অনন্য এক জীৱন - উইলিয়াম ৰোৱান হেমিল্টন

অনন্য এক জীৱন - উইলিয়াম ৰোৱান হেমিল্টন

গণিতৰ জগতখন হৈছে যুক্তি আৰু শৃংখলাৰ। সেয়ে গণিতজ্ঞসকলে স্বাভাৱিকতেই নিজৰ ব্যক্তিগত জীৱনতো এই শৃংখলা বিচাৰিবলৈকে অহোপুৰুষাৰ্থ কৰে। সাধাৰণতে তেওঁলোকে বিচাৰি পায়ো। নহ’লে যে গণিতৰ জগতখনতেই সোমাবলৈ কষ্ট হ’ব তেওঁলোকৰ, যদিওবা মানৱ-জগতখন ইমান শৃংখলাদ্ধ নহয়। পিছে কেতিয়াবা এয়া হৈ নুঠে। আৰু ইয়েই মানৱীয় আৰু গাণিতীয় কাৰুণ্যলৈ বুলি আগুৱাই নিয়ে। তেনে এটা জীৱন আছিল এভাৰিষ্ট গেলোৱা— গণিত আৰু মানৱতাৰ এক তেঁজাল ঘোঁৰা। আৰু আনজন হ’ল— হেমিল্টন, পুৰা নাম— উইলিয়াম ৰোৱান হেমিল্টন, এক ৰোমান্তিক কাৰুণ্যৰে ভৰা যাৰ জীৱন।

‘এৰা ময়ে হেমিল্টন— উইলিয়াম ৰোৱান হেমিল্টন। জন্মক্ষণটোৱেই মোৰ এক খেলি মেলি যেন। তিনিও নহয়, নহয় যে চাৰিও। উনৈশ শতিকাৰ আদিভাগৰ ১৮০৫ খৃঃৰ ৩ আৰু ৪ আগষ্টৰ ডাবলিনৰ মধ্যৰাত্ৰি সেয়া। জন্ম অৱধি চিনাকি মোৰ দাৰিদ্ৰতাৰ স’তে। পিতৃ-মাতৃৰ পৰা বিচ্ছিন্ন হওঁ— কেৱল দুসাজ খাই বাচি থাকি জীৱন গঢ়াৰ বাবে। মাথোঁ তিনিটা বছৰ পাওঁ জন্মদাত্ৰী মাতৃৰ মৰম বা দেউতাৰ নিৰাপত্তাৰ স্বাদ। গীৰ্জাৰ ধৰ্মভীৰু পুৰোহিত শ্ৰেণীৰ অন্তৰ্গত খুৰা মোৰ এংগ্লিকান গীৰ্জাৰ কৰ্মী, ডাবলিনৰ পৰা ৪০ মাইল আঁতৰৰ ‘ত্ৰিম্’-অৰ স্কুল-শিক্ষক। বৰ মজাৰ এইজনা খুৰা মোৰ, অতিকে খেয়ালী মনৰ— খেয়ালী তেওঁ শিক্ষাপদ্ধতি। মা মোৰ অতি সচেতন। সেয়ে খুৰীমাই চিঠি লিখে খুৰাৰ খেয়ালী শিক্ষাপদ্ধতিৰ কথা— থাকে অইন কথাৰ মাজতো।

