
01 Apr আৰ্কিমিডিছ
সম্ভৱতঃ চিচিলি দ্বীপৰ চাইৰাকুজ নামৰ এখন গ্ৰীক কলনিত আৰ্কিমিডিছৰ জন্ম হৈছিল| তেওঁ ফিডিয়াছ নামৰ এজন জ্যোতিৰ্বিদৰ পুত্ৰ আছিল আৰু হয়তো চাইৰাকুজৰ ৰজা হিয়েৰণৰ আত্মীয় আছিল| আৰ্কিমিডিছে আলেক্জেন্দ্ৰিয়াত স্কুলীয়া শিক্ষা লাভ কৰিছিল আৰু তেওঁৰ নিজা চহৰতে পিচলৈ বসবাস কৰিছিল|
সেই সময়ত গ্ৰীচত গণিতক এটা সুকুমাৰ কলাৰ বিষয় হিচাবে গণ্য কৰা হৈছিল আৰু ব্যৱহাৰিক প্ৰয়োগৰ বাবে নহয়, জ্ঞানী লোকৰ অৱসৰ বিনোদন আৰু বুদ্ধিমত্তাৰ পৰিচয় দিবৰ বাবেহে ইয়াৰ চৰ্চা হৈছিল| ৰজা হিয়েৰণৰ অনুৰোধত অথবা নিজৰ আনন্দৰ বাবে আৱিষ্কাৰ কৰা বহুবোৰ যান্ত্ৰিক বস্তুৰ বিষয়ে আৰ্কিমিডিছে লিপিৱদ্ধ কৰি থোৱাৰ কোনো প্ৰয়োজন অনুভৱ কৰা নাছিল, কিয়নো তেওঁ সেইটো একবাৰে গুৰুত্বপূৰ্ণ বুলি ভবা নাছিল| এনে ধৰণৰ আৱিষ্কাৰ সমূহেই অৱশ্যে তেওঁক বিক্যাত কৰি তুলিছিল|
আৰ্কিমিডিছৰ বিষয়ে প্ৰচলিত নানানটা কাহিনীৰ মতে তেওঁ এজন অতি অন্যমনস্ক অধ্যাপক আছিল| এনে এটা কাহিনী মতে এবাৰ ৰজাই এটা সোণৰ মুকুট গঢ়িবলৈ দিছিল আৰু তাৰ বাবে সোণাৰি জনক যথোপযুক্ত পৰিমাণৰ সোণ দিছিল| সময়ত সোণাৰি জনে নিৰ্দ্দিষ্ট ওজনৰ এটা মুকুট ৰজাক দিলে; কিন্তু ৰজাই সেইটোত ৰূপ মিহলি কৰা বুলি সন্দেহ কৰিলে আৰু তেওঁ আৰ্কিমিডিছক এই বিষয়ে অনুসন্ধান কৰিবলৈ ক’লে| আৰ্কিমিডিছে পানীৰে পৰিপূৰ্ণ বাথ-টাবত গা ধুই থাকোঁতে কথাটো ভাবি আছিল| তেওঁ লক্ষ্য কৰিলে যে তেওঁৰ দেহৰ যিমান অংশ পানীত বুৰ গৈ আছিল, সিমান পৰিমাণৰ পানী টাবটোৰ পৰা অপসাৰিত হৈ বাগৰি পৰিছে| ইয়ে তেওঁক ৰজাই কৰিবলৈ দিয়া কামটোৰ সমাধানৰ বাবে এটা উপায়ৰ সন্ধান দিলে| তেওঁ ইমানেই উত্ফুল্লিত হ’ল যে তেওঁ “ইউৰেকা, ইউৰেকা” অৰ্থাৎ “মই আৱিষ্কাৰ কৰিলো” বুলি চিঞৰি চিঞৰি নগ্ন হৈয়ে ৰাস্তালৈ দৌৰি দৌৰি ওলাই গ’ল|
আৰ্কিমিডিছে পিচত তেওঁৰ এই আৱিষ্কাৰৰ বিষয়ে সৱিশেষ লিখি “অন ফ্ল’টিং ব’ডিজ্” শিৰোনামৰ এখন গৱেষণা-পত্ৰ লিখিছিল| এই আৱিষ্কাৰটোকে এতিয়া আমি আৰ্কিমিডিছৰ তত্ত্ব ৰূপে জানো| এই তত্ত্বমতে, পানীত থকা এটা বস্তুক সি অপসাৰিত কৰা পানীৰ ওজনৰ সম পৰিমাণৰ এক বলে ওপৰৰ ফালে ঠেলি ওপঙাবলৈ চেষ্টা কৰে| এই তত্ত্ব সাৰোগত কৰি তেওঁ হয়তো প্ৰথমে একে ওজনৰ সোণ আৰু ৰূপ লৈ পানীত ওপঙা অৱস্থাত সিহঁতৰ ওজনৰ তুলনা কৰিছিল| তাৰ পাচত তেওঁ মুকুটটোৰ ওজন আৰু একে ওজনৰ ৰূপ লৈ পানীত সিহঁতৰ ওজন তুলনা কৰিছিল| অৱশেষত এই দুই তুলনাৰ পাৰ্থক্যৰ সহায়ত তেওঁ নিৰূপণ কৰিছিল যে মুকুটটো বিশুদ্ধ সোণেৰে তৈয়াৰ কৰা হোৱা নাছিল|
