“নীৰৱ বসন্ত”ৰ কথা কোৱা বিজ্ঞানীগৰাকী
স্প্ৰীংডেল, পেন্ছিল্ভেনিয়া। এক সাধাৰণ গ্ৰাম্য পৰিৱেশত, প্ৰকৃতিৰ বুকুত তেনেই সৰলভাৱে জীৱন কটোৱা মাৰিয়া ফ্ৰেজিয়াৰ আৰু ৰবাৰ্ট ৱাৰ্ডেন কাৰ্ছনৰ জীৱনলৈ ১৯০৭ চনৰ ২৭ মে’ তাৰিখে সুখৰ হাঁহি নামি আহিল এগৰাকী কন্যা সন্তানৰ ৰূপত। ৰাছেল কাৰ্ছন বুলি নাম থোৱা এইগৰাকী কন্যাই মাক মাৰিয়াৰ পৰা পোৱা শিক্ষা আৰু নিজৰ চৌপাশে দেখা পোৱা নৈসৰ্গিকতাৰে ভাল পাবলৈ শিকিলে প্ৰকৃতিৰ প্ৰতিটো উপাদানক। আঠ বছৰ বয়সৰ পৰাই লিখা-মেলাৰ প্ৰতি আগ্ৰহী হৈ উঠা মাৰিয়াৰ আগবয়সৰ গল্পসমূহতো বিষয় হিচাপে স্থান পাইছিল প্ৰকৃতি আৰু জীৱ-জন্তু বিষয়ক কাহিনীয়ে। এঘাৰ বছৰ বয়সত, সেই সময়ৰ অন্যতম জনপ্ৰিয় শিশু-আলোচনী “চেইণ্ট নিকোলাছ মেগাজিন”ত প্ৰথম গল্প প্ৰকাশ কৰা এইগৰাকী ৰাছেল কাৰ্ছনকে পৰৱৰ্তী সময়ত আমি লগ পাওঁ সমগ্ৰ বিশ্বতে পৰিৱেশ সজাগতা আন্দোলনৰ অগ্ৰদূত তথা বিজ্ঞানী ৰূপে।
পেন্ছিল্ভেনিয়াৰ স্থানীয় বিদ্যালয়তে যথেষ্ট পাৰদৰ্শিতাৰে স্কুলীয়া শিক্ষা সাং কৰি ৰাছেলে “পেনছিলভেনিয়া মহিলা মহাবিদ্যালয়”ত (যিখন পাছলৈ ছাথাম বিশ্ববিদ্যালয় নামেৰে জনাজাত হয়) জীৱ-বিজ্ঞানক সন্মানীয় বিষয় হিচাপে লৈ স্নাতক শিক্ষা আৰম্ভ কৰে। অৱশ্যে পোনতে তেওঁ ইংৰাজী বিষয়টিহে অধ্যয়নৰ বাবে বাছি লৈছিল। ১৯২৮ চনত জনচ্ হপ্কিন্ছ্ বিশ্ববিদ্যালয়ত তেওঁ স্নাতক শিক্ষা চলাই যাবলৈ সুবিধা লাভ কৰে যদিও আৰ্থিক দীনতাৰ বাবে তেওঁ পেনছিলভেনিয়া মহিলা মহাবিদ্যালয়তে ৰৈ যাব লগা হয় আৰু তাৰ পৰাই অত্যন্ত সুখ্যাতিৰে ১৯২৯ চনত স্নাতক শিক্ষা সমাপ্ত কৰে। ইয়াৰ পাছতে মাছাছুছেটছ্স্থিত “সাগৰীয় জীৱবিজ্ঞান পৰীক্ষাগাৰত” এক গ্ৰীষ্মকালীন পাঠ্যক্ৰম শেষ কৰি ৰাছেলে সেইবছৰৰে শেহলৈ জনচ্ হপ্কিন্ছ্ বিশ্ববিদ্যালয়ত প্ৰাণীবিদ্যা আৰু জিনীয়-বিজ্ঞানক বিষয় হিচাপে লৈ স্নাতকোত্তৰ শ্ৰেণীত নাম ভৰ্তি কৰে। যথেষ্ট আৰ্থিক কষ্টৰ মাজেৰে পঢ়া-শুনা চলাই নিয়া ৰাছেল কাৰ্ছনে অৱশেষত ১৯৩২ চনত স্নাতকোত্তৰ ডিগ্ৰী শেষ কৰে। ইয়াৰ পাছত উক্ত বিশ্ববিদ্যালয়তে গ্ৰীষ্মকালীন পাঠ্যক্ৰমত ১৯৩৪ চনলৈ শিক্ষকতা কৰিবলৈ লয়। এইখিনি সময়তে ঘৰুৱা সমস্যাৰ বাবে তেওঁ গৱেষণাৰ চিন্তা ত্যাগ কৰি পূৰ্ণকালীন শিক্ষকতাৰ বৃত্তি গ্ৰহণ কৰিবলগা হয়।