এক স্বৰৰ (mono syilable) শব্দ শিকোঁ আমি প্ৰথমতে। ইংৰাজী এ আখৰৰে আৰম্ভ হয় আখৰ জোঁটনি, এক স্বৰৰ হাতে-মনে ঢুকি পোৱা মানে। কিতাপৰ ভিতৰৰ, বাহিৰৰ তেনে সকলো শব্দ পঢ়িব পৰা নোহোৱা পৰ্যন্ত আন নতুন শব্দ শিকা মানা যে আমাৰ। অভিধানৰ প্ৰয়োগত আমি সিদ্ধহস্ত। ‘শব্দই যে ভগৱান’ তাকেই মানি লৈ আগবাঢ়িছিলোঁ— পূৰামাত্ৰাই মিহি হৈ আগবাঢ়োঁ, আমি খুৰাকেই অনুসৰণ কৰোঁ। লগতে আগবাঢ়োঁ অতি সাধাৰণভাৱে এক-দুই, লগত আছে যোগ-বিয়োগ আৰু পূৰণো যে। এজন ক্লাছিক শিক্ষকে পাইছিল এজন আদৰ্শ ছাত্ৰ। গণিতৰ জগতখন মোৰ প্ৰথমৰ চিনাকি নহয় যে। মই, এৰা এইজন মই, হেমিল্টনে গণিতৰ ঠাইত শিকিছিলোঁ অনেক ভাষা। লেটিন আৰু গ্ৰীক পাঁচ বছৰ বয়সত, আৰবী, সংস্কৃত আৰু ফাৰ্চী দহ বছৰত। মানুহে জানে, মই ভনী গ্ৰেচলৈ লিখা চিঠিৰ পৰাহে, কেতিয়া মই গণিতলৈ ফিৰি আহোঁ। ‘খুৰাৰ সৈতে মই ইউক্লিডৰ জ্যামিতিৰ প্ৰথম খণ্ডৰ প্ৰায় আধা শেষ কৰিলোঁ। এক অতি সাধাৰণ সমাপন যেন। কিবা এটা কৰাৰ হেঁপাহ যে মোৰ প্ৰবল। বৌদ্ধিক জগতখনে মোৰ, এক নতুনক প্ৰকাশ কৰাৰ বাট বিচাৰে। সেয়ে ১৩ বছৰ বয়সত মই লিখা ‘চিৰিয়াক-ব্যাকৰণ’ক অইন শিকাৰুৱে আদৰি ল’লে। এনেতে লগ পাওঁ জেহাহৱাৰ্ণক। এজন এমেৰিকান ‘কেলকুলেটিং-বিস্ময়’।

কি যে বিস্ময়কৰ এক প্ৰতিভা। ১৮১১ খৃঃ বছৰটোত কিমান সংখ্যাক মিনিট আছে, এইজন কিশোৰৰ বাবে যে অতি সহজ, এক স্বাভাৱিক হিচাপৰ ফল হিচাপেই পায়। আৰু সহজ-বিলিয়নৰ ঘৰৰ উৎপাদক কেইটা যে সৰ-সৰাই বাহিৰ হয় তাৰ মগজৰ পৰা। মোৰ মন-মগজ সংকুচিত হয়, এইজন এমেৰিকানৰ ওচৰত। হ’লেও আশা মোৰ আকাশ-লংঘা যে, সেয়ে হতাশাৰ বিপৰীতে মন মোৰ অতিকৈ উদগ্ৰীৱ কিদৰে বাৰু হয় এনেকুৱা। পিছে হ’লেও, মানুহৰ আকৰ্ষণ যে ভিন্নসুৰী! সেয়ে বাৰ্ণ আঁতৰি আহে গণিতৰ পৰা। এই বৌদ্ধিক কলাৰ পৰা আঁতৰি সাৱটি লয় এক বেলেগ কলাক-অভিনয়! বাৰ্ণৰ ৰৈ যোৱা প্ৰতিভাক জীপাল কৰি ৰাখিবলৈ মই এক সুযোগ পাওঁ। মোৰ উৎসুকতাই বাৰ্ণৰ পৰা জানিব বিচাৰে তেওঁৰ সেই প্ৰশংসনীয় কিটিপৰ আঁৰৰ কথাখিনি কি। মোৰ গাণিতিক সুপ্ত প্ৰতিভাৰ এক সুযোগ মিলে, আৰম্ভ কৰোঁ বাৰ্ণৰ কিটিপৰ কিছু সাধাৰণীকৰণ। এনেদৰে আৰম্ভ হয় মোৰ গণিত-গৱেষণাৰ প্ৰথমটো ঢাপ। মোৰ জীৱনীকাৰ সকলে বৰ্ণোৱা মতে মই হেনো বিজ্ঞান আৰু ‘ক্লাছিক্স’ৰ এজন অসাধাৰণ ব্যুৎপত্তিশীল ছাত্ৰ হিচাপে প্ৰতিভাত হওঁ— ট্ৰিনিটি কলেজত। সেয়া ১৮২৩ চনৰ কথা। পিছৰ তিনি বছৰত মোৰ প্ৰতিভাশালী গাণিতিক জীৱনটোৰ ভেঁটিটো গঢ়ি উঠে।

