ৰামানুজন - গণিতজ্ঞ আৰু মানুহজন
মূল : এছ. ৰংগনাথন
মুকলি অনুবাদ : খনীন চৌধুৰী
প্ৰকাশক : অসম গণিত শিক্ষায়তন।
প্ৰথম প্ৰকাশ : ১৭ জুলাই, ২০১১
সূচীপত্ৰ
অধ্যায় A – ৰামানুজন- গণিতজ্ঞ আৰু মানুহজন
অধ্যায় D – অৰ্থনৈতিক পৰ্যাপ্ততা
অধ্যায় E – বিশ্ববিদ্যালয় পটভূমি
অধ্যায় F – ৰামানুজনৰ প্ৰবাসী জীৱন
অধ্যায় J – ৰামানুজনৰ স্বাস্থ্য পৰিল
অধ্যায় L – ৰামানুজনৰ নোটবুককেইটা
অধ্যায় Q – ৰামানুজনৰ ওপৰত আৰু ৰামানুজনৰ দ্বাৰা হোৱা কৃতি-কৰ্ম
অধ্যায় R – শেহতীয়া গ্ৰন্থপঞ্জী
*** *** ***
উৎসৰ্গা
যিকেইজন ধুৰা-ধৰোঁতাৰ
অশেষ আশা, হেঁপাহ তথা
অহোপুৰুষাৰ্থৰ ফচল হিচাবে অসম গণিত শিক্ষায়তনে
সকাৰ ৰূপ পাইছিলে, সেই দুৰদৰ্শী শ্ৰদ্ধাৰ চাৰ-বাইদেউসকলৰ
কৰকমলত পুথিখনি উৎসৰ্গা কৰিবলৈ
পাই নিজকে ধন্য মানিছোঁ।
‘খনীন’
*** *** ***
আগকথা
বহুত দিন ধৰি প্ৰয়াত প্ৰফেচৰ সাৰদা ৰংগনাথনে লিখা ‘ৰামানুজন-দ্য-মেন-এণ্ড-দ্য-মেথেমেটিচিয়ান’ শীৰ্ষক কিতাপখন পঢ়ি আছিলোঁ। এৰি এৰি কেবাবাৰো পঢ়ি বৰ আমোদ পাইছিলোঁ। পঢ়ি যাওঁতে ভাব হৈছিল যে আমাৰ উঠি অহা চামে তথা ছাত্ৰ-ছাত্ৰীসকলে উৎসৰ্গিত জীৱন এটা বুলি ক’লে কেনে জীৱন এটাকনো বুজায় তাকেই সঁচা অৰ্থত উপলব্ধি কৰিবলৈ বুলি এইখন এখন কিতাপ, যি এক উদাহৰণ হ’ব পাৰে। লগতে গণিত বিষয়টোৰ অন্তঃ অৰ্থটো হৃদয়ংগম কৰিবলৈ বুলি এইখন এখন কিতাপ যিখনত বিষয়বস্তুক অতি মনোমোহাকৈ লেখকে মনোৰম পঠনীয় কৰি এক সাহিত্যিক মূল্যমানেৰে বৰ্ণাইছে।
আজি আমাৰ সমাজ-জীৱনৰ প্ৰতিটো স্তৰতে মূল্যবোধৰ যি অভাৱে আমাক খুলি খুলি খাই নিঃশেষ কৰিব লাগিছে, ৰামানুজনৰ এই জীৱনীখনত আমাৰ দেশখনৰ এটা যুগে কঢ়িয়াই ফুৰা মূল্যবোধৰ ধনাত্মক ৰূপটোৰ এক সুন্দৰ প্ৰতিচ্ছবি লেখকে দাঙি ধৰিবলৈ সক্ষম হৈছে। এই প্ৰতিভাধৰক উপযুক্ত পৰিৱেশ দিবলৈ বুলি নিজৰ দেশৰ মানুহখিনিৰ উপৰিও বিদেশী বন্ধুসকলেও মৰম-আদৰ মিহলি প্ৰচেষ্টাৰে বুকুৰ উম দি কেনেদৰে আগুৱাই লৈ যোৱাত অহোপুৰুষাৰ্থ কৰিছিল, সেই কথা অতি সুন্দৰকৈ ফুটি উঠিছে ৰংগনাথনৰ বৰ্ণনাৰ মাজেৰে।