১৯৩৫ চনত পিতৃৰ মৃত্যু হোৱাত ৰাছেলে ঘৰৰ সমস্ত দায়িত্ব কান্ধ পাতি ল’বলগীয়াত পৰে আৰু বহু যত্নেৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মৎস্যপালন বিভাগত এক অস্থায়ী পদত নিযুক্তি লাভ কৰে। এই পদত কাৰ্ছনৰ দায়িত্ব আছিল মৎস্যপালন বিভাগৰ কৰ্মৰাজি তথা সাগৰতলিৰ জীৱন সম্বন্ধে ৰাইজক আগ্ৰহী কৰি তুলিবলৈ প্ৰচাৰিত এক শিক্ষামূলক অনাতাঁৰ অনুষ্ঠানৰ বাবে “পানীৰ তলৰ ৰহস্য (Romance Under the Waters)” নামেৰে এলানি ৰচনা প্ৰস্তুত কৰা। এইলানি ৰচনাৰ সমান্তৰালকৈ তেওঁ বিভিন্ন স্থানীয় কাকত-আলোচনীৰ বাবে নিজা গৱেষণাৰ ভেটিত জনপ্ৰিয় বিজ্ঞানবিষয়ক লেখা লেখিবলৈ লয়। উক্ত অনাতাঁৰ ধাৰাবাহিকলানিৰ অভূতপূৰ্ব সফলতাৰ পৰিণতিত ১৯৩৬ চনত তেওঁ আমেৰিকান মৎস্যপালন ব্যুৰ’ত পূৰ্ণকালীন পদত, কনিষ্ঠ জলজীৱবিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰে। উল্লেখ্য যে এনে পদত নিযুক্তি পোৱা দ্বিতীয়গৰাকী মহিলা হিচাপে ৰাছেলৰ এয়া আছিল বিশেষ সফলতা।
মৎস্যপালন ব্যুৰ’ত কৰ্মৰত অৱস্থাতে ৰাছেলে সাগৰীয় জীৱবিজ্ঞান বিষয়ক অধ্যয়নৰ ভিত্তিত সাধাৰণ ৰাইজৰ বাবে অনেক জনপ্ৰিয় তথা শিক্ষামূলক ৰছনা নানা কাকত-আলোচনীত প্ৰকাশ কৰে। অৱশেষত ১৯৩৭ চনৰ জুলাই মাহত “আট্লাণ্টিক মান্থলি” নামৰ মাহিলী পত্ৰিকাত “আণ্ডাৰছি (Undersea)” নামেৰে সাগৰতলীৰ পৰিৱেশ সম্পৰ্কীয় এক ৰচনা প্ৰকাশ পায়। এই ৰচনাখনে কাৰ্ছনৰ জীৱনলৈ এক নতুন অধ্যায়ৰ বাট মুকলি কৰে। এই প্ৰৱন্ধটিত আকৰ্ষিত হৈ আমেৰিকাৰ অন্যতম প্ৰকাশন সংস্থা “ছাইমন আৰু শ্ব’ষ্টাৰ (Simon and Schuster)”য়ে তেওঁক এই প্ৰৱন্ধটিকে পৰিৱৰ্ধন কৰি কিতাপৰ ৰূপ দিবলৈ অনুৰোধ জনায় আৰু সেইমৰ্মেই ১৯৪১ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ “আণ্ডাৰ দা ছি উইণ্ড: এ নেচাৰেলিষ্টছ্ পিক্ছাৰ অৱ অছেন লাইফ (Under the Sea Wind: A Naturalist’s Picture of Ocean Life)” প্ৰকাশ হয়। সমালোচকৰ দ্বাৰা উচ্চ প্ৰসংশিত হোৱা এই গ্ৰন্থখনে বিজ্ঞান-লেখিকা হিচাপে ৰাছেলক বিশেষ স্বীকৃতি প্ৰদান কৰে। এইখিনি সময়তে ৰাছেলৰ পদোন্নতিও হয় আৰু তেওঁ লেখা-মেলাৰ লগতে সাগৰীয় পৰিৱেশ তথা সাগৰতলীৰ জীৱন সম্পৰ্কে নানা অধ্যয়নত ব্যস্ত হৈ পৰে। ১৯৫০-৫১ চনত সাগৰৰ জন্ম তথা ইয়াৰ জীৱন বিষয়ক ৰাছেলৰ দ্বিতীয়খন গ্ৰন্থ খণ্ড-খণ্ডকৈ “ছাইন্স ডাইজেষ্ট (Science Digest)”, “দা