এইখিনিতে জীৱনৰ দুখবোধৰ প্ৰাধান্যই, মোক কোনফালে ধাবিত কৰিছিল তাকেই জনাব বিচাৰিছোঁ। বৌদ্ধিক, সামাজিক আৰু ব্যক্তিগত জীৱনৰ বৰণীয়া বৰণ তথা ধৰণ এক সঁচাত গঢ়া নহ’বও পাৰে, সেয়া ময়েই এক বাস্তৱ উদাহৰণ। মোৰ ৰোমাণ্টিক মনটোৰ বাবে গ্ৰহণীয় আছিল ৰোমিঅ’-জুলিয়েট আৰু লগতে কবি ওৱৰ্ডচৱৰ্থৰ কবি প্ৰতিভা। মুগ্ধ মই এই ৰোমাণ্টিকতাত। ১৯ বছৰীয়া যুৱকৰ জীৱনৰ ৰঙীন সপোন মনত দোলা দিবলৈ খুজিছে। মোৰ ৰোমাণ্টিক মনটোৱে বিচাৰিছে কাৰোবাক, হয়তো, মোৰ আ-সজ্ঞান মনৰ আজানিতেই। হঠাতে সপোন-সপোন যেন লগা দুই চকুত চকু থৈছিলোঁ মই ক’ব নোৱাৰাকৈয়ে। ১৯ বছৰ ১২ দিন বয়সত সেই সপোনৰ নাৰীৰ প্ৰতি প্ৰথম প্ৰেমৰ  অনুভুতিয়ে মন মোৰ ভৰাই তোলে। এৰা— তেওঁ আছিল কেথেৰিন ডিজনী— মোৰ খুৰাৰ বন্ধুৰ পৰিয়াল এটিৰ কন্যা। কেথেৰিণৰ ভায়েক আছিল মোৰ ত্ৰিনিটিৰ কালৰ বন্ধু। কেথেৰিণে জানিছিল, বুজিছিল মোৰ চকুৰ ভাষা। মই নাজানিছিলোঁ, কিয় পৰা নাছিলোঁ প্ৰকাশ কৰিবলৈ মোৰ এই অনুভৱ। ইমান কেইটা ভাষাৰ দখল থকা সত্বেও মই যেন অপৰাগ হৈছিলো মোৰ ভাব তেওঁক জনাবলৈ। হ’লেও তেওঁ বুজিছিল মোৰ হৃদয়ৰ ভাষা। অপেক্ষা কৰিবলৈ খুজিছিলোঁ আমাৰ বিয়া সম্পৰ্কত নিশ্চিয়তাৰ ভাবটোলৈ। মোৰ প্ৰস্তাৱক বা কেনেদৰে লয়, তাকেই ভাবিও অলপ সংকুচিত হৈছিলোঁ! আৰু এই সংকোচেই মোক অন্য এক ৰোমাঞ্চকৰ অভিজ্ঞতাৰ ফালে লৈ গ’ল। সেয়া হ’ল কেথেৰিণ বিবাহ পাশত অবদ্ধ হ’ল অন্য এজনৰ স’তে— মোতকৈ বয়সীয়াল। (মোৰ বাবে এয়াও এক ৰোমাঞ্চকৰ অভিজ্ঞতা নহয় যে কি!)। সেয়া আছিল ১৮২৫ অৰ ২৫ মে’ৰ কথা। ভাত-পানী, খোৱা-পিন্ধা, এক-দুই, গণিত, মগজ আদিৰ বাহিৰৰ এক ৰহস্যময়ী অনুভৱ— মোৰ জীৱনৰ প্ৰথম। বিশ-বছৰীয়া জীৱনটোত এনে অনুভৱে দোলা দিব বুলি ভবা নাছিলো মই কোনোদিনেই। মোৰ সকলো কাঢ়ি লৈ গ’ল যেন এই অনাকাংক্ষিত ঘটনাই। বুজা নাছিলোঁ মই কিয় যে এনে হয়। পিছে মোৰ তেতিয়াও সকলো শেষ হৈ যোৱা নাছিল বুলি গম পাইছিলোঁ, যেতিয়া মোৰ আ-সজ্ঞান মনে ওপৰলৈ তুলি দিছিল অন্য এক উদ্যম, মোৰ ব্যক্তি-সত্বাৰ স’তে খাপ খোৱা। সেয়া হ’ল— মোৰ গণিতৰ প্ৰতি থকা উদ্যম তথা প্ৰেম (এয়া ব্যাখ্যাৰ অতীত অন্য এক প্ৰেম) আৰু এই হেতুতেই মই ফিৰি আহিছিলোঁ, মোৰ প্ৰথম লাগতিয়াল গাণিতিক গৱেষণাৰ প্ৰৱন্ধটোৰে। সেয়া আছিল— ১৮২৭ চনৰ কথা। প্ৰথমে গৱেষণা প্ৰৱন্ধটো পঠিয়াইছিলো ইৰিশ্-একেডেমীলৈ। বিষয়টো আছিল ‘এ থিওৰি অফ চিষ্টেম অফ ৰেইজ্’ (theory of system of rays)। মোৰ ২২ বছৰীয়া জীৱনটোৰ এক আমোদজনক প্ৰতিষ্ঠা আৰম্ভ হয় যেতিয়া মই ডানচিক অব জাৰ্ভেটেৰীৰ অধ্যাপক আৰু ডিৰেক্টৰ নিযুক্ত হওঁ। আৰম্ভ হয় মোৰ সুখৰ দিন, যদিহে ইয়াকেই সুখ বুলি কয়। মই ক্ৰমে খ্যাতিৰ জগতখনলৈ আগবাঢ়োঁ। মোৰ বৌদ্ধিক জীৱনটোক প্ৰভাৱ পেলালে— কবি ওৱৰ্ডচৱৰ্থ আৰু ক’লেৰিজ, গণিতজ্ঞ জন চাৰ্লচগ্ৰেভচ্ আৰু তেওঁৰ ভাতৃ ৰবাৰ্টে। মই নাজানিলোঁ কেনেকৈ মই মোৰ জীৱনী লিখিব লগা এজন হ’লোহি। মোৰ জীৱনী লিখিলে গ্ৰেভচ্ আৰু তেওঁৰ ভাতৃ ৰবাৰ্টে। দুখেৰেই পাতনি মেলা মোৰ জীৱন নাটখনিত অন্তঃজীৱনৰ কোনো পৰিবৰ্ত্তন নহ’ল। বিপৰ্যয়ৰ পিছৰ বিপৰ্যয়ৰেই আগবাঢ়ি গৈ থাকিলে মোৰ অন্তঃজীৱন। মোৰ খ্যাতিৰ স্তম্ভ মান-মন্দিৰটোৰ আঁৰতেই অপেক্ষা কৰি আছিল জীৱনৰ অন্য এটা বিপৰ্যয়ে। সেয়া অন্য এক কাহিনী।

