সাঁথৰৰ উৎপত্তি আৰু ক্ৰমবিকাশ

সাঁথৰ বুলি ক’লেই বিশেষকৈ মনলৈ আহে, আওপকীয়াকৈ সামান্য ইঙ্গিতেৰে একোটা গুপ্ত কথা উলিয়াবলৈ দি কাৰোবাক বিপাঙত পেলাবলৈ কৰা এবিধ বুদ্ধি আৰু জ্ঞানৰ পৰীক্ষা। এই সাঁথৰ শব্দটোও সাঁথৰ বা সাঁতোৰ শব্দৰ পৰা উদ্ভৱ হোৱা বুলি অনুমান কৰিব পাৰি। নামনি অসমত ‘ত’ আখৰটো ‘থ’ উচ্চাৰণ হোৱা পৰিলক্ষিত হয়। গতিকে নামনি অসমতে সাঁথৰ শব্দটো উৎপত্তি হোৱা যেন অনুমান হয়। সাঁতৰ ৰূপান্তৰ হৈ সাঁথৰ হ’ল। পানীত পৰি সাঁতুৰি-নাদুৰি পাৰ ঢুকি পাবলৈ সমৰ্থ নোহোৱা মানুহে ককবকাই থাকি আশ্ৰয়ৰ কাৰণে হাবাথুৰি খোৱাৰ দৰে সাঁথৰৰ অৰ্থ উলিয়াবলৈও দৃশ্যমান জগতত হাবাথুৰি খাব লগা হয়।

অসমীয়াত সাঁথৰৰ সমাৰ্থক শব্দ হেয়ালি, দিষ্টান, আদি ব্যৱহাৰ কৰা হয়। সংস্কৃতত ব্ৰহ্মোদ্য, প্ৰহেলিকা, কূট, সমস্যা আদি সাঁথৰৰ সমাৰ্থক শব্দ। বৈদিক ব্ৰহ্মোদ্য শব্দটোৱেই প্ৰাচীন। প্ৰশ্ন আৰু উত্তৰৰ মাজতো সাঁথৰ নিহিত হৈ থাকে। “উত্তৰঃ- প্ৰত্যুত্তৰৈঃ পৰস্পৰং সংবাদঃ ব্ৰহ্মোদ্যম্।” (যজুৰ্বেদ) বেদ, উপনিষদ, মহাভাৰত আদিত এনে সাঁথৰস্বৰূপ প্ৰশ্ন আৰু উত্তৰ পোৱা যায়। মহাভাৰতৰ যক্ষৰূপী বকে পঞ্চ-পাশুৱক যিবোৰ প্ৰশ্ন কৰিছিল সকলোবোৰেই আছিল সমস্যাপূৰ্ণ। যেনে— “পৃথিৱীতকৈ গুৰুত্বৰ কি? আকাশতকৈ উচ্চতৰ কি? বায়ুতকৈও বেগী কি? আৰু তৃণতকৈও ব্যাপক কি?” যিকোনো লোকে সহজতে এনে প্ৰশ্নৰ উত্তৰ দিবলৈ অপাৰগ হ’ব। যুধিষ্ঠিৰৰ দৰে ধাৰ্মিক, চিন্তাশীল লোকেহে ইয়াৰ উত্তৰ দিব পাৰিছিল— “মাতৃ পৃথিৱীতকৈও গুৰুতৰ, পিতা আকাশতকৈও উচ্চতৰ; মন বায়ুতকৈও বেগী আৰু চিন্তা তৃণতকৈও ব্যাপক।” একেদৰেই যজুৰ্বেদত থকা এটি ব্ৰহ্মোদ্য— “কিং স্বিৎ সূৰ্যসমং জ্যোতিঃ কিং স্বিৎ সমুদ্ৰ সমংসৰঃ। কিং স্বিৎ পৃথিব্যৈ বৰ্ষীয়সঃ কস্য মাত্ৰা ন বিদ্যতে।।” (সূৰ্যৰ দৰে জ্যোতিষ্মান কি? সমুদ্ৰৰ দৰে বিস্তৃত কি? পৃথিৱীতকৈ বয়সে কোন ডাঙৰ? কাৰ পৰিমাণ নাই?) ইয়াৰ উত্তৰ হ’ল— “ব্ৰহ্ম সূৰ্যৰ দৰে জ্যোতিষ্মান, আকাশ সমুদ্ৰৰ দৰে বিস্তৃত, ইন্দ্ৰ পৃথিৱীতকৈ বয়সে ডাঙৰ, পৃথিৱী বা গাইৰ পৰিমাণ নাই।” এনেধৰণৰ অনেক ব্ৰহ্মোদ্য বেদ, উপনিষদ, মহাভাৰত আদিত পোৱা যায়। এই ব্ৰহ্মোদ্যবোৰত ধৰ্ম আৰু প্ৰকৃতি জ্ঞান, বাক্ কৌশল আৰু কবিত্ব শক্তিৰ প্ৰভাৱ আকৰ্ষণীয়।