য়েল ৰিভিউ (The Yale Review)” আৰু “দা নিউয়ৰ্কাৰ (the New Yorker)” আদিৰ দৰে জনপ্ৰিয় পত্ৰিকাত প্ৰকাশ পোৱাৰ পিছত “অক্সফৰ্ড ইউনিভাৰ্ছিটী প্ৰেছ” নামৰ বিখ্যাত প্ৰকাশন গোষ্ঠীয়ে “দা ছি এৰাউণ্ড আছ্ (The Sea Around Us)” নামত কিতাপ আকাৰে প্ৰকাশ কৰি উলিয়ায়। প্ৰকাশৰ লগে লগে জনপ্ৰিয়তাৰ শীৰ্ষ চোৱা এইখন গ্ৰন্থই কাৰ্ছনলৈ অনেক সন্মান তথা পুৰস্কাৰো কঢ়িয়াই আনে। ১৯৫২ চনত এই গ্ৰন্থৰ বাবে তেওঁ “ৰাষ্ট্ৰীয় গ্ৰন্থ সন্মান” লাভ কৰাৰ লগতে দুটাকৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। তদুপৰি এইখন গ্ৰন্থক আধাৰ কৰি নিৰ্মিত একে নামৰ তথ্যচিত্ৰখনে ১৯৫৩ চনত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ অস্কাৰ বঁটাও লাভ কৰে। এই জনপ্ৰিয়তাৰ পাছত তেওঁৰ প্ৰথমখন গ্ৰন্থ পুনৰ মুদ্ৰিত কৰা হয় আৰু এইখনেও বিপুল সমাদৰ অৰ্জন কৰে। লেখিকা হিচাপে লাভ কৰা এই সফলতাৰ পাছত কাৰ্ছনে চৰকাৰী চাকৰি ত্যাগ কৰি পূৰ্ণকালীন বিজ্ঞান-লেখিকা হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। ইয়াৰ সমান্তৰালকৈ তেওঁ আটলাণ্টিক সাগৰতটীয় অঞ্চলৰ পৰিস্থিতি-তন্ত্ৰ সম্পৰ্কে অধ্যয়ন চলাই যায় আৰু ১৯৫৫ চনত তেওঁৰ সাগৰ বিষয়ক গ্ৰন্থ-ত্ৰয়ৰ (Sea Trilogy) তৃতীয়খন গ্ৰন্থ “দা এড্জ্ অৱ দা ছি (the Edge of the Sea)” প্ৰকাশ পায়।
এইছোৱা সময়তে এটাৰ পাছত এটাকৈ কেবাটাও বিপত্তিয়ে ৰাছেল কাৰ্ছনৰ ব্যক্তিগত জীৱন বিপৰ্যস্ত কৰি তোলে। তথাপি, তাৰ মাজতে তেওঁ যথেষ্ট দৃঢ়তাৰে ন-ন কামত হাত দিয়ে। এইখিনি সময়তে আমেৰিকাৰ চৰকাৰে কৃষিক্ষেত্ৰত পোক-পতংগ তথা বাহকজনিত ৰোগ নিয়ন্ত্ৰণৰ বাবে অবাধে প্ৰয়োগ কৰিবলৈ লোৱা ডিডিটি (DDT) বা তেনে দীৰ্ঘস্থায়ী কীটনাশকৰ পৰা পৰিৱেশত সৃষ্টি হ’ব পৰা বিৰূপ প্ৰভাৱ সম্পৰ্কে ৰাছেলৰ দৃষ্টি আকৰ্ষিত হয় আৰু তেওঁ এই বিষয়ে বিশদ অধ্যয়ন আৰম্ভ কৰে। প্ৰায় চাৰি বছৰজোৰা অধ্যয়নৰ অন্তত কীটনাশক ৰাসায়নিক দ্ৰৱ্যৰ অপপ্ৰয়োগৰ বিপদ সম্পৰ্কে আলোচনা কৰি তেওঁ ৰছনা কৰে “দা চাইলেণ্ট স্প্ৰিং (The Silent Spring)” নামৰ যুগজয়ী গ্ৰন্থখন; যিখনক আজিও পৰিৱেশ সচেতনতা আন্দোলনৰ বাটকটীয়া হিচাপে স্বীকৃতি দিয়া হয়। এইখন গ্ৰন্থৰ জৰিয়তে কাৰ্ছনে এই কীটনাশকবোৰ কিদৰে খাদ্যশৃংখলৰ জৰিয়তে শস্যপথাৰৰ পৰা চৰাই, পখিলা