
22 Aug কম্পিউটাৰ
এদিন মাংসৰ বজাৰলৈ যাওঁতে
হঠাৎ আহি মোৰ মোনাখনত বহি ল’লে ই
আৰু আবদাৰ ধৰিলে
মোৰ ঘৰৰ লগুৱা হ’বই হ’ব সি
-তইনো মোৰ ঘৰত কৰিবলৈ কি?
মোৰ হোজা প্ৰশ্নটো শুনি
অলপ সময় সি তভক মাৰি ৰ’ল
আৰু তাৰ পাছত ৰহস্যময় ভংগিমা এটাৰে
মোলৈ চাই ঢেকঢেকাই হাঁহি দিলে
-প্ৰথমেই মই তোমাক
তৈয়াৰ কৰি দিম এখন দৈনিক ৰুটিন
তাৰ পাছত তোমাৰ ভোক-পিয়াহ
সুখ-দুখ অভাৱ-অভিযোগ প্ৰাপ্তি-অপ্ৰাপ্তি…
এই সকলোবোৰ তদাৰক কৰিম মই
এনেকি তুমি কেতিয়া কান্দিবা আৰু দিনটোত
কিমানবাৰ কি ধৰণেৰে কিমান পৰিমাণে কেনেকৈ
হাঁহিবা- সেয়াও নিয়ন্ত্ৰণ কৰিম মই…
তাৰ টেং-টেঙীয়া মাতটোৰে এখন শেষহীন তালিকাৰে
আমাৰ কথোপকথন কাষৰ কোনোবাই শুনে বুলি
লাজতে বা সংকোচতে ময়ো মনে মনে
কিনি লৈ আহিলোঁ তাক
শ্ৰীমতীয়েও বহুদিনৰেপৰা কুতুৰি আছিল—
বোলে আটাইৰে ঘৰতে আছে সি
আমাৰ ঘৰতনো থাকিলে হয় কি?
তাৰ পাছৰেপৰা তাৰ ঘৰৰ দুদিনীয়া আমি
কবি:- কুশল দত্ত।
কবি হিচাপে অসমীয়া তথা ভাৰতীয় সাহিত্য জগতৰ অন্যতম চিনাকী নাম কুশল দত্তদেৱৰ বৰ্তমানলৈকে প্ৰকাশিত কবিতা পুথিসমূহ হ’ল- সোণালী ঈগল, টোকোৰা চৰাইৰ বাহ, ইলেকট্ৰনিক চৰাই আৰু জ্ঞানী গৰখীয়াই জানে উমনিত বঢ়া চৰাইৰ বাহ কিয় ভাঙিব নালাগে। তেখেতৰ বহুতো কবিতা ইংৰাজীলৈয়ো অনুবাদ কৰা হৈছে। ‘কম্পিউটাৰ’ নামৰ কবিতাটো ১৯৯৯ চনত প্ৰকাশিত তেখেতৰ ‘সোণালী ঈগল’ কবিতা পুথিখনৰ পৰা লোৱা হৈছে। মুনিন বৰকটকী বঁটা বিজয়ী কবিগৰাকীয়ে দেশৰ বহুতো কবি সন্মিলন আদিতো অংশগ্ৰহণ কৰিছে। আনহাতে তেখেত এগৰাকী নিবন্ধকাৰ, সাংবাদিক আৰু সম্পাদকো। বিজ্ঞানৰ প্ৰতিও তেখেতৰ অনুৰাগ বহুত। তেখেত জড়িত থকা ‘জিলিঙনি’ নামৰ আলোচনীখন এসময়ত অসংখ্য শিক্ষাৰ্থী আৰু অন্যান্য পাঠক সমাজৰ প্ৰিয় লগৰীয়া আৰু জ্ঞান আহৰণৰ উৎস আছিল। বৰ্তমান তেখেত ‘দৈনিক অসম’ কাকতৰ লগত জড়িত।
Download this post as PDF (will not include images and mathematical symbols).
Managing Editor of the English Section, Gonit Sora and Research Associate, Cardiff University, UK.
priyam raj shivam
Posted at 22:12h, 26 Septemberসুন্দৰ হৈছে ।
Gonit Sora
Posted at 17:49h, 30 Septemberধন্যবাদ।