সংস্কৃতত কৌতুহল উদ্দীপক আৰু আমোদজনক অনেক সাঁথৰ পোৱা যায়। এইবোৰ সাঁথৰো বৰ্তমান অসমীয়া ভাষাত প্ৰচলিত সাঁথৰৰ দৰেই এটা শব্দতে উত্তৰ দিব পৰা হয় যদিও প্ৰশ্নসূচক সাঁথৰো পোৱা যায়। যেনে—

“গজা যেন হতাঃ সিংহাঃ কৃতা
ব্যাকুলতা ভতাঃ।
স কোলিকা গৃহে বীৰো দেবি
বদ্ধো ময়েক্ষিতাঃ।।”

অৰ্থাৎ “যি বীৰে হাতীক বধ কৰিছিল, সিংহক পৰাস্ত কৰিছিল আৰু বীৰবোৰক আমনি কৰিছিল তেনে এজন বীৰক, হে দেবী, মই নিজ চকুৰে মকৰাৰ গৃহত বন্দী হৈ থকা দেখি আহিছোঁ।” “মাখি এটাক মকৰাৰ জালত বন্দী হৈ থকা দেখি আহিছোঁ” বোলা কথাষাৰকে আলঙ্কাৰিক ভাষাৰে প্ৰহেলিকাৰ সৃষ্টি কৰি বিপাঙত পেলাইছে।

বৰ্ণমালাৰ মেৰপাকতো ৰহস্যৰ জালেৰে কেনেদৰে সাঁথৰ সৃষ্টি কৰিছে তাৰ এটা নিদৰ্শন দিয়া হ’ল—

“দ পয়োৰুভয়োৰ্মধ্যে নিৰসং ৰস দায়কাং।
তন্নাস্তি মম গৃহে তু তদৰ্থমহমাগতঃ।।”

অৰ্থা ‘দ’ আৰু ‘প’ এই উভয় বৰ্ণৰ মাজত থকা নীৰস অথচ ৰসদায়ক সেই বস্তুটো মোৰ গৃহত নাই, গতিকে তাক বিচাৰি তোমাৰ ওচৰলৈ আহিছোঁ। দ আৰু প বৰ্ণৰ মাজৰ বৰ্ণ ধ আৰু ন। গতিকে ধন ধাৰলৈ বিচাৰি তেওঁ আহিছে। উত্তৰ পোৱা বৰ কঠিন নহ’লেও ই কিন্তু বৰ আমোদজনক।

READ:   ৰামানুজন - গণিতজ্ঞ আৰু মানুহজন : অধ্যায় B : ৰামানুজন এটা সাঁথৰ

অসমীয়া ভাষাৰ সাঁথৰৰ প্ৰাচীনতম নিদৰ্শন ডাক আৰু বৰাহমিহিৰৰ কথোপকথনৰ মাজত পোৱা যায়। তেনেদৰে বৌদ্ধ সহজীয়াসকলৰ মাজত প্ৰচলিত আৰু ৰচিত চৰ্যাপদসমূহ ৰহস্যজনকভাৱে গোপন অৰ্থ বহন কৰি আহিছে। ইয়াৰ তত্ত্ব উদ্ধাৰ কৰা সহজ নহয়। সহজীয়া ধৰ্ম গ্ৰহণ কৰাসকলৰ বাবেহে ই বোধগম্য। এইবোৰত ইঙ্গিতধৰ্মী গোপন তত্ত্ব নিহিত থাকে। চৰ্যাপদৰ সৈতে মিল থকা ভকতীয়া ফকৰাবোৰৰো অন্তনিহিত অৰ্থ উলিওৱা বৰ জটিল। এইবোৰক ভকতীয়া সাঁথৰ বুলি ক’ব পৰা যায়। কথাগুৰু চৰিততো এনেবোৰ ফকৰা পোৱা যায়। বৌদ্ধ সিদ্ধাচাৰ্যসকলৰ দৰে একান্ত ভকতসকলেহে ইয়াৰ গূঢ়াৰ্থ বুজিব পাৰে। ইয়াৰ অৰ্থ আৰু ব্যাখ্যাৰ কাৰণে বুদ্ধি, প্ৰতিভা, পাণ্ডিত্য আৰু ধৰ্মীয় শাস্ত্ৰৰ জ্ঞানৰ নিতান্ত প্ৰয়োজন। এইবোৰ প্ৰতীকধৰ্মী আৰু শাস্ত্ৰীয় ৰহস্যসমৃদ্ধ। ইজনে সিজনক বিভিন্ন দিশৰ জুখি চোৱাৰ ই এক মাধ্যম।

