আডা বাইৰন (লেডী লাভলে’চ)

আডা বাইৰন (লেডী লাভলে’চ)

সম্পূৰ্ণ নাম: আগষ্টা আডা বাইৰন, পাছলৈ আগষ্টা আডা কিং

ন্ম: ১০ ডিচেম্বৰ, ১৮১৫; লণ্ডন, ইংলেণ্ড

মৃত্যু: ২৭ নৱেম্বৰ, ১৮৫২; লণ্ডন, ইংলেণ্ড

পিতৃ: লৰ্ড বাইৰন (কবি)

মাতৃ: এনি ইছাবেল বাইৰন (গৃহিণী)

প্ৰাথমিক শিক্ষা: ঘৰতে, বিভিন্ন গৃহ-শিক্ষকৰ তত্বাৱধানত

 

আডা বাইৰনৰ জন্মৰ এমাহৰ পাছতে পিতৃ-মাতৃৰ বিচ্ছেদ হয় আৰু আডাই মাকৰ লগত থাকিবলৈ লয়। দেউতাক বাইৰনে চিৰদিনৰ বাবে ইংলেণ্ড এৰি যায়। মাক ইছাবেল বাইৰনে তেখেতৰ ছোৱালী ডাঙৰ হৈ কবি হোৱাটো বিচৰা নাছিল। সেয়ে সৰু কালৰপৰাই মাকে আডাক গণিত আৰু বিজ্ঞানৰ শিক্ষা দিয়াৰ চেষ্টা কৰিছিল। অৱশ্যে মাকৰ আপত্তি স্বত্তেও আডাৰ কবিতাৰ প্ৰতি ৰাপ আছিল আৰু পাছলৈ ‘কবিত্বময় বিজ্ঞান’ৰ চৰ্চা কৰা বুলিহে কৈছিল। আডা বাইৰনৰ বিজ্ঞানৰ লিখনিসমূহতো সেয়ে চিত্ৰকল্প আৰু কল্পনাৰ সংমিশ্ৰণ দেখিবলৈ পোৱা যায়।

শিশুকালত আডাই প্ৰায়েই বিভিন্ন ৰোগত ভূগি থাকিছিল। আঠ বছৰত মূৰৰ বিষৰ লগতে কিছুদিনৰ কাৰণে দৃষ্টি-শক্তিও ক্ষীণ হৈ গৈছিল। সৰু-আই ওলোৱাৰ ফলস্বৰূপে আডাই বিচনাতে সময় কটাবলগীয়া হৈছিল। ১৬ বছৰ বয়সতহে আডাই পেং লৈ চলাফিৰা কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু ৰোগত ভুগি থাকিলেও আডাৰ পঢ়া-শুনাত যতি পৰা নাছিল। বিভিন্ন বিষয়ৰ শিক্ষকে ঘৰতে আডাক শিক্ষা দিছিল। গণিত আৰু প্ৰযুক্তিবিদ্যা আছিল আডাৰ পছন্দৰ বিষয়। ১২ বছৰ বয়সতে আডাই উৰিবৰ বাবে মন স্থিৰ কৰি বিভিন্ন নক্সা অংকন কৰি উৰিব পৰা যন্ত্ৰ সজাৰ চেষ্টা চলাইছিল।

১৭ বছৰ বয়সত আডা আন এগৰাকী মহিয়সী নাৰী মেৰী ছ’মাৰভিলৰ সংস্পৰ্শলৈ আহিছিল আৰু মেৰীয়েই উচ্চ গণিতৰ বিষয়ে আডাক আগ্ৰহী কৰি তুলিছিল। মেৰী ছ’মাৰভিলে ফৰাচী গণিতজ্ঞ লেপলাচৰ কিতাপসমূহ ইংৰাজী ভাষালৈ অনুবদো কৰিছিল, আৰু সেই কিতাপখিনি কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পাঠ্যপুথিৰ অন্তৰ্গত আছিল।

ছ’মাৰভিলৰ ঘৰতে আয়োজিত এক ভোজমেলত আডা বাইৰনে চাৰ্লছ বেবেজে ‘গণক যন্ত্ৰ’ৰ ওপৰত দিয়া বক্তৃতা শুনিবলৈ পায়। আডা বাইৰনেই বেবেজৰ আৱিষ্কৃত যন্ত্ৰই ভৱিষ্যতে গণনাৰ বাহিৰে আন বহুতো কাম কৰিব পাৰিব বুলি ধাৰণা কৰিছিল।

১৮৪৩ চনত আডা বাইৰনৰ বিবাহ সম্পন্ন হয় এগৰাকী অভিজাত ব্যক্তি ‘আৰ্ল অৱ লাভলে’চ’ৰ লগত। বৈবাহিক সূত্ৰে আডা বাইৰন ‘লেডী লাভলে’চ’ হিচাপেও জনাজাত। ১৮৪১ চনত বেবেজৰ কৰ্মৰাজীৰ ওপৰত প্ৰকাশিত ৰোমান ভাষাৰ এটা প্ৰৱন্ধ অনুবাদ কৰাৰ লগতে সেইটোৰ ওপৰত দীঘল টোকা সন্নিবিষ্ট কৰি আডাই বেবেজৰ ওচৰলৈ পঠিয়ায়। ইয়াৰ পাছতে বেবেজ আৰু আডা বাইৰনৰ মাজত ‘গণক যন্ত্ৰ’ৰ গণিত সম্পৰ্কে চিঠিৰ আদান-প্ৰদান চলিবলৈ ধৰে।