আদিকে ধৰি নানা জীৱৰ দেহত জমা হয় আৰু পৰিৱৰ্ধিত হয়, সেইবিষয়ে আলোচনা কৰি তাৰ পৰা জীৱকূললৈ আহিব পৰা ভয়াবহ পৰিস্থিতি সম্পৰ্কে ব্যাখ্যা কৰে। অনতিপলমে এইখন গ্ৰন্থই সমাজৰ সকলো স্তৰৰ লোকৰে দৃষ্টি আকৰ্ষণ কৰে আৰু চৰকাৰে কীটনাশক প্ৰয়োগ আঁচনিখনক লৈ নকৈ চিন্তা কৰিবলৈ বাধ্য হয়। চমূকৈ ক’বলৈ হ’লে পোনপ্ৰথমবাৰৰ বাবে পৰিৱেশ সচেতনতা আন্দোলনলৈ এক গতিশীলতা আৰু দৃঢ়তা কঢ়িয়াই অনাত এইখন গ্ৰন্থৰ অৱদান আটাইতকৈ বেছি লেখত লবলগীয়া। পৰৱৰ্তী সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰত “পৰিৱেশ সংৰক্ষণ সংস্থা (Environment Protection Agency)” গঠন (১৯৭০চন), কৃষিক্ষেত্ৰত ডিডিটি প্ৰয়োগ নিষিদ্ধকৰণ (১৯৭২চন) আদি কাৰ্ছনৰ এইখন গ্ৰন্থই সৃষ্টি কৰা পৰিৱেশ সচেতনতাৰে পৰিণতি বুলি একেষাৰে কোৱা হয়। পৰিৱেশ সজাগতা সৃষ্টিত ৰাছেল কাৰ্ছনে লোৱা এই ভূমিকা তথা তেওঁৰ জীৱনজোৰা অৱদানৰ স্বীকৃতি হিচাপে ১৯৮০ চনৰ জুন মাহত তেওঁলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্ব্বোচ্চ অসামৰিক সন্মান “প্ৰেচিডেন্সিয়েল মেডেল অৱ ফ্ৰীডম”। তদুপৰি এইখন গ্ৰন্থৰ বাবেই ৰাছেলে অনেক পুৰস্কাৰ তথা সন্মান লাভ কৰিবলৈকো সক্ষম হয়।
১৯৬০ চনৰ শেহৰ পৰাই বিভিন্ন ৰোগে এটা এটাকৈ আক্ৰান্ত কৰা কাৰ্ছনৰ শৰীৰত দুৰাৰোগ্য কৰ্কট ৰোগৰ উপস্থিতি ধৰা পৰে ১৯৬১ চনত। এই কৰ্কট ৰোগে অৱশেষত তেওঁৰ যকৃতকো আক্ৰমণ কৰে আৰু ১৯৬৪ চনৰ ১৪ এপ্ৰিল তাৰিখে ৰাছেল কাৰ্ছনে মেৰিলেণ্ডৰ ছিলভাৰ স্প্ৰিংস্থিত নিজা গৃহত শেষ নিশ্বাস ত্যাগ কৰে।
ওৰে জীৱন প্ৰকৃতি আৰু পৰিৱেশ সচেতনতাৰ কথা কৈ যোৱা ৰাছেল কাৰ্ছনৰ সমগ্ৰ কাৰ্য্যাৱলীৰ মূল উদ্দেশ্য আছিল প্ৰাকৃতিক ভাৰসাম্য বৰ্তাই ৰখাৰ প্ৰতি মানৱ সমাজক আগ্ৰহী কৰি তোলা আৰু পৰিৱেশ প্ৰদূষণৰ ভয়াবহতা সম্পৰ্কে জনজাগৰণ সৃষ্টি কৰা। সেইবাবেই আজিও সমগ্ৰ বিশ্বই পৰিৱেশ সচেতনতা আন্দোলনত তেওঁৰ অৱদানক নিষ্ঠাৰে সুঁৱৰি আহিছে।
তথ্যসূত্ৰ:
২) http://en.wikipedia.org/wiki/Rachel_Carson
৩) http://www.famousscientists.org/rachel-carson/
৪) http://www.nwhm.org/education-resources/biography/biographies/rachel-carson/
লেখিকা: মানসী গোস্বামী,
প্ৰকল্প বিজ্ঞানী, পৰিৱেশ বিভাগ, অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ, গুৱাহাটী।