সত্যৰ সন্ধানেই হৈছে বিজ্ঞান। নেদেখাটো চোৱা আৰু নুশুনাটো শুনা মানৱ জাতিৰ স্বাভাৱিক ইচ্ছা। অতীজৰ পৰাই মহাবিশ্বৰ সকলো ঘটনাক এক সূত্ৰৰ দ্বাৰা বান্ধিবলৈ বিজ্ঞানীসকলে অহৰহ প্ৰচেষ্টা চলাই আহিছে। মানৱ সমাজে বিজ্ঞান বিষয়ত অগ্ৰগতি লাভৰ সময়ৰে পৰা সকলো পদাৰ্থ মাটি, পানী, বায়ু আৰু জুইৰ দ্বাৰা গঠিত বুলি...