এসময়ৰ (১৮৯২) লাইব্ৰেৰী চায়েন্সৰ এইজনা জাতীয় গৱেষণা অধ্যাপক তথা মাদ্ৰাজ প্ৰেচিডেন্সি কলেজৰ প্ৰাক্তন সহকাৰী অধ্যাপকে লিখা এই জীৱনীমূলক কিতাপখন (প্ৰথম প্ৰকাশ ১৯৬৭ চনত, সাৰদা ৰংগনাথন এণ্ডোউমেণ্ট, ফেকাল্টি লাইব্ৰেৰী চায়েন্স ১৯৬১) এখন মূল্যবান কিতাপ এই অৰ্থতেই যে গণিতৰ জগতখনৰ এক উজ্জ্বল নক্ষত্ৰ শ্ৰীনিবাস ৰামানুজনৰ জীৱনী আৰু কৰ্মৰ ই এক দলিল বা খতিয়ান স্বৰূপ। ৰামানুজনৰ জীৱন আৰু কৃতিৰ ঐতিহাসিক কথাখিনি আৰু ইয়াৰ লগত স্বাভাৱিকতে আহি পৰা, কিছুপৰিমাণে আমাৰ দৃষ্টি তথা ধাৰণাত লৌকিকতা চেৰাই গৈ জনমানসত স্থিত হোৱা বা প্ৰচলন হৈ পৰা বতৰা তথা কাহিনীখিনি একত্ৰিত কৰি ৰংগনাথনে জীৱনী গ্ৰন্থ এখন ৰচনা কৰাৰ দায়িত্ব লৈছিল। এই কৰ্মত নিজক নিয়োজিত কৰি কেনেদৰে তেখেতে অহোপুৰুষাৰ্থ কৰিছিল সেয়া তেখেতৰ বৰ্ণনাৰ মাজত ফুটি উঠিছে। ইংৰাজী গ্ৰন্থখনৰ এক মনজুৰোৱা সাহিত্যিক মূল্যও যে আছে, সেয়া কিতাপখনৰ পাতে পাতে বিদ্যমান। এনে এখন কিতাপ আমাৰ ভাষালৈ লৈ আহি আমাৰ ছাত্ৰ-ছাত্ৰী তথা জীৱনক চাব খোজা বা জীৱন গঢ়িব খোজাসকললৈ বুলি আগবঢ়াবলৈ এক প্ৰবল হেঁপাহ আছিল।
কিতাপখন প্ৰায় অৰ্ধ শতিকাৰো আগৰ। পঢ়ি যাওঁতে ভাব হ’ল যে এই কিতাপখনৰ আক্ষৰিক অনুবাদৰ ঠাইত, আজিৰ ছাত্ৰ-ছাত্ৰীৰ মন যোগাবলৈ বুলি কিতাপখনৰ এক মুকলি উপস্থাপনহে গ্ৰহণযোগ্য হ’ব। সেয়ে ক্ৰনল’জি বজাই ৰাখিবৰ বাবে কিতাপখনৰ অধ্যায়বোৰৰ শিৰোনামাকেইটা একেই ৰাখি অনেক ক্ষেত্ৰত বিষয় বস্তুৰ এক মুকলি উপস্থাপন কৰা হৈছে। মাজে মাজে টিপ্পনীসহ সাধাৰণ মন্তব্য কিছুৰে টোকা দিয়া হৈছে, যিবোৰ হয়তো আজিৰ যুগৰ সাধাৰণ পাঠক হিচাবে মনত উদয় হোৱাৰ অৱকাশ থাকে।
ৰামানুজনৰ এই জীৱনীখন পঢ়ি উঠি লিখি থাকোঁতে আমাৰ মনত যি চিন্তাই দোলা দি আছিল তাক প্ৰকাশ কৰাৰ এই সুবিধাকণ এইখিনিতে ল’ব বিচাৰিছোঁ এনেদৰে।
কেৰিয়াৰ বুলি ক’লে আমি ইয়াকেই বুজোঁ যে আমি কি পালো তাৰ দ্বাৰা নহয় বৰং, আমি কি বাধাৰ প্ৰচীৰ পাৰ হ’লো তাৰ দ্বাৰাহে নিৰূপিত হয় ইয়াৰ মান। লগতে এয়াও বোধগম্য হয় যে পৃথিৱীৰ মহৎ প্ৰতিভাধৰসকল অতি চুটি জীৱনৰহে অধিকাৰী হয়।
মানৱ মনস্তত্ব এক জটিল বিষয়। মনস্তত্বই সকলো ব্যাখ্যা কৰে বুলি ভাবিলেও প্ৰকৃততে ই একোকেই ব্যাখ্যা নকৰে, আমি আচলতে সন্দেহৰ মাজতেই বৰ্তি থাকোঁ। ৰামানুজনৰ জীৱনে এয়াও আমাক শিকাই যে অতি সৰলতম কলাটোৱেইতো এক কঠিনতম সাঁথৰ! আমাৰ কি আছে সেয়া নহয়, বিপৰীতে আমি কি উপভোগ কৰি আছোঁ তাৰ দ্বাৰাহে আমাৰ প্ৰাচুৰ্যতা নিৰূপিত হয়।
