গণিতৰ যাদু আৰু বেজবৰুৱা
খ্ৰীষ্টপূৰ্ব ২০০০ অব্দত বেবিলিয়ন আৰু মিচৰৰ সভ্যতা বিকাশৰ সময়ৰ পৰাই গণিতে বিভিন্ন পৰিৱৰ্তনৰ মাজেৰে, ন-ন সূত্ৰ, সমীকৰণৰ মাজেৰে পাৰ হৈ আহি আজিৰ অৱস্থা পাইছেহি৷ বৰ্তমান আমাৰ দৈনন্দিন জীৱনত গণিত এক অপৰিহাৰ্য বিষয়ত পৰিণত হৈ পৰিছে৷ গণিতৰ ডাঙৰ ডাঙৰ সমীকৰণসমূহ, জ্যামিতি, ত্ৰিকোণমিতিৰ জটিল সূত্ৰসমূহ দৈনন্দিন জীৱনত প্ৰয়োগ নহ’লেও সাধাৰণ যোগ-বিয়োগ, পূৰণ-হৰণক এৰি কোনো মানুহে দৈনন্দিন জীৱন কাৰ্য চলাব নোৱাৰে৷ সেয়ে বৰ্তমান গণিতক বিজ্ঞানৰ মূল বিষয় বুলি কোৱা হৈছে৷
গণিত সাহিত্য নহয়৷ কিন্তু মূৰ্ত বাস্তৱতাৰ পৰাই গণিতৰ বিভিন্ন বিমূৰ্ত সূত্ৰসমূহ উদঘটন কৰি সম্প্ৰতি গণিতক অধিক আকৰ্ষণীয় কৰি তোলা হৈছে৷ বৰ্তমান ইণ্টাৰনেটত অনুসন্ধান কৰিলে অনেক গণিত বিষয়ক ৰসাল প্ৰবন্ধ পঢ়িবলৈ পোৱা যায়৷ গণিতক অধিক জনপ্ৰিয় কৰি তুলিবলৈ সময়ে সময়ে আলোচনা-চক্ৰ অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন প্ৰবন্ধ-সাহিত্য আদিও ৰচনা কৰা হৈছে৷ ‘গণিত চ’ৰা’ৰ দৰে অনুষ্ঠানসমূহ এনে প্ৰয়াসৰে ফচল বুলিব পাৰি৷ অসমীয়া সাহিত্যত গণিত বিষয়ক প্ৰথম প্ৰবন্ধ কেতিয়া ৰচনা কৰা হৈছিল সেয়া অনুসন্ধানৰ বিষয়৷ কিন্তু আজিৰ পৰা এশ বিশ বছৰৰ আগতে অসমীয়া সাহিত্যৰ কাণ্ডাৰী, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাইয়ো তেওঁৰ ৰচনাৰ মাজত গণিতক অধিক ৰসালভাৱে উপস্থাপন কৰিছিল৷ অসমীয়া ভাষা-সাহিত্য উদ্ধাৰৰ বাবে হাতত কলম তুলি লোৱা বেজবৰুৱাই অসমীয়া মানুহক সাহিত্যৰ মাজেৰে দেশ-বিদেশৰ বিভিন্ন জ্ঞানৰো সম্ভেদ দিছিল৷ তেওঁৰ দৃষ্টিৰ পৰা গণিতৰ ৰসাল অঙ্কও বাদ পৰা নাছিল আৰু তাক সংগ্ৰহ কৰি ৰাখিছিল৷ বেজবৰুৱাই গণিতৰ তিনিটা যাদুকৰী ফলাফলৰ বিষয়ে জোনাকী আলোচনীৰ চতুৰ্থ ভাগ-দশম সংখ্যাত লিখিছিল৷ বেজবৰুৱা-গ্ৰন্থাৱলীৰ তৃতীয় খণ্ডৰ ২৬৩৬ পৃষ্ঠাৰ পৰা বেজবৰুৱাই লিখা গণিতৰ অঙ্ক তিনিটা পাঠকৰ বাবে আগবঢ়োৱা হ’ল-
(১) অদ্ভুত ৩৭ আৰু ৭৩: ৩৭ অঙ্কটোক ৩, ৬, ৯, ১২, ১৫, ১৮, ২১, ২৪, ২৭ এইকেইটা অঙ্কৰে পূৰ্ণ কৰিলে, পূৰণৰ ফল প্ৰত্যেকটোৰ একোটা অঙ্কই তিনি বাৰকৈ ঘূৰি ঘূৰি ওলাই৷ আকৌ সেই তিনিটা অঙ্ক যোগ কৰিলে যিটোৰে পূৰণ কৰা যায় সেইটো ওলাই৷ চোৱা:-