১৮৩০ চনৰ কথা। এজন অভিজাত পৰিয়ালৰ ল’ৰা— লৰ্ড আডাৰ, অতিকে আগ্ৰহী জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি। কাউণ্টি-লিমাৰিকত তেওঁৰ ঘৰ, নাম আডাৰে মেন’— যি কাৰণতেই হওক মই নিমন্ত্ৰণ পাওঁ— আডাৰেৰ পৰা। মইতো নাজানিছিলোঁ হায় যে, তাতেই লুকাই আছিল মোৰ জীৱনৰ অন্য এক দুখৰ কাহিনী। এলেন-দি-ভেৰে-মোৰ অন্য হাবিয়াসৰ এগৰাকী জীৱন তাতেই অপেক্ষি থকা বুলি ভাবিলোঁ হায়। নাজানোঁ এনেদৰেই মানুহে কিয় মৰীচিকাৰ পিছত দৌৰে। জীৱনৰ পাঠশালাৰ এজন তেনেই কেঁচা শিক্ষাৰ্থী আছিলোঁ নিশ্চয়। নহ’লে এনে কাৰুণ্যই মানুহক কিয়নো খেদিব বাৰে বাৰে। পঁচিশ বছৰীয়া চফল ডেকা মই, বিপৰীতে ওঠৰ বছৰীয়া এলেন। মোৰ জীৱনৰ দ্বিতীয় প্ৰেম। এৰা গণিতজ্ঞ হেমিল্টনৰ জীৱনৰ দ্বিতীয় প্ৰেম। ভন্-গগ্ নহ’লেও ব্যৰ্থ যে মই সেয়া দিনৰ পোহৰৰ দৰেই সঁচা। ৰুপহী, বুদ্ধিমতী, আনকি মোতকৈও বেছি আকৰ্ষিত ৰোমাণ্টিক কবিতাৰ প্ৰতি। আমি বুজিছিলোঁ, যেন দুয়ো দুয়োৰে বাবে উপযুক্ত হয়, এই সময়ত মোৰ একোৰেই অভাৱ নাই। প্ৰতিষ্ঠা, টকা-পইচা সকলো। এক সপোনপুৰীৰ মানুহ মই। মোৰ স্বপ্ন পূৰণ হোৱাৰ পথত। এনেতে ভাঙি পৰিছিলোঁ এক ভদ্ৰ-অথচ দৃঢ় প্ৰত্যাখ্যানৰ ইংগিতৰ এশাৰী ব্যাক্যত। এলেন যে তেওঁৰ ঘৰ ‘কাৰাঘ’ এৰি সুখেৰে থকাটো সম্ভৱ নহয়। প্ৰেমৰ অনুভৱৰ মাজতেই এক উপৰুৱা মন্তব্য। বুজি পাইছিলোঁ আমাৰ প্ৰেম শেষ হ’ল। কোনে দিব মোক সান্তনা। মোৰ অন্তৰ ভাঙি পৰিছিল দ্বিতীয়বাৰৰ বাবে। সৃষ্টি হ’ল এক বেদনাসিক্ত চনেট ‘টু, ই, দি, ভি,’ কবিতাৰে দোহাৰিলোঁ— এলেনৰ কথাখিনিকেই তুমিতো কাৰঘাত বাদে আন কতো সুখেৰে থাকিব নোৱাৰা। পুনৰ ফিৰি আহিছিলোঁ গণিতলৈ। মোৰ জ্ঞানক এক নতুন মোৰ দিছিলোঁ সেই সময়ত। মোৰ এই আন্ধাৰ-আন্ধাৰ যেন লগা পৰিবেশটোৰ পোহৰৰ প্ৰয়োজন আছিল বোধকৰো আৰু সেয়ে কিজানিবা মোৰ আ-সজ্ঞান মনেই পোহৰ তত্বক আগুৱাই নিছিলো এক নতুন স্তৰলৈ বুলি। ‘ৰশ্মি পদ্ধতিৰ তত্ব’ৰ এক পৰিপূৰিকা আগবঢ়োৱা হ’ল— ১৮৩২ ত। কি যে এক অভুতপূৰ্ব শিহৰণ দেখা পাইছিলোঁ। চাৰিওফালে যেন এক নতুন পোহৰক আদৰিব খুজিছে সকলোৱে, সানন্দে। মোৰ বিমূৰ্ত্ত গাণিতিক চিন্তাৰ এক এৰাব নোৱাৰা নতুন ভৌতিক প্ৰপঞ্চ (physical phenomenon)। ভৱিষ্যৎ বাণী যেন মোৰ মনচকুৰে দেখা এক সাধনাৰ প্ৰকাশ আছিল এয়া। এয়াই আছিল পূৰ্ববীক্ষণ বহিৰ্ভূত শাংকৱ প্ৰতিসৰণ (conical refraction)। মোৰ গাণিতিক বিশ্লেষণে গম দিছিল— কোনো বিশেষ স্ফটিকী পদাৰ্থৰে সজা টুকুৰা এটাৰ মাজেৰে পোহৰৰ ৰশ্মি এটা পাৰ হৈ গ’লে ই এটা ফোপোলা শংকুৰ আকৃতিৰে অপসাৰী হয়। মোৰ বিমূৰ্ত্ত ভৱিষ্যবাণী সত্যাপণ কৰি চাইছিল পৰীক্ষাৰ মাজেৰে ত্ৰিনিটি কলেজৰ হামফ্ৰেলয়ডে। মেক্সৱেল আৰু আইনষ্টাইন এই দুই মহা প্ৰতিভাৰ স’তে মোৰ কৰ্মৰাজিও একে শাৰীত পৰিলহি মেক্সৱেল্ সমীকৰণৰ পৰা বিদ্যুৎ চুম্বকীয় ঢৌৰ কথা ১৮৬৪ ত, আৰু আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ ক্ষেত্ৰত পোহৰৰ বক্ৰগতি ১৯১৫ ত। শেষৰটোৰ দৰে মোৰ এই ঘটনাটো কোনো হঠাতে উদয় হোৱা সৌভাগ্যৰ লেখীয়া নাছিল। ই আছিল এক গভীৰ মূলৰ গাণিতিক তত্বৰ ভেঁটিত, যিয়ে অন্য অৱস্থালৈ সাধাৰণীকৰণ কৰে। আৰু এতিয়া এয়া পথিৱীয়ে জানে হেমিল্টনিয়ান্ ডাইনামিক্স্ (Hamiltonian dynamics) হিচাপে।