ৰামানুজনৰ জীৱনত বিশ্ববিদ্যালয়ৰ শিক্ষা সম্পৰ্কত আমাৰ মনলৈ আহিছে চেম্বাৰ্চ পলে কোৱা কথিখিনি- স্নাতকোত্তৰ পৰ্যায়ত বিশ্ববিদ্যালয়ৰ জীৱন বাস্তৱ পৃথিৱীখনৰ বাবে ইয়াৰ বৌদ্ধিক তথা অমিমাংসীত আলোচনাৰে মুঠতে এক বেয়া প্ৰশিক্ষণ। ৰামানুজনৰ লেখীয়া মাথোন অতি সবল চৰিত্ৰৰ মানুহেহে এই বাধা অতিক্ৰমি আহে।
পাৰস্পৰিক শিক্ষা সংক্ৰান্তত আমি মন কৰোঁ যে এজন মানুহে দুই ধৰণে শিকে। তাৰে এটা হ’ল পঢ়ি বা অধ্যয়নেৰে আৰু আনটো ধৰণ হ’ল অন্য সজীৱ ব্যক্তিৰ সংগত থাকি, ঠিক ৰামানুজন আৰু হাৰ্ডিৰ দৰে।
গণিতো যে এক কলা তাক ৰামানুজনেই বঢ়িয়াকৈ উন্মোচন কৰে। চিত্ৰশিল্পী বা কবিৰ দৰে গণিতজ্ঞও হ’ল আৰ্হি বা চানেকীৰ স্ৰষ্টা, তেওঁৰ চানেকী বেছি স্থায়ী হয়, যদিহে এইবোৰ গঠিত হয় ধাৰণাৰে।
প্ৰখ্যাতজনৰ বাবে সমগ্ৰ পৃথিৱীখনেই তেওঁলোকৰ বাবে স্মৃতি যেন। জগতখনৰ অনেক মহৎ সাফল্যপ্ৰাপ্ত হৈছে মাথোন ক্লান্ত আৰু হতাশগ্ৰস্ত ব্যক্তিসকলৰ দ্বাৰা যিসকল নিৰৱধি কৰ্মত নিযুক্ত হৈ আছে। সেইসকলেই বুদ্ধিদীপ্ত যিয়ে নিজক পহৰা দিয়ে।
কিতাপখনে পূৰ্ণ ৰূপ ল’বলৈ পালে মোৰ সহপাঠী বন্ধু তথা মোৰ সহকৰ্মী অধ্যাপক নন্দৰাম দাসৰ তাগিদাৰ বাবেহে। তেওঁলৈ মোৰ আন্তৰিক ধন্যবাদ ৰ’ল। অসম গণিত শিক্ষায়তনে কিতাপখন প্ৰকাশৰ বাবে আগবাঢ়ি আমাৰ উদ্দেশ্য সাধনত আচল অৰিহণাখিনি আগবঢ়ালে। তাৰবাবে আমি কৃতজ্ঞ হৈ ৰ’লো। অসমী প্ৰিণ্টাৰ্চৰ শ্ৰীদেবেন বসুমতাৰীলৈ অশেষ ধন্যবাদ থাকিল – তেখেতৰ অতি উৎসাহী-আন্তৰিক সঁহাৰিখিনিৰ বাবে, যিয়ে কিতাপখনৰ দ্ৰূত ডি.টি.পি.ত সহায় কৰিলে। শেষত কিতাপখনিক বৰ্তমান ৰূপটোলৈ আনোতে হ’ব পৰা ভুল-ত্ৰুটিখিনি সুধীজনে আঙুলিয়াই দি আমাক শুধৰোৱাৰ সুবিধাকণ দিলে নথৈ সুখী হ’ম।
খনীন চৌধুৰী
গণিত বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়
*** *** ***
প্ৰফেচৰ ৰংগনাথনে পুথিখন উৎসৰ্গা কৰিছে
ইণ্ডিয়ান মেথেমেটিকেল ছ’চাইটিৰ প্ৰতিষ্ঠাতা
আৰু
ৰামানুজনৰ আৱিস্কাৰ-শৃংখলৰ
প্ৰথমজন ভি. ৰামস্বামী আয়াৰৰ স্মৃতিত
*** *** ***
সূচীপত্ৰ
অধ্যায় A – ৰামানুজন- গণিতজ্ঞ আৰু মানুহজন
অধ্যায় D – অৰ্থনৈতিক পৰ্যাপ্ততা
অধ্যায় E – বিশ্ববিদ্যালয় পটভূমি
অধ্যায় F – ৰামানুজনৰ প্ৰবাসী জীৱন
অধ্যায় J – ৰামানুজনৰ স্বাস্থ্য পৰিল
অধ্যায় L – ৰামানুজনৰ নোটবুককেইটা
অধ্যায় Q – ৰামানুজনৰ ওপৰত আৰু ৰামানুজনৰ দ্বাৰা হোৱা কৃতি-কৰ্ম