কথাগুৰু চৰিতৰ পৰা এটা মাত্ৰ উদাহৰণ উল্লেখ কৰা হ’ল। এদিন সুন্দৰ চোহেৰাৰ চফল ডেকা বৈৰাগী মধাই আতৈ নাৰায়ণ ঠাকুৰৰ ঘৰলৈ ভিক্ষা বিচাৰি গ’ল। ঠাকুৰ পত্নীয়ে ক’লে ‘নাঞ (নাও) চপচপ্, দেখৌ ঢৌ অপাৰ”। লগে লগে মধাই আতৈয়ে উত্তৰ দিলে— “মাত্ৰ নুবুৰে নৌকা সুজনা কণ্ঢাৰ। নকৈ নৰ্জো পুৰণি খাঞ(খাওঁ)। ভিক্ষা দিয়া মাতৃ ঘ-লৈ যাওঁ।।” প্ৰশ্নটো আছিল, চফল ডেকা, ইন্দ্ৰিয় প্ৰৱল। কামনাৰ বশৱৰ্তী নোহোৱাকৈ বৈৰাগ্য ৰাখিব পাৰিব জানো? উত্তৰত মধায়ে ক’লে বোলে তেওঁৰ গুৰুক আশ্ৰয় কৰি বৈৰাগ্য গ্ৰহণ কৰিছে, তেওঁ নিজে গুৰিয়াল, ব্ৰত ভঙ্গৰ ভয় নাই। সংসাৰ কৰি কৰ্ম বন্ধনত লিপ্ত হ’বৰ ইচ্ছা নাই। ভকতীয়া ফকৰাবোৰৰ চৰ্চাৰ মাধ্যমেৰেহে অৰ্থ উলিয়াব পৰা হয়। ইয়াৰ বাবে বুদ্ধি আৰু তাত্ত্বিক জ্ঞানৰো প্ৰয়োজন। উদাহৰণ স্বৰূপে কেইটামান ফকৰা উদ্ধৃতি কৰা হ’লঃ

“মাতৃক বধিবা আগে, পিছত ভগিণী।
দোকানী আশ্ৰয় কৰি এৰিবা গৃহিণী।।”

‘মাতৃক বধিবলৈ, ভগিনীক বধিবলৈ বা গৃহিণী ত্যাগ কৰিবলৈ উপদেশ দিয়া কথাই কাণত আঙুলিহে দিয়াব। কিন্ত ইয়াৰ গূঢ়াৰ্থ অন্যহে। কোৱা হৈছে অজ্ঞান নাশী মায়াৰ পৰা মুক্তি হৈ, সৎ গুৰুৰ আশ্ৰয় লৈ ইন্দ্ৰিয়ৰূপ শত্ৰু দমন কৰি সংসাৰ বন্ধনৰ পৰা মুক্ত হ’ব লাগে। আকৌ “ধেৎ তেৰি মগৰমুৰী/ একেডাল বাঁহৰ তিনিডাল গুৰি/ বুজিলে বুজ/ নুবুজিলে যুঁজ।।” অৰ্থাৎ এক নিৰ্গুণ পৰমেশ্বৰৰে তিনিডাল গুৰি হ’লে তিনিজন সগুণ ঈশ্বৰ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ।