আডা বাইৰনেই বেবেজক যন্ত্ৰটোৰ দ্বাৰা ‘বাৰ্নলি সংখ্যা’ গণনা কৰাৰ বাবে পৰামৰ্শ দিছিল। একেটা কামৰ বাবে বেবেজে দিয়া আৰ্হিক যন্ত্ৰটোৱে বুজিব পৰা ভাষালৈ পৰিৱৰ্তন কৰিছিল আডাই, বেবেজে দিয়া আৰ্হিৰ এটা ভুলো তেখেতে আঙুলিয়াই দিছিল। আজিকালিৰ কম্পিউটাৰক নিৰ্দেশ দিবলৈ কম্পিউটাৰেবুজিব পৰাকৈ কাম এটাৰ নিৰ্দেশ দিব লাগে। এনে নিৰ্দেশকে ‘প্ৰগ্ৰাম’ বোলা হয়। আডা বাইৰনে ‘বাৰ্নলি সংখ্যা’ গণনাৰ বাবে লিখি উলিওৱা নিৰ্দেশাৱলীয়েই পৃথিৱীৰ প্ৰথম প্ৰগ্ৰাম বুলি কোৱা হয়। সেয়ে, আডা বাইৰনকে পৃথিৱীৰ প্ৰথম কম্পিউটাৰ প্ৰগ্ৰামাৰ বোলা হয়। ৩৬ বছৰ বয়সতে জৰায়ুৰ কৰ্কট ৰোগত আডা বাইৰনৰ মৃত্যু হয়।

প্ৰথম প্ৰগ্ৰাম লিখি উলিওৱাৰ পাছৰ সময়ৰপৰাই আডা বাইৰনৰ গা পৰি আহে, আৰু গণিত সম্পৰ্কীয় কাম-কাজো কমি আহে। গণিতৰ বাহিৰেও আডা বাইৰনে সংগীত চৰ্চা আৰু ঘোঁৰাৰ বিষয়ে আগ্ৰহী আছিল। তেখেতে সংগীত আৰু গণিতৰ সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰি থকা বুলি মাকলৈ লিখা এখন চিঠিত উল্লেখ পোৱা যায়। অৱশ্যে তেখেতৰ অধ্যয়নৰ সবিশেষ পোৱা নাযায়।

আডা বাইৰনৰ গণক যন্ত্ৰ সম্বন্ধীয় কাম-কাজ সেই সময়ৰ বিজ্ঞানীৰ মাজত জনপ্ৰিয় হৈছিল যদিও পাছলৈ পাহৰণিৰ কৱলত পৰে। ১৯৫০ দশকতহে আডা বাইৰনৰ কৰ্ম আকৌ চৰ্চালৈ আহে। কম্পিউটাৰ নিৰ্মাণৰ বিষয়ে গৱেষণা চলি থকাৰ সময়তে বি. ওৱাই. ব’ডেনে আডা বাইৰনৰ লিখনিসমূহ তেখেতৰ এখন গ্ৰন্থত সন্নিবিষ্ট কৰি প্ৰকাশ কৰে। তাৰ পাছতহে বাইৰনৰ কাম-কাজ সম্পৰ্কে ৰাইজে ভালদৰে জানিবলৈ পায়। ১৯৮০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা দপ্তৰে বিকাশ কৰা এটা প্ৰগ্ৰামিং লেংগুৱেজ আডা বাইৰনৰ নামেৰে ‘আডা’ দিয়া হয়। এখেতক ‘সংখ্যাৰ যাদুপৰী’ বুলিও সম্বোধন কৰা হয়।

এগৰাকী মহিলা হৈ সেই কালত গণিতজ্ঞ বা বিজ্ঞানী হিচাপে গুৰুত্ব লাভ কৰিবলৈ সহজ নাছিল। গণক যন্ত্ৰক নিৰ্দেশ দিয়া লিখাটো প্ৰকাশ কৰিবলৈও তেওঁ নিজৰ সম্পূৰ্ণ নাম দিয়া নাছিল। চমুকৈ নিজৰ নামৰ আদ্যাক্ষৰেৰে এ.এ.এল. বুলিহে স্বাক্ষৰ কৰিছিল, অন্যথা স্ত্ৰী হোৱাৰ বাবেই তেখেতৰ লেখাক গুৰুত্ব দিয়া নহ’ব বুলি তেখেতেভয় কৰিছিল। তাৰোপৰি আডা বাইৰনৰ জীৱনকালত ৰোগ আৰু বিভিন্ন সামাজিক সমস্যাই দেখা দিছিল। তথাপি আডা বাইৰনে পুৰুষ-প্ৰধান সমাজখনত শিৰ নত কৰি বাচি থাকিব খোজা নাছিল।

১৯৯০ দশকত প্ৰকাশিত এখন গ্ৰন্থত আডা বাইৰনে লিখা প্ৰগ্ৰামসমূহ মূলত: চাৰ্লছ বেবেজৰ সৃষ্টি বুলি দাবী কৰা হয়। পাছলৈ অন্যান্য লিখকে এই দাবী খণ্ডন কৰি গ্ৰন্থ ৰচনা কৰে।

মাতৃয়ে বিচৰা নাছিল যদিও আডাই নিজৰ সমাধি পিতৃ লৰ্ড বাইৰনৰ সমাধিৰ কাষতে হোৱাটো বিচাৰিছিল। সেই ইচ্ছা অনুসৰি ইংলেণ্ডৰ নটিংহামৰ ছেইণ্ট মেৰী মেগ্‌ডেলিন গীৰ্জাত পিতৃৰ সমাধিৰ কাষতে আডাকো সমাধিস্থ কৰা হৈছিল।

 

লেখক: ডা° উদ্দীপ তালুকদাৰ।