৩৭ ৩৭ ৩৭ ৩৭ ৩৭
৩ ৬ ৯ ১২ ১৫
১১১ ২২২ ৩৩৩ ৪৪৪ ৫৫৫
৭৩ অঙ্কটোকো ৩, ৬, ৯ আদিৰে পূৰণ কৰা, আন এক ৰকম তলত ফল পাবা৷
(২) গণিতৰ অঙ্ক : ৯৮৭৬৫৪৩২১ অঙ্কক ৪৫ ৰে পূৰণ কৰিলে ৪৪৪৪৪৪৪৪৪৪৫ পোৱা যায়৷ লুটিয়াই লৈ ১২৩৪৫৬৭৮৯ ক ৪৫ ৰে পূৰণ কৰিলে ৫৫৫৫৫৫৫৫০৫ পোৱা যয়৷ ১২৩৪৫৬৭৮৯ ক ৪৫ অঙ্কটো লুটিয়াই ৫৪ কৰি তাৰে পূৰণ কৰা যায় তেন্তে ৬৬৬৬৬৬৬৬০৬ ওলাব৷ আকৌ ৯৮৭৬৫৪৩২১ ক ৫৪ ৰে পূৰণ কৰিলে ৫৩৩৩৩৩৩৩৩৩৪ পোৱা যায়, আৰু আদি অন্তৰ অঙ্ক দুটা ৫৪ মাজৰবোৰ ৩, ৫৪ ৰ আধা ২৭ ৰে সেই অঙ্ক কেইটাক পূৰণ কৰিলে ২৬৬৬৬৬৬৬৬৬৭ পোৱা যায়৷ ইয়াৰ মূৰৰ আৰু শেহৰ দুটা ২৭ আৰু মাজৰবোৰ ৬, আকৌ ২৭ ক লুটিয়াই ৭২ কৰি পূৰণ কৰিলে ৭১১১১১১১১১২ সেইদৰে আগৰ আৰু পাছৰ অঙ্ক দুটা ৭২ আৰু মাজৰ কেইটা ১৷
(৩) ১৪২৮৫৭: এই অঙ্কটো বৰ অদ্ভুত৷ ইয়াক ১, ২, ৩, ৪, ৫, ৬ এই অঙ্ক কেইটাৰ ভিতৰৰ যি অঙ্কটোৰেই ইয়াক পূৰণ কৰা, ফলৰ অঙ্কবিলাক একেই হ’ব৷ অৰ্থাৎ একৰ পৰা ছয়লৈকে যি কোনো অঙ্কৰেই পূৰণ কৰাঁ, ফলৰ ভিতৰত ১৪২৮৫৭ এইকেইটা অঙ্ক থাকিবই৷ কেৱল যে অঙ্কবোৰ একে হয় এনে নহয়৷ বেলেগ বেলেগ সংখ্যাৰ পূৰণ কৰাত পূৰণ ফলৰ প্ৰথম অঙ্কটো বেলেগ হ’ব কিন্তু পাছৰ অঙ্কবিলাক সকলো পূৰণ ফলতেই আৰম্ভ অনুসাৰে ঠিক পাছে পাছে বহিব৷ ১৪২৮৫৭ ক ১ এৰে পূৰণ কৰিলে ১৪২৮৫৭ হ’ল৷ ২ এৰে কৰিলে ২৮৫৭১৪ হ’ল৷ ১ এৰে পূৰণ কৰাত যি ফল হৈছিল, ২ এৰে কৰোতে ফলৰ অঙ্কবোৰ সেইদৰে ঠিকে আছে, কেৱল আৰম্ভ বেলেগ৷ ৩ এৰে পূৰণ কৰিলে ৪২৮৫৭১, ৪ এৰে কৰিলে ৫৭১৪২৮ হ’ব৷ ৫ এৰে কৰিলে ৭১৪২৮৫ হ’ব৷ ৬ এৰে কৰিলে ৮৫৭১৪২ হ’ব৷ কিন্তু ইয়াক যদি ৭ এৰে পূৰণ কৰা যায় তেন্তে এটাইবোৰ ৯ হ’ব : ৯৯৯৯৯৯৷ ৮ এৰে কৰিলে ১১৪২৮৫৬ হ’ব ৷ ইয়াৰ প্ৰথম অঙ্ক ১ ক শেষ অঙ্ক ৬ ৰে যোগ কৰিলে আকৌ সেই ১৪২৮৫৭ হ’ব৷
অসমীয়া সাহিত্যৰ এক ঐতিহাসিক সন্ধিক্ষণত প্ৰকাশিত ‘জোনাকী’ আলোচনীৰ পাততে প্ৰকাশ পোৱা এনে ধৰণৰ গাণিতিক লেখাই অসমীয়া সাহিত্যক চহকী কৰাই নহয়, অসমীয়া সাহিত্যিকৰ গণিত সম্পৰ্কীয় চিন্তা-চৰ্চ্চাৰো আভাস প্ৰদান কৰে৷
অঞ্জল বৰা, Webdunia.com(I) Pvt. Ltd., Indore,
গৱেষক, আসমীয়া বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়।