বৌদ্ধ জাতকসমূহত কিছুমান আমোদজনক সাঁথৰসদৃশ প্ৰশ্নোত্তৰ পোৱা যায়। মহাভাৰতত যক্ষই যুধিষ্ঠিৰক প্ৰশ্ন কৰাদি জাতকতো তেনেধৰণৰ যক্ষৰ প্ৰশ্নসমূহ সাঁথৰ-সদৃশ। যেনে— “সি তাৰ হাত আৰু ভৰিৰে আঘাত কৰে আৰু মূৰতো মাৰে, তথাপি মহাৰাজ, সি অধিক মৰমৰ পাত্ৰহে হয়।” এই বস্তটোনো কি? ইয়াত এটি কেঁচুৱাৰ স্বাভাৱিক আচৰণকে ৰহস্যৰ মেৰপেচেৰে কোৱা হৈছে। পদ্মনাথ গোহাঞিবৰুৱাৰ টেটোন তামুলীৰ উত্তৰসমূহো আছিল এনে ৰহস্যপূৰ্ণ। এই সকলোবোৰেই সাঁথৰৰ অনুৰূপ।

ষষ্ঠদশ-সপ্তদশ শতিকাত কবি কংকনে কিছুমান সাঁথৰ ৰচনা কৰিছিল। ঈশ্বৰভক্ত এইজন কবিয়ে ৰচনা কৰা দুটা সাঁথৰ উদাহৰণ স্বৰূপে উল্লেখ কৰা হ’লঃ

“গৌৰাঙ্গ দেশৰ কুসাসন নামে ৰাজা।।
অহৰ্নিশে অন্নসমে পুষে সবে প্ৰজা।।
চন্দ্ৰজলা নামে আছে প্ৰিয় পতেস্বৰী।
অবস্তুক ৰাখে ভাল পেলায়ে সুন্দৰি।।
অসাৰক এৰি সাৰখিনি ৰাখে ৰাজা।
দুহান্তৰ গুণে প্ৰতি নিতে পুষে প্ৰজা।।
কোন ৰাজা কোন দেশ কোন পতেশ্বৰী।
কহিয়ো পণ্ডিতসবে বেদক বিচাৰি।।”

READ:   The Flower Puzzle Generalized

ইয়াৰ কুলা-চালনীযোৰৰ কথা কোৱা হৈছে। কবিয়ে কুলাক কুশধ্বজ আৰু চালনীক চন্দ্ৰজলা কৰি বিপাঙত পেলাইছে যদিও সুন্দৰ অৰ্থবোধক হৈছেঃ

কহে কবি কংকনে হিয়ালিৰ হিতা।
জন্ম দি এৰি যায় কাৰ পিতা-মাতা।।
ৰাতৃভাগে জন্ম তাৰ প্ৰভাতে মৰণ।
যাৰ ঘৰে জন্ম সি কৰায় ক্ৰন্দন।।
পিতৃসমে জন্ম তাৰ নাহিকয় মাওঁ।
আচোক মুখে পণ্ডিতে নাজানে ভাওঁ।।

উত্তৰ হ’ল চোৰে দিয়া সিন্ধি।

শুভংকৰ নামৰ এজন লোকে অংকৰ সাঁথৰ কিছুমান ৰচনা কৰিছিল। এইসমূহো বৰ কৌতুকপূৰ্ণ। কায়স্থ লোকসকলৰ মাজতহে বোলে অংক বিষয়টো বিশেষভাৱে জড়িত আছিল। গতিকে এনে সাঁথৰ অংকবোৰক ‘কাইথেলী অংক’ বুলি কোৱা হয়। অসমীয়া পুথি ৰচকসকলে কোনো ঘটনা, জন্মৰ শকটো অংকৰে নিলিখি কিছুমান নিৰ্দিষ্ট সংখ্যাবাচক শব্দৰে প্ৰকাশ কৰে। যেনে— গ্ৰহ, বেদ, চন্দ্ৰ ৰস, বান, বসু আদিৰ দ্বাৰা বুজায়। এনে নামবোৰ জড়িত অংকৰ উত্তৰ উলিওৱা এক নিয়মৰ মাজেদি গ’লেই উত্তৰ পাব পাৰি। কিন্তু এনে কিছু সাঁথৰ আছে, যিবোৰ বুদ্ধি আৰু জ্ঞানৰ প্ৰয়োজন হয়। যেনে— “শুভংকৰৰ ফাঁকি/ ষাঠিৰ ষাঠি গ’ল, বাকী থাকে ঊনষাঠি”। (ষাঠি মিনিটে এক ঘন্টা। ষাঠি-চেকেণ্ডে এক মিনিট। ষাঠি মিনিটৰ ষাঠি চেকেণ্ড গ’লে বাকী থাকে ঊনষাঠি মিনিট।) তেনেদৰে “তিনি তেৰ মধ্যে বাৰ/ ৯ দি যোগ কৰা/ মোৰ স্বামীৰ নাম পাবা”।।(ষাঠিৰাম)

