তেজপুৰ বশ্ববিদ্যালয়।

 

[ad#ad-2]

claimtoken-529724d9df6a9

The following two tabs change content below.
No Comments

Sorry, the comment form is closed at this time.