জীয়াই থাকিবলৈ বুলি যেন অলপ আত্মবিশ্বাস ঘুৰাই পাইছিলোঁ। এনে সময়তে সম্ভৱপৰ বিবাহ এখনৰ সম্ভাৱনা দেখা পালোঁ। লগ পাইছিলোঁ ‘হেলেন বেলে’-ক মোতকৈ দুবছৰ ডাঙৰ, সেয়া ১৮৩২ চনৰ কথা। এইবাৰ দৃঢ় মনা মই। যদিওবা ক্ষীণ আশাৰে আগবাঢ়িছিলোঁ, ঘৰৰ ইচ্ছাৰ বিপৰীতে। এৰা সেয়া আছিল এক ভাঙি পৰা স্বাস্থ্যৰ অধিকাৰী হেলেন। সকলো জানি বুজি ঘৰৰ অনিচ্ছা সত্বেও পিছৰ বছৰৰ ৯ এপ্ৰিলত আমাৰ বিয়া হৈ যায়। এক জোনাকী সাধু যেন আমাৰ মধু-চন্দ্ৰিকাৰ কথা। মধুচন্দ্ৰিকা যাপন কৰোঁ আমি হেলেনৰ বিধবা মাকৰ পঁজাঘৰত। ইয়াতেই মই মোৰ গণিতৰ গৱেষণা প্ৰৱন্ধৰ কাম কৰি থাকোঁ। মই বুজা নাছিলোঁ যে মোৰ ঘৰৰ আন সকলো ইমানেই অসন্তুষ্ট হৈ আছিল। মই ডানচিংক্ মান মন্দিৰত থকা নিজৰ ঘৰলৈ যেতিয়া উভতি আহোঁ, মোৰ ভনীকেইজনী ঘৰৰ পৰা ওলাই যায়। এক নীৰব প্ৰতিবাদ মোৰ এই কৰ্মৰ। মই আগতেই উনুকিয়াইছোঁ যে, মই জীৱনৰ পাঠশালাত এজন অপূৰঠ শিক্ষাৰ্থী আছিলোঁ। এক খেলিমেলি আৰম্ভ হ’ল হেলেনক লৈ, এটা অসুস্থ শৰীৰৰ বাবে অথবা তেওঁৰ অনুপস্থিতিৰ বাবে। মই মোক জীয়াই ৰাখিবলৈ অইন কিহবাৰ প্ৰয়োজন হ’ল। অতি স্বাভাৱিকভাৱে আসক্ত হৈ পৰিলোঁ সুৰাৰ প্ৰতি। পিছে প্ৰথম-প্ৰেম মোৰ— গণিত আঁতৰি নগ’ল তেতিয়াও। মোৰ গণিত অধ্যয়নত যতি নপৰিল।

