ৰামানুজনৰ কেটোৰময় ক’লা কিলাকুটিটো

Ramanujanভাৰতীয় মহান প্ৰতিভা ৰামানুজনৰ বিষয়ে অলপকৈ হ’লেও নিশ্চয়কৈ সকলো পাঠকেই জানে। কিন্তু বহুতে শুনিবলৈ নোপোৱা বুলি ধাৰণা কৰা সৰু কথা এটা, অথচ তাৰ লগত জড়িত কৰিব পৰা অতি উৎসাহদায়ক কথা এটা ক’ব বিচাৰিছোঁ।

১৯২০ চনৰ ২৬ এপ্ৰিলত অকালতে ৰামানুজনে সংসাৰৰ পৰা বিদায় ল’ব লগা হৈছিল। তেওঁৰ জীৱনকাল আছিল মাথোঁ ৩২ বছৰ ৪ মাহ। হাৰ্ডিয়ে লগ পোৱাৰ পাছত ৰামানুজন জীয়াই আছিল মাথোঁ ছবছৰ। হাৰ্ডিক লগ পোৱাৰ পাছত তেওঁৰ গৱেষণা-পত্ৰ প্ৰকাশ হৈছিল। গৱেষণা-পত্ৰৰ মুঠ সংখ্যা আছিল ৩৭ খন। প্ৰতিভাক চিনি পোৱা আন কেইবাজনো প্ৰতিভাৱান ব্যক্তিয়ে তেওঁৰ মৃত্যুৰ পাছত বহু যত্নেৰে তেওঁৰ টোকাবহীসমূহো প্ৰকাশ কৰি উলিয়াইছে। এটা কথাৰ জড়িয়তেই আমি ৰামানুজনৰ প্ৰতিভাক অনুধাৱন কৰিব পাৰিম— তেওঁৰ গৱেষণা-পত্ৰকেইখন আৰু টোকাবহীসমূহৰ মাধ্যমেৰে আজিও নতুন গৱেষণাৰ বাট মুকলি হৈয়েই আছে।

আকৃতিত সৰু হ’লেও কিছুমান শক্তিপুঞ্জসদৃশ প্ৰবন্ধ আমি কেতিয়াবা পঢ়িবলৈ পাওঁ, যিসমূহে আমাৰ ওপৰত বহুল প্ৰভাৱ বিস্তাৰ কৰে। যদিও একোটা প্ৰবন্ধৰ লগত গৱেষণা-পত্ৰ এখনৰ তুলনা নহয়, তথাপি ইয়াৰ জড়িয়তে কথাতো আমি অলপ অনুমান কৰিব পাৰোঁ। মহান প্ৰতিভাবোৰৰ গৱেষণা-পত্ৰবোৰত থুপ খাই থাকে ন ন চিন্তাৰ, অধ্যয়নৰ নতুন নতুন দিশ মুকলি কৰিব পৰাৰ একোটা ভাণ্ডাৰ!

ইমানখিনি কৰি দেখুৱাব পৰা শক্তি তেওঁলোকৰ আহে ক’ৰ পৰা? প্ৰতিজন প্ৰতিভাৰ ক্ষেত্ৰতে এইয়া সদায় ৰহস্যময় হৈয়ে আছে....। ৰামানুজনৰ ১২৫ বছৰীয়া জয়ন্তী উদযাপনৰ উদ্দেশ্যে ২০১১ চনৰ ২৬ ডিচেম্বৰৰ পৰা Indian Academy of Science-এ আয়োজন কৰা এক অনুষ্ঠানৰ পহিলা দিনটোত, ৰামানুজনৰ এখন প্ৰখ্যাত জীৱনী The Man Who Knew Infinity ৰ লেখক ৰবাৰ্ট কানিগেলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সেইদিনাই তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্রী ড° মনমোহন সিঙে ২০১২ চনটো ‘ৰাষ্ট্ৰীয় গণিত বৰ্ষ’ হিচাপে ঘোষণা কৰে। একেদিনাই ‘দা হিন্দু’ কাকতত কানিগেলৰ এটা সাক্ষাৎকাৰ প্ৰকাশ হৈছিল। তাত, “এতিয়া ৰামানুজনক বুজি পাব পাৰিছো নে তেওঁ এতিয়াও ৰহস্যময় হৈয়েই আছে?” – এই সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰত কানিগেলে কৈছিল যে— “মই ভাবো তেওঁ এতিয়াও আগৰ দৰেই আছে। একেটা কথাই সাহিত্য, কলাৰ ক্ষেত্ৰটো প্ৰযোজ্য হ’ব। পিকাছ’ৰ বুদ্ধিমত্তা কি? মানুহে ইয়াক যিকোনো সহজ উপায়েৰে বুজাবলৈ যাব, কিন্তু মই ভাবো কামটো যুক্তিসংগত নহ’ব। মই বিশ্বাস কৰোঁ যে আমি যেনেকৈ জীয়াই আছো কিছুমান মানুহ সঁচাকৈ এতিয়াও তাতকৈ বহুখোজ আগবাঢ়ি আছে। তেওঁলোকৰ বুদ্ধিমত্তা, কলাসন্মত মনোভঙ্গী অলপ ৰহস্যপূৰ্ণ অথবা সাধাৰণৰ পৰিধিৰ কিছু আঁতৰত বুলি বিস্বাস কৰিবলৈ আমি বাধ্য হওঁ।