ব্ৰজবুলি ঠাঁচত লিখা গোপী বিৰহৰ এটি গীত উল্লেখ কৰা হৈছে। এই গীতত সাহিত্যৰ অলংকাৰ, উপমা আদি কেইবাটাও লক্ষণ থকাৰ উপৰিও ভাষাৰ লালিত্য, প্ৰকাশভঙ্গী আকৰ্ষণীয়। এই গীতত অংকৰ সাঁথৰো সোমাই আছে। গীতটি এক আমোদজনক সাঁথৰ। ইয়াৰ অৰ্থ বৰ জটিল। বৰঞ্চ এই দিশত অভিজ্ঞ লোকৰ বাবে অৰ্থ দু্ৰ্বোধ্য নহয়। গীতটি হ’লঃ

সখিহে কি মোৰ পাপৰ ফল।

আসিল মাধৱী মাস নামিল গোপাল।।

সুৰ-অৰি-ৰিপুমিতা তান সেৱকৰ পিতা বাহনক দেখি লাগে মৈনু।

তিনি অক্ষৰ ধৰি শেবাক্ষৰ পৰিহৰি তান সুত শৰে দহে তনু।।

গ্ৰহ-বেদ-সম কৰি বাণ বসু পৰিহৰি ললাটত তাহান সমান।

ৰাম সাগৰে পুৰি নিশাপতি ঊণ কৰি তাকে ভক্ষি ত্যজিবো পৰাণ।।

(গোপীগৰাকীয়ে গোপালৰ বিৰহ জ্বালাত দগ্ধ হৈছে। তেওঁৰ কপাল শূন্য। বিষ খাই প্ৰাণত্যাগ কৰিব। সামান্য ইঙ্গিতেৰে পাঠকলৈ এৰা হ’ল। দীঘলীয়া ব্যাখ্যাৰ বাবে ঠাইৰ অভাৱ কাৰণেই ভৱিষ্যতে ব্যাখ্যা আগবঢ়োৱা হ’ব।)

সাঁথৰৰ মাধ্যমেৰে আমোদজনক আৰু ৰহস্যজনক কথা-বাৰ্তাৰ এটি নমুনা আগবঢ়োৱা হ’ল। ই সাহিত্যৰ অলংকাৰ, লালিত্য, উপমা আদি সাহিত্যৰ সাজেৰে সজোৱা। ইয়াৰ প্ৰকাশভঙ্গীও চমৎকাৰ। শব্দৰ যোজনা ঝংকাৰ আদিয়ে গাম্ভীৰ্যপূৰ্ণ কৰি তুলিছে। পানী আনিবলৈ কলহ লৈ গৈ সুদা হাতে ঘুৰি অহা বোৱাৰীয়েকক শহুৰেকে প্ৰশ্ন কৰিছেঃ

শহুৰেক: “হৰিহৰ চক্ৰে যেহি বীৰ উতপাতি ভৈল মুখাৱেল কৰ্ণৰ বাপে।
হুতাশন মধ্যে যেহি বীৰ নিস্তৰিল সেহি বীৰ কেমনে বিনাশে।।”

বোৱাৰীয়েক: “অলি বাহন বাহনে হামো গে।
শশী বাহন বাহনে হামো থে।।
পৱন সুতেৰ সুত যমপুৰে গৈল।
ৰবি সুত কৰ্ণ মম কৰে ৰৈল।।”

(শহুৰেকে সুধিলে কলহটো কেনেকৈ ভাগিল। বোৱাৰীয়েকে উত্তৰ দিলে, গৰু এটাই ঠেলা মাৰি দিলে ঘটটো ভাগিল।)

READ:   2016 Dirac Medal and Prize awarded to Nathan Seiberg, Mikhail Shifman and Arkady Vainshtein

কোনো শব্দৰ আখৰ অদল-বদল কৰি কোনো বস্তুৰ নামৰ বিষয়ে ৰচনা কৰা যথেষ্ট সংখ্যক সাঁথৰ পোৱা যায়। আকৌ কোনো আখৰ লুপ্ত কৰি এক বিশেষ অৰ্থৰ শব্দ ৰচনা কৰা হয। যেনেঃ