সমাজ বা ৰজাঘৰৰ মৰম পালোঁ, ১৮৩৫ অত নাইট্ উপাধিৰে। ১৮৩৭ অত ৰয়েল ইৰিশ্ একাদেমীৰ প্ৰেচিডেণ্ট পদ দিয়া হ’ল। ইয়াৰ পিছত মোৰ বৌদ্ধিক জীৱনটোৰ অন্য এক উল্লেখযোগ্য ঘটনা ঘটিল। মোৰ বৌদ্ধিক অহোপুৰুষাৰ্থই আনি দিলে অন্য এক নতুন বতৰা। সেয়া আছিল মোৰ অতি হাবিয়াসৰ মোৰ মনৰ সন্তান— কোৱাৰ্টনিয়ন্। মোৰ এক সাধানাৰ ধন, বহু বিনিদ্ৰ ৰজনীৰ ফচল। মই কেতিয়াও ভবা নাছিলো মোৰ এই কৰ্মই গণিতৰ ধাৰাটোৰ ইমানখিনি পৰিৱৰ্ত্তন সাধিব বুলি। মোৰ এই কৰ্ম ফচলকেই সাৰথি কৰি ১৮৮০ ত জোচিয়াহ উইলাৰ্ডে গিবচ আৰু অলিভাৰ্ হিভ্ চাইডে জগতক উপহাৰ দিলে প্ৰখ্যাত ভেক্টৰ বিশ্লেষণ (vector analysis) বোলা সেই বহুখ্যাত গাণিতিক পদ্ধতিটো। মোৰ এই কোৱাৰ্টানিয়নক মোৰ অনুসৰণকাৰীসকলে ডাল ডাল কৰি ছিঙি ভাঙি চালেও প্ৰধান ধাৰণাখিনি পিচে পদাৰ্থবিদ আৰু ইঞ্জিনিয়াৰসকলে খামুচি থাকিল পিছৰ কালতো।

