অতিমানৱ

পুৱা ৪.৩০ বজা। ৪০৩০ চন। পৃথিৱী। জেছমিনহঁতৰ ঘৰৰ ৱাল ঘড়ীটোৱে তেতিয়া ৪.৩০ বজাৰ সংকেত দিলে। লগে লগে তাইৰ শৰীৰটোৰ পাৱাৰ অন্ হ’ল। অৰ্থাৎ তাই সাৰ পালে। লগে লগে তাই নিজকে ইণ্টাৰনেটৰ সৈতে সংযোগ কৰি ল’লে আৰু ৰিচাৰ্জ ৰূমটোৰফালে আগবাঢ়ি গ’ল। আধা ঘণ্টাৰ কাৰণে তাই নিজৰ শৰীৰটোক অস্থায়ীভাৱে বন্ধ কৰি, অৰ্থাৎ ষ্টেণ্ড বাই মুডলৈ নি মজিয়াত পাৰি থোৱা বিশেষ চকীখনত বহি সূৰ্য্যৰ পোহৰ লোৱাৰ পাছত তাই যথেষ্ট আৰাম পালে আৰু তাইৰ ক্লান্তি ভাৱ দূৰ হ’ল। ৫ বজাত তাই আগ ৰাতি ঠিক কৰি ৰখা ৰিমাইনডাৰে সংকেত দিলে। তাত নিৰ্দেশ আছিল যে তাই মানৱ শৰীৰ আৰু ইতিহাসৰ বিষয়ে আজি বিদ্যালয়ত পাঠদান কৰিব লাগিব। লগে লগে তাইৰ মগজুৱে নিৰ্দেশ দিলে আৰু শৰীৰৰ এটা বিশেষ ছফটৱেৰে তাই সংযোগ হৈ থকা নেটৱৰ্কৰ পৰা এই সম্বন্ধে থকা ৩০০০ ৱেবপেজ ৩ ছেকেণ্ডত ডাউনলোড কৰি তাইৰ মেম’ৰিত জমা কৰিলে। লগে লগে আন এখন ছফটৱেৰে অদৰকাৰী তথ্যখিনি ডিলিট কৰি ১৫ মিনিটৰ এটা সংক্ষিপ্ত প্ৰতিবেদন প্ৰস্তত কৰি তাইৰ স্বৰযন্ত্ৰত উচ্চাৰিত হ’বলৈ স্থাপন কৰিলে। এতিয়া তাই নিৰ্দেশ দিয়া অনুসৰিয়ে বাক্য স্বৰযন্ত্ৰটোৰ পৰা উচ্চাৰিত হ’ল। সকলো শুদ্ধকৈ তাইৰ চিষ্টেমটোৱে আৰু ছফটৱেৰবোৰে প্ৰস্তত কৰি দিয়াৰ পাছতো তাইৰ মনে নমনাত পুনৰ এবাৰ প্ৰতিবেদনখন পৰীক্ষা কৰি চালে। ইতিমধ্যে ৫.৩০ বাজিছিল।

নিজৰ জি.পি.এছ গাড়ীখন তাই নেটৱৰ্কৰ সৈতে সংযোগ কৰিলে আৰু পাঁচ মিনিটত বিদ্যালয় পালেগৈ। ৫.৪০ বজাৰ পৰা ক্লাছ আৰম্ভ হ’ল। তাইৰ মগজুৱে নিৰ্দেশ দিয়াৰ লগে লগেই তাইৰ স্বৰযন্ত্ৰত প্ৰতিবেদনখন বাজিবলৈ ধৰিলে। প্ৰতিবেদনখনৰ কিছুমান বাক্য তাইৰ মগজুৱে বাধা দিয়াত উচ্চাৰিত নহ’ল, যিবোৰ তাই প্ৰকাশযোগ্য বুলি ভবা নাছিল। তাইৰ প্ৰতিবেদনখন এনেকুৱা আছিল “মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমাৰ শৰীৰটোৰ বিষয়ে জানিম। ই কি দৰে কাম কৰে তথা ইয়াৰ সৃষ্টি কিদৰে হয়।

আচলতে আমি আমাৰ শৰীৰটোক দুটা প্ৰধান ভাগত ভগাব পাৰোঁ। এটা জৈৱিক আৰু দ্বিতীয়টো যান্ত্ৰিক। এই জৈৱিক ভাগটো অজৈৱিক বা যান্ত্ৰিক ভাগটোৰ তুলনাত যথেষ্ট সৰু। গাণিতিক ভাষাত ই পঞ্চাশ ভাগৰ এভাগ অংশ; কিন্তু যদিও এই অংশটো সৰু তথাপি ইয়াৰ অনুমতি অবিহনে আমাৰ যান্ত্ৰিক অংশটো চলিব নোৱাৰে। এই অংশটো কিছুমান সৰু সৰু জীৱৰ সমষ্টি। এইসমূহ একেধৰণৰ আৰু একে কাম কৰে। ইহঁতক কোষ বোলে। এইসমূহৰ সৃষ্টি কিদৰে হৈছিল তাক এতিয়াও জনা হোৱা নাই। এইসমূহে নিজে দুভাগ হৈ একে ধৰণৰ আন কোষ সৃষ্টি কৰিব পাৰে। এই কোষসমূহ লগ লাগি আমাৰ জৈৱিক অংশটো গঠিত হৈছে। এই অংশটোৰ কাৰণেই আমাৰ অনুভূতি আৰু সৃষ্টিশীলতা আছে। অৰ্থাৎ, আমি হঁহা-কন্দা, ভাল-বেয়া বিচাৰ কৰা, যান্ত্ৰিক অংশক নিৰ্দেশ দিয়া আদি সকলো কাম কৰিব পাৰোঁ।