তিনি অক্ষৰেৰে শাস্ত্ৰৰ অংশ বিশেষ।
আদ্যাক্ষৰ বাদ দিলে সৈন্যৰ মৰণ।।
শেষাক্ষৰ বাদ দিলে নেদেখিবা বাকী।
তিনি অক্ষৰ যোগ কৰি অংক কৰে আঁকি।।

সাঁথৰটোৰ উত্তৰ হ’ল অংক শাস্ত্ৰৰ ‘পূৰণ’।

এজনে সাঁথৰ কোৱা, আনজনে ভঙোৱা অতীতৰ পৰাই এক কৌতুকপূৰ্ণ খেল বা প্ৰতিযোগিতা। ল’ৰা-ছোৱালীৰ মাজত ই অতি প্ৰিয়। এই খেলত বুদ্ধি বা প্ৰতিভাৰ অতি প্ৰয়োজন। ই বুদ্ধি প্ৰখৰ কৰে; মগজৰ বিকাশ সাধন কৰে। অতীতৰ বিদ্ধান পণ্ডিত লোকসকলৰ মাজতো এনে খেলৰ প্ৰচলন আছিল। ভকতসকলেও ভকতীয়া ফঁকৰা চৰ্চা কৰাৰ প্ৰমাণ পোৱা যায়। আজিকালি ইয়াৰ প্ৰচলন কমি গৈছে।

সহায় লোৱা গ্ৰন্থৰ তালিকা:
। বেদ, উপনিষদ, মহাভাৰত।
। কাইথেলী অংকৰ বুৰঞ্জী— দণ্ডীৰাম দত্ত।
। হেয়ালীৰ ছন্দ— ডঃ সৰ্বেশ্বৰ ৰাজগুৰু।
। কবি কংকন পুথি আৰু উত্তৰ – ভৃগুমোহন গোস্বামী।

 

লেখক — যোগেন দত্ত।

[সম্পাদকৰ টোকা:—

* এই প্ৰবন্ধটি ২০০৪ চনৰ জুন মাহৰ সংখ্যাৰ “গৰীয়সী”ত প্ৰকাশ হৈছিলপ্ৰবন্ধটি “গণিত চ’ৰা”ত প্ৰকাশৰ উদ্দেশ্যে গণিত চ’ৰাৰ এগৰাকী উপদেষ্টা ৰাজেন বৰুৱাদেৱে প্ৰেৰণ কৰিছে।

* পুৰণি কালৰ পৰা প্ৰচলন হৈ অহা সংখ্যাৰ খেল তথা অংকৰ সাঁথৰসমূহ “গণিত চ’ৰা”ত সংগ্ৰহৰ দিহা কৰা হ’ব। পাঠকৰ কৌতুহলৰ উদ্দেশ্যে ড° দিলীপ শৰ্মাদেৱৰ (“গণিত চ’ৰা”ৰ আন এগৰাকী উপদেষ্টা) “প্ৰাচীন অসমত গণিত-চৰ্চা” শীৰ্ষক লেখাটোৰ পৰা কেইটামান সাঁথৰ আৰু সেইকেইটাৰ উত্তৰ তলত দিয়া হ’ল—

১) এজোপা শিমলুত নটা ঠাল

ঠালে প্ৰতি নটা নটা ডাল

ডালে প্ৰতি ন ন ফেঁচা

প্ৰতি ফেঁচাৰ ন ন ফেঁচী

ন ন ফেঁচীৰ ন ন কণী

কিমান পোৱালি কোৱা গণি

 

২) ৩৬৫ টা হাতীৰ পাল

দ্বাদশ পৰ্বতত চৰে সৰ্বকাল

ত্ৰিশ কুম্ভত খাই পানী

সাতোটা স্তম্ভত বান্ধি থয় আনি।

 

৩) এক সদাগৰৰ তামোল বাৰী

খাজনা লাগে অনেক কড়ি

বাৰীত তামোল হাজাৰ ডাল

ডালে ডালে লাগে ছয় ছয় বুৰি

কতনো তামোল কতনো কড়ি

দুই কড়িত তিনি তামোল

ভাঙনি কৈ কৰা আমোল।

_______________________________________________

উত্তৰসমূহ:- ১) ৫৯০৪৯, ২) এবছৰ,

৩) ১২০,০০০ টা তামোলৰ দাম ৮০,০০০ কড়ি (ইংগিত:- ‘বুৰি’ৰ অৰ্থ— বিশটা)। ]

 

[ad#ad-2]

Print Friendly, PDF & Email
No Comments

Post A Comment