হেমিল্টনৰ জীৱনী কমেও তিনিখন পোৱা যায়। এখন গ্ৰেভচৰ তিনিটা খণ্ড, ১৯৭৫ (Life of Sir William Rowan Hamilton, Amo Press, New York) হেনিকিন্স ১৯৮০, (Sir William Rowan Hamilton, John Hopkins University Press, Baltimore, MD)। অ’. ডোনেলৰ ১৯৮৩, (O, Donnel William Rowan Hamilton, Boole Press, Dun Laoghaire, with a forard by A. J. Meconnell) হেমিল্টনৰ মনস্তত্বৰ ওপৰত আৰু তেওঁৰ শৈশৱৰ ভাষাৰ দখল সম্পৰ্কীয় কথাক লৈ। কোৱাৰ্টনিয়নৰ পৰা ভেক্টৰ বিশ্লেষণলৈ বুলি যি ৰুপান্তৰৰ কথাক সামৰাখিনি পোৱা যায় ক্ৰোৱেইত ১৯৬৭, (A History of Vector Analusis).

 

লেখক:— ড° খনীন চৌধুৰী।

 

[প্ৰবন্ধটি ২০১০ চনৰ ০৬ জুনৰ ‘আমাৰ অসম’ত প্ৰকাশিতপ্ৰবন্ধটি লেখকৰ প্ৰবন্ধ-সংকলন ‘মহাগান অবিৰাম’ৰ পৰা ‘গণিত চ’ৰা’ত প্ৰকাশ কৰা হ’ল।]