আন এবাৰ তেওঁ ৰজা হিয়েৰণক ক’লে যে তেওঁ এক নিৰ্দ্দিষ্ট বল প্ৰয়োগ কৰি যিকোনো ওজনৰ বস্তুকে লৰাব পাৰিব| তেওঁ প্ৰকৃততে লিভাৰ আৰু চকৰি ব পুলিৰ বিষয়ে অনুসন্ধান কৰি এই কথা কৈছিল| তেওঁ কৈছিল, “মোক থিয় হ’বলৈ এটুকুৰা ঠাই দিয়া আৰু মই সমগ্ৰ পৃথিৱীখন লৰাই দেখুৱাম|” ৰজা এই কথাত আচৰিত হ’ল আৰু তেওঁ কথাটো প্ৰমাণ কৰি দেখুৱাবলৈ ক’লে| আৰ্কিমিডিছে ৰজাক সাগৰৰ পাৰৰ বন্দৰলৈ লৈ গ’ল “তাত থকা এখন জাহাজ, যিখন হয়তো গোটেই চহৰৰ মানুহে একলগে বল প্ৰয়োগ কৰিও লৰাব নোৱাৰে, আৰ্কিমিডিছে এটা যান্ত্ৰিক সঁজুলি ব্যৱহাৰ কৰি কিছুদূৰৰ পৰাই লৰাই দেখুৱালে|
আৰ্কিমিডিছৰ আৱিষ্কাৰী ক্ষমতা দেখি ৰজা বৰ সন্তুষ্ট হ’ল আৰু তেওঁক যুদ্ধত ব্যৱহাৰ কৰিব পৰা কেতবোৰ যন্ত্ৰ আৱিষ্কাৰ কৰিবলৈ অনুৰোধ কৰিলে|
পাচত ৰজা হিৰেয়নৰ মৃত্যুৰ পাচত মাৰ্চেলাছে চাইৰাকুজ আক্ৰমণ কৰে আৰু সেই সময়ত হিৰেয়নৰ অনুৰোধত আৰ্কিমিডিছে তৈয়াৰ কৰা যুদ্ধৰ সঁজুলি সমূহ কামত লগোৱা হয়| আৰ্কিমিডিছৰ এই যন্ত্ৰবোৰৰ সহায়ত শত্ৰুসৈন্যৰ জাহাজ আৰু মানুহৰ ওপৰত ডাঙৰ ডাঙৰ শিল আৰু জুইৰ শিখা আদি বৰ্ষণ কৰি ধৰাশায়ী কৰিবলৈ সক্ষম হয়| পাচলৈ জনা গৈছিল যে আৰ্কিমিডিছে জাহাজবিলাক জ্বলাবলৈ বিভিন্ন অৱতল আইনা ব্যৱহাৰ কৰি সূৰ্যৰ ৰশ্মি বিকিৰিত কৰি জুইৰ শিখা সৃষ্টি কৰিব পৰা কিছুমান সঁজুলি তৈয়াৰ কৰিছিল|
অৱশেষত অৱশ্যে মাৰ্ছেলাছে ৮ মাহৰ পাচত চাইৰাকুজ জয় কৰিছিল; কিন্তু তেওঁ তাৰ নাগৰিক সকলক হত্যা অথবা অত্যাচাৰ নকৰিবলৈ নিৰ্দ্দেশ দিছিল| কিন্তু কিছুমান ৰোমান সৈন্যৈ সেই আদেশ নামানি আৰ্কিমিডিছক হত্যা কৰিছিল| অৱশ্যে তেওঁৰ মৃত্যু সম্পৰ্কে বিভিন্ন কাহিনী শুনা যায়| এটা কাহিনীৰ মতে মাৰ্ছেলাছে চাইৰাকুজ অধিকাৰ কৰাৰ সময়ত আৰ্কিমিডিছ এটা আৱিষ্কাৰৰ কামত ব্যস্ত আছিল আৰু তেওঁ চাইৰাকুজৰ পতনৰ কথা জনা নাছিল| তেওঁ নিজৰ কামত ইমানেই মগ্ন আছিল যে এজন শত্ৰু সৈন্যই তেওঁক মাৰ্ছেলাছৰ ওচৰলৈ যাবলৈ নিৰ্দ্দেশ দিওঁতে কৰি থকা কামটো শেষ নকৰাকৈ যাবলৈ তেওঁ মান্তি নহ’ল| ফলত সৈন্যজনৰ খং উঠি তেওঁক হত্যা কৰিলে|
মৃত্যুৰ আগতে আৰ্কিমিডিছে তেওঁৰ আত্মীয় সকলক অনুৰোধ কৰিছিল যাতে তেওঁৰ সমাধিত তেওঁলোকে এটা বেলন বা চিলিন্দাৰৰ ভিতৰত থকা বৃত্ত এটা আঁকি স্থাপন কৰে আৰু তাত বেলন আৰু বৃত্তৰ আয়তনৰ অনুপাতটো লিখা থাকে| এইটোৱেই তেওঁৰ আটাইতকৈ মহত্ আৱিষ্কাৰ বুলি তেওঁ গণ্য কৰিছিল| অৱশ্যে পাচলৈ ৰোমান প্ৰবক্তা আৰু লিখক চিচেৰ’ই আৰ্কিমিডিছৰ সমাধিটো অৱহেলিত অৱস্থাত উদ্ধাৰ কৰে|
- ড৹ প্ৰবোধ বৰা।

Managing Editor of the English Section, Gonit Sora and Research Associate, Cardiff University, UK.