READ:   The History of Counting

এতিয়া যান্ত্ৰিক অংশলৈ আহোঁ। জৈৱিক অংশৰ পৰা অনুমতি পোৱাৰ পাছত এই অংশটোৱে আমাৰ সকলো ধৰণৰ কাম সমাধা কৰে। অৰ্থাৎ জৈৱিক অংশটোৱে কেৱল অনুমতিহে দিয়ে। আমাৰ এই অংশটো কিছুমান বিশেষ ধাতুৰে নিৰ্মিত। ইয়াৰ সকলো কাম-কাজ সূৰ্য্যৰ পোহৰৰ দ্বাৰা হয়। সেয়ে আমি সদায় আধা ঘণ্টা সময় নিজকে সূৰ্য্যৰ পোহৰত ৰিচাৰ্জ কৰিব লাগে। আমাৰ এই অংশটোৰ উপৰিভাগত কিছুমান ছ’লাৰ পেনেল থাকে, যি সূৰ্য্যৰ ৰশ্মিৰ পৰা বিদ্যুৎ উৎপাদন কৰে। ইয়াৰ ফলতেই আমাৰ শৰীৰৰ যান্ত্ৰিক অংশটো চলে। জৈৱিক অংশটোক জীয়াই ৰাখিবলৈ যিকোনো ধৰণৰ গেছ আমাৰ মূৰৰ পিছফালৰ কোঠালিটোত প্ৰতি তিনি মাহৰ মূৰে মূৰে ভৰাব লাগে।

এতিয়া প্ৰশ্ন হয়— এই দুয়োটা অংশই কিদৰে কাম কৰে। যেতিয়া কোনো এটা কাম কৰিবলগীয়া হয় তেতিয়া আমাৰ মগজুৱে শৰীৰটোক অৰ্থাৎ যান্ত্ৰিক অংশটোক নিৰ্দেশ দিয়ে আৰু সেই বিশেষ কামটোৰ বাবে সাজু হৈ থকা কিছুমান বিশেষ ছফটৱেৰ সক্ৰিয় হৈ সৰু সৰু যন্ত্ৰ কিছুমান পৰিচালিত কৰে। যিবোৰ আমাৰ শৰীৰৰ আভ্যন্তৰীণ অংগ হিচাপে থাকে। গতিকে তোমালোকে বুজিলা যে আমাৰ জৈৱিক অংশটোৱে কেৱল চিন্তাহে কৰিব পাৰে আৰু বাকী সকলো কাম-কাজ ইয়াৰ নিৰ্দেশত শৰীৰৰ অংগ হিচাপে থকা যন্ত্ৰবোৰ পৰিচালিত কৰে। যিবোৰ সূৰ্য্যৰ পোহৰত চলে।

