“গণিত চ’ৰাৰ সন্দৰ্ভত” - প্ৰফেচৰ খনীন চন্দ্ৰ চৌধুৰী

“গণিত চ’ৰাৰ সন্দৰ্ভত” - প্ৰফেচৰ খনীন চন্দ্ৰ চৌধুৰী

কেইজনমান উৎসাহী আৰু দূৰদৰ্শী গণিতৰ ছাত্ৰৰ ঐকান্তিক চেষ্টাত বৈদ্যুতিন মাধ্যমত উপলব্ধ হোৱাকৈ গণিতক অধিক সংখ্যকৰ ওচৰলৈ নিয়াৰ এক প্ৰচেষ্টা চলোৱা হৈছে। এনে এক প্ৰশংসনীয় কামত গণিতৰ ছাত্ৰ হিচাপে আমাৰো যদি অলপ কিবা বৰঙণি থকে তেনেহ’লে আমি অতিকে সুখী হ’ম বুলি ভাবিছিলোঁ। সেয়ে আমি আমাৰ দুখনমান কিতাপৰ একোটা ইলেকট্ৰনিক ৰূপ কৰিবলৈ বুলি অনুমতি দিছিলোঁ।

গণিতক জনপ্ৰিয় কৰাৰ অনেক কৌশলৰ ভিতৰত এনে প্ৰচেষ্টাৰো প্ৰভাৱ নুই কৰিব নোৱাৰি— কাৰণ এয়া যুগ সাপেক্ষ এক যথাযথ উপায়।

গণিত-শিক্ষক হিচাপে হোৱা বৰণীয় অভিজ্ঞতাৰ পৰা আমি সঁচাকে বহুতো কথায়েই জীৱনত শিকিছোঁ। শেষৰ ফালে আমি এটা কথা অতি গভীৰভাৱে উপলব্ধি কৰিব পৰা হৈছোঁ। সেয়া হ’ল— গণিতত বুজাৰ উপৰি অনুভৱৰো দিশ একোটা আছে। এনে অতি সুক্ষ্ম অনুভৱে আমাক গণিতৰ বহুতো লুকাই থকা ফলাফলৰ একোটা ইংগিত অনুধাৱন কৰাত সহায় কৰে।

আন এটা কথা আমি অতি দকৈ অনুভৱ কৰিছোঁ, সেয়া হ’ল— গণিত বিষয়টোক আকৰ্ষণীয় তথা মনোগ্ৰাহী কৰাত শিক্ষকজনৰ বা উপস্থাপকজনৰ বৰঙণি অতি বেছি। আজি হয়তো বহুতো এৰাব নোৱাৰা কাৰণত গণিতৰ ধ্ৰুপদী পৰম্পৰাটোক অলপ আওকাণ কৰাৰ মানসিকতা আমাৰ কোনো-কোনো শিক্ষানুষ্ঠানত অনাকাংক্ষিতভাৱে গঢ় ল’ব খুজিছে। গণিতৰ বা গাণিতিক চিন্তা বা দৰ্শনৰ মাজত সোমাই থকা ইয়াৰ হিমালয় সদৃশ অৱয়বটোৰ পৰিপ্ৰেক্ষিততেই ইয়াক প্ৰতিহত কৰিব পাৰিব লাগিব। এয়াও এই যুগটোৰ এক প্ৰত্যাহ্বান হিচাপে ল’ব লাগিব— সঁচা অৰ্থত গণিতপ্ৰেমীসকলে।

গণিত চ’ৰাৰ গুৰিধৰোঁতাসকলৰ এই প্ৰচেষ্টাই এটা মোহনীয় মাত্ৰা পাওঁক— ইয়াকেই কামনা কৰিছোঁ।

 

— খনীন চৌধুৰী।