READ:   ৰামানুজন - গণিতজ্ঞ আৰু মানুহজন : অধ্যায় H : সন্মানৰ অধঃক্ষেপ

ইয়াৰ দ্বিতীয় বৈশিষ্ট এটাও দেখিবলৈ পোৱা যায়। এনে বহুত মানুহ আছে যি কিছুক্ষেত্ৰত অতি পাৰ্গত হোৱা স্বত্তেও জীৱনত বিশেষ একো কৰিবলৈ সক্ষম নহয়। তেওঁলোক তাতেই বন্দী হৈ ৰয়। মানুহৰ কিছুমান স্বভাৱজাত বৈশিষ্ট আছে— এক ইচ্ছা্, কিবা এটা কৰি দেখুওৱাৰ প্ৰৱল হেঁপাহ, এটা শক্তি যি তেওঁলোকক নিজৰ গণ্ডীৰ পৰা ওলাই আহি কোনো গুৰুত্বপূৰ্ণ কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায়— “মই নিজৰ এক সুকীয়া চিনাকি গঢ়ি তুলিমেই, একোৱে মোক বাধা দিব নোৱাৰে”। আৰু মই ভাবো একোজন পিকাছ’ বা একোজন ৰামানুজনৰ এই পৃথিৱীত কেনেকৈ উদ্ভৱ হ’ল এই কথাটো ব্যাখ্যা কৰাত মই কোৱা কথাখিনিয়ে যথেষ্ট সহায় কৰিব।” [অসমীয়া অনুবাদৰ উৎস]

যদিও প্ৰতিভাৱানসকলে পৃথিৱীলৈ অৱদান আগবঢ়াব পৰা শক্তি, কানিগেলে কোৱাৰ দৰেই সাধাৰণ মানুহৰ ওচৰত ৰহস্যময় হৈয়ে থাকে, তথাপি তেওঁলোকৰ জীৱন-কাহিনীয়ে আমাৰ বাবে এক সৰ্বোচ্চ পৰ্যায়লৈকে সদায় দিব পাৰে অযুত প্ৰেৰণা। ৰামানুজনো তেনে কাহিনীৰ এক উদাহৰণ। ইংলেণ্ডলৈ যোৱাৰ বহু পূৰ্বেই বন্ধু-বৰ্গ-চিনাকীৰ এক বৃহৎ সংখ্যক লোকৰ মাজত ৰামানুজন ‘জিনিয়াছ’ বুলি পৰিচিত হৈ পৰিছিল। এদিন সন্ধিয়া তেনে এজন ঘনিষ্ঠই ৰামানুজনক কথাটো ক’লে। তেতিয়া, ৰামানুজনে আচৰিত হৈ ৰগৰ কৰি নিজৰ কিলাকুটিলৈ দেখুৱালে....। মানুহজন আচৰিত হৈ পৰিল— “এইটো ইমান খহটা আৰু ক’লা কিয়?” ৰামানুজনে উত্তৰ দিলে— “মোক ‘জিনিয়াছ’ কৰোঁতেই মোৰ কিলাকুটি ক’লা আৰু খহটা হ’ল।” ......দিনে-ৰাতিয়ে ৰামানুজনে শ্লেটত কেলকুলেশ্যন কৰে। সেইবোৰ প্ৰতিবাৰে মচিবলৈ কাপোৰ বিচাৰি থকাতো তেওঁৰ বাবে বহু লেহেমীয়া কাম..., গতিকে প্ৰতি মিনিটতে তেওঁ সেইবোৰ মচি যায় কিলাকুটিৰে...। তেওঁৰ ইমানেই কেলকুলেশ্যন কৰিবলৈ আছে, তেওঁৰ ইমানেই সময় নাটনি, তেন্তে তেওঁ কাগজ ব্যৱহাৰ নকৰে কিয়? তাৰ কাৰণ হ’ল— তেওঁক প্ৰতিমাহে চাৰি ৰীমকৈ কাগজ লাগিব পাৰে, সেইয়া আছিল ১৯১২ চনৰ কথা, সেই সময়খিনিত তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ বাবে খাদ্যয়েই এটা সমস্যা, কাগজৰ বাবে পইছা ক’ত? কেৱল আৰ্থিক সমস্যা অতিক্ৰম কৰাটোৱেই ইয়াত মূল কথা নহয়, কিমান অনুশীলনে তেওঁক ‘ৰামানুজন’ হোৱাত সহায় কৰিলে এইয়া তাৰে এটা উদাহৰণ....।

Print Friendly, PDF & Email
The following two tabs change content below.

Pankaj Jyoti Mahanta

No Comments

Post A Comment