এতিয়া তোমালোকে জানিব বিচাৰিবা যে আমাৰ সৃষ্টি কি দৰে হয়? আচলতে আমি মানুহ নামৰ কিছুমান জীৱৰ বংশধৰ। যিবোৰে আজিৰ পৰা প্ৰায় ২০০০ বছৰ আগতে পৃথিৱীত বাস কৰিছিল। এতিয়া আমাৰ মগজুটোহে কেৱল কোষৰ দ্বাৰা গঠিত কিন্তু মানুহ নামৰ সেই জীৱটোৰ গোটেই শৰীৰটো এনেকুৱা কোষৰ দ্বাৰা গঠিত আছিল; যিবোৰ বিভিন্ন ধৰণৰ আছিল আৰু বিভিন্ন কাম কৰিছিল। বৰ্তমান আমাৰ জৈৱিক অংশটো জীয়াই থাকিবলৈ অতি কম পৰিমাণৰ যিকোনো ধৰণৰ গেছৰ প্ৰয়োজন; কিন্তু মানুহ নামৰ জীৱবিধক যথেষ্ট পৰিমাণে অক্সিজেন গেছৰ প্ৰয়োজন হৈছিল। কাৰণ সিহঁতৰ গোটেই শৰীৰটোৱেই কোষেৰে গঠিত। এইবিধ গেছ সিহঁতে উদ্ভিদ নামৰ আন এবিধ সমকালীন জীৱৰ পৰা পাইছিল; যিবোৰে মানুহে এৰি দিয়া কাৰ্বন-ডাই অক্সাইড লৈ অক্সিজেন এৰি দিছিল; কিন্তু কালক্ৰমত মানুহবোৰে এই উদ্ভিদবোৰক নিজৰ স্বাৰ্থজনিত কাৰণত হত্যা কৰিবলৈ ধৰিলে; ফলত মানুহ নামৰ জীৱবিধো ধ্বংস হ’বলৈ ধৰিলে। কাৰণ, উদ্ভিদ অবিহনে পৃথিৱীত অক্সিজেনৰ উৎপাদন বন্ধ হৈ পৰিল আৰু অক্সিজেন অবিহনে  মানুহ জীয়াই থাকিব নোৱাৰে। তেনেস্থলত সেই সময়ৰ এজন বিজ্ঞানীয়ে কম্পিউটাৰ নামৰ এবিধ যন্ত্ৰক বৰ্তমান আমাৰ শৰীৰৰ আকৃতি দিলে। এই কম্পিউটাৰ নামৰ যন্ত্ৰবিধক মানুহ নামৰ জীৱবিধে বৰ্তমান আমাৰ শৰীৰে দৈনন্দিন জীৱনত কৰা কামবোৰ কৰিবলৈ ব্যৱহাৰ কৰিছিল। কিয়নো, সিহঁতে নিজৰ শৰীৰৰ দ্বাৰা এই কামবোৰ কৰিব নোৱাৰিছিল। ইয়াৰ পাছত সেই বিজ্ঞানীজনে আমাৰ শৰীৰৰ আকৃতিৰ যন্ত্ৰটো (কম্পিউটাৰ)ৰ লগত মানুহ নামৰ জীৱবিধৰ মগজুটো এনেদৰে সংযোগ কৰিছিল যে মগজুটোৱে যন্ত্ৰটোক পৰিচালিত কৰিব পাৰিছিল। এই যন্ত্ৰটো চলাবলৈ সূৰ্য্যৰ পোহৰৰ প্ৰয়োজন হৈছিল আৰু অতি কম পৰিমাণৰ অক্সিজেনত মগজুটো জীয়াই থাকিব পাৰিছিল। এনেদৰেই এক নতুন প্ৰজাতিৰ সৃষ্টি হৈছিল যাক ‘অতিমানৱ’ বোলা হৈছিল। বৰ্তমান আমি এই প্ৰজাতিটোৰে বংশধৰ। ইয়াৰ জৰিয়তে মানুহ নামৰ জীৱবিধ পৰোক্ষভাৱে জীয়াই থাকিল। আজি আমি এই প্ৰজাতিৰে এক বিকশিত ৰুপ। আমাৰ শৰীৰটো মানুহৰ শৰীৰতকৈ বহু গুণে উন্নত যদিও আমাৰ মগজুটো সেই জীৱসমূহৰ সমকক্ষ। এই মগজুটোৰ বাবেই আমি আজি ভাবিব পাৰিছোঁ, নতুন নতুন কথা আৱিষ্কাৰ কৰিব পাৰিছোঁ, নিজকে পৰিচালিত কৰিব পাৰিছোঁ। অতিমানৱৰ আৱিষ্কাৰৰ পাছৰ পৰাই ইয়াৰ উৎপাদন উদ্যোগ সমূহত হৈ আছে। অতিমানৱৰ উৎপাদন তিনি ধৰণৰ উদ্যোগৰ জৰিয়তে হয়। প্ৰথম উদ্যোগত জৈৱিক অংশ উৎপাদিত হয়, দ্বিতীয় উদ্যোগত যান্ত্ৰিক অংশ উৎপাদিত হয় আৰু তৃতীয় উদ্যোগত এই দুই অংশক সংযোগ কৰা হয়। উদ্যোগৰ পৰা ওলোৱাৰ সময়ত অতিমানৱৰ মগজুত দুইৰ পৰা তিনি লাখ কোষ থাকে। লাহে লাহে এই সংখ্যা বাঢ়ি যায় আৰু বিকাশ হয়। ইয়াৰ বাবে উপযুক্ত পৰিৱেশ আৰু প্ৰতিপালনৰ প্ৰয়োজন। পৃথিৱীৰ আইনমতে এজন অতিমানৱে অতি বেছি দুই-এজন অতিমানৱক প্ৰতিপালন কৰিব পাৰে। সেইদৰে মংগল গ্ৰহত তিনিজন।

READ:   Quizzing Network

গতিকে তোমালোকে বুজিলা যে আমি অতিমানৱবোৰ কিছুমান যন্ত্ৰ আৰু মানুহ নামৰ জীৱ এবিধৰ মগজুৰ সংমিশ্ৰণ। লগতে তোমালোকে বুজিলা আমাৰ শৰীৰে কিদৰে কাম কৰে আৰু ইয়াৰ সৃষ্টি কিদৰে হয়। এনেদৰেই জেছমিনে পাঠদান কৰিলে আৰু তাৰ পাছত দ্বিতীয় কালাংশৰ প্ৰস্তুতি চলালে।

 

গল্পকাৰ:— উপম শৰ্মা।

গল্পটি ২০১২ চনৰ আগষ্ট সংখ্যাৰ “নতুন আৱিষ্কাৰ”ত প্ৰকাশিত। সেই সময়ত গল্পকাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ।

 

The following two tabs change content below.
No Comments

Sorry